Chapter: 1


 দিল্লী চুলতানী ব্যাখ্যাৰে ঃ উৎসসমূহৰ পৰ্যালোচনা 

Interpreting the Delhi Sultanate : Survey of Sources


MODEL QUESTION & ANSEWR

১. কিমান খ্ৰীঃত নিজামী দিল্লীত উপস্থিত হৈছিল ?

উত্তৰঃ ১২০৬ খ্ৰীঃত নিজামী দিল্লীত উপস্থিত হৈছিল ।


২. পাৰ্চী তাৰিখ পৰম্পৰাত লিখা উল্লেখযোগ্য ঐতিহাসিক গ্ৰন্থখন হ'ল ?

উত্তৰঃ পাৰ্চী তাৰিখ পৰম্পৰাত লিখা উল্লেখযোগ্য ঐতিহাসিক গ্ৰন্থখন হল তাজ-উল-মাচিৰ

 ।

৩. তাজ-উল-মাচিৰ এই গ্ৰন্থখন কি ভাষাত লিখা হৈছিল ?

উত্তৰঃ তাজ-উল-মাচিৰ এই গ্ৰন্থখন তুৰ্কী ভাষাত লিখা হৈছিল । 


৪. হাচান নিজামী এজন কি ভাষাৰ কবি আৰু বুৰঞ্জীবিদ আছিল ?

উত্তৰঃ হাচান নিজামী এজন পাৰ্চী ভাষাৰ কবি আৰু বুৰঞ্জাবিদ আছিল ।


৫. কিমান খ্ৰীঃত তবকাত-ই-নাচিৰি গ্ৰন্থখন লিখাসম্পূৰ্ণ হৈছিল ?

উত্তৰঃ ১২৫৯ খ্ৰীঃত তবকাত -ই- নচিৰি গ্ৰন্থখন লিখা সম্পূৰ্ণ হৈছিল ।


৬. তবকাত-ই-নাচিৰি পুথিখন মুঠ কিমান টা খণ্ড বিভক্ত আছিল?

উত্তৰঃ তবকাত-ই-নচিৰি পুথিখন মুঠ ২৩ টা খণ্ডত বিভক্ত আছিল ।


৭. তবকাত-ই-নাচিৰি গ্ৰন্থখন কিহৰ পৰা লিখা হৈছিল ?

উত্তৰঃ তবকাত-ই- নচিৰি গ্ৰন্থখন ইছলাম ধৰ্মৰ জন্মৰ-ক্ষণৰ পৰা লিখা হৈছিল ।


৮. তৰাইনৰ প্ৰথম যুদ্ধত কোন কাৰ হাতত পৰাজিত হৈছিল ?

উত্তৰঃ  তৰাইনৰ প্ৰথম যুদ্ধত মহম্মদ ঘোৰী হিন্দু ৰজা পৃথিৰাজ চৌহানৰ হাতত পৰাজিত হৈছিল । 


৯. বাৰাণীৰ অন্য এখন গ্ৰন্থ কি ?

উত্তৰঃ বাৰাণীৰ অন্য এখন গ্ৰন্থ হল ফাটোৱা-ই- জাহানদাৰী ।


১০. ১২২৭ খ্ৰীঃত কোন দিল্লীলৈ আহিছিল ?

উত্তৰঃ ১২২৭ খ্ৰীঃত মিনহাজ-ই চিৰাজ জুজজানিচ দিল্লীলৈ আহিছিল । 


১১. কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ।

উত্তৰঃ কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হল দাস বংশ 


১২. পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ।

উত্তৰঃ পানিপথৰ প্ৰথম যুদ্ধ ১৫২৬ চনত মহম্মদ জাহিৰুদ্দিন বাবৰ আৰু ইব্ৰাহিম লোডীৰ মাজত হৈছিল ।


১৩। বহল অৰ্থত তাৰিখ শব্দৰ অৰ্থ কি ।

উত্তৰঃ বহল অৰ্থত তাৰিখ শব্দৰ অৰ্থ হল বিৱৰণ বা বুৰঞ্জী । 


১৪. নিচাপুৰ ঠাইখন বৰ্তমান কত অৱস্থিত ।

উত্তৰঃ  নিচাপুৰ ঠাইখন বৰ্তমানৰ ইৰাণৰ খোৰাচান অঞ্চলত অৱস্থিত ।


১৫. হাচান নিজামীৰ প্ৰকৃত নাম কি আছিল ।

উত্তৰঃ  হাচান নিজামীৰ প্ৰকৃত নাম আছিল চদৰুদ্দিন মহম্মদ হাচান নিজামী ।


১৬. তবকাত-ই-নচিৰি গ্ৰন্থখন কোনে ৰচনা কৰিছিল ।

উত্তৰঃ তবকাত ই-নচিৰি গ্ৰন্থখন মিনহাজউদ্দিন চিৰাজে ৰচনা কৰিছিল । 


১৭. তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল ।ল

উত্তৰঃ  ১১৯১ খ্ৰীঃত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল ।


১৮. তাৰিখ- ই-ফিৰোজচাহী গ্ৰন্থখন কোনে ৰচনা কৰিছিল ।

উত্তৰঃ তাৰিখ- ই-ফিৰোজচাহী গ্ৰন্থখন জিয়াউদ্দিন বাৰাণীয়ে ৰচনা কৰিছিল । 


১৯. বাৰাণীয়ে আইনক কেইটা ভাগত বিভক্ত কৰিছে আৰু কি কি ।

উত্তৰঃ  বাৰাণীয়ে আইনক দুটা ভাগত বিভক্ত কৰিছে সেই ভাগ দুটা হল  

ক) চৰিয়ত 

খ) যাৱাবিত ।


২০. পদ্মাৱত কি ।

উত্তৰঃ  পদ্মাৱত হল বীৰত্ব বিষয়ক এখন মহাকাব্য ।


২১. লিপি অধ্যয়নক কি বুলি কোৱা হয় ।

উত্তৰঃ  লিপি অধ্যয়নক এপিগ্ৰাফী বুলি কোৱা হয় । 


২২. লোডী বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।

উত্তৰঃ লোডী বংশৰ প্ৰতিষ্ঠাতা আছিল বাহলুল ছাহ লোডী ।


২৩. চতুৰ্থ শতিকাৰ এজন পাৰ্চীয়ান বুৰঞ্জীবিদৰ নাম লিখা ।

উত্তৰঃ   চতুৰ্থ শতিকাৰ এজন পাৰ্চীয়ান বুৰঞ্জীবিদৰ নাম হল হামডাল্লা মুচতাউফী ।


২৪. হাচান নিজামী কাৰ পুত্ৰ আছিল ।

উত্তৰঃ হাচান নিজামী পাৰ্চী কবি নিজামী আৰুজীৰ পুত্ৰ আছিল । 


২৫. তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ  তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল ১১৯২ চনত । 


২৬. কোনে কিমান খ্ৰীঃত মিনহাজ-ই-চিৰাজক চাকৰিত মকৰল কৰিছিল ।

উত্তৰঃ  ১২২৮ খ্ৰীঃত চুলতান ইলতুটমিছে মিনহাজ-ই-চিৰাজক চাকৰিত মকৰল কৰিছিল ।


২৭. হিন্দী সাহিত্যৰ এজন ইতিহাসবিদৰ নাম লিখা ।

উত্তৰঃ  হিন্দী সাহিত্যৰ এজন ইতিহাসবিদৰ নাম হল চান্দ বাৰদাই ।


২৮. মহম্মদ ঘোৰীয়ে কোনজন ৰজাৰ শাসনকালত ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ।

উত্তৰঃ  মহম্মদ ঘোৰীয়ে পৃথিৰাজ চৌহানৰ শাসনকালত ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ।


২৯. ব্ৰজ ভাষাত লিখা এখন মহাকাব্যৰ নাম লিখা ।

উত্তৰঃ ব্ৰজ ভাষাত লিখা এখন মহাকাব্যৰ নাম হল পৃথিৰাজ ৰাছ' ।


৩০. পৃথিৰাজ চৌহান কোন দেশৰ বিখ্যাত শাসক আছিল ।

উত্তৰঃ  পৃথিৰাজ চৌহান দিল্লী আৰু আজমীৰৰ বিখ্যাত শাসক আছিল । 


৩১. এজন চুফি কবিৰ নাম লিখা ।

উত্তৰঃ এজন চুফি কবিৰ নাম হল  মালিক মহম্মদ দয়াচী ।


৩২. পদ্মাৱত গ্ৰন্থখন কি ভাষাত ৰচনা কৰা হৈছিল ।

উত্তৰঃ   পদ্মাৱত গ্ৰন্থখন আৱাধী ভাষাত ৰচনা কৰা হৈছিল । 


৩৩. ৰতন সিঙৰ পত্নীৰ নাম কি আছিল ।

উত্তৰঃ  ৰতন সিঙৰ পত্নীৰ নাম আছিল পদ্মাৱতী ।


৩৪. কিমান খ্ৰীঃত ৰতন সিহই সিংহাসনত আৰোহণ কৰিছিল ।

উত্তৰঃ ১৩০১ খ্ৰীঃত ৰতন সিংহই সিংহাসনত আৰোহণ কৰিছিল ।


৩৫. কিমান খ্ৰীঃত ৰতন সিঙে আল্লাউদ্দিন খিলিজিৰ হাতত পৰাজয় বৰণ কৰিছিল ।

উত্তৰঃ  ১৩০৩ খ্ৰীঃত ৰতন সিঙে আল্লাউদ্দিন খিলিজিৰ হাতত পৰাজয় বৰণ কৰিছিল । 


৩৬. চুলতান ইলতুটমিছৰ এখন লিপি কত সংৰক্ষিত হৈ আছে ।

উত্তৰঃ  চুলতান ইলতুটমিছৰ এখন লিপি উত্তৰ প্ৰদেশৰ আলিগ়ড মুছলিম বিশ্ববিদ্যালয়ৰ মৌলানা আজাদ গ্ৰন্থগাৰত সংৰক্ষিত হৈ আছে । 


৩৭. খিলিজি বংশৰ ৰাজত্বকালৰ লিপিখন কত সংৰক্ষিত হৈ আছে ।

উত্তৰঃ খিলিজি বংশৰ ৰাজত্বকালৰ লিপিখন  এলাহাবাদৰ মিউনিচিপাল মিউজিয়ামত সংৰক্ষিত হৈ আছে । 


৩৮. চুলতান ছিকন্দৰ লোডীৰ লিপিখন কোন জিলাত পোৱা গৈছে ।

উত্তৰঃ  চুলতান ছিকন্দৰ লোডীৰ লিপিখন উত্তৰ প্ৰদেশৰ মথুৰা জিলাতপোৱা গৈছে ।


৩৯. চুলতান বলবনে প্ৰচলন কৰা মুদ্ৰাবিধৰ নাম কি ।

উত্তৰঃ  চুলতান বলবনে প্ৰচলন কৰা মুদ্ৰাবিধৰ নাম হল টংকা । 


৪০. টোগলক বংশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুদ্ৰাবিধৰ নাম কি ।

উত্তৰঃ  টোগলক বংশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুদ্ৰাবিধৰ নাম হল জিটাল ।


৪১. আলবেৰুণীৰ এটা উল্লেখযোগ্য ভ্ৰমণ বৃত্তান্তৰ নাম লিখা ।

উত্তৰঃ আলবেৰুণীৰ এটা উল্লেখযোগ্য ভ্ৰমণ বৃত্তান্তৰ নাম হল তহকিক-ই-হিন্দ । 


 Type: Krishna Bora 

Author_ Ali Rani Kakati ( Ba in History Major )