ষষ্ঠ অধ্য়ায়
সাংস্কৃতিক নৃত্তত্ব
👉MCQ Online Exam
👉Short Question Answer
👉MCQs Answer
👉Download Books PDF
👉Paid Answer (Buy Now)
অনুশীলনীঃ
১। চমু উত্তৰ দিয়াঃ
(ক) 'কালচাৰ' (Culture) শব্দটো কোনটো মূল শব্দৰ পৰা উদ্ভৱ হৈছে?
উত্তৰঃ লেটিন শব্দ ‘কলৰে’(Colere)ৰ পৰা উদ্ভৱ হৈছে।
(খ) ক্লাইড ক্লান আৰু আলফ্রেদ ক্রোবাৰে সংস্কৃতিৰ সংজ্ঞা সম্পৰ্কে আলোচনা আগবঢ়োৱা কিতাপখনৰ নাম লিখা।
উত্তৰঃ ‘‘কালচাৰঃ এ ক্ৰিটকেল ৰিভিও অফ কনচেপ্তছ এণ্ড ডেফিনেচন’।
(গ) টাইলৰে কোনখন গ্ৰন্থত সংস্কৃতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ টাইলৰে ‘প্ৰিমিটিভ কালচাৰ’ নামৰ গ্ৰন্থত সংস্কৃতিৰ সংজ্ঞা আগবঢ়াইছিল ।
(ঘ) সাংস্কৃতিক ঐতিহ্যক কোন দুটা ভাগত ভাগ কৰিছিল?
উত্তৰঃ সাংস্কৃতিক ঐতিহ্যকৰ দুটা ভাগত ভাগ হ'ল -
১। স্পৰ্শসম্ভৱ ।
২। আৰু অনুভৱসম্ভৱ সাংস্কৃতিক।
(ঙ) সংস্কৃতিৰ পৰিৱৰ্তনৰ দুটা কাৰক লিখা।
উত্তৰঃসংস্কৃতিৰ পৰিৱৰ্তনৰ দুটা কাৰক হল -
১। নতুনৰ প্ৰচলন। আৰু
২। সাংস্কৃতিক প্ৰসাৰণ।
২। সংস্কৃতি মানে কি বুজা?
উত্তৰঃ নৃতাত্ত্বিক দৃষ্টিভংগীৰে সংস্কৃতিৰ অৰ্থ বহল। । এটা জনগোষ্ঠীৰ নিজস্ব জীৱনধাৰণাকে সংস্কৃতি বুলি কব পাৰি।
৩। সাংস্কৃতায়ন বুলিলে কি বুজা?
৪। আত্মনৃগোষ্ঠীকেন্দ্ৰিক আৰু আত্মনৃগোষ্ঠীকেন্দ্রিকতা বুলিলে কি বুজা?
৫। নতুনৰ প্ৰচলনৰ বিষয়ে চমুটোকা লিখা।
৬। সংস্কৃতিক কি কি ভাগত ভগাব পাৰি উদাহৰণসহ লিখা।
৭। সংস্কৃতিকৰণৰ বিষয়ে লিখা।
৮। সাংস্কৃতিক আপেক্ষিকতাবাদৰ ধাৰণা বিশ্লেষণ কৰা।
৯। সাংস্কৃতিক প্ৰসাৰণৰ বিষয়ে বহলাই লিখা।
১০। সাংস্কৃতায়নৰ বিষয়ে বহলাই লিখা।
অতিৰিক্ত প্ৰশ্নঃ
১। সংস্কৃতিৰ সংজ্ঞা দিয়া।
উত্তৰঃ ৰবাৰ্ট ৰেড্ ফিল্ডৰ মতে, সংস্কৃতিৰ সংজ্ঞা হ'ল 'সংস্কৃতি হ'ল কলা আৰু প্ৰকাশিত হােৱা এটা সংগঠিত ৰীতিগত সংকল্পনা। যিটো ঐতিহাসিক মাজেৰে নিৰৱিছিন্নভাৱে প্ৰবাহিত হৈ মানৱ গােষ্ঠীৰ বৈশিষ্ট্য অৱতাৰণা কৰে।'
২। সংস্কৃতিৰ নৃতাত্ত্বিক ধাৰণা কি?
উত্তৰঃ
৩।ই.বি. টাইলৰ সংস্কৃতিৰ সংজ্ঞাটো দিয়া।
উত্তৰঃ ই.বি. টাইলৰ মতে সংস্কৃতিৰ সংজ্ঞাটো হ'ল ' সংস্কৃতি অথবা সভ্যতা হৈছে জ্ঞান, বিশ্বাস, কলা, নৈতিকতা বোধ, নিয়ম-কানুন, ৰীতি-নীতি আৰু সমাজ এখনৰ অংগ হিচাপে এজন ব্যক্তিয়ে আহৰণ কৰা সকলো অভ্যাস আৰু কাৰ্য্য়ক্ষমতাৰ সংমিশ্ৰত সমাহাৰ '।
৪। ই. বি. টাইলৰৰ সংজ্ঞা অনুসৰি সংস্কৃতিৰ মূল বৈশিষ্ট্য় তিনিটা উল্লেখ কৰা।
উত্তৰঃ ইংৰাজ পণ্ডিত এডৰ্ৱাড টাইলৰে ১৮৭১ চনত সংস্কৃতিৰ বিষয়ে প্ৰথম নৃতাত্ত্বিক সংজ্ঞা দাঙি ধৰিছিল। ই.বি. টাইলৰ মতে ' সংস্কৃতি অথবা সভ্যতা হৈছে জ্ঞান, বিশ্বাস, কলা, নৈতিকতা বোধ, নিয়ম-কানুন, ৰীতি-নীতি আৰু সমাজ এখনৰ অংগ হিচাপে এজন ব্যক্তিয়ে আহৰণ কৰা সকলো অভ্যাস আৰু কাৰ্য্য়ক্ষমতাৰ সংমিশ্ৰত সমাহাৰ'।
৫। সংস্কৃতি আৰু পৰিৱেশৰ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ সংস্কৃতি আৰু পৰিৱেশৰ মাজত ওতঃপোত সম্পৰ্ক আছে। প্ৰত্যেক সম্প্ৰদায়ৰ সংস্কৃতি সদায় পৰিৱেশৰ লগত খাপ-খুৱাই গঢ় লৈ। পৰিৱেশ বুলিলে মূলত প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশকে বোলা হয়।
প্ৰাকৃতিক পৰিৱেশ বুলিলে কোনো অঞ্চলৰ বিভিন্ন বৈশিষ্ট্য যেনে- জলবায়ু, জান-জুৰি, নদ-নদী, বিল-সাগৰ, ভৈয়াম, পাহাৰ-পৰ্বত, গছ-গছনি বিভিন্ন প্ৰাকৃতিক সম্ভাৰ খনিজ দ্ৰব্য মৰুভূমিৰ মাটিত প্ৰকাৰ উৰ্বৰতা ইত্যাদিক বুজায়। জীয়াই থাকিবলৈ আন প্ৰাণীৰ দৰে মানুহেও প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ-খুৱাই ল'ব লাগে। পৰিৱেশৰ খাপ-খুৱাই চলিবলৈ প্ৰত্যেক সম্পদায়ে কিছুমান নিজস্ব কাৰিকৰী পদ্ধতি উদ্ভাৱন কৰে। এই কাৰিকৰী বিদ্যা উন্নতি কল্পে মানুহৰ সংস্কৃতিৰো উন্নতি হয়। সামাজিক পৰিৱেশ হ'ল সমাজৰ বিভিন্ন সংগঠন হ'ল যেনে- পৰিয়াল, বংশগোষ্ঠী, গোত্ৰ, বিভিন্ন সংঘ ইত্যাদি। সমাজ হ'ল ব্যক্তিৰ সকলৰ সমস্তি সম্পৰ্কে সমাজত পাৰ্য্যমানে ব্যক্তিগত স্বাৰ্থ হানি নোহোৱাকৈ সামাজিক ৰক্ষাৰ বাবে চেষ্টা কৰা হয়।
৬। বস্তুগত আৰু অ-বস্তুগত সংস্কৃতিৰ মাজৰ পাৰ্থক্য় দেখুওৱা।
উত্তৰঃ
বস্তুগত সংস্কৃতি |
অ-বস্তুগত সংস্কৃতি |
(১)যিবোৰ উপাদানৰ নিজস্ব আকাৰ-আকৃতি আছে আৰু চকুৰে দেখা
পোৱা যায় সেই উপাদানবোৰকে বস্তুগত সংস্কৃতিক উপাদান বোলা হয়। |
(১) যিবোৰ উপাদানৰ নিজৰ আকৃতি নাই, চকুৰে দেখা নাযায়, কিন্তু বুজা যায়
অৰ্থাৎ অনুধাৱন কৰিব পাৰি তেনেবোৰ উপাদানক অ-বস্তুগত সংস্কৃতি বোলা হয়। |
(২) বস্তগত সংস্কৃতিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ
প্ৰত্যক্ষ আৰু সুস্পষ্ট। |
(২) অবস্তুগত সংস্কৃতিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ
সুস্পষ্ট নহয় বৰং পৰোক্ষহে। |
৭। বস্তুগত সংস্কৃতি কি?
উত্তৰঃ যিবােৰ বস্তু পৰি দৃশ্যমান আৰু হাতেৰে স্পৰ্শ কৰিব পাৰি, সেইবোৰক বস্তু সংস্কৃতি বােলে। মানুহৰ মৌলিক প্ৰয়ােজন মূলতঃ তিনিটা যেনে- আহাৰ, বস্ত্ৰ আৰু বাসস্থান। ইয়াৰ বাহিৰেও মানুহে সুখ-স্বাচ্ছন্দ্যে জীৱন ধাৰণ কৰিবলৈ মানুহৰ প্ৰয়ােজন হয় বিভিন্ন প্ৰকাৰৰ সা-সঁজুলি, বাচন-বৰ্তন, আচবাব, আ-অলঙ্কাৰ আদি। এইবােৰকে বস্তু সংস্কৃতি বুলি কােৱা হয় বা বস্তু সংস্কৃতি বুলি আখ্যা দিয়া হয়। অসমীয়া কৃষক সমাজত বস্তু সংস্কৃতি বুলিলে আমি সাধাৰণতে নাঙল-যুঁৱলি, কােৰ-খন্তি, কাচি-কটাৰী, দলিমাৰি, ওখােন, ৰয়না, ঢেঁকী-খুবনি, পাচি-খৰাহি, কুলা-চালনি আদিক বুজোঁ। বস্তুগত সংস্কৃতি অবিগনে কােনো সম্প্ৰদায়ৰ সংস্কৃতি পূৰ্ণ হ'ব নোৱাৰে।
৮। পাৰিপাৰ্শ্বিক অৱস্থা কি? সংস্কৃতিৰ ওপৰত ইযাৰ প্ৰভাৱ সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ পাৰিপাৰ্শ্বিক অৱস্থা বুলিলে সকলাে ধৰণৰ বহিঃঅৱস্থাৰ সমষ্টিক বুজায়। বহিঃঅৱস্থা মূলতঃ দুই প্ৰকাৰৰ হ'ব পাৰে- প্ৰাকৃতিক আৰু সামাজিক। প্ৰাকৃতিৰ বহিঃঅৱস্থা বুলিলে কোনো এক অঞ্চল প্ৰাকৃতিক পৰিবেশৰ কথা বুজায় যাক আমি ভৌগোলিক পৰিৱেশ বুলিও ক'ব পাৰো। আকৌ সামাজিক বহিঃঅৱস্থা বোলোতে সামাজিক পৰিৱেশ যেনে- সমাজত বিভিন্ন সংগঠন, ৰীতি-নীতি, সামাজিক চিন্তাধাৰা আদিৰ বিষয়ে বুজায়।
কোনো এক সম্প্ৰদায়ৰ সংস্কৃতি সদায় পাৰিপাশ্বিক অৱস্থাৰ লগত খাহ খাই থাকে গঢ় লয় ৷ জীয়াই থাকিবলৈ আন প্ৰাণীৰ দৰে মানুহেও প্রাকৃতিক পৰিবেশৰ লগত খাপ খাই চলিব লাগে । পৰিবেশৰ লগত খাপ খাই চলিবলৈ প্ৰত্যেক সম্প্রদায়ে কিছুমান নিজৰ কাৰিকৰী পদ্ধতিৰ উদ্ভাৱন কৰে যাৰ সহায়ত তেওঁলোকে প্রয়োজনীয় সামগ্ৰীসমূহ তৈয়াৰ কৰি লয় ৷ ইয়াকে বস্তু সংস্কৃতি বুলি কোৱা হয় । কোনো সম্প্ৰদায়ৰ বস্তু সংস্কৃতি নিৰ্ভৰ কৰে প্ৰাকৃতিক পৰিবেশৰ সম্ভাৰৰ ওপৰত । মগজুৰ বিকাশৰ কাৰণে মানুহে প্রাকৃতিক পৰিবেশৰ পৰা নানা ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি সিবিলাকৰ সহায়ত জীৱন ধাৰণ কৰিবলৈ সক্ষম হৈছে । মানুহে নিজৰ বুদ্ধি আৰু উন্নত কাৰিকৰী বিদ্যাৰ সহায়ত প্রতিকূল পৰিবেশতো আনায়াসে জীৱন ধাৰণ কৰিব পৰিছে । মুঠতে প্রাকৃতিক পৰিবেশে মানুহৰ সংস্কৃতিৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে ।
কোনো এক মানৱ সম্প্ৰদায়ৰ সামাজিক প্ৰয়োজনসমূহ পূৰণৰ বাবে কৰা চিন্তা - চৰ্চা , কৰ্ম - পদ্ধতি , আচৰণ বিধি আৰু বৌদ্ধিক প্রস্তুতি আদি নিৰ্ভৰ কৰে সামাজিক পৰিবেশৰ ওপৰত ৷ মানুহে সমাজত বাস কৰে । সমাজ হ’ল আন্তক্রিয়াশীল সংগঠিত ব্যক্তিৰ সমষ্টি য’ত নানা সামাজিক সম্বন্ধ গঁথা থাকে । সমাজত সু - শৃংখলাবদ্ধ কৰি ৰাখিবৰ বাবে প্ৰয়োজন হোৱা নিময় - কানুন , ৰীতি - নীতি , আদর্শ আধ্যাত্মিক ভাৱনা , ধৰ্ম , লৌকিক বিশ্বাস ইত্যদিবোৰো পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত খাপ খুৱাই গঢ় লয় । গতিকে আমি ক’ব পাৰো যে প্রত্যেক সম্প্ৰদায়ৰ সংস্কৃতি পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত খাপ খাই গঢ় লয় ৷
৯। সংস্কৃতিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ সম্বন্ধে কি জানা লিখা।
উত্তৰঃ প্ৰাকৃতিক পৰিৱেশৰ সকলো জীৱৰ নিচিনা মানুহৰো জন্ম হয়। আন আন জীৱৰ দৰে মানুহৰো জীৱন ধাৰণ আৰু বিকাশত প্ৰাকৃতিক পৰিৱেশত নানা ধৰণে প্ৰভাৱ বিস্তাৰ কৰে। সকলো জীৱই প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ-খুৱাই চলিব লাগে। অন্যথা সেই জীৱৰো লোপ পোৱা সম্ভাৱনা অধিক।
জীৱ-জগতত মানুহে কেৱল সংস্কৃতি সৰ্ম্পন্ন জীৱ। অন্য প্ৰাণীবোৰৰ সংস্কতি নাই কাৰণে সেই বোৰে সহজাত জৈৱিক ক্ষমতা বলতে তৃষ্টি থাকিব পাৰে। মগজু বিকাশৰ কাৰণে মানুহে প্ৰাকৃতিক পৰিৱেশৰ পৰা নানা ধৰণৰ সজুঁলি তৈয়াৰ কৰি সেইবিলাকৰ সহায়ত জীৱন-ধাৰণ কৰিবলৈ সক্ষম হৈছে।
পৃথিৱীৰ প্ৰায় সকলো ধৰণৰ পৰিৱেশতে মানুহে বায় কৰে। মানুহে সংস্কৃতি বলত অৰ্থাৎ নিজৰ বুদ্ধি আৰু প্ৰয়ুক্তি বিদ্যাৰ সহায়ত প্ৰাকৃতিক পৰিৱেশৰ কিছু সাল-সলনি কৰি নানা বাধা বিপতিবোৰ আতঁৰাই নিজৰ সুবিধাজনক পৰিৱেশ এটা গঢ় দি ল'ব পাৰে। উদাহৰণস্বৰূপে পাহাৰত থকা মানুহে এঢলীয়া মাটিৰ হাল বাব নোৱাৰে। সেয়েহে তাত কোৰেৰে খাপ-খাপকৈ মাটি কাটি খেতি কৰি অথবা গছ কাটি ঝুম খেতি কৰে। য'ত নদ-নদী নাই তাত পুখুৰি বা নদ খান্দি খোৱা পানী ব্যৱস্থা কৰিব পাৰে। পাহাৰৰ দূৰত অৱস্থিত কাৰখানাৰ পৰা বাহঁৰ নলেৰে পানী যোগান ধৰিব পাৰে। ৰ'দ, বৰষুণ আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ প্ৰাকৃতিক পৰিৱেশত থকা নানা সামগ্ৰীৰে যেনে- খেৰ, বাঁহ, বেত, গছ-গছনি আদিৰে ঠকা সাজিব পাৰে। প্ৰাক্ঐতিহাসিক যুগতো মানুহে নানা ধৰণৰ প্ৰাকৃতিক সামগ্ৰীৰে নানা ধৰণৰ সজুঁলি তৈয়াৰ কৰি জীৱন-যাপন কৰা প্ৰমাণ প্ৰত্নতত্ত্ববিদ সকলে দাঙি ধৰিছে। উত্তৰ মেৰু ওচৰত এস্কিমসকলে কলে বায় কৰে। তাত গছ-গছনি পাবলৈ নাই। সেই কাৰণে বৰফৰ টুকুৰাৰে ঘৰ সাজি তাত থাকিবলৈ লয়। গ্ৰীষ্মকালৰ ছয় মাহত মাছ আৰু জন্তু চিকাৰ কৰি যাৰ কালি ছয় মাহৰ কাৰণেও খোৱা যোগান ধৰি লয়। তেওঁলোকে চিকাৰ কৰাৰ কাৰণে হাড়ৰ পৰা সা-সজুঁলি তৈয়াৰ কৰি লয়। কেতি-বাতি সুবিধা নোহোৱাৰ বাবে অষ্ট্ৰেলিয়াৰ কোনো কোনো আদিবাসীয়ে হাবিৰ পৰা আহাৰ সংগ্ৰহ কৰিয়ে জীৱন নিৰ্বাহ কৰে। এই দৰে দেখা যায় যে প্ৰাকৃতিক পৰিৱেশে মানুহে সংস্কৃতিৰ ওপতৰ যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।
১০। ইগ্লু কি?
উত্তৰঃ এস্কিমসকলে বৰফেৰে অৰ্ধগোলাকাৰ ঘৰ সাজি বসবাস কৰে। বৰফেৰে নিৰ্মিত এনে ঘৰক ইগ্লু বোলা হয়।
১১। চমুটোকা লিখা।
(a) বস্তু সংস্কৃতি।
উত্তৰঃ যিবোৰ বস্তু পৰি দৃশ্যমান আৰু হাতেৰে স্পৰ্শ কৰিব পাৰি , সেইবোৰকে ভৌতিক বা বস্তু সংস্কৃতি বোলে। মানুহৰ মৌলিক প্ৰয়োজন মূলক ঃ তিনিটা, যেনে- আহাৰ, বস্ত্ৰ আৰু বাসস্থান। ইয়াৰ বাহিৰেও মানুহে সুখ-স্বাচ্ছন্দ্যে জীৱন ধাৰণকৰিবলৈ মানুহৰ প্ৰয়োজন হয় বিভিন্ন প্ৰকাৰৰ সা-সঁজুলি, বাচন-বৰ্তন, আচবাব, আ-অলঙ্কাৰ আদি। এইবোৰকেই বস্তু সংস্কৃতি বা ভৌতিক সংস্কৃতি আখ্যা দিয়া হয়। অসমীয়া কৃষক সমাজত বস্তু সংস্কৃতি বুলিলে আমি সাধাৰণতে নাঙল-যুঁৱলি, কোৰ-খন্তি, কাচি-কটাৰী, দলিমাৰি, ওখোন, ৰয়না, ঢেঁকী-খুৱলি, পাচি-খৰাহি, কুলা-চালনি আদিক বুজোঁ।
(b) সমাজ সংস্কৃতি।
উত্তৰঃ যিবোৰ বস্তু অনুভৱ কৰিব পাৰি অথচ স্পৰ্শ কৰিব নোৱাৰি সেইবোৰকে অভৌতিক অথবা সমাজ সংস্কৃতি বোলে। অভৌতিক বা সমাজ সংস্কৃতিয়ে সমাজত ৰীতি-নীতি, আদৰ্শ, নিয়ম-কানুন, ধৰ্ম- বিশ্বাস ইত্যাদি বহুতো উপাদান সামৰি লয়। এই উপাদান বোৰৰ উপৰিও প্ৰত্যেক সমাজতে কেতবোৰ সংকট আৰু বৃত্তীয় সংস্কাৰ থাকে। এনে সংস্কাৰ সমূহেৰে সমাজ সংস্কৃতিৰ আৱৰ্ত পূৰ্ণ হৈ থাকে।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Author: Himashree Bora.
1 Comments