ডিব্ৰুগড় জিলাঃ ডিব্ৰুগড় হৈছে অসমৰ এখন প্ৰশাসনিক জিলা। এই জিলাৰ বিশ্ববিদ্য়ালয়খন অসমৰ প্ৰথমখন বিশ্ববিদ্য়ালয়।
ডিব্ৰুগড় জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ ডিব্ৰু নদীৰ পাৰত গড় বান্ধি সুৰক্ষিত কৰাৰ বাবে এই জিলাৰ নাম ডিব্ৰুগড় ৰখা হৈছিল।
ডিব্ৰুগড় জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে ধেমাজী জিলা অন্তৰ্গত, পূবে তিনিচুকীয়া জিলা অৱস্থিত, দক্ষিণে শিৱনসাগৰ জিলা আৰু পশ্চিমে ধেমাজি জিলা অন্তৰ্গত।
ডিব্ৰুগড় জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ৩,৩৮৭.৮২ বৰ্গ কিল'মিটাৰ।
ডিব্ৰুগড় জিলাৰ জনসংখ্য়াঃ ডিব্ৰুগড় জিলাৰ মুঠ জনসংখ্য়া হৈছে ১৩,২৭,৭৪৮ জন।
ডিব্ৰুগড় জিলাৰ সদৰ ঠাইঃ ডিব্ৰুগড় জিলাৰ সদৰ স্থান হৈছে ডিব্ৰুগড়।
ডিব্ৰুগড় জিলাৰ প্ৰধান নদীঃ ডিব্ৰুগড় জিলাৰ একমাত্ৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ।
ডিব্ৰুগড় জিলাৰ প্ৰধান উপনৈঃ এই জিলাৰ উপনৈসমূহ হৈছে- লাই, বগীবিল, মেৰ, দীঘলী ইত্য়াদি।
ডিব্ৰুগড় জিলাৰ প্ৰধান শস্য়ঃ ধান, মাহ, সৰিয়হ, চাহপাত ইত্য়াদিয়ে এই জিলাৰ প্ৰধান শস্য়। অসমৰ আটাইতকৈ বেছি চাহপাত উৎপাদন কৰা হয় এইখন জিলাতে।
ডিব্ৰুগড় জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই ডিলাত স্থলপথ, বিমাণপথ আৰু ৰে'লপথৰ ব্য়ৱস্থা আছে।
ডিব্ৰুগড় জিলাৰ ৰে'ল ষ্টেছনসমূহঃ নাহৰকটীয়া, চাবুৱা, দুলীয়াজান, ডিব্ৰুগড়, লাহোৱাল, নামৰূপ ইত্য়াদিয়ে এই জিলাৰ ৰে'ল ষ্টেছন।
ডিব্ৰুগড় জিলাৰ বিমানকোঠঃ এই জিলাৰ বিমাণকোঠ হৈছে মোহনবাৰী।
ডিব্ৰুগড় জিলাৰ ৰাষ্ট্ৰীয় পথঃ এই জিলাৰ ৰাষ্ট্ৰীয় পথ হৈছে ৩৭ নং ৰাষ্ট্ৰীয় পথ।
ডিব্ৰুগড় জিলাৰ প্ৰধান তেলৰ উদ্য়োগঃ হুগ্ৰীজান, নাহৰকীয়া, মৰাণ, দুলীয়াজান আদিয়ে ডিব্ৰুগড় জিলাৰ প্ৰধান তেলৰ পুং।
ডিব্ৰুগড় জিলাৰ প্ৰধান ঠাইঃ (ক) ডিব্ৰুগড়ঃ জিলাখনৰ সদৰ স্থান। ইয়াত অসম চিকিৎসা মহাবিদ্য়ালয় অন্তৰ্গত, ডিব্ৰুগড় বিশ্ববিদ্য়ালয় অৱস্থিত, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ অন্তৰ্গত, দূৰদৰ্শন কেন্দ্ৰ অৱস্থিত।
(খ) নামৰূপঃ এই ঠাইত খাৰ কাৰাখানা, বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু পেট্ৰ'কেমিকেল প্ৰকল্প আছে।
(গ) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পঞ্চমখন দলং বগীবিল ইয়াত অন্তৰ্গত।
ডিব্ৰুগড় জিলাৰ অন্য়ান্য় উল্লেখযোগ্য় ঠাইঃ চাবুৱা, দুলীয়াজান, মৰাণ, নাহৰকটীয়া ইত্য়াদিয়ে এই জিলাৰ উল্লেখযোগ্য় স্থান।
ডিব্ৰুগড় জিলাৰ শিক্ষাঃ উজনি অসমৰ প্ৰথম বিশ্ববিদ্য়ালয় খন হৈছে ডিব্ৰুগড় বিশ্ববিদ্য়ালয়। ৰাজাভেটাত অন্তৰ্গত এই বিশ্ববিদ্য়ালয়খন ১৯৬৫ চনত প্ৰতিষ্ঠা কৰা বুলি জনা যায়। এই বিশ্ববিদ্য়ালয়খন ডিব্ৰুগড় জিলাৰ পৰা প্ৰায় পাঁচ কিল'মিটাৰ আঁতৰত অন্তৰ্গত। এই জিলাতে আকৌ অসম চিকিৎসা মহাবিদ্য়ালয়খন অৱস্থিত। এই জিলাৰ পৰা চিকিৎসা মহাবিদ্য়ালয়খনৰ দূৰত্ব প্ৰায় ছয় কিল'মিটাৰ।
ডিব্ৰুগড় বিশ্ববিদ্য়ালয়
ডিব্ৰুগড় জিলাৰ উন্নয়ন খণ্ডসমূহৰ নামঃ