দ্বিতীয় অধ্য়ায়
আবয়বিক নৃতত্ত্ব
👉Question Answer
👉MCQs Online Exam
👉Short Question Answer
👉Chapter 2 MCQs Answer
👉Paid Answer (Buy Now)
অনুশীলনী
১। কোনটো ভূ-তাত্ত্বিক যুগত মানুহৰ আবিৰ্ভাৱ হৈছিল?
উত্তৰঃ কোৱাটাৰনাৰি যুগৰ প্লিষ্ট'ছিন পৰ্য্যায় ভূ-তাত্ত্বিক যুগত মানুহৰ আবিৰ্ভাৱ হৈছিল।
২। অসমৰ বনাঞ্চলত পোৱা বনমানুহটোৰ নাম কি?
উত্তৰঃ অসমৰ বনাঞ্চলত পোৱা বনমানুহটোৰ নাম হ'ল- গিবন।
৩। সীৱন বুলিলে কি বুজা? যিকোনো এডাল সীৱনৰ নাম লিখা।
উত্তৰঃ লাওখোলাৰ দুডাল হাড়ৰৰ মাজৰ জোৰাক সীৱন বােলে।
এডাল সীৱনৰ নাম হ'ল ললাটিকা সীৱন।
৪। এজন প্ৰাপ্তবয়স্ক মানুহৰ দাঁতৰ সুত্ৰ কি?
উত্তৰঃ এজন প্ৰাপ্তবয়স্ক মানুহৰ দাঁতৰ সূত্ৰটো হ'ল-
৫। মানুহৰ গাখীৰ দাঁতৰ সূত্ৰটো কি?
উত্তৰঃ মানুহৰ গাখীৰ দাঁতৰ সূত্ৰটো হ'ল-
৬। আফ্ৰিকাত পোৱা দুটা বনমানুহৰ নাম লিখা।
উত্তৰঃ আফ্ৰিকাত পোৱা দুটা বনমানুহৰ নাম হ'ল- গৰিলা আৰু চিম্পাঞ্জী।
৭। প্লেটিৰাইনৰ অন্তৰ্গত দুটা প্ৰাণীৰ নাম লিখা। ইহঁত ক'ত বাস কৰে।
উত্তৰঃ প্লেটিৰাইনৰ অন্তৰ্গত দুটা প্ৰাণীৰ নাম হ'ল চিবয়ডিয়া আৰু ছিবিডি ।
৮। টাৰচিয়াচৰ দুটা উল্লেখযোগ্য় শাৰীৰিক বৈশিষ্ট্য় উল্লেখ কৰা। সিহঁতৰ মুখ্য আহাৰ কি? টাৰচিয়াচে বাস কৰা এখন মহাদেশৰ নাম লিখা।
উত্তৰঃ টাৰচিয়াচৰ দুটা উল্লেখযোগ্য় শাৰীৰিক বৈশিষ্ট্য় হ'ল-
(১) মূৰটোৰ তুলনাত চকুবোৰ বৰ ডাঙৰ।
(২)ইহঁতৰ নেজডাল দীঘল।
টাৰচিয়াচৰ মুখ্য আহাৰ হ'ল- পোক-পৰুৱা, জেঠী আৰু নিগনি।
টাৰচিয়াচে বাস কৰা এখন মহাদেশৰ নাম হ'ল- সুমাত্ৰা আৰু ফিলিপাইন।
৯। হ'ম চেপিয়েনচ্ চেপিয়েনচ্ সকল কোন? তেওঁলোকৰ চাৰিটা আবয়বিক বৈশিষ্ট্য় উল্লেখ কৰা।
উত্তৰঃ হ'ম চেপিয়েনচ্ চেপিয়েনচ্ সকল এক প্ৰকাৰৰ মানুহ। তেওঁলোকৰ চাৰিটা আবয়বিক বৈশিষ্ট্য় হ'ল-
(১) দুই ভৰিৰ ওপৰত পোন হৈ খোজ কাঢ়িব পাৰে।
(২) মগজু ডাঙৰ আৰু জটিল।
(৩) শৰীৰত খুব কম নােম থাকে।
(৪) উৰ্বস্থিৰ উৰ্বিকা ৰেখা সুস্পষ্ট।
১০। ওৰাং উটান বা চিম্পাঞ্জীৰ চাৰিটা বৈশিষ্ট্য় উল্লেখ কৰা।
উত্তৰঃ ওৰাং উটান বা চিম্পাঞ্জীৰ চাৰিটা বৈশিষ্ট্য় হ'ল-
(১) ওৰাং উটানৰ শৰীৰ খহটা নোমেৰে ঢকা।
(২) ছালৰ ৰং শেঁতা মুগা।
(৩) ইহঁতৰ প্ৰহস্ত আৰু পদ দীঘল।
(৪) বৃদ্ধাংগুলি প্ৰতিমুখী।
চিম্পাঞ্জীৰ চাৰিটা বৈশিষ্ট্য় হ'ল-
(১) মতা চিম্পাঞ্জীৰ গড় উচ্চতা ১.৫ মিটাৰ মাইকীৰ ১.২ মিটাৰ।
(২) ইহঁতৰ বৃক্ষচলনত সুদক্ষ।
(৩) চিম্পাঞ্জীৰ কৰোটিৰ তুলনাত মুখমণ্ডল ডাঙৰ।
(৪) নাকৰ হাড় চুটি আৰু অৱতল।
(৫) প্ৰহস্ত আৰু পদ দীঘল।
১১। ক্ৰ'মেগননৰ বুঢ়া মানুহজনৰ লাওখোলাৰ তিনিটা উল্লেখযোগ্য় বৈশিষ্ট্য় আলোচনা কৰা।
উত্তৰঃ ক্ৰ'মেগননৰ বুঢ়া মানুহজনৰ লাওখোলাৰ তিনিটা উল্লেখযোগ্য় বৈশিষ্ট্য় হ'ল-
(১) ক্ৰ'মেগননৰ বুঢ়া মানুহজনৰ লাওখোলাৰটোৰ দৈৰ্ঘ্য ২০৩ মিলিমিটাৰ, প্ৰস্থ ১৫০ মিলিমিটাৰ। কৰোটিৰ ধাৰণা ক্ষমতা ৭৩.৭।
(২) অধ্যক্ষি সীৰলু প্ৰক্ষিপ্ত নহয়।
(৩) লাওখোলাটোৰ আকৃতি পঞ্চভূজাকৃতিৰ।
(৪) মেষ্টয়ড প্ৰবন্ধ বিকশিত।
(৫) কৰোটিৰ ধাৰণা ক্ষমতা ৭৩.৭।
(৬) মুখমণ্ডল বৰ বহল।
১২। জাভা মানুহৰ জীৱাশ্ম কোনে আৱিষ্কাৰ কৰে। জাভা মানৱ কোন ভূ-তাত্ত্বিক যুগত বাস কৰিছিল? জাভা মানৱ লাওখোলা বা উৰ্বস্থিৰ দুটা আবয়বিক বৈশিষ্ট্য় বৰ্ণনা কৰা।
উত্তৰঃ ১৮৯০-১৮৯১ চনত হলেণ্ডৰ শৰীৰতত্ত্ববিদ আৰু চিকিৎসক অগেন ডুবয়ে জাভা মানুহৰ জীৱাশ্ম আৱিষ্কাকৰ কৰিছিল।
জাভা মানৱ মধ্য প্লিষ্ট'ছিন যুগত বাস কৰিছিল।
জাভা মানুহৰ লাওখোলাৰ বৈশিষ্ট্য় হ'ল-
(১) লাওখোলাৰ হাড়বোৰ সুব ডাউ আৰু সীৱনবোৰ সম্পূৰ্ণ লগলগা।
(২) বনমানুহৰ লাওখোলাৰ লগত পিথেকান্থ্ৰপাছ ইৰেকটাছ লাওখোলাটো মিল বেছি দেখা যায়।
জাভা মানুহৰ উৰ্বস্থি দুটা বৈশিষ্ট্য হ'ল-
(১) উৰ্বস্থি পুন আৰু দীঘল।
(২) উৰ্বস্থি লক্ষণসমূহৰ পৰা জনা যায় যে ইহঁতে দুখন ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়িব পাৰে।
১৩। জৈৱিক বিবৰ্তন সম্পৰ্কে এটা চমুটোকা লিখা।
উত্তৰঃ সৰল জীৱজগতখনৰ ক্ৰমাৎ পৰিবৰ্তনৰ মাজেদি আদি বিচিত্ৰ জীৱজগতখনৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক জৈৱিক বিৱৰ্তন বোলা হয়.
উৎপত্তি পিছত জীৱই নানা বিৱৰ্তনৰ প্ৰক্ৰিয়াৰ যোগেদি ৰূপ সলায়। সৃষ্টি আদিতে উৎপন্ন হোৱা অতি সৰল ধৰণৰ কিছুমান জীৱৰ পৰাই বিভিন্ন ভৌগোলিক সময়ত পৰিৱতিত অৱস্থাত খাপখুৱাকৈ বিভিন্ন ৰূপত বিভিন্ন জীৱৰ আৱিৰ্ভাৱ হৈছিল। ধীৰ অথচ নিশ্চিত প্ৰাকৃতিক নিয়মৰ মাজেদি সৃষ্টিৰ আদিৰ পৰা এনে বিৰ্ৱৰণ চলি আছে। লেমাৰ্ক, ডাৰউইন, ৱাইজমেন, ডি ভ্ৰিচ আদিয়ে এই সম্পৰ্ক আগবঢ়োৱা তন্ত্ৰ সমূহক একেলগে জৈৱিক বিৱৰ্তন তন্ত্ৰ বোলা হয়।
১৪। মানৱ বিবৰ্তনৰ বিভিন্ন স্তৰ কেইটা উল্লেখ কৰা।
উত্তৰঃ মানৱ বিবৰ্তনৰ বিভিন্ন স্তৰ কেইটা হ'ল- (১) অষ্ট্ৰেল' পিথেকাছাইন স্তৰ, (২) পিথেকান্থ্ৰপাছ বা হ'ম' ইৰেকটাছ, (৩) হ'ম'চেপিয়েনচ্ স্তৰ, (৪) আধুনিক মানৱ বা হ'ম' চেপিয়েনচ্ চেপিয়েনচ্ স্তৰ।
১৫। নিয়ানডাৰথেলৰ জীৱাশ্ম উদ্ধাৰ কৰা দুখন ঠাইৰ নাম লিখা।
উত্তৰঃ নিয়ানডাৰথেলৰ জীৱাশ্ম উদ্ধাৰ কৰা দুখন ঠাইৰ নাম হ'ল- ইউৰোপ আৰু আফ্ৰিকা।
১৬। মানৱ জঁকাটো কিমান ডোখৰ হাঁডেৰে গঠিত?
উত্তৰঃ মানৱ জঁকাটো ২০৬ ডোখৰ হাঁডেৰে গঠিত।
১৭। মানুহৰ মুখমণ্ডলৰ আটাইতকৈ শক্তিশালী হাড়ডালৰ নাম কি?
উত্তৰঃ মানুহৰ মুখমণ্ডলৰ আটাইতকৈ শক্তিশালী হাড়ডালৰ নাম হ'ল- চিবুকাস্থি বা অধঃহনু।
১৮। অনুকপাল অস্থিৰ ৰন্ধ্ৰটোৰ নাম কি?
উত্তৰঃ অনুকপাল অস্থিৰ ৰন্ধ্ৰটোৰ নাম হ'ল- মহাৰন্ধ্ৰ।
১৯। লাওখোলাৰ সৰ্বোচ্চ অংশটোৰ নাম কি?
উত্তৰঃ লাওখোলাৰ সৰ্বোচ্চ অংশটোৰ নাম হ'ল- শীৰ্ষ।
২০। মানৱ কংকালৰ কোনডাল হাড়ত উৰ্বিকা ৰেখা দেখা যায়।
উত্তৰঃ মানৱ কংকালৰ উৰ্বস্থি হাড়ত উৰ্বিকা ৰেখা দেখা যায়।
২১। মানৱ কংকালৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড়ডালৰ নামটো কি?
উত্তৰঃ মানৱ কংকালৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড়ডালৰ নামটো হ'ল উৰ্বস্থি।
২২। প্লেটিৰাইন বান্দৰৰ বাসস্থান ক'ত?
উত্তৰঃ প্লেটিৰাইন বান্দৰৰ বাসস্থান হ'ল আমেৰিকাত।
২৩। প্লেটিৰাইনৰ দাঁতৰ সূত্ৰ লিখা।
উত্তৰঃ প্লেটিৰাইনৰ দাঁতৰ সূত্ৰটো হ'ল-
২৪। কেটাৰাইনৰ দাঁতৰ সুত্ৰ লিখা।
উত্তৰঃ কেটাৰাইনৰ দাঁতৰ সুত্ৰটো হ'ল-
২৫। স্তন্য়পায়ী প্ৰাণীৰ লক্ষণসমূহ উল্লেখ কৰা।
উত্তৰঃ স্তন্য়পায়ী প্ৰাণীৰ লক্ষণসমূহ হ'ল-
(১) ইহঁতৰ শৰীৰ নোমেৰে আবৃত।
(২) ইহঁত উষ্ণীৰক্তীয় প্ৰাণী।
(৩) হাওঁফাঁওৰ দ্বাৰা উশাহ-নিশাহ লয়।
(৪) স্তনৰ গাখীৰ খাই পোৱালীয়ে পৰিপুষ্টি লাভ কৰে।
(৫) আলজিভা আছে।
(৬) বহিঃকৰ্ণ আছে।
(৭) আঙুলিৰ বক্ৰনখ, নখ বা খুৰা থাকে।
(৮) ক্ল'য়েকা নাই।
(৯) দুই ধৰণৰ দাঁত, যেনে- গাখীৰ দাঁত, স্থায়ী দাঁত আছে।
২৬। প্ৰাইমেটৰ মূখ্য় লক্ষণসমূহ উল্লেখ কৰা।
উত্তৰঃ প্ৰাইমেটৰ মূখ্য় লক্ষণসমূহ হ'ল-
(১) ইহঁতৰ মগজু তুলনামূলকভাৱে ডাঙৰ আৰু জটিল।
(২) চকুৰ কোটৰ হাড়ৰ দ্বাৰা আবৃত।
(৩) ত্ৰিবিম দৃষ্টি আছে।
(৪) পাকস্থলী সৰল।
(৫) দাঁত চাৰি ধৰণৰ- আগদাঁত, কুকুৰ দাঁত, প্ৰাক্-জামু দাঁত আৰু জামু দাঁত।
(৬) কন্ঠাস্থি সম্পূৰ্ণৰূপে পৰিবৰ্ধিত।
(৭) গৰ্ভধাৰণৰ সময় দীঘলীয়া।
(৮) এবাৰত সাধাৰণতে এটাকৈ পোৱালি জন্ম দিয়ে।
(৯) ঘ্ৰাণ শক্তি কম।
২৭। প্লেটিৰাইন আৰু কেটাৰাইনৰ মাজৰ পাৰ্থক্য় দেখুওৱা।
উত্তৰঃ প্লেটিৰাইন আৰু কেটাৰাইনৰ মাজৰ পাৰ্থক্য় হ'ল-
প্লেটিৰাইন |
কেটাৰাইন |
১) নাকৰ বিন্ধা দুটাৰ মাজত ব্যৱধান বেছি |
১) নাকৰ বিন্ধা দুটা ওচৰা-উচৰিকৈ থাকে আৰু বিন্ধা
দুটা এখন পাতল নাসিকা পটৰ দ্বাৰা পৃথক হৈ থাকে। |
২) নাকৰ বিন্ধা সন্মুখলৈ মুখ কৰা। |
২) নাকৰ বিন্ধা তলমুৱা। |
৩) কিছুমান আঙুলিৰ বক্ৰনখ আছে। |
৩) আটাইতকৈ আঙুলিতে চেপেটা নখ আছে। |
৪) গালত মোনা নাথাকে। |
৪) গালত মোনা থাকে। |
৫) নেজ পৰিগ্ৰাহী। |
৫) নেজ পৰিগ্ৰাহী নহয়। |
৬) বৃদ্ধাংগুলি দীঘল। |
৬) বৃদ্ধাংগুলি বৰ চুটি। |
২৮। হমিনিডিৰ মুখ্য় লক্ষণসমূহ উল্লেখ কৰা।
উত্তৰঃ হমিনিডিৰ মুখ্য় লক্ষণসমূহ হ'ল-
(১) শৰীৰত নোম কম থাকে।
(২) স্পৰ্শ নোম নাই।
(৩) জীৱন কাল বেছি।
(৪) শৰীৰৰ বৃদ্ধিৰ সময় বেছি।
(৫) দুচকুৰ মাজৰ ব্যৱধান তুলনামূলক ভাৱে বেছি।
(৬) হাতৰ তুলনাত ভৰি বেছি দীঘল।
(৭) চিলিয়াম ফলক নাই।
(৮) থুঁতুৰি আছে।
(৯) কুকুৰ দাঁত সৰু আৰু আন দাঁততকৈ বাহিৰ ওলোৱা নহয়।
(১০) ৰাজহাড়ত চাৰিটা ভাঁজ আছে।
উত্তৰঃ বিবৰ্তনবাদ সম্বন্ধে ডাৰউইনে লিখা কিতাপ দুখনৰ নাম হ'ল-
(১) জীৱৰ উৎপত্তি ( The Origin of Species )
(২) মানুহৰ অৱৰােহণ ( The Descent of Man )
৩০। অষ্ট্ৰেল'পিথেকাছ আফ্ৰিকেনাছৰ জীৱাশ্ম কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ অষ্ট্ৰেল'পিথেকাছ আফ্ৰিকেনাছৰ জীৱাশ্ম প্ৰফেচৰ ৰেমনড্ ডাৰ্টে ১৯২৪ চনত আৱিষ্কাৰ কৰিছিল।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Author:
Himashree Bora.
5 Comments