Chapter: 3

প্ৰাদেশিক ৰাজ্যসমূহৰ উত্থান


MODEL QUESTION & ANSWER

১. কিমান খৃঃত প্ৰতিষ্ঠা লাভ কৰা বিজয় নগৰ ৰাজ্যত কেইটা ৰাজবংশই ৰাজত্ব কৰিছিল ?

উত্তৰঃ ১৩৩৬ খ্ৰীঃত প্ৰতিষ্ঠা লাভ কৰা বিজয় নগৰ ৰাজ্যত চাৰিটা ৰাজবংশই ৰাজত্ব কৰিছিল ।


২. কোনে বিজয় নগৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ? 

উত্তৰঃ হৰিহৰ আৰু বুক্ক নামৰ দুজন ভাতৃয়ে বিজয় নগৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । 


৩. কিমান খৃঃত কোনে নিজকে ৰজা বুলি ঘোষণা কৰিছিল ? 

উত্তৰঃ ১৩৩৬ খ্ৰীঃত হৰিহৰে নিজকে ৰজা বুলি ঘোষণা কৰিছিল । 


৪. সঙ্গম নামৰ এজন ব্ৰাহ্মণ পণ্ডিতৰ কেইজন পুত্ৰই বিজয় নগৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ সঙ্গম নামৰ এজন ব্ৰাহ্মণ পণ্ডিতৰ পাঁচজন পুত্ৰই বিজয় নগৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । 


৫. কিমান খৃঃত কাৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৩৭৮ খ্ৰীঃত বুক্কৰ মৃত্যু হৈছিল ।


৬. দ্বিতীয় বিৰুপাক্ষ কোন বংশৰ শেষ ৰজা আছিল ?

উত্তৰঃ দ্বিতীয় বিৰুপাক্ষ সঙ্গম বংশৰ শেষ ৰজা আছিল ।


৭. কিমান খৃঃত নৰসিংহৰ মৃত্য়ু হৈছিল ?

উত্তৰঃ ১৪৯৩ খ্ৰীঃত নৰসিংহৰ মৃত্যু হৈছিল । 


৮. বাহমন শ্বাহৰ মৃত্যুৰ পিছত তেওঁ জেষ্ঠ পুত্ৰ মহম্ম শ্বাহ কি ৰাজ্যৰ চুলতান হৈছিল  ?

উত্তৰঃ বাহমণ শ্বাহৰ মৃত্যুৰ পিছত তেও জেষ্ঠ পুত্ৰ মহম্মদ শ্বাহ বাহমণী ৰাজ্যৰ চুলতান হৈছিল । 


৯. নৰসিংহৰ মৃত্যুৰ পিছত কোনে সিংহাসনত আৰোহণ কৰে?

উত্তৰঃ নৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ইম্মদি নৰসিংহ সিংহাসনত আৰোহণ কৰে ।


১০. ১৪৩৫ খৃঃৰ ফেব্ৰুৱাৰী মাহত কাৰ মৃত্যু হয় ?

উত্তৰঃ ১৪৩৫ খ্ৰীঃৰ ফেব্ৰুৱাৰী মাহত হৰিবৰৰ মৃত্যু হয় । 


১১. কিমান খ্ৰীঃত বুক্কই ৰাজসিংহাসনত আৰোহণ কৰিছিল ।

উত্তৰঃ  ১৩৫৬ খ্ৰীঃত বুক্কই ৰাজসিংহাসনত আৰোহণ কৰিছিল । 


১২. দ্বিতীয় হৰিহৰৰ পুত্ৰৰ নাম কি আছিল ।

উত্তৰঃ  দ্বিতীয় হৰিহৰৰ পুত্ৰৰ নাম আছিল প্ৰথম দেৱৰায় ।


১৩. প্ৰথম দেৱৰায়ে বাহমণী ৰাজ্য আক্ৰমণ কৰোতে বাহমণি ৰাজ্যৰ চুলতান কোন আছিল ।

উত্তৰঃ  প্ৰথম দেৱৰায়ে বাহমণী ৰাজ্য আক্ৰমণ কৰোতে বাহমণি ৰাজ্যৰ চপলতান আছিল ফিৰোজ শ্বাহ ।


১৪. কিমান খ্ৰীঃত প্ৰথম দেৱৰায়ৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১৪২২ খ্ৰীঃত প্ৰথম দেৱৰায়ৰ মৃত্যু হৈছিল ।


১৫. সঙ্গম বংশৰ শ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয় ।

উত্তৰঃ  দ্বিতীয় দেৱৰায়ক সঙ্গম বংশৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় । 


১৬. সালুভ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ  নৰসিংহ সালুভে সালুভ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল । 


১৭. কিমান খ্ৰীঃত নৰসিংহৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৪৯৩ খ্ৰীঃত নৰসিংহৰ মৃত্যু হৈছিল । 


১৮.  কৃষ্ণদেৱৰায়ে লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  কৃষ্ণদেৱৰায়ে লিখা গ্ৰন্থখনৰ নাম হল অমুক্তমাল্যদা । 


১৯.  বিজয় নগৰত ৰাজত্ব কৰা শেষৰটো ৰাজবংশৰ নাম কি ।

উত্তৰঃ  বিজয় নগৰত ৰাজত্ব কৰা শেষৰটো ৰাজবংশৰ নাম আছিল আৰবিডু বংশ । 


২০. কিমান খ্ৰীঃত কৃষ্ণদেৱৰায়ৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১৫৩০ খ্ৰীঃত কৃষ্ণদেৱৰায়ৰ মৃত্যু হৈছিল ।ক্ষ


২১. কৃষ্ণদেৱৰায়ে নিৰ্মাণ কৰা নতুন নগৰখনৰ নাম কি ।

উত্তৰঃ  কৃষ্ণদেৱৰায়ে নিৰ্মাণ কৰা নতুন নগৰখনৰ নাম হল হাম্পি ।


২২. কৃষ্ণদেৱৰায়ৰ মৃত্যুৰ পাছত বিজয় নগৰৰ ৰজা কোন হৈছিল । 

উত্তৰঃ  কৃষ্ণদেৱৰায়ৰ মৃত্যুৰ পাছত বিজয় নগৰৰ ৰজা বৈছিল অচ্যুত ৰায় । 


২৩.  অচ্যুত ৰায়ৰ মৃত্যুৰ পাছত দিল্লীৰ সিংহাসন কোনে আৰোহণ কৰিছিল ।

উত্তৰঃ  অচ্যুত ৰায়ৰ মৃত্যুৰ পাছত দিল্লীৰ সিংহাসনত ভেংকটৰায় আৰোহণ কৰিছিল । 


২৪. টালিকোটা যুদ্ধ কিমান খ্ৰীঃত সংঘটিত হৈছিল ।

উত্তৰঃ  ১৪৬৫ খ্ৰীঃৰ ২৩ জানুৱাৰীত টালিকোটাৰ যুদ্ধ সংঘটিত হৈছিল ।


২৫. আৰবিডু বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল ।

উত্তৰঃ আৰবিডু বংশৰ শেষৰজন ৰজাৰ নাম হল দ্বিতীয় ভেংকটা ।

২৬. প্ৰশাসন ব্যৱস্থাৰ পৰিচালনা কৰা বিভাগটোক কি নামেৰে জনা যায় ।

উত্তৰঃ  প্ৰশাসন ব্যৱস্থাৰ পৰিচালনা কৰা বিভাগটোক চেক্ৰেটেৰিয়েট নামেৰে জনা যায়।


২৭. শাসনৰ সুবিধা অনুসৰি বিজয় নগৰ সাম্ৰাজ্যক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ  শাসনৰ সুবিধা অনুসৰি বিজয় নগৰ সাম্ৰাজ্যক দুটা ভাগত ভাগ কৰিব পাৰি সেইভাগকেইটা হল 

ক) ৰাজ্য 

খ) মণ্ডল বা কাবাডি ।


২৮. প্ৰদেশসমূহক কেইটা ভাগত ভাগ কৰা হৈছিল আৰু কি কি ।

উত্তৰঃ প্ৰদেশসমূহক ৫ টা ভাগত ভাগ কৰিব পাৰি যেনে 

ক) ভেংথি ।

খ) নাডু 

গ) পৰগণা 

ঘ) গাওঁ 

ঙ) স্থল ।


২৯. ভূমিক কেইটা ভাগত ভাগ কৰিব পাৰিআৰু কি কি ।

উত্তৰঃ  ভূমিক ত্ন্টা ভাগত ভাগ কৰিব পাৰি সেইকেইটা  হল 

ক) আদ্ৰ ভূমি ।

খ) শুষ্ক ভূমি ।

গ) বাগিচা বা কাঠনি ভূমি । 


৩০. ভূমি ৰাজহক কি বুলি কোৱা হৈছিল ।

উত্তৰঃ  ভূমি ৰাজহক চিষ্ট বুলি কোৱা হৈছিল ।


৩১. বিজয় নগৰৰ ভূমি ৰাজহ বিভাগক কি বুলি কোৱা হৈছিল ।

উত্তৰঃ  বিজয় নগৰৰ ভূমি ৰাজহ বিভাগক অথভানে বুলি কোৱা হৈছিল ।


৩২. ৰজাই সৈন্যবাহিনীৰ পৰিচালনা কৰা সেনাধ্যক্ষ জনৰ নাম কি ।

উত্তৰঃ  ৰজাই সৈন্যবাহিনীৰ পৰিচালনা কৰা সেনাধ্যক্ষক জনৰ নাম হল দণ্ডনায়ক ।


৩৩. কৃষ্ণদেৱৰায়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  কৃষ্ণদেৱৰায়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল আমুক্ত মাল্যদা ।


৩৪. কৃষ্ণদেৱৰায়ৰ ৰাজকবি কোন আছিল ।

উত্তৰঃ কৃষ্ণদেৱৰায়ৰ ৰাজকবি আছিল পেদ্দানা । 


৩৫. কৃষ্ণদেৱৰায়ৰ ৰাজত্বকালত নিৰ্মাণ কৰা দুটা স্থাপত্য-ভাস্কৰ্যৰ নাম লিখা ।

উত্তৰঃ  কৃষ্ণদেৱৰায়ৰ ৰাজত্বকালত নিৰ্মাণ কৰা দুটা স্থাপত্য ভাস্কৰ্যৰ নাম হল 

ক) হাজাৰা মন্দিৰ ।

খ) ভিত্থলস্বামী মন্দিৰ ।


৩৬. দিল্লীৰ চুলতানীৰ পৰা উদ্ভৱ হোৱা মুছলীম ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাজ্যখনৰ নাম কি ।

উত্তৰঃ  দিল্লীৰ চুলতানীৰ পৰা উদ্ভৱ হোৱা মুছলীম ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাজ্যখনৰ নাম হল বাহমণী ৰাজ্য। 


৩৭. বাহমণি ৰাজ্যৰ প্ৰথমজন চুলতানৰ নাম কি ।

উত্তৰঃ বাহমণি ৰাজ্যৰ প্ৰথমজন চুলতানৰ নাম হল আলাউদ্দিন বাহমণ শ্বাহ ।


৩৮. বাহমণ শ্বাহৰ আদি নাম কি আছিল ।

উত্তৰঃ বাহমণ শ্বাহৰ আদি নাম আছিলহাছান বাহমণী ।

 

৩৯.  ৰজা হোৱাৰ পিছত আলাউদ্দিন কি নামেৰে জনা যায় ।

উত্তৰঃ ৰজা হোৱাৰ পিছত আলাউদ্দিন বাহমণী নামেৰে জনা যায় ।


৪০. হাছান কোন বংশৰ আছিল ।

উত্তৰঃ হাছান পাৰস্যৰ ৰজা বাহমণ শ্বাহৰ বংশৰ আছিল । 


৪১. বাহমণ শ্বাহে কত ৰাজধানী স্থাপন কৰিছিল ।

উত্তৰঃ  বাহমণ শ্বাহে গুলবাৰ্গত ৰাজধানী স্থাপন কৰিছিল ।


৪২. বাহমণ শ্বাহে স্থাপন কৰা ৰাজধানীখনৰ নাম কি ।

উত্তৰঃ বাহমণ শ্বাহে স্থাপন কৰা ৰাজধানীখনৰ নাম হল আছানাবাদ । 


৪৩. বাহমণ শ্বাহে জয় কৰা অঞ্চলসমূহ কি কি ।

উত্তৰঃ বাহমণ শ্বাহে জয় কৰা অঞ্চলসমূহ হল গোৱা, কোলাপুৰ, দভল, বিদাৰ, টেলেংগনাৰ কিছু অংশ 


৪৪. বাহমণ শ্বাহে ৰাজ্যখন শাসন কৰিবৰ বাবে কেইটা ভাগত ভাগ কৰিছিল আৰু কি কি ।

উত্তৰঃ বাহমণ শ্বাহে ৰাজ্যখন শাসন কৰিবৰ বাবে চাৰিটা ভাগত ভাগ কৰিছিল আৰু সেইভাগকেইটা হল 

ক) গুলবাৰ্গ,  খ) দৌলতাবাদ, গ) বেৰাৰ , ঘ) বিদাৰ ।


৪৫. কিমান খ্ৰীঃত বাহমণ শ্বাহৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১৩৫৮ খ্ৰীঃত বাহমণ শ্বাহৰ মৃত্যু হৈছিল । 


৪৬. ৰাজ্য বিস্তাৰৰ নীতি কোনজন ৰজাই গ্ৰহণ কৰিছিল ।

উত্তৰঃ ৰাজ্য বিস্তাৰৰ নীতি ফিৰোজ শ্বাহে গ্ৰহণ কৰিছিল ।


৪৭. কিমান খ্ৰীঃত আহমদ শ্বাহৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৪৩৫ খ্ৰীঃৰ ফেব্ৰুৱাৰী মাহত আহমদ শ্বাহৰ মৃত্যু হৈছিল । 


৪৮. কিমান খ্ৰীঃত দ্বিতীয় আলাউদ্দিন শ্বাহৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৪৫৭ খ্ৰীঃত দ্বিতীয় আলাউদ্দিন শ্বাহৰ মৃত্যু হৈছিল । 


৪৯. কাৰ নেতৃত্বত বাহমণী ৰাজ্যৰ সম্প্ৰসাৰণ আটাইতকৈ বেছি হৈছিল ।

উত্তৰঃ মামুদ গাৱানৰ নেতৃত্বত বাহমণী ৰাজ্যৰ সম্প্ৰসাৰণ আটাইতকৈ বেছি হৈছিল । 


৫০. আদিল শ্বাহী বংশ কোনে কিমান খ্ৰীঃত প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ  ১৪৮৯ খ্ৰীঃত আদিল শ্বাহী নামৰ লোকজনে আদিল শ্বাহী বংশ প্ৰতিষ্ঠা কৰিছিল । 


৫১. বাৰিদ শ্বাহী বংশ কোনে কিমান খ্ৰীঃত প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ ১৫২৫ খ্ৰীঃত আমিৰ বাৰিদে বাৰিদ শ্বাহী বংশ প্ৰতিষ্ঠা কৰিছিল ।


৫২. কিমান খ্ৰীঃত বাহমণী ৰাজ্যৰ সম্পূৰ্ণৰূপে পতন হৈছিল ।

উত্তৰঃ ১৫২৫ খ্ৰীঃত বাহমণী ৰাজ্যৰ সম্পূৰ্ণৰূপে পতন হৈছিল ।


৫৩. এজন ৰাছিয়াৰ ভ্ৰমণকাৰীৰ নাম লিখা ।

উত্তৰঃ এজন ৰাছিয়াৰ ভ্ৰমণকাৰীৰ নাম হল আলথানেচিয়াচ নিকিতিন ।


৫৪. আলথানেচিয়াচ নিকিতিনে কোনজন ৰজাৰ ৰাজত্বকালত দেশ ভ্ৰমণ কৰিবলৈ আহিছিল ।

উত্তৰঃ আলথানেচিয়াচ নিকিতিনে তৃতীয় মহম্মদ শ্বাহৰ ৰাজত্বকালত দেশ ভ্ৰমণ কৰিবলৈ আহিছিল ।


৫৫.  জাফৰ খানে গ্ৰহণ কৰা উপাধিটোৰ নাম কি আছিল ।

উত্তৰঃ জাফৰ খানে গ্ৰহণ কৰা উপাধিটোৰ নাম আছিল মুজাফৰ শ্বাহ ।


৫৬. কিমান খ্ৰীঃত মুজাফৰ শ্বাহৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১৪১১ খ্ৰীঃত মুজাফৰ শ্বাহৰ মৃত্যু হৈছিল ।


৫৭. মুজাফৰ শ্বাহৰ মৃত্যুৰ পাছত গুজৰাটৰ চুলতান কোন হৈছিল ।

উত্তৰঃ  মুজাফৰ শ্বাহৰ মৃত্যুৰ পাছত তেওঁৰ নাতি আহমদ শ্বাহ গুজৰাটৰ চুলতান হৈছিল ।


৫৮. গুজৰাটৰ প্ৰথমজন প্ৰকৃত স্বাধীন চুলতান বুলি কাক কোৱা হয় ।

উত্তৰঃ গুজৰাটৰ প্ৰথমজন প্ৰকৃত স্বাধীন চুলতান বুলি আহমদ শ্বাহক কোৱা হয় ।


৫৯. কিমান খ্ৰীঃত আহমদ শ্বাহৰ নাতি আবুল ফতেহ খান গুজৰাটৰ চুলতান হৈছিল ।

উত্তৰঃ ১৪৫৯ খ্ৰীঃত আহমদ শ্বাহৰ নাতি আবুল ফতেহ খান গুজৰাটৰ চুলতান হৈছিল ।


৬০ . আবুল ফতেহ খানে গ্ৰহণ কৰা উপাধিটোৰ নাম কি আছিল ।

উত্তৰঃ  আবুল ফতেহ খানে গ্ৰহণ কৰা উপাধিটোৰ নাম আছিল মামুদ বাগেৰহা ।


৬১. কিমান খ্ৰীঃত মামুদ বাগেৰহাৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১৫১১ খ্ৰীঃত মামুদ বাগেৰহাৰ মৃত্যু হৈছিল । 


৬২. মামুদ বাগেৰহাৰ ৰাজকবিজনৰ নাম কি ।

উত্তৰঃ মামুদ বাগেৰহাৰ ৰাজকবিজনৰ নাম হল উদয় ৰাজা ।


৬৩. মধ্যযুগৰ ভাৰতৰ এজন শক্তিশালী ৰজাৰ নাম লিখা ।

উত্তৰঃ মধ্যযুগৰ ভাৰতৰ এজন শক্তিশালী ৰজাৰ নাম হল বাহাদুৰ । 


৬৪. গুজৰাটৰ শেষৰজন চুলতানৰ নাম কি ।

উত্তৰঃ গুজৰাটৰ শেষৰজন চুলতানৰ নাম হল বাহাদুৰ ।


৬৫. মালৱৰ প্ৰথমজন স্বাধীন ৰজাৰ নাম কি ।

উত্তৰঃ মালৱৰ প্ৰথমজন স্বাধীন ৰজাৰ নাম হল দিলৱাৰ খান ঘুৰী । 


৬৬. কিমান খ্ৰীঃত দিলৱাৰ খান ঘুৰীৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১৪০৬ খ্ৰীঃত দিলৱাৰ শ্বাহ ঘুৰীৰ মৃত্যু হৈছিল । 


৬৭. দিলৱাৰ খান ঘুৰীৰ পুত্ৰৰ নাম কি আছিল ।

উত্তৰঃ  দিলৱাৰ খান ঘুৰীৰ পুত্ৰৰ নাম আছিল হুছাং শ্বাহ ।


৬৮. ঘজনী খানে গ্ৰহণ কৰা পদবীটোৰ নাম কি আছিল ।

উত্তৰঃ  ঘজনী খানে গ্ৰহণ কৰা পদবীটোৰ নাম হল মুহুম্মদ শ্বাহ । 


৬৯. মালৱৰ আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি ।

উত্তৰঃ  মালৱৰ আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম হল মামুদ খান ।


৭০. কিমান খ্ৰীঃত নাছিৰুদ্দিনৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৬১০ খ্ৰীঃত নাছিৰুদ্দিনৰ মৃত্যু হৈছিল । 


৭১. কিমান খ্ৰীঃত সম্ৰাট আকবৰে মালৱ ৰাজ্য জয় কৰিছিল ।

উত্তৰঃ ১৫৬১ খ্ৰীঃত সম্ৰাট আকবৰে মালৱ ৰাজ্য জয় কৰিছিল । 


৭২. জৌনপুৰ নগৰখন কোনে নিৰ্মাণ কৰিছিল ।

উত্তৰঃ  জৌনপুৰ নগৰখন ফিৰোজ শ্বাহ টোগলকে তেওঁৰ ভতিজাক মহম্মদ জুনা খাঁৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰিছিল । 


৭৩. ছাৰ্কি বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ  খোৱাজা জাহানে ছাৰ্কি বংশ প্ৰতিষ্ঠা কৰিছিল । 


৭৪. খোৱাজা জাহানৰ আদি নাম কি আছিল ।

উত্তৰঃ  খোৱাজা জাহানৰ আদি নাম আছিল মালিক-উছ-ছাৰ্ক ।


৭৫. ছাৰ্কি বংশৰ এজন শ্ৰেষ্ঠ ৰজাৰ নাম লিখা ।

উত্তৰঃ  ছাৰ্কি বংশৰ এজন শ্ৰেষ্ঠ ৰজাৰ নাম হল ইব্ৰাহিম শ্বাহ ।


৭৬. কিমান খ্ৰীঃত ইব্ৰাহিম শ্বাহৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৪৩৬ খেৰীঃত ইব্ৰাহিম শ্বাহৰ মৃত্যু হৈছিল । 


৭৭. কিমান খ্ৰীঃত ছিকন্দৰ শ্বাহৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১৩৯০ খ্ৰীঃত ছিকন্দৰ শ্বাহৰ মৃত্যু হৈছিল । 


৭৮. ছিকন্দৰ শ্বাহৰ মৃত্যুৰ পাছত আজম বঙ্গৰ চুলতান কোন হৈছিল ।

উত্তৰঃ  ছিকন্দৰ শ্বাহৰ মৃত্যুৰ পাছত গিয়াছুদ্দিন আজম বঙ্গৰ চুলতান হৈছিল ।


৭৯. গনেশে ৰজা হৈ কি উপাধি গ্ৰহণ কৰিছিল ।

উত্তৰঃ  গনেশে ৰজা হৈ ডানুজামাৰদনা দেৱ উপাধি গ্ৰহণ কৰিছিল ।


৮০. আৰৱীয় বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ  আলাউদ্দিন হুছেইন শ্বাহে আৰৱীয় বংশ প্ৰতিষ্ঠা কৰিছিল  ।


৮১. বংগৰ শেষৰজন স্বাধীন চুলতানৰ নাম কি আছিল ।

উত্তৰঃ  বংগৰ শেষৰজন স্বাধীন চুলতানৰ নাম আছিল গিয়াছুদ্দিন মামুদ শ্বাহ ।


৮২. বঙ্গৰ স্থাপত্য শিল্পৰ এটা প্ৰধান বৈশিষ্ট্যৰ বিষয়ে লিখা ।

উত্তৰঃ  বঙ্গৰ স্থাপত্য শিল্পৰ এটা প্ৰধান বৈশিষ্ট্য হল শিল আৰু ইটাৰ প্ৰচুৰ ব্যৱহাৰ ।


৮৩. গিয়াছুদ্দিন বলবনৰ ৰাজসভাৰ কবিজনৰ নাম কি ।

উত্তৰঃ  গিয়াছুদ্দিন বলূনৰ ৰাজসভাৰ কবিজনৰ নাম হল আমীৰ খশ্ৰু ।


৮৪. চুলতানী যুগৰ এজন বিখ্যাত কবিৰ নাম লিখা ।

উত্তৰঃ  চুলতানী যুগৰ এজন বিখ্যাত কবিৰ নাম হল হাসান দেহলবি ।


৮৫. মালাধৰ বসুৱে বঙালী ভাষালৈ অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  মালাধৰ বসুৱে বঙালী ভাষালৈ অনুবাদ কৰা গ্ৰন্থখনৰ নাম হল শ্ৰী কৃষ্ণ-বিজয় ।



Type: Krishna Bora

Author_ Ali Rani  Kakati ( Ba in History Major)