ভগ্নাংশ
ভগ্নাংশঃ
কোনো এটা বস্তুক সমানে কেবাটাও ভাগত ভাগ কৰি তাৰ এটা অংশ ল'লে তাক ভগ্নাংশৰ আকাৰত দেখুৱাব পাৰি। যেনে - 5 জন বন্ধুৰ মাজত এটা আপেল ভগাবলৈ 5 ভাগ কৰি লোৱা হ'ল। এতিয়া প্ৰত্য়েকজনে পোৱা আপেলৰ অংশক এনেদৰে 1/5 দেখুওৱা হয়। ইয়াৰে ১ ক লব আৰু ৫ ক হৰ বুলি কোৱা হয়। ভগ্নাংশ তিনি প্ৰকাৰৰ - প্তকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ।
প্ৰকৃত ভগ্নাংশঃ
যি ভগ্নাংশৰ লবতকৈ হৰটো ডাঙৰ সেই ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। যেনে -
অপ্ৰকৃত ভগ্নাংশঃ
যি ভগ্নাংশৰ হৰটো লবতকৈ সৰু, সেই ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বোলে। যেনে -
মিশ্ৰ ভগ্নাংশঃ
যিবিলাক ভগ্নাংশত গোটা আৰু ভগ্নাংশ দুয়োটাই একেলগে থাকে তেনেবিলাক ভগ্নাংশক মিশ্ৰ ভগ্নাংশ বোলা হয়। যেনে -







