Chapter: 2  


চুলতানী যুগৰ ৰাজনৈতিক গঠন  Sultanate Political Structures


MODEL QUESTION & ANSWER

১. আৰৱসকলৰ পিছতেই কোনে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ?

উত্তৰঃ আৰৱসকলৰ পিছতেই তুৰ্কী-মুছলমানসকলে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল । 


২. চুলতান মামুদে সৰ্বমুঠ কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰঃ চুলতান মামুদে সৰ্বমুঠ ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল ।


৩. তুৰ্কীস্থানৰ এক সম্ভান্ত পৰিয়ালত কাৰ জন্ম হৈছিল ?

উত্তৰঃ তুৰ্কীস্থানৰ এক সম্ভান্ত পৰিয়ালত কুতুবুদ্দিন আইবাকৰ জন্ম হৈছিল ।


৪. কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কি বংশ নামেৰে জনা যায় ?

উত্তৰঃকুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক দাস বংশ নামেৰে জনা যায় ।


৫. কিহৰ বাবে কুতুবুদ্দিন বিখ্যাত আছিল ?

উত্তৰঃ সামৰিক দক্ষতা, ন্যায় পৰায়ণ, উদাৰতা আৰু দানশীলতাৰ বাবে কুতুবুদ্দিন বিখ্যাত আছিল । 


৬. চুলতানা ৰেজিয়া কিমান বছৰ কাল শাসন কৰিবলৈ পাইছিল  ?

উত্তৰঃ চুলতানা ৰেজিয়া ৩ বছৰকাল শাসন কৰিবলৈ পাইছিল ।


৭. কিমান খৃঃত মঙ্গোল বিলাকে এক ভয়াবহ আক্ৰমণ চলালে ? 

উত্তৰঃ  ১২৭৯ খ্ৰীঃত মঙ্গোল বিলাকে এক ভয়াবহ আক্ৰমণ চলালে ।


৮. ১২৯০ খৃঃৰ ১৩ জুন তাৰিখৰ পৰা দিল্লীত কি বংশ প্ৰতিষ্ঠা হৈছিল ?  

উত্তৰঃ ১২৯০ খ্ৰীঃৰ ১৩ জুন তাৰিখৰ পৰা দিল্লীত খিলিজি বংশ প্ৰতিষ্ঠা হৈছিল । 


৯. দাস বংশৰ শেষ চুলতান কাক হত্যা কৰি জালালুদ্দিন খিলজি ১২৯০ খৃঃত দিল্লীৰ চুলতান পদত অধিষ্ঠিত হৈছিল ?

উত্তৰঃ দাস বংশৰ শেষ চুলতান কৈকোবাদক হত্যা কৰি জালালুদ্দিন খিলিজি ১২৯০ খ্ৰীঃত দিল্লীৰ চুলতান পদত অধিষ্ঠিত হৈছিল । 


১০. ১৫১৭ খৃঃৰ ২১ নৱেম্বৰত আগ্ৰাত কাৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৫১৭ খ্ৰীঃৰ ২১ নৱেম্বৰত আগ্ৰাত চিকন্দৰ লোডীৰ মৃত্যু হৈছিল । 


১১. ভাৰতবৰ্ষত প্ৰথমটো  আক্ৰমণ কোনে কৰিছিল ।

উত্তৰঃ  ভাৰতবৰ্ষত প্ৰথমটো আক্ৰমণ কৰিছিল আৰৱসকলে ।


১২. ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথমজন তুৰ্কী মুছলমান শাসকৰ নাম কি আছিল ।

উত্তৰঃ ভাৰতবৰ্ষ  আক্ৰমণ কৰা প্ৰথমজন তুৰ্কী মুছলমান শাসকৰ নাম আছিল আলপ্তগীন ।


১৩. মহম্মদ ঘোৰীৰ মৃত্যু কেতিয়া হৈছিল ।

উত্তৰঃ  মহম্মদ ঘোৰীৰ মৃত্যু হৈছিল ১২০৬ খ্ৰীঃত । 


১৪. দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ।

উত্তৰঃ  দাস বংশৰ প্ৰতিষ্ঠাপক আছিল কুতুবুদ্দিন আইবাক ।


১৫। ঘোঁৰাশালৰ মুৰব্বীজনৰ নাম কি ।

উত্তৰঃ  ঘোঁৰাশালৰ মুৰব্বীজনৰ নাম আমিৰ-ই- আখুৰ ।


১৬. মহম্মদ ঘোৰীৰ ভাৰত অভিযানৰ প্ৰধান সহযোগী কোন আছিল ।

উত্তৰঃ  মহম্মদ ঘোৰীৰ ভাৰত অভিযানৰ প্ৰধান সহযোগী আছিল কুতুবুদ্দিন আইবাক ।


১৭. তাজ-উল-মচিৰ গ্ৰন্থখনৰ ৰচক কোন ।

উত্তৰঃ  তাজ-উল-মচিৰ গ্ৰন্থখনৰ ৰচক হল হাচান-উন-নিজামী ।


১৮. লাখবক্স বুলি কাক কোৱা হয় ।

উত্তৰঃ  লাখবক্স বুলি দাস বংশৰ প্ৰতিষ্ঠাতা কুতুবুদ্দিনক কোৱা হয় । 


১৯. কুতুবুদ্দিনে কত মছজিদ নিৰ্মাণ কৰিছিল ।

উত্তৰঃ কুতুবুদ্দিনে দিল্লী আৰু আজমীৰত দুটা মছজিদ নিৰ্মাণ কৰিছিল । 


২০. কুতুবমিনাৰ নিৰ্মাণ কাৰ্য কোনজন চুলতানৰ দিনত সম্পূৰ্ণ হৈছিল ।

উত্তৰঃ  কুতুবমিনাৰ নিৰ্মাণ কাৰ্য তেওঁৰ পৰৱৰ্তী চুলতান ইলতুটমিছৰ দিনত সম্পূৰ্ণ হৈছিল ।


২১. কিমান খ্ৰীঃত কুতুবুদ্দিনৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১২১০ খ্ৰীঃত কুতুবুদ্দিনৰ মৃত্যু হৈছিল ।


২২. ইলতুটমিছ কেতিয়া দিল্লীৰ চুলতান পদত অধিষ্ঠিত হয় ।

উত্তৰঃ  ১২১১ খ্ৰীঃত ইলতুটমিছ দিল্লীৰ চুলতান পদত অধিষ্ঠিত হয় ।


২৩. ইলতুটমিছৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বীজনৰ নাম কি আছিল ।

উত্তৰঃ  ইলতুটমিছৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বীজনৰ নাম হল ইয়ালডজ ।


২৪. ইলতুটমিছে কেতিয়া ৰাজপুতসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । 

উত্তৰঃ ইলতুটমিছে ১২২৬ খ্ৰীঃত ৰাজপুতসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । 


২৫. ইলতুটমিছে গোৱালিয়ৰ অৱৰোধ কৰোতে গোৱালিয়ৰ শাসনকৰ্তা কোন আছিল ।

উত্তৰঃ ইলতুটমিছে গোৱালিয়ৰ অৱৰোধ কৰোতে গোৱালিয়ৰ শাসনকৰ্তা আছিল মলয় বৰ্মদেৱ । 


২৬. ইলতুটমিছৰ ন্যায়পৰায়ণতা আৰু প্ৰগতিশীল দৃষ্টিভংগীৰ চিনাকী কেতিয়া দিয়ে ।

উত্তৰঃ  ইলতুটমিছৰ ন্যায়পৰাণতা আৰু প্ৰগতিশীল দৃষ্টিভংগীৰ চিনাকী কন্যা সন্তানক উত্তৰাধিকাৰী নিৰ্বাসন কৰা কাৰ্যই ।


২৭. দাস বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি ।

উত্তৰঃ  দাসবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম হল ইলতুটমিছ ।


 ২৮. ৰেজিয়া  কিমান খ্ৰীঃত দিল্লীৰ সিংহাসনত বহিছিল ।

উত্তৰঃ ১২৩৬ খ্ৰীঃত ৰেজিয়া দিল্লীৰ সিংহাসনত বহিছিল ।


২৯. দিল্লীৰ সিংহাসন অধিকাৰ কৰা প্ৰথমগৰাকী মহিলাৰ নাম কি ।

উত্তৰঃ  দিল্লীৰ সিংহাসন অধিকাৰ কৰা প্ৰথমগৰাকী মহিলাৰ নাম হল ৰেজিয়া চুলতানা ।


৩০. কিমান খ্ৰীঃত ৰেজিয়া চুলতানাৰ মৃত্যু হৈছিল । 

উত্তৰঃ ১২৪০ খ্ৰীঃত ৰেজিয়া চুলতানাৰ মৃত্যু হৈছিল ।


৩১. গিয়াছুদ্দিন বলবন কেতিয়া দিল্লীৰ সিংহাসনত বহিছিল ।

উত্তৰঃ ১২৬৬ চনত গিয়াছুদ্দিন বলবন দিল্লীৰ সিংহাসনত বহিছিল । 


৩২. বলবন কোন সম্প্ৰদায়ৰ লোক আছিল ।

উত্তৰঃ বলবন তুৰ্কী ইলাবৰী সম্প্ৰদায়ৰ লোক আছিল । 


৩৩. উলুঘ খাঁ উপাধি গ্ৰহণ কৰা ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ  উলুঘ খাঁ উপাধি গ্ৰহণ কৰা ব্যক্তিজনৰ নাম হল গিয়াচুদ্দিন বলবন ।


৩৪. বলবনৰ ৰাজত্বকালৰ এটা উল্লেখযোগ্য সমস্যা বিষয়ে লিখা ।

উত্তৰঃ  বলবনৰ ৰাজত্বকালৰ এটা উল্লেখযোগ্য সমস্যা হল বংগৰ শাসনকৰ্তা তুঘ্ৰিল খানৰ বিদ্ৰোহ । 


৩৫. জালালুদ্দিন খিলিজিয়ে কেতিয়া দিল্লীৰ সিংহাসন আৰোহণ কৰিছিল ।

উত্তৰঃ  ১২৯০ খ্ৰীঃৰ ১৩ জুন তাৰিখে জালালুদ্দিন খিলিজিয়ে দিল্লীৰ সিংহাসন আৰম্ভ কৰিছিল । 


৩৬. কিমান বছৰ বয়সত গিয়াছুদ্দিন বলবনৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ৮৮ বছৰ বয়সত গিয়াছুদ্দিন বলবনৰ মৃত্যু হৈছিল ।


৩৭. বলবন কোন আছিল ।

উত্তৰঃ  বলবন আছিল ইলতুটমিছৰ দৰে ক্ৰীত দাসৰ পৰা চুলতান হোৱা ব্যক্তি । 


৩৮. পাৰিবাৰিক জীৱনত বলবন কেনে ধৰণৰ ব্যক্তি আছিল ।

উত্তৰঃ পাৰিবাৰিক জীৱনত বলবন আছিল অতি মৰমিয়াল আৰু কোমল অন্তৰৰ ব্যক্তি আছিল । 


৩৯. কৈকোবাদে সিংহাসন আৰম্ভ কৰাৰ সময়ত তেওঁৰ বয়স কিমান আছিল ।

উত্তৰঃ  কৈকোবাদে সিংহাসন আৰম্ভ কৰাৰ সময়ত তেওঁৰ বয়স আছিল সোতৰ বছৰ ।


৪০. খিলিজি বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।

উত্তৰঃ  খিলিজি বংশৰ প্ৰতিষ্ঠাতা আছিল জালালুদ্দিন খিলিজি ।


৪১. কিমান খ্ৰীঃত জালালুদ্দিনক হত্যা কৰা হৈছিল ।

উত্তৰঃ ১২৯৬ খ্ৰীঃত জালালুদ্দিনক হত্যা কৰা হৈছিল ।


৪২. আলাউদ্দিন খিলিজিৰ আদি নাম কি ।

উত্তৰঃ  আলাউদ্দিন খিলিজিৰ আদি নাম হল আলিগপৰচাপ ।


৪৩. আলাউদ্দিনৰ পিতৃৰ নাম কি আছিল ।

উত্তৰঃ আলাউদ্দিনৰ পিতৃৰ নাম আছিল চিহাবুদ্দিন মামুদ ।


৪৪. আলাউদ্দিনৰ দুজন সেনাপতিৰ নাম লিখা ।

উত্তৰঃ  আলাউদ্দিনৰ দুজন সেনাপতিৰ নাম হল 

ক) উলুঘ খাঁ ।

খ) জাখৰ খাঁ । 


৪৫. দাস বংশৰ শেষৰজন চুলতান কৈকোবাদক কোনে হত্যা কৰিছিল ।

উত্তৰঃ  দাস বংশৰ শেষৰজন চুলতান কৈকোবাদক খিলিজি  বংশৰ প্ৰতিষ্ঠাতা জালালুদ্দিন খিলিজিয়ে হত্যা কৰিছিল । 


৪৬. জালালুদ্দিনে কিমান বছৰ ৰাজত্ব কৰিছিল ।

উত্তৰঃ  জালালুদ্দিনে ছয়বছৰ কাল ৰাজত্ব কৰিছিল ।


৪৭. আলাউদ্দিন খিলিজিয়ে কিমান খ্ৰীঃত গুজৰাট অভিযান কৰিছিল ।

উত্তৰঃ  ১২৯৭ খ্ৰীঃত আলাউদ্দিন খিলিজিয়ে গুজৰাট অভিযান কৰিছিল । 


৪৮. কৰ্ণদেৱৰ পত্নীৰ নাম কি আছিল ।

উত্তৰঃ  কৰ্ণদেৱৰ পত্নীৰ নাম আছিল কমলাদেৱী ।


৪৯. আলাউদ্দিনে কিমান খ্ৰীঃত দেৱগিৰি আক্ৰমণ কৰিছিল ।

উত্তৰঃ ১২৯৬ খ্ৰীঃত আলাউদ্দিনে দেৱগিৰি আক্ৰমণ কৰিছিল । 


৫০. আলাউদ্দিনে পাণ্ড্য ৰাজ্য অভিযান চলাওতে পাণ্ড্য ৰাজ্যৰ ৰজা কোন আছিল ।

উত্তৰঃ আলাউদ্দিনে পাণ্ড্য ৰাজ্য অভিযান চলাওতে পাণ্ড্য ৰাজড্যৰ ৰজা আছিল কুলকেশৰ । 


৫১. আলাউদ্দিনে মেৱাৰ ৰাজ্য আক্ৰমণ কৰোতে মেৱাৰৰ ৰজা কোন আছিল ।

উত্তৰঃ আলাউদ্দিনে মেৱাৰ ৰাজ্য আক্ৰমণ কৰোতে মোৱাৰৰ ৰজা আছিল ৰতন সিংহ ।


৫২. ৰতন সিংহৰ পত্নীৰ নাম কি আছিল ।

উত্তৰঃ ৰতন সিংহৰ পত্নীৰ নাম আছিল পদ্মিনী ।


৫৩. আলাউদ্দিনৰ পুতেকৰ নাম কি ।

উত্তৰঃ  আলাউদ্দিনৰ পুতেকৰ নাম আুছিল খিজিৰ খান । 


৫৪. আলাউদ্দিন খিলিজিয়ে কেতিয়া পাণ্ড্য ৰাজ্যৰ ৰাজধৈমী মাদুৰাই আক্ৰমণ কৰে ।

উত্তৰঃ  ১৩১১ খ্ৰীঃৰ এপ্ৰিল মাহত আলাউদ্দিন খিলিজিয়ে পাণ্ড্য ৰাজ্যৰ ৰাজধানী মাদুৰাই আক্ৰমণ কৰে । 


৫৫. আলাউদ্দিনৰ দক্ষিণ ভাৰতৰ অভিযান কেনেধৰণৰ আছিল ।

উত্তৰঃ  আলাউদ্দিনৰ দক্ষিণ ভাৰতৰ অভিযান আছিল হত্যা, ধ্বংস আৰু লুন্ঠনেৰে ভৰা ।


৫৬. আলাউদ্দিন খিলিজিৰ প্ৰশাসনৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  আলাউদ্দিন খিলিজিৰ প্ৰশাসনৰ দুটা বৈশিষ্ট্য হল 

ক) আলাউদ্দিনে তুৰ্কী চুলতানী শাসন ব্যৱস্থাক এক ভাৰতীয় চৰিত্ৰ দিবলৈ প্ৰয়াস বা চেষ্টা কৰিছিল । তেওঁ তুৰ্কী অভিযাতসকলক শাসনৰ উচ্চ স্থানৰ পৰা আতৰাই উপযুক্ত আৰু দক্ষ মানুহকহে শাসনৰ বিভিন্ন পদত নিযুক্তি দিছিল । 

খ) আলাউদ্দিন আছিল এগৰাকী স্বেচ্ছাচাৰী শাসক । তেওঁৰ ৰাজতান্ত্ৰিক আদৰ্শৰ মূল দিশটোৱেই আছিল স্বেৰতান্ত্ৰিক বা ৰজাই হল ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ গৰাকী বা অধিকাৰী । 


৫৭. আলাউদ্দিন খিলিজিৰ শাসন ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য কি ।

উত্তৰঃ  আলাউদ্দিন খিলিজিৰ শাসন ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য হল তেওঁ ধৰ্মক ৰাজনীতিৰ সৈতে একগল কৰিবলৈ দিয়া নাছিল । 


৫৮. আলাউদ্দিনৰ প্ৰশাসন ব্যৱস্থাৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য কি ।

উত্তৰঃ  আলাউদ্দিনৰ প্ৰশাসন ব্যৱস্থাৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হল অৰ্থনৈতিক ক্ষেত্ৰত তেওঁ প্ৰৱৰ্তন কৰা সংস্কাৰসমূহ । 


৫৯. ভূমিৰ জোখৰ এককক কি বুলি কোৱা হৈছিল ।

উত্তৰঃ  ভূমিৰ জোখৰ এককক বিশ্ব বুলি কোৱা হৈছিল । 


৬০. আলাউদ্দিনৰ অৰ্থনৈতিক সংস্কাৰ ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ সংস্কাৰ কি আছিল ।

উত্তৰঃ  আলাউদ্দিনৰ অৰ্থনৈতিক সংস্কাৰ ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ সংস্কাৰ আছিল বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থা । 


৬১. আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়কেইটা কি কি ।

উত্তৰঃ  আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়কেইটা হল 

ক)  উৎপাদিত বস্তুৰ ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি বস্তুৰ মূল্য নিৰ্দিষ্ট কৰা ।

খ) গাঁৱৰ পৰা দিল্লীলৈ যাতে খাদ্য-শস্যৰ সৰবৰাহ নিয়মীয়া হয় তাৰ ওপৰত চকু ৰখা ।

গ) অবৈধভাৱে যাতে কোনেও খাদ্য-শস্য মজুত কৰি ৰাখিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা ।

ঘ) খাদ্য-শস্য যাতে কেৱল  ৰাজভৰালতহে জমা কৰা হয়।

ঙ) অৰ্থনৈতিক অপৰাধত অপৰাধী বিষয়াসকলক কঠোৰভাৱে শাস্তি প্ৰদান কৰা । 


৬২. আলাউদ্দিন খিলিজিৰ বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ দুটা সুফলৰ বিষয়ে লিখা ।

উত্তৰঃ  আলাউদ্দিন খিলিজিৰ বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ দুটা সুফল হল 

ক) এই ব্যৱস্থাৰ ফলত দুখীয়া লোকসকল লভৱান হৈছিল । তেওঁলোকেই যথেষ্ট সুলভ মূল্যৰ সামগ্ৰী লাভ কৰিছিল । 

খ) এই ব্যৱস্থাৰ ফলত কেন্দ্ৰীয় প্ৰশাসন ব্যৱস্থা অতি শক্তিশালী হৈ পৰিছিল । 


৬৩. আলাউদ্দিনৰ বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ দুটা কুফলৰ বিষয়ে লিখা ।

উত্তৰঃ  আলাউদ্দিনৰ বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ দুটা কুফল হল 

ক) এই ব্যৱস্থাৰ ফলত ব্যৱসায়ীসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল । তেওঁলোকৰ লাভাংশৰ পৰিমাণকমি গৈছিল ।

খ) এই ব্যৱস্থাত ব্যৱসায়িক শ্ৰেণী সদায় তীব্ৰ চাপৰ মাজত থাকিব লাগিছিল । 


৬৪. কিমান খ্ৰীঃত আআলাউদ্দিন খিলিজিৰযু মৃত্যু হৈছিল ।

উত্তৰঃ  ১৩১৪ খ্ৰীঃত আলাউদ্দিন খিলিজিৰ মৃত্যু হৈছিল । 


৬৫. টোগলক বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।

উত্তৰঃ  টোগলক বংশৰ প্ৰতিষ্ঠাতা আছিল গিয়াছুদ্দিন টোগলক ।


৬৬. কিমান খ্ৰীঃত গিয়াছুদ্দিন টোগলকে টোগলক বংশ প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ ১৩২০ খ্ৰীঃত গিয়াছুদ্দিন টোগলকে টোগলকে টোগলক বংশ প্ৰতিষ্ঠা কৰিছিল ।


৬৭. গিয়াছুদ্দিন টোগলকৰ মাতৃ কোন সম্প্ৰদায়ৰ লোক আছিল ।

উত্তৰঃ  গিয়াছুদ্দিন টোগলকৰ মাতৃ পঞ্জাৱৰ জাট সম্প্ৰদায়ৰ লোক আছিল ।


৬৮. আলাউদ্দিন খিলিজিৰ প্ৰধান  সেনাপতিজনৰ নাম কি আছিল ।

উত্তৰঃ আলাউদ্দিন খিলিজিৰ প্ৰধান সেনাপতিজনৰ নাম আছিল উলুঘ খাঁ । 


৬৯. মূলতানৰ শাসক হিচাপে কাক নিযুক্ত কৰা হৈছিল ।

উত্তৰঃ  মূলতানৰ শাসক হিচাপে গিয়ুছুদ্দিনক নিযুক্ত কৰা হৈছিল ।


৭০. মহম্মদ বিন-টোগলকৰ কেইটামান উল্লেখযোগ্য কাৰ্যাৱলীৰ বিষয়ে লিখা ।

উত্তৰঃ  মহম্মদ বিন-টোগলকৰ কেইটামান উল্লেখযোগ্য কাৰ্যাৱলী হল 

ক) আভ্যন্তৰীণ সংস্কাৰ ।

খ) ৰাজধানী স্থানান্তৰ ।

গ) মুদেৰানীতি 


৭০. মহম্মদ বিন টোগলকৰ অভিযান কি আছিল ।

উত্তৰঃ  মবম্মদ বিন-টোগলকৰ অভিযান আছিল চীন আৰু হিন্দুস্থানৰ মাজৰ পাহাৰীয়া ৰাজ্য কাৰাজলৰ অভিযান । 


৭১. মহম্মদ বিন-টোগলকে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাক মনোনীত কৰি থৈ গৈছিল ।

উত্তৰঃ  মহম্মদ-বিন-টোগলকে তেওঁৰ উত্তৰাধিকাৰী হিচাপে ভতিজাক ফিৰোজ টোগলকৰ নাম মনোনীত কৰি থৈ গৈছিল ।


 ৭২. গিয়াছুদ্দিন টোগলকৰ মৃত্যু কিমান খ্ৰীঃত হৈছিল ।

উত্তৰঃ  ১৩২৫ খ্ৰীঃত গিয়াছুদ্দিন টোগলকৰ মৃত্যু হৈছিল । 


৭৩. কিমান খ্ৰীঃত ফিৰোজ টোগলকে বা ফিৰোহ শ্বাহে সিন্ধু অভিযান চলাইছিল । 

উত্তৰঃ  ১৩৬১ খ্ৰীঃত ফিৰোজ টোগলকে বা ফিৰোজ শ্বাহে সিন্ধু ্ভিযান চলাইছিল ।


৭৪. ফিৰোজ শ্বাহে নিৰ্মাণ কৰা দুখন নগৰৰ নাম লিখা ।

উত্তৰঃ  ফিৰোজ শ্বাহে নিৰ্মাণ কৰা দুখন নগৰৰ নাম হল 

ক) ফিৰোজবাদ 

খ) ফাটেহাবাদ ।


৭৫. কিমান খ্ৰীঃত কুটুবুদ্দিন মুবাৰক শ্বাহক হত্যা কৰা হৈছিল ।

উত্তৰঃ  ১৩২০ খ্ৰীঃৰ এপ্ৰিল মাহত কুটুবুদ্দিন মুবাৰক শ্বাহক হত্যা কৰা হৈছিল । 


৭৬. টোগলক বংশৰ শেষ ৰজাজনৰ নাম কি ।

উত্তৰঃ টোগলক বংশৰ শেষ ৰজাজনৰ নাম হল নাছিৰুদ্দিন মামুদ । 


৭৭. কোনে কিমান খ্ৰীঃত মংগোল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ।

ইত্তৰঃ ১২০৬ খ্ৰীঃত চেংগিজ খাঁ নামৰ গজনীৰ এজন বীৰ যোদ্ধাই মধ্য প্ৰাচ্যত মংগোল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । 


৭৮. ভাৰতবৰ্ষত মংগোলসকলে কিমান খ্ৰীঃত প্ৰথম পদাৰ্পণ কৰিছিল বা খোজ পেলাইছিল ।

উত্তৰঃ ১২২১ খ্ৰীঃত ভাৰতবৰ্ষত মংগোলসকলে প্ৰথম পদাপৰ্ণ কৰিছিল বা খোজ পেলাইছিল । 


৭৯. কোনজন ৰজাৰ শাসনকালত ভাৰতবৰ্ষত মংগোলসকল আহিছিল ।

উত্তৰঃ দাস বংশৰ শ্ৰেষ্ঠ ৰজা ইলতুটমিছৰ শাসনকালত ভাৰতবৰ্ষত মংগোলসকল আহিছিল । 


৮০. কিমান খ্ৰীঃত ছেংগিজ খাঁৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১২২৭ খ্ৰীঃত ছেংগিজ খাৰ মৃত্যু হৈছিল । 


৮১. কিমান খ্ৰীঃত মংগোলসকলে শেষৰবাৰৰ বাবে ভাৰত আক্ৰমণ কৰিছিল ।

উত্তৰঃ ১৩০৬ খ্ৰীঃত মংগোলসকলে শেষৰবাৰৰ বাবে ভাৰত আক্ৰমণ কৰিছিল । 


৮২. কিমান খ্ৰীঃত আৰু কত টাইমূৰৰ জন্ম হৈছিল ।

উত্তৰঃ ১৩৩৬ খ্ৰীঃত সমৰখণ্ডৰ পৰা প্ৰায় ৫০ মাইল  দক্ষিণত অৱস্থিত ত্ৰান্স অক্সিয়ানাত টাইমূৰৰ জন্ম হৈছিল । 


৮৩. কিমান খ্ৰীঃত টাইমূৰ সমৰখণ্ডৰ ৰজা হৈছিল । 

উত্তৰঃ ১৩৩৯ খ্ৰীঃত টাইমূৰ সমৰখণ্ডৰ ৰজা হৈছিল । 


৮৪. ছৈয়দ খানে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক কি বংশ নামেৰে জনা যায় ।

উত্তৰঃ   ছৈয়দ খানে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক ছৈয়দ বংশ নামেৰে জনা যায় ।


৮৫. কিমান খ্ৰীঃত মামুদ শ্বাহৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৪১৩ খ্ৰীঃৰ ফেব্ৰুৱাৰী মাহত মামুদ শ্বাহৰ মৃত্যু হৈছিল । 


৮৬. কিমান খ্ৰীঃত খিজিৰ খানৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৪২১ খ্ৰীঃত খিজিৰ খানৰ মৃত্যু হৈছিল ।


৮৭. লোডী বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃবাহলুল খা লোডীয়ে লোডী বংশ প্ৰতিষ্ঠা কৰিছিল । 


৮৮. কিমান খ্ৰীঃত বাহলুল লোডীৰ মৃত্যু হয় ।

উত্তৰঃ ১৪৮৯ খ্ৰীঃৰ জুলাই মাহত বাহলুল খাঁ লোডীৰ মৃত্যু হয় ।


৮৯. কিমান খ্ৰীঃত ছিকন্দৰ শ্বাহ লোডী দিল্লীৰ সিংহাসনত আৰোহণ কৰে ।

উত্তৰঃ ১৪৮৯ খ্ৰীঃৰ জুলাই মাহত ছিকন্দৰ শ্বাহ লোডী দিল্লীৰ সিংহাসনত আৰোহণ কৰে । 


৯০. লোডী বংশৰ শ্ৰেষ্ঠ চুলতান বুলি কাক কোৱা হয় ।

উত্তৰঃ  ছিকন্দৰ লোডীক লোডী বংশৰ শ্ৰেষ্ঠ চুলতান বুলি কোৱা হয় ।


১. কিমান খ্ৰীঃত চিকন্দৰ লোডীৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১৫১৭ খ্ৰীঃৰ ২১ নৱেম্বৰত চিকন্দৰ লোডীৰ মৃত্যু হৈছিল ।


৯২. কিমান খ্ৰীঃত ইব্ৰাহিম লোডী দিল্লীৰ ৰাজসিংহাসনত উঠিছিল ।

উত্তৰঃ ১৫১৭ খ্ৰীঃৰ ২১ নৱেম্বৰত ইব্ৰাহিম লোডী দিল্লীৰ ৰাজসিংহাসনত উঠিছিল । 


৯৩. পানিপথৰ প্ৰথম যুদ্ধ কিমান খ্ৰীঃত হৈছিল ।

উত্তৰঃ ১৫২৬ খ্ৰীঃত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল । 


৯৪. পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল ।

উত্তৰঃ পানিপথৰ প্ৰথম যুদ্ধ ইব্ৰাহিম লোডী আৰু মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা জাহিৰুদ্দিন বাবৰৰ মাজত হৈছিল ।


৯৫. চুলতানী সাম্ৰাজ্য পতন হোৱাৰ কাৰণ কেইটা কি আছিল ।

উত্তৰঃ  চুলতানী সাম্ৰাজ্য পতন হোৱাৰ কাৰণ কেইটা হল 

ক) স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা ।

খ) ধৰ্মীয় সহিষ্ণুতাৰ অভাৱ ।

গ) সাম্ৰাজ্যৰ বিশালতা ।

ঘ) অভিজাত শ্ৰেণীৰ লোকসকলৰ উচ্চকাংক্ষা ।

ঙ) চুলতানী সৈন্য-বাহিনীৰ দুৰ্বলতা 

চ) মহম্মদ বিন টোগলকৰ কাৰ্যকলাপ । 


৯৬. বলবনৰ নীতি আদৰ্শ দুটা কি কি ।

উত্তৰঃ বলবনৰ নীতি আদৰ্শ দুটা হল 

ক) ৰজাৰ ঐশ্বৰিক অধিকাৰ ।

খ) ৰক্ত আৰু লৌহ নীতি ।


৯৭. আলাউদ্দিন খিলিজিৰ নীতি আদৰ্শ কেইটা কি কি ।

উত্তৰঃ  আলাউদ্দিন খিলিজিৰ নীতি আদৰ্শ কেইটা হল 

ক) ৰজা ইশ্বৰ বা আল্লাৰ দৰে ।

খ) ৰজাই সবাতোকৈ জ্ঞানী ব্যক্তি ।

গ) ৰজাৰ ওচৰত সম্বন্ধৰ কোনো স্থান নাই ।

ঘ) শান্তিপূৰ্ণ সুখী সাম্ৰাজ্য প্ৰতিষ্ঠা ।

ঙ)  বিদ্ৰোহ হানিকাৰক ।


৯৮. মধ্যযুগত উলেমাসকলক কেইটা ভাগত ভাগ কৰিছিল আৰু কি কি ।

উত্তৰঃ  মধ্যযুগত উলেমাসকলক দুটা ভাগত ভাগ কৰিছিল সেইকেইটা হল 

ক) উলেমা-ই-আখিৰত ।

খ) উলেমা-ই-দুনিয়া ।


৯৯. ইছলামীয় সভ্যতাৰ আটাইতকৈ উল্লেখনীয় অভিব্যক্তি কি ।

উত্তৰঃ  ইছলামীয় সভ্যতাৰ আটাইতকৈ উল্লেখনীয় অভিব্যক্তি হল ধৰ্মীয় আইন । 


১০০. মধ্যযুগত ভাৰতৰ বিভিন্ন সময়ৰ সমাজ ব্যৱস্থাত উলেমাসকলৰ প্ৰভাৱ কেনেধৰণৰ আছিল লিখা ।

উত্তৰঃ মধ্যযুগত ভাৰতৰ বিভিন্ন সময়ৰ সমাজ ব্যৱস্থাত উলেমাসকলৰ প্ৰভাৱ আছিল এনেধৰণৰ 

ক)  ঘজনী ৰাষ্ট্ৰ ।

খ) ঘোৰীৰ শাসন ।

গ) দাস বংশ ।

ঘ) খিলিজি বংশ ।

ঙ) টোগলক বংশ ।

চ) ছৈয়দ আৰু লোডী বংশ 


Type: Krishna Bora

Answer type_ Ali rani kakati ( Ba in History Major )