CHAPTER: 1

সূচনা/পটভূমিঃ কোম্পানী আইন, ২০১৩


অনুশীলনীঃ

১) উপযুক্ত শব্দটো নির্বাচন কৰাঃ 

১ নং থকা প্রশ্নাৱলী

ক) তলৰ কোনটো পক্ষৰ পৰা নিগমবদ্ধকৰণৰ পূৰ্বৰ চুক্তিয়ে ব্যয় বিতৰণৰ লক্ষ্য ধার্য কৰে—

১) সঞ্চালক            ২) অংশধাৰক

৩) অৱলেখক        ৪) প্রবর্তক


খ) কোম্পানী আইন ২০১৩ অত তলৰ কিমান ধাৰাৰ দ্বাৰা গঠিত

১) ৫৭০                  ২) ৪৭০

৩) ৩৭০                 ৪) ২৭০


গ) হিন্দুস্তান মেছিন টুলচ তলৰ কোনটো কোম্পানীৰ উদাহৰণ— 

১) গণ্ডীবদ্ধ কোম্পানী        ২) ৰাজহুৱা কোম্পানী

৩) চৰকাৰী কোম্পানী        ৪) বেচৰকাৰী কোম্পানী

ঘ) এজন ব্যক্তিৰ কোম্পানীত তলৰ কোনটো হ'ব সঞ্চালকৰ সর্বোচ্চ সংখ্যা

১) ১ জন            ২) ৫ জন

৩) ১০ জন        ৪) ১৫ জন


ঙ) ভাৰতীয় সংবিধানৰ অধীনত কোম্পানীৰ পদমর্যদাৰ ক্ষেত্ৰত তলৰ কোনটো বাক্য সত্য—

১) আইনগত কৃত্রিম ব্যক্তি    ২) নাগৰিক

৩) এজন ব্যক্তি                     ৪) কোনো ব্যক্তি নহয়

চ) কোম্পানী আইন ২০১৩ ৰ মতে ব্যক্তিগত কোম্পানী এটাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা হ’ব—

১) ১০০                   ২) 200

৩) ৩০০                 ৪) ২১০

ছ) প্রকৃত সম্পদ মূল্য কিমান কোটি থকা কোম্পানীয়ে নিগমীয় সামাজিক দ্বায়বদ্ধতা পালন কৰাৰ আৱশ্যক ২০১৩ ৰ আইন অনুসৰি — 

১) ৫০০ কোটি            ২) ৬০০ কোটি

৩ ) ৭০০ কোটি          ৪) ৮০০ কোটি

জ) ক্ষুদ্ৰ কোম্পানীৰ সর্বনিম্ন পৰিশোধিত অংশ মূলধন হ'ব পাৰে—

১) ৬০ লাখ                ২) ৫৫ লাখ

৩) ৫০ লাখ               8 ) ৪৫ লাখ

ঝ) কোম্পানী আইন ২০১৩ ৰ কোনটো ধাৰাত প্ৰবৰ্তৰ্কৰ সূত্র উল্লেখ কৰা হৈছে—

১) ধাৰা ২ (৬৯)            ২) ধাৰা ২ (৭০)

৩) ধাৰা ২ (৭১)            ৪) ধাৰা ৩ (৬৯)

ঞ) তলৰ কোনজন বিষয়াই কৰপোৰেট আইদেনটিটি নং আবন্টন দিয়ে—

১) কোম্পানীৰ সচিব            ৩) সঞ্চালক

২) পঞ্জীয়ক                          ৪) পৰিচালক

২) ২ নং থকা প্ৰশ্নাৱলী—

ক) ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণৰ দুটা বৈশিষ্ট্য লিখা।

খ) তলৰ সংক্ষিপ্ত শব্দৰ সম্পূৰ্ণ ৰূপ লিখা

১) NACAAS                2) NFRA

গ) কোম্পানী আইন ২০১৩ ৰ অধীনত কোম্পানীৰ অৰ্থ লিখা।

ঘ) নিগমীয়া ওৰণি শব্দটোৰ অৰ্থ লিখা।

ঙ) বিধিবদ্ধ কোম্পানী কি দুটা উদাহৰণেৰে লিখা।

চ) ব্যক্তিগত কোম্পানীৰ দুটা বিশেষাধিকাৰ উল্লেখ কৰা।

ছ) এজন ব্যক্তিৰ কোম্পানীৰ দুটা বিশেষ বৈশিষ্ট্য লিখা।

জ) হোল্ডিং কোম্পানী কি?

ঝ) অধীনস্থ কোম্পানী বুলিলে কি বুজা উদাহৰণেৰে লিখা।

ঞ) ক্ষুদ্র কোম্পানী কি? ইয়াৰ দুটা বৈশিষ্ট্য লিখা।

ট) কোম্পানী গঠনৰ স্তৰ কেইটা লিখা।

ঠ) প্রবর্ত্তকৰ দুটা কাৰ্য্য উল্লেখ কৰা ৷

ড) নিগমবদ্ধ কোম্পানীৰ দুটা সুবিধা লিখা।

ঢ) বেআইনী সংস্থা বুলি ক'লে কি বুজা লিখা।

৩) ৪/৫ নং থকা প্ৰশ্নাৱলী—

ক) কোম্পানী আইনৰ প্ৰশাসনীয় দিশটোৰ ওপৰত এটি ক্ষুদ্ৰ টোকা যুগুত কৰা।

খ) ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণৰ বৈশিষ্ট্য আৰু উপকাৰ কেইটামান লিখা।

গ) কোম্পানীৰ অনলাইন পঞ্জীয়নৰ পদক্ষেপ কেইটা কি কি?

ঘ) ব্যৱসায় আৰম্ভণিৰ প্ৰমাণ পত্ৰ লাভৰ চৰ্ত কেইটা লিখা।

ঙ) কোম্পানী আইন ২০১৩ ৰ অশিক্ষিত বৰঙণি দিওঁতাৰ স্বাক্ষৰৰ ব্যৱস্থাৱলী চমুকৈ লিখা।


চ) প্রবর্তকৰ দ্বাৰা সম্পাদিত চুক্তিৰ আইনী অৱস্থানৰ বিষয়ে চমুকৈ লিখা।

ছ) প্ৰবৰ্তকক পাৰিশ্ৰমিক প্ৰদানৰ উপায়বোৰ কি কি উল্লেখ কৰা।

জ) নিগমবদ্ধকৰণৰ প্ৰমাণপত্ৰ খনক চুড়ান্ত সাক্ষ্য বুলি কোৱাৰ কাৰণসমূহ কি কি?

ঝ) স্মাৰকলিপি আৰু আভ্যন্তৰীণ নিয়মাৱলীত স্বাক্ষৰ কৰাৰ সংক্ৰান্তত থকা নিয়মাৱলী সমূহ উল্লেখ কৰা।

ঞ) কোম্পানীৰ নথি পত্ৰ সমুহ অন লাইনযোগে দাখিলৰ পদ্ধতিৰ ওপৰত এটি টোকা যুগুত কৰা।

৪) ১০ নং থকা প্রশ্নাৱলী

ক) ভাৰতবৰ্ষত কোম্পানী আইনৰ ইতিহাস সম্পৰ্কত এটি চমু আলোচনা দাঙি ধৰা।

খ) কোম্পানী আইন ২০১৩ ৰ বিষয়ে উল্লেখ কৰি ইয়াৰ প্ৰধান উদ্দেশ্য সমূহ আলচ কৰা।

গ) কোম্পানী আইন ২০১৩ ৰ বিশেষ বৈশিষ্ট্য সমূহ চমুকৈ বৰ্ণনা কৰা।

ঘ) কোম্পানীৰ অৰ্থ আৰু সূত্ৰ দিয়া। কোম্পানীৰ প্ৰধান প্রধান বৈশিষ্ট্য সমূহৰ বিষয়ে কি জনা চমুকৈ লিখা।

ঙ) নিগমীয় ওৰণি কি? কোম্পানী আইন ২০১৩ ৰ অধীনত নিগমীয় ওৰণিৰ উন্মোচন সম্পৰ্কে থকা আইনগত স্বীকৃতিৰ ব্যৱস্থাৱলী সমূহ বৰ্ণনা কৰা।

চ) কোম্পানী এটাৰ নিগমীয় ব্যক্তিত্ব আদালতে অগ্রাহ্য কৰাৰ পৰিস্থিতি সমূহ উল্লেখ কৰা।

ছ) ব্যক্তিগত কোম্পানীৰ সূত্ৰ দিয়া। ব্যক্তিগত কোম্পানীয়ে ভোগ কৰা বিশেষাধিকাৰ সমূহ চমুকৈ বর্ণনা কৰা।

জ) কোম্পানী আইন ২০১৩ ৰ অধীনত ৰাজহুৱা কোম্পানী বুলিলে কি বুজা লিখা ৷ এনে কোম্পানীৰ প্ৰধান বৈশিষ্ট্য সমূহ কি কি?

ঝ) ৰাজহুৱা কোম্পানী আৰু ব্যক্তিগত কোম্পানীৰ মাজত থকা পার্থক্য সমূহ উল্লেখ কৰা।

ঞ) এজন ব্যক্তিৰ কোম্পানীৰ নিগমবদ্ধকৰণ সন্দৰ্ভত থকা নিয়মাৱলী সমূহ উল্লেখ কৰি ইয়ে উপভোগ কৰা বিশেষাধিকাৰ সমূহ লিখা।

ট) বেচৰকাৰী কোম্পানী কি? চৰকাৰী আৰু বেচৰকাৰী কোম্পানীৰ মাজত থকা পার্থক্য সমূহ বৰ্ণনা কৰা।

ঠ) ক্ষুদ্র কোম্পানী কি? ক্ষুদ্ৰ কোম্পানীৰ বিশেষ বৈশিষ্ট্য সমূহ ব্যাখ্যা কৰা।

ড) প্ৰবৰ্তকৰ অৰ্থ লিখা। প্ৰবৰ্তকৰ ন্যায়িক অৱস্থান সন্দৰ্ভত কোম্পানী আইন ২০১৩ ৰ ব্যৱস্থাৱলী সমূহ উল্লেখ কৰা।

ঢ) কোম্পানী এটা নিগমবদ্ধকৰণ হোৱাৰ ফলত আৰ্জন কৰা সুবিধা সমূহ কি কি?

ণ) উপযুক্ত উদাহৰণৰ সহায়ত নিগমবদ্ধকৰণৰ পূৰ্বৰ চুক্তি সম্পৰ্কত থকা আইনৰ ব্যৱস্থাৱলী সমূহ উল্লেখ

ত) কোম্পানী আইন ২০১৩ ৰ অধীনত কোম্পানী এটা অনলাইন পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া আলচ কৰা।

থ) কোম্পানী ( সংশোধিত ) নিয়মাৱলী ২০১৪ ৰ অনলাইন নথিপত্র দাখিল সন্দৰ্ভত থকা বিধি ব্যৱস্থা চমুকৈ ব্যাখ্যা কৰা।


Type Himanku Bora