ষষ্ঠ অধ্য়ায়
সাংস্কৃতিক নৃত্তত্ব
অনুশীলনীঃ
১। চমু উত্তৰ দিয়াঃ
(ক) 'কালচাৰ' (Culture) শব্দটো কোনটো মূল শব্দৰ পৰা উদ্ভৱ হৈছে?
উত্তৰঃ লেটিন শব্দ ‘কলৰে’(Colere)ৰ পৰা উদ্ভৱ হৈছে।
(খ) ক্লাইড ক্লান আৰু আলফ্রেদ ক্রোবাৰে সংস্কৃতিৰ সংজ্ঞা সম্পৰ্কে আলোচনা আগবঢ়োৱা কিতাপখনৰ নাম লিখা।
উত্তৰঃ ‘‘কালচাৰঃ এ ক্ৰিটকেল ৰিভিও অফ কনচেপ্তছ এণ্ড ডেফিনেচন’।
(গ) টাইলৰে কোনখন গ্ৰন্থত সংস্কৃতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ টাইলৰে ‘প্ৰিমিটিভ কালচাৰ’ নামৰ গ্ৰন্থত সংস্কৃতিৰ সংজ্ঞা আগবঢ়াইছিল ।
(ঘ) সাংস্কৃতিক ঐতিহ্যক কোন দুটা ভাগত ভাগ কৰিছিল?
উত্তৰঃ সাংস্কৃতিক ঐতিহ্যকৰ দুটা ভাগত ভাগ হ'ল -
১। স্পৰ্শসম্ভৱ ।
২। আৰু অনুভৱসম্ভৱ সাংস্কৃতিক।
(ঙ) সংস্কৃতিৰ পৰিৱৰ্তনৰ দুটা কাৰক লিখা।
উত্তৰঃসংস্কৃতিৰ পৰিৱৰ্তনৰ দুটা কাৰক হল -
১। নতুনৰ প্ৰচলন। আৰু
২। সাংস্কৃতিক প্ৰসাৰণ।
২। সংস্কৃতি মানে কি বুজা?
উত্তৰঃ নৃতাত্ত্বিক দৃষ্টিভংগীৰে সংস্কৃতিৰ অৰ্থ বহল। । এটা জনগোষ্ঠীৰ নিজস্ব জীৱনধাৰণাকে সংস্কৃতি বুলি কব পাৰি।
৩। সাংস্কৃতায়ন বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া দুখন ভিন্ন সংস্কৃতিৰ জনগোষ্ঠী ওচৰ সংস্পৰ্শত আহে তেতিয়া এটা জনগোষ্ঠীৰ মানুহৰ মাজত আনটো জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান বিচ্ছুৰিত বা প্ৰসাৰণ হয়। যেতিয়া সংস্কৃতিক উপাদান গ্ৰহণ কৰাৰ এই প্ৰক্ৰিয়া অধিক মাত্ৰাত আৰু অবধাৰিত বা অবিচ্ছিন্নভাৱে হৈ থাকে তেতিয়া তেনে পৰিস্থিতিক সাংস্কৃতায়ন বুলি কোৱা হয়।
৪। আত্মনৃগোষ্ঠীকেন্দ্ৰিক আৰু আত্মনৃগোষ্ঠীকেন্দ্রিকতা বুলিলে কি বুজা?
উত্তৰঃ মানুহে এক সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰে নিজ সংস্কৃতিৰ ধাৰণাক পোষক আৰু লালন-পালন কৰে। মানুহে নিজৰ সংস্কৃতিক মন মগজুত ধাৰণ কৰে আৰু নিজৰ সংস্কৃতিক লৈ গৰ্বিত অনুভৱ কৰে।স্বাভাৱিকভাৱেই নিজস্ব সংস্কৃতিক এক উচ্চখাপৰ বুলি মনোভাৱ গ্ৰহণ কৰে। পৃথিৱীত বিভিন্ন সমাজ আৰু সংস্কৃতি আছে। এখন সমাজৰ সংস্কৃতি গঢ় লৈ উঠে বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি। যি মানুহে আনৰ সংস্কৃতিক নিজৰ সংস্কৃতিৰ লগত তুলনা কৰে আৰু গভীৰতাত প্ৰৱেশ নকৰাকৈ নিজৰ সংস্কৃতিকে উচ্চমানৰ বুলি মনোভাৱ ৰাখে, তেনেহলে এনে ব্যক্তিক আত্মনৃগোষ্ঠীকেন্দ্ৰিক আৰু এনে মনোভাৱক আত্মনৃগোষ্ঠীকেন্দ্ৰিকতা বুলি কোৱা হয়।
৫। নতুনৰ প্ৰচলনৰ বিষয়ে চমুটোকা লিখা।
উত্তৰঃ নতুনৰ প্ৰচলনৰঃ কোনো ব্যক্তি বা ব্যক্তিসমূহে যদি কোনো নতুন চিন্তাৰ দ্বাৰা সমাজৰ কামত অহাকৈ কোনো কোনো বস্তু বা সেৱা প্ৰযোজ্য কৰিব পাৰা কৰি তোলে, তেতিয়া তাক নতুনৰ প্ৰচলন বা নৱ প্ৰচলন বুলি কোৱা হয়।
প্ৰচলন এনে এক প্ৰক্ৰিয়া যিয়ে কোনো পণ্য, সেৱা, চিন্তাধাৰা বা প্ৰক্ৰিয়াত সৰু অথবা ডাঙৰ, মৌলিক বা ক্ৰমবৰ্ধমান পৰিৱৰ্তন সাধন কৰি কোনো কাম- কাজত নতুনত্ব আনে, যাৰ ফলত সেই উৎপাদিত বস্তু বা সেৱাৰ মূল্য বৃদ্ধি পায় আৰু পণ্য বিক্ৰিয়কাৰী বা সেৱা প্ৰদানকাৰী সংগঠনটোৰ কৰ্মদক্ষতা, কামৰ অভিজ্ঞতা, সেৱাৰ মান, বিক্ৰীৰ পৰিমাণ জ্ঞানৰ পৰিসৰ ইত্যাদি উন্নতি হয়। সহজ কথাত ক’বলৈ হলে কোনো এটা বস্তু বা সেৱা বা পদ্ধতিক নতুন চিন্তাৰে উন্নতি সাধন কৰি প্ৰচলন কৰাকে নৱ প্ৰচলন বুলি ক’ব পাৰি। নৱ প্ৰচলনে ইতিমধ্যেই অস্তিত্ব থকা বস্তু এটাৰ উন্নতি সাধন কৰি তাৰ মূল্য বৃদ্ধি কৰে। আনহাতে, উদ্ভাৱন হ’ল সম্পূৰ্ণভাৱে নতুনকৈ এটা বস্তু সাজি উলিওৱা বা কোনো পদ্ধতি বা সেৱাৰ আৰম্ভণি কৰা।
৬। সংস্কৃতিক কি কি ভাগত ভগাব পাৰি উদাহৰণসহ লিখা।
উত্তৰঃ সংস্কৃতিৰ ধাৰণাক মূলত দুটা ভাগত বিভক্ত কৰিব পাৰি। তলত ইয়াৰ বৰ্ণনা সুন্দৰকৈ দিয়া হ’ল:
১। স্পৰ্শসম্ভৱ বা বস্তুগত সংস্কৃতি (Material Culture): সংস্কৃতিৰ যিবোৰ উপাদান আমি প্ৰত্যক্ষভাৱে চকুৰে দেখিব পাৰোঁ আৰু হাত দি চুই বা স্পৰ্শ কৰিব পাৰোঁ, সেইবোৰক বস্তুগত বা স্পৰ্শসম্ভৱ সংস্কৃতি বোলে। এইবোৰ আকৃতিগতভাৱে মূৰ্ত বা স্থায়িত্ব থকা সামগ্ৰী।
উদাহৰণ: কলম, পেঞ্চিল, গ্ৰন্থ, সাজ-পোছাক, খাদ্যবস্তু, চকী, মেজ, ঘৰ-দুৱাৰ আদি।
২। অনুভৱসম্ভৱ বা অবস্তুগত সংস্কৃতি (Non-material Culture): যিবোৰ সাংস্কৃতিক উপাদান চকুৰে দেখিব নোৱাৰি বা স্পৰ্শ কৰিব নোৱাৰি, কিন্তু মানুহৰ মনত গভীৰভাৱে অনুভৱ কৰিব পাৰি, তাকেই অবস্তুগত বা অনুভৱসম্ভৱ সংস্কৃতি বোলে। যদিও এইবোৰৰ কোনো ভৌতিক আকৃতি নাই, তথাপি ইয়াৰ জৰিয়তে জ্ঞান আহৰণ কৰিব পাৰি আৰু ইয়াক সামাজিকভাৱে অনুভৱ কৰিব পাৰি।
উদাহৰণ: মানুহৰ ধ্যান-ধাৰণা, চিন্তা-ভাৱনা, ৰীতি-নীতি, মূল্যবোধ, আদৰ্শ, বিশ্বাস আদি।
৭। সংস্কৃতিকৰণৰ বিষয়ে লিখা।
উত্তৰঃ জন্মৰ পাছৰে পৰা প্ৰত্যেক শিশুৱে এক নিৰ্দিষ্ট সামাজিক পৰিৱেশত প্ৰৱেশ কৰে, য'ত পৰিয়াল, আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াৰ মাজত এক স্বকীয় সাংস্কৃতিক পৰিৱেশ বিৰাজ কৰে। এই পৰিৱেশৰ নিজস্ব নীতি-নিয়ম, মূল্যবোধ আৰু আচাৰ-ব্যৱহাৰ থাকে। শিশুৱে জন্মৰ পৰাই এই সংস্কৃতিৰ ধাৰাত লালিত-পালিত হয় আৰু এই সামাজিক-সাংস্কৃতিক ৰীতি-নীতিৰ ভিত্তিত শিক্ষা লাভ কৰে। এই বিশেষ শিক্ষণ প্ৰক্ৰিয়াটোক 'সংস্কুতিকৰণ' (Enculturation) বুলি কোৱা হয়।
সমাজৰ পৰৱৰ্তী প্ৰজন্মক নিজৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়া আৰু লালন-পালন কৰাৰ এই প্ৰক্ৰিয়াটো অতি স্বাভাৱিক আৰু অবিৰতভাৱে চলি থাকে। এই প্ৰক্ৰিয়াত পিতৃ-মাতৃ আৰু সমাজৰ বয়োজ্যেষ্ঠসকলে শিশুসকলক সামাজিক শিক্ষা প্ৰদান কৰে। বেছিভাগ ক্ষেত্ৰতে মানুহে নিজৰ অজ্ঞাতেই এই সংস্কৃতিকৰণ পদ্ধতিৰ মাজেৰে শিক্ষা গ্ৰহণ কৰে। এই শিক্ষাধাৰাৰ উপাদানসমূহ অজানিতেই শিশুৰ মনত প্ৰৱেশ কৰে আৰু কালক্ৰমত তাৰ উৎকৰ্ষ সাধন হয়।
৮। সাংস্কৃতিক আপেক্ষিকতাবাদৰ ধাৰণা বিশ্লেষণ কৰা।
উত্তৰঃ সাংস্কৃতিক আপেক্ষিকতাবাদৰ ধাৰণাসমূহ― নৃতাত্ত্বিক ফ্ৰেঞ্জ বোৱাজে (Franz Bose) সাংস্কৃতিক আপেক্ষিকতাবাদ যাক ইংৰাজীত কোৱা হয় ‘কালচাৰেল ৰীলেটিভিজিম’(Cultural Relativism)ৰ ধাৰণা পোনপ্ৰথমে আগবঢ়াইছিল। এই ধাৰণা নৃতাত্ত্বিক দৃষ্টিভংগীৰে বিভিন্ন সমাজ অধ্যয়নৰ বাবে মূল সঞ্চালনা শক্তিস্বৰূপ। কিয়নো এই ধাৰণাই নিৰপেক্ষভাৱে আনৰ সংস্কৃতিক অধ্যয়ন কৰাত আৰু নিজৰ সংস্কৃতিক ভালদৰে বুজি উঠাত সহায় কৰে। এই ধাৰণাই আমাক সংস্কৃতিৰ অধ্যয়ন মাথো ৰোমান্টিকভাৱে নকৰি যুক্তিপূৰ্ণভাৱে কৰিবলৈ শিকায়। ইয়াৰ অৰ্থ এইটো নহয় যে আমি সংস্কৃতিসমূহৰ তুলনামূলক অধ্যয়ন নকৰিম। আমি আনৰ সংস্কৃতি অধ্যয়ন কৰোতে ৰোমান্টিকভাৱে নকৰি বাস্তৱমুখী হোৱা উচিত। কিয়নো এইটো মনত ৰখা উচিত যে ৰীতি-নীতিসমূহ সম্ভৱতঃ তেওঁলোকৰ পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হৈ গঢ় লৈ উঠিছে বা উঠিছিল। সেয়েহে সংস্কৃতিৰ আপেক্ষিকতাবাদে সংস্কৃতিৰ অধ্যয়ন আৰু বিশ্লেষণৰ ক্ষেত্ৰত যাতে অযুক্তিকৰভাৱে আত্মনৃগোষ্ঠীকেন্দ্ৰিক হৈ অবাস্তৱমুখী নহয় তাৰেই শিক্ষা দিয়ে। এই অধ্যয়নৰ ব্যাখ্যা আৰু পৰ্যালোচনা সঠিক, বাস্তৱমুখী, নিৰপেক্ষ যুক্তিসংগত আৰু আন সংস্কৃতিৰ পৰা প্ৰভাৱমুক্ত হোৱা উচিত।
৯। সাংস্কৃতিক প্ৰসাৰণৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ সাংস্কৃতিক প্ৰসাৰণ (Cultural Diffusion) হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা এটা সমাজ বা জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানসমূহ আন এখন সমাজলৈ গতি কৰে। সহজ অৰ্থত, একাধিক সংস্কৃতিৰ মাজত সাংস্কৃতিক উপাদানৰ পাৰস্পৰিক আদান-প্ৰদান হোৱাকে সাংস্কৃতিক প্ৰসাৰণ বা পৰিব্যপ্তি বুলি কোৱা হয়। ইয়াৰ ফলস্বৰূপে সাংস্কৃতিক উপাদানসমূহ বিভিন্ন জনগোষ্ঠীৰ মাজত বিয়পি পৰে আৰু সমাজৰ সংস্কৃতিত পৰিৱৰ্তন আহে।
ভাৰতবৰ্ষৰ ইতিহাসত ইয়াৰ বহু উদাহৰণ দেখা যায়, যেনে— ভাৰতৰ পৰা বৌদ্ধ ধৰ্ম চীন, জাপান আৰু ম্যানমাৰলৈ বিয়পি পৰিছিল, লগতে ভাৰতীয় দশমিক প্ৰথা আৰব আৰু ইউৰোপৰ বিভিন্ন অঞ্চললৈ প্ৰসাৰিত হৈছিল।
সাংস্কৃতিক প্ৰসাৰণ প্ৰধানকৈ তিনি ধৰণে সংঘটিত হয়: প্ৰত্যক্ষ প্ৰসাৰণ: যেতিয়া দুটা সংস্কৃতিৰ মাজত প্ৰত্যক্ষ সংস্পৰ্শ ঘটে আৰু ইয়াৰ জৰিয়তে সাংস্কৃতিক উপাদানৰ পোনপটীয়া বিনিময় হয়।
পৰোক্ষ প্ৰসাৰণ: যেতিয়া এটা সংস্কৃতিৰ পৰা আন এক সংস্কৃতিলৈ সাংস্কৃতিক উপাদানসমূহ কোনো মাধ্যমৰ জৰিয়তে বা পৰোক্ষভাৱে গতি কৰে।
উদ্দীপকমূলক প্ৰসাৰণ: যেতিয়া এখন সংস্কৃতিৰ কোনো উপাদানৰ প্ৰতি আন এখন সংস্কৃতি আকৃষ্ট হয় আৰু সেই উপাদানৰ অনুকৰণত বা অনুপ্ৰেৰণাত নিজৰ সংস্কৃতিত একেধৰণৰ উপাদান সংযোজন কৰে।
১০। সাংস্কৃতায়নৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ যেতিয়া দুখন ভিন্ন সংস্কৃতিৰ জনগোষ্ঠী ওচৰ সংস্পৰ্শত আহে তেতিয়া এটা জনগোষ্ঠীৰ মানুহৰ মাজত আনটো জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান বিচ্ছুৰিত বা প্ৰসাৰণ হয়। যেতিয়া সংস্কৃতিক উপাদান গ্ৰহণ কৰাৰ এই প্ৰক্ৰিয়া অধিক মাত্ৰাত আৰু অবধাৰিত বা অবিচ্ছিন্নভাৱে হৈ থাকে তেতিয়া তেনে পৰিস্থিতিক সাংস্কৃতায়ন বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত সংস্কৃতিৰ পৰিৱৰ্তন ঘটে।
১৯৩৬ চনত ৰেড্’ফিল্ড, লিন্টন আৰু হাৰস্ক’ভিট আদি নৃতত্ত্ববিদে ইংৰাজীত Acculturation ৰ সাংস্কৃতায়ন ধাৰণাটো আগবঢ়াইছিল। তেওঁলোকৰ মতে যেতিয়া দুটা জনগোষ্ঠী পোনপটীয়া সম্পৰ্কলৈ আহে, তেতিয়া তাৰে যিকোনো এখন বা দুয়োখন সমাজতে সাংস্কৃতিক পৰিৱৰ্তন হয়।
সাংস্কৃতায়নৰ দ্বাৰা যিহেতু এখন সমাজৰ প্ৰভাৱত আন এখন সমাজৰ পৰিৱৰ্তন হয় সেয়েহে দুয়োখন সমাজৰ মাজত মিলৰ পৰিমাণো বৃদ্ধি পায়। স্বইচ্ছাই হোৱা সাংস্কৃতায়নত শক্তিশালী জনগোষ্ঠীৰ পৰা দুৰ্বল জনগোষ্ঠীয়ে পৰিস্থিতিৰ লগত খাপ খাবলৈ বা পৰিস্থিতি বা আন সংস্কৃতিৰ উপাদানৰ সুবিধাসমূহ গ্ৰহণ কৰিবৰ বাবে সাংস্কৃতিক উপাদান সমুহ গ্ৰহণ কৰে। এনে সাংস্কৃতায়নৰ অন্তৰালত আধুনিকতা গ্ৰহণৰ উদ্দেশ্য, পদমৰ্যাদা বৃদ্ধিৰ উদ্দেশ্য ইত্যাদি কাৰণ থাকে। উদাহৰণস্বৰূপে দেখা যায় যে অনুন্নত আৰু উন্নয়নকাৰী সমাজে উন্নত সমাজৰ পৰা বহু সাংস্কৃতিক উপাদান গ্ৰহণ কৰা পৰিলক্ষিত হয়।
বাহ্যিক চাপৰ ফলত হোৱা সাংস্কৃতিক প্ৰসাৰণৰ দ্বাৰা বিশেষকৈ সাংস্কৃতায়নৰ সূচনা হয়।
অতিৰিক্ত প্ৰশ্নঃ
১। সংস্কৃতিৰ সংজ্ঞা দিয়া।
উত্তৰঃ ৰবাৰ্ট ৰেড্ ফিল্ডৰ মতে, সংস্কৃতিৰ সংজ্ঞা হ'ল 'সংস্কৃতি হ'ল কলা আৰু প্ৰকাশিত হােৱা এটা সংগঠিত ৰীতিগত সংকল্পনা। যিটো ঐতিহাসিক মাজেৰে নিৰৱিছিন্নভাৱে প্ৰবাহিত হৈ মানৱ গােষ্ঠীৰ বৈশিষ্ট্য অৱতাৰণা কৰে।'
২। সংস্কৃতিৰ নৃতাত্ত্বিক ধাৰণা কি?
উত্তৰঃ
৩।ই.বি. টাইলৰ সংস্কৃতিৰ সংজ্ঞাটো দিয়া।
উত্তৰঃ ই.বি. টাইলৰ মতে সংস্কৃতিৰ সংজ্ঞাটো হ'ল ' সংস্কৃতি অথবা সভ্যতা হৈছে জ্ঞান, বিশ্বাস, কলা, নৈতিকতা বোধ, নিয়ম-কানুন, ৰীতি-নীতি আৰু সমাজ এখনৰ অংগ হিচাপে এজন ব্যক্তিয়ে আহৰণ কৰা সকলো অভ্যাস আৰু কাৰ্য্য়ক্ষমতাৰ সংমিশ্ৰত সমাহাৰ '।
৪। ই. বি. টাইলৰৰ সংজ্ঞা অনুসৰি সংস্কৃতিৰ মূল বৈশিষ্ট্য় তিনিটা উল্লেখ কৰা।
উত্তৰঃ ইংৰাজ পণ্ডিত এডৰ্ৱাড টাইলৰে ১৮৭১ চনত সংস্কৃতিৰ বিষয়ে প্ৰথম নৃতাত্ত্বিক সংজ্ঞা দাঙি ধৰিছিল। ই.বি. টাইলৰ মতে ' সংস্কৃতি অথবা সভ্যতা হৈছে জ্ঞান, বিশ্বাস, কলা, নৈতিকতা বোধ, নিয়ম-কানুন, ৰীতি-নীতি আৰু সমাজ এখনৰ অংগ হিচাপে এজন ব্যক্তিয়ে আহৰণ কৰা সকলো অভ্যাস আৰু কাৰ্য্য়ক্ষমতাৰ সংমিশ্ৰত সমাহাৰ'।
৫। সংস্কৃতি আৰু পৰিৱেশৰ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ সংস্কৃতি আৰু পৰিৱেশৰ মাজত ওতঃপোত সম্পৰ্ক আছে। প্ৰত্যেক সম্প্ৰদায়ৰ সংস্কৃতি সদায় পৰিৱেশৰ লগত খাপ-খুৱাই গঢ় লৈ। পৰিৱেশ বুলিলে মূলত প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশকে বোলা হয়।
প্ৰাকৃতিক পৰিৱেশ বুলিলে কোনো অঞ্চলৰ বিভিন্ন বৈশিষ্ট্য যেনে- জলবায়ু, জান-জুৰি, নদ-নদী, বিল-সাগৰ, ভৈয়াম, পাহাৰ-পৰ্বত, গছ-গছনি বিভিন্ন প্ৰাকৃতিক সম্ভাৰ খনিজ দ্ৰব্য মৰুভূমিৰ মাটিত প্ৰকাৰ উৰ্বৰতা ইত্যাদিক বুজায়। জীয়াই থাকিবলৈ আন প্ৰাণীৰ দৰে মানুহেও প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ-খুৱাই ল'ব লাগে। পৰিৱেশৰ খাপ-খুৱাই চলিবলৈ প্ৰত্যেক সম্পদায়ে কিছুমান নিজস্ব কাৰিকৰী পদ্ধতি উদ্ভাৱন কৰে। এই কাৰিকৰী বিদ্যা উন্নতি কল্পে মানুহৰ সংস্কৃতিৰো উন্নতি হয়। সামাজিক পৰিৱেশ হ'ল সমাজৰ বিভিন্ন সংগঠন হ'ল যেনে- পৰিয়াল, বংশগোষ্ঠী, গোত্ৰ, বিভিন্ন সংঘ ইত্যাদি। সমাজ হ'ল ব্যক্তিৰ সকলৰ সমস্তি সম্পৰ্কে সমাজত পাৰ্য্যমানে ব্যক্তিগত স্বাৰ্থ হানি নোহোৱাকৈ সামাজিক ৰক্ষাৰ বাবে চেষ্টা কৰা হয়।
৬। বস্তুগত আৰু অ-বস্তুগত সংস্কৃতিৰ মাজৰ পাৰ্থক্য় দেখুওৱা।
উত্তৰঃ
|
বস্তুগত সংস্কৃতি |
অ-বস্তুগত সংস্কৃতি |
|
(১)যিবোৰ উপাদানৰ নিজস্ব আকাৰ-আকৃতি আছে আৰু চকুৰে দেখা
পোৱা যায় সেই উপাদানবোৰকে বস্তুগত সংস্কৃতিক উপাদান বোলা হয়। |
(১) যিবোৰ উপাদানৰ নিজৰ আকৃতি নাই, চকুৰে দেখা নাযায়, কিন্তু বুজা যায়
অৰ্থাৎ অনুধাৱন কৰিব পাৰি তেনেবোৰ উপাদানক অ-বস্তুগত সংস্কৃতি বোলা হয়। |
|
(২) বস্তগত সংস্কৃতিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ
প্ৰত্যক্ষ আৰু সুস্পষ্ট। |
(২) অবস্তুগত সংস্কৃতিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ
সুস্পষ্ট নহয় বৰং পৰোক্ষহে। |
৭। বস্তুগত সংস্কৃতি কি?
উত্তৰঃ যিবােৰ বস্তু পৰি দৃশ্যমান আৰু হাতেৰে স্পৰ্শ কৰিব পাৰি, সেইবোৰক বস্তু সংস্কৃতি বােলে। মানুহৰ মৌলিক প্ৰয়ােজন মূলতঃ তিনিটা যেনে- আহাৰ, বস্ত্ৰ আৰু বাসস্থান। ইয়াৰ বাহিৰেও মানুহে সুখ-স্বাচ্ছন্দ্যে জীৱন ধাৰণ কৰিবলৈ মানুহৰ প্ৰয়ােজন হয় বিভিন্ন প্ৰকাৰৰ সা-সঁজুলি, বাচন-বৰ্তন, আচবাব, আ-অলঙ্কাৰ আদি। এইবােৰকে বস্তু সংস্কৃতি বুলি কােৱা হয় বা বস্তু সংস্কৃতি বুলি আখ্যা দিয়া হয়। অসমীয়া কৃষক সমাজত বস্তু সংস্কৃতি বুলিলে আমি সাধাৰণতে নাঙল-যুঁৱলি, কােৰ-খন্তি, কাচি-কটাৰী, দলিমাৰি, ওখােন, ৰয়না, ঢেঁকী-খুবনি, পাচি-খৰাহি, কুলা-চালনি আদিক বুজোঁ। বস্তুগত সংস্কৃতি অবিগনে কােনো সম্প্ৰদায়ৰ সংস্কৃতি পূৰ্ণ হ'ব নোৱাৰে।
৮। পাৰিপাৰ্শ্বিক অৱস্থা কি? সংস্কৃতিৰ ওপৰত ইযাৰ প্ৰভাৱ সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ পাৰিপাৰ্শ্বিক অৱস্থা বুলিলে সকলাে ধৰণৰ বহিঃঅৱস্থাৰ সমষ্টিক বুজায়। বহিঃঅৱস্থা মূলতঃ দুই প্ৰকাৰৰ হ'ব পাৰে- প্ৰাকৃতিক আৰু সামাজিক। প্ৰাকৃতিৰ বহিঃঅৱস্থা বুলিলে কোনো এক অঞ্চল প্ৰাকৃতিক পৰিবেশৰ কথা বুজায় যাক আমি ভৌগোলিক পৰিৱেশ বুলিও ক'ব পাৰো। আকৌ সামাজিক বহিঃঅৱস্থা বোলোতে সামাজিক পৰিৱেশ যেনে- সমাজত বিভিন্ন সংগঠন, ৰীতি-নীতি, সামাজিক চিন্তাধাৰা আদিৰ বিষয়ে বুজায়।
কোনো এক সম্প্ৰদায়ৰ সংস্কৃতি সদায় পাৰিপাশ্বিক অৱস্থাৰ লগত খাহ খাই থাকে গঢ় লয় ৷ জীয়াই থাকিবলৈ আন প্ৰাণীৰ দৰে মানুহেও প্রাকৃতিক পৰিবেশৰ লগত খাপ খাই চলিব লাগে । পৰিবেশৰ লগত খাপ খাই চলিবলৈ প্ৰত্যেক সম্প্রদায়ে কিছুমান নিজৰ কাৰিকৰী পদ্ধতিৰ উদ্ভাৱন কৰে যাৰ সহায়ত তেওঁলোকে প্রয়োজনীয় সামগ্ৰীসমূহ তৈয়াৰ কৰি লয় ৷ ইয়াকে বস্তু সংস্কৃতি বুলি কোৱা হয় । কোনো সম্প্ৰদায়ৰ বস্তু সংস্কৃতি নিৰ্ভৰ কৰে প্ৰাকৃতিক পৰিবেশৰ সম্ভাৰৰ ওপৰত । মগজুৰ বিকাশৰ কাৰণে মানুহে প্রাকৃতিক পৰিবেশৰ পৰা নানা ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি সিবিলাকৰ সহায়ত জীৱন ধাৰণ কৰিবলৈ সক্ষম হৈছে । মানুহে নিজৰ বুদ্ধি আৰু উন্নত কাৰিকৰী বিদ্যাৰ সহায়ত প্রতিকূল পৰিবেশতো আনায়াসে জীৱন ধাৰণ কৰিব পৰিছে । মুঠতে প্রাকৃতিক পৰিবেশে মানুহৰ সংস্কৃতিৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে ।
কোনো এক মানৱ সম্প্ৰদায়ৰ সামাজিক প্ৰয়োজনসমূহ পূৰণৰ বাবে কৰা চিন্তা - চৰ্চা , কৰ্ম - পদ্ধতি , আচৰণ বিধি আৰু বৌদ্ধিক প্রস্তুতি আদি নিৰ্ভৰ কৰে সামাজিক পৰিবেশৰ ওপৰত ৷ মানুহে সমাজত বাস কৰে । সমাজ হ’ল আন্তক্রিয়াশীল সংগঠিত ব্যক্তিৰ সমষ্টি য’ত নানা সামাজিক সম্বন্ধ গঁথা থাকে । সমাজত সু - শৃংখলাবদ্ধ কৰি ৰাখিবৰ বাবে প্ৰয়োজন হোৱা নিময় - কানুন , ৰীতি - নীতি , আদর্শ আধ্যাত্মিক ভাৱনা , ধৰ্ম , লৌকিক বিশ্বাস ইত্যদিবোৰো পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত খাপ খুৱাই গঢ় লয় । গতিকে আমি ক’ব পাৰো যে প্রত্যেক সম্প্ৰদায়ৰ সংস্কৃতি পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত খাপ খাই গঢ় লয় ৷
৯। সংস্কৃতিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ সম্বন্ধে কি জানা লিখা।
উত্তৰঃ প্ৰাকৃতিক পৰিৱেশৰ সকলো জীৱৰ নিচিনা মানুহৰো জন্ম হয়। আন আন জীৱৰ দৰে মানুহৰো জীৱন ধাৰণ আৰু বিকাশত প্ৰাকৃতিক পৰিৱেশত নানা ধৰণে প্ৰভাৱ বিস্তাৰ কৰে। সকলো জীৱই প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ-খুৱাই চলিব লাগে। অন্যথা সেই জীৱৰো লোপ পোৱা সম্ভাৱনা অধিক।
জীৱ-জগতত মানুহে কেৱল সংস্কৃতি সৰ্ম্পন্ন জীৱ। অন্য প্ৰাণীবোৰৰ সংস্কতি নাই কাৰণে সেই বোৰে সহজাত জৈৱিক ক্ষমতা বলতে তৃষ্টি থাকিব পাৰে। মগজু বিকাশৰ কাৰণে মানুহে প্ৰাকৃতিক পৰিৱেশৰ পৰা নানা ধৰণৰ সজুঁলি তৈয়াৰ কৰি সেইবিলাকৰ সহায়ত জীৱন-ধাৰণ কৰিবলৈ সক্ষম হৈছে।
পৃথিৱীৰ প্ৰায় সকলো ধৰণৰ পৰিৱেশতে মানুহে বায় কৰে। মানুহে সংস্কৃতি বলত অৰ্থাৎ নিজৰ বুদ্ধি আৰু প্ৰয়ুক্তি বিদ্যাৰ সহায়ত প্ৰাকৃতিক পৰিৱেশৰ কিছু সাল-সলনি কৰি নানা বাধা বিপতিবোৰ আতঁৰাই নিজৰ সুবিধাজনক পৰিৱেশ এটা গঢ় দি ল'ব পাৰে। উদাহৰণস্বৰূপে পাহাৰত থকা মানুহে এঢলীয়া মাটিৰ হাল বাব নোৱাৰে। সেয়েহে তাত কোৰেৰে খাপ-খাপকৈ মাটি কাটি খেতি কৰি অথবা গছ কাটি ঝুম খেতি কৰে। য'ত নদ-নদী নাই তাত পুখুৰি বা নদ খান্দি খোৱা পানী ব্যৱস্থা কৰিব পাৰে। পাহাৰৰ দূৰত অৱস্থিত কাৰখানাৰ পৰা বাহঁৰ নলেৰে পানী যোগান ধৰিব পাৰে। ৰ'দ, বৰষুণ আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ প্ৰাকৃতিক পৰিৱেশত থকা নানা সামগ্ৰীৰে যেনে- খেৰ, বাঁহ, বেত, গছ-গছনি আদিৰে ঠকা সাজিব পাৰে। প্ৰাক্ঐতিহাসিক যুগতো মানুহে নানা ধৰণৰ প্ৰাকৃতিক সামগ্ৰীৰে নানা ধৰণৰ সজুঁলি তৈয়াৰ কৰি জীৱন-যাপন কৰা প্ৰমাণ প্ৰত্নতত্ত্ববিদ সকলে দাঙি ধৰিছে। উত্তৰ মেৰু ওচৰত এস্কিমসকলে কলে বায় কৰে। তাত গছ-গছনি পাবলৈ নাই। সেই কাৰণে বৰফৰ টুকুৰাৰে ঘৰ সাজি তাত থাকিবলৈ লয়। গ্ৰীষ্মকালৰ ছয় মাহত মাছ আৰু জন্তু চিকাৰ কৰি যাৰ কালি ছয় মাহৰ কাৰণেও খোৱা যোগান ধৰি লয়। তেওঁলোকে চিকাৰ কৰাৰ কাৰণে হাড়ৰ পৰা সা-সজুঁলি তৈয়াৰ কৰি লয়। কেতি-বাতি সুবিধা নোহোৱাৰ বাবে অষ্ট্ৰেলিয়াৰ কোনো কোনো আদিবাসীয়ে হাবিৰ পৰা আহাৰ সংগ্ৰহ কৰিয়ে জীৱন নিৰ্বাহ কৰে। এই দৰে দেখা যায় যে প্ৰাকৃতিক পৰিৱেশে মানুহে সংস্কৃতিৰ ওপতৰ যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।
১০। ইগ্লু কি?
উত্তৰঃ এস্কিমসকলে বৰফেৰে অৰ্ধগোলাকাৰ ঘৰ সাজি বসবাস কৰে। বৰফেৰে নিৰ্মিত এনে ঘৰক ইগ্লু বোলা হয়।
১১। চমুটোকা লিখা।
(a) বস্তু সংস্কৃতি।
উত্তৰঃ যিবোৰ বস্তু পৰি দৃশ্যমান আৰু হাতেৰে স্পৰ্শ কৰিব পাৰি , সেইবোৰকে ভৌতিক বা বস্তু সংস্কৃতি বোলে। মানুহৰ মৌলিক প্ৰয়োজন মূলক ঃ তিনিটা, যেনে- আহাৰ, বস্ত্ৰ আৰু বাসস্থান। ইয়াৰ বাহিৰেও মানুহে সুখ-স্বাচ্ছন্দ্যে জীৱন ধাৰণকৰিবলৈ মানুহৰ প্ৰয়োজন হয় বিভিন্ন প্ৰকাৰৰ সা-সঁজুলি, বাচন-বৰ্তন, আচবাব, আ-অলঙ্কাৰ আদি। এইবোৰকেই বস্তু সংস্কৃতি বা ভৌতিক সংস্কৃতি আখ্যা দিয়া হয়। অসমীয়া কৃষক সমাজত বস্তু সংস্কৃতি বুলিলে আমি সাধাৰণতে নাঙল-যুঁৱলি, কোৰ-খন্তি, কাচি-কটাৰী, দলিমাৰি, ওখোন, ৰয়না, ঢেঁকী-খুৱলি, পাচি-খৰাহি, কুলা-চালনি আদিক বুজোঁ।
(b) সমাজ সংস্কৃতি।
উত্তৰঃ যিবোৰ বস্তু অনুভৱ কৰিব পাৰি অথচ স্পৰ্শ কৰিব নোৱাৰি সেইবোৰকে অভৌতিক অথবা সমাজ সংস্কৃতি বোলে। অভৌতিক বা সমাজ সংস্কৃতিয়ে সমাজত ৰীতি-নীতি, আদৰ্শ, নিয়ম-কানুন, ধৰ্ম- বিশ্বাস ইত্যাদি বহুতো উপাদান সামৰি লয়। এই উপাদান বোৰৰ উপৰিও প্ৰত্যেক সমাজতে কেতবোৰ সংকট আৰু বৃত্তীয় সংস্কাৰ থাকে। এনে সংস্কাৰ সমূহেৰে সমাজ সংস্কৃতিৰ আৱৰ্ত পূৰ্ণ হৈ থাকে।
Author: Himashree Bora.