ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল
 Bertrand Russell
Chapter-2


Short Question:

1. What is the fundamental question of Russell's Logical Atomism?
ৰাছেলৰ তৰ্কীয় পৰমাণুবাদৰ মৌলিক প্ৰশ্নটো কি?
উত্তৰঃ 

2. Name any two books of Russell.
ৰাছেলৰ যিকোনো দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ i)German Social Democracy
            ii) An Essay on the Foundation of Geometry

3. Was Russell a mathematician?
ৰাছেল এগৰাকী গণিতজ্ঞ নে?
উত্তৰঃ হয়।

4. Name any one important article of Russell.
ৰাছেলৰ যিকোনো এটা গুৰুত্বপূৰ্ণ প্ৰৱন্ধৰ নাম লিখা।
উত্তৰঃ On Denoting।

5. Who is the author of 'The Philosophy of Logical Atomism'?
'The Philosophy of Logical Atomism' গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল।

6.When and where Russell was born?
ৰাছেল কেতিয়া আৰু ক'ত জন্মগ্ৰহণ কৰিছিল?
উত্তৰঃ ১৮৭২ চনৰ ১৮ মে' ত Monmouthshire ৰ ৰাভেনস্ক্ৰ'ফট, ট্ৰেলেকত।

7. What are the two types of symbol, according to Russell?
ৰাছেল মতে দুই প্ৰকাৰৰ প্ৰতীক কি কি?
উত্তৰঃ সৰল প্ৰতীক আৰু জটিল প্ৰতীক।

8. What is a fact, according to Russell?(GU-2017)
ৰাছেলৰ মতে তথ্য় কি?
উত্তৰঃ ৰাছেলৰ মতে তথ্য় বুলিলে সেই ধৰণৰ বস্তুক বুজাই যিয়ে এটা বচনক সত্য় বা মিথ্য়াত পৰিণত কৰে।
 
Broad Questions:

1. What is fact, according to Russell? What are the different types of facts? Explain.
ৰাছেলৰ মতে তথ্য় কাক বোলে?বিভিন্ন প্ৰকাৰৰ তথ্য়সমূহ কি কি ?আলোচনা কৰা।
উত্তৰঃ ৰাছেলৰ মতে, বাস্তৱিক জগত পাৰমাণৱিক তথ্য়ৰ সমাহাৰ।বিশ্বজগতত যিমান সত্তা আছে তাৰ জ্ঞান লাভ কৰিবলৈ ৰাছেলে তথ্য়ৰ বিশ্লেষণ কৰিছে। ৰাছেলৰ বক্তব্য় অনুসৰি তথ্য় হল সেইধৰণৰ বস্তু যি এটা বচনক সত্য় বা মিথ্য়াত পৰিণত কৰে। ৰাছেলৰ মতে, কোনো অস্তিত্বৱান বস্তুক তথ্য় বুলি ক'ব নোৱাৰি। কিন্তু আমি সাধাৰণতে যিকোনো অস্তিত্বৱান বস্তুক তথ্য় বুলি কওঁ। 
বিভিন্ন প্ৰকাৰৰ তথ্য়সমূহ হল-
  • বিশেষ তথ্য়
  • সাধাৰণ তথ্য়
  • সদৰ্থক তথ্য়
  • নঞৰ্থক তথ্য়
  • পাৰমাণৱিক তথ্য়
  • অভিপ্ৰায়মূলক তথ্য়
i) বিশেষ তথ্য়ঃ যি তথ্য়ৰ দ্বাৰা কোনো বিশেষ বচন সত্য় বা মিথ্য়া হয়, তাক বিশেষ তথ্য় বোলা হয়। যেনে- 'এইটো বগা' বচনটো যি তথ্য়ৰ দ্বাৰা সত্য় বা মিথ্য়াত পৰিণত হয় সি বিশেষ তথ্য়। বিশেষ তথ্য়ৰ দ্বাৰা ৰাছেলে এক নিশ্চিত তথ্য়ক বুজায় যাৰ দ্বাৰা এটা নিশ্চিত বচন সত্য় বা মিথ্য়াত পৰিণত হয়।

ii) সাধাৰণ তথ্য়ঃ যি তথ্য়ৰ দ্বাৰা কোনো সাধাৰণ বচন সত্য় বা মিথ্য়াত পৰিণত হয়, তাক সাধাৰণ তথ্য় বোলে। যেনে-'সকলো মানুহ মৰণশীল' বচনটো যি তথ্য়ৰ দ্বাৰা সত্য় বা মিথ্য়াত পৰিণত হয় সি সাধাৰণ তথ্য়।ৰাছেলৰ মতে, সাধাৰণ তথ্য় বিশেষ তথ্য়ৰ অবিহনে আমি জগতক সম্পূৰ্ণৰূপে ব্য়াখ্য়া কৰিব নোৱাৰোঁ। 

iii) সদৰ্থক তথ্য়ঃ যি তথ্য়ৰ দ্বাৰা সদৰ্থক বচন এটা সত্য় বা মিথ্য়াত পৰিণত হয় সি সদৰ্থক তথ্য়। যেনে- 'চক্ৰেটিছ জীৱিত' বচনটো যি তথ্য়ৰ দ্বাৰা সত্য় বা মিথ্য়াত পৰিণত হয় সি সদৰ্থক তথ্য়।

iv) নঞৰ্থক তথ্য়ঃ যি তথ্য়ৰ দ্বাৰা এটা নিষেধক বচন সত্য় বা মিথ্য়াত পৰিণত হয়, তাক নঞৰ্থক তথ্য় বোলা হয়। যেনে- 'চক্ৰেটিছ জীৱিত নহয়' বচনটো যি তথ্য়ৰ দ্বাৰা সত্য় বা মিথ্য়া হয় সিয়েই নঞৰ্থক তথ্য়। ৰাছেল যেতিয়া প্ৰথমবাৰৰ বাবে নঞৰ্থক তথ্য়ৰ কথা উল্লেখ কৰে তেতিয়া বহুতো দাৰ্শনিকে আপত্তি কৰিছিল। কিন্তু ৰাছেলে নঞৰ্থক তথ্য়ৰ স্বাতন্ত্ৰ্য়তাক কিছুমান বলিষ্ঠ যক্তিৰে প্ৰতিপন্ন কৰিছিল।

v) পাৰমাণৱিক তথ্য়ঃ ৰাছেলৰ তৰ্কীয় পৰমাণুবাদত পাৰমাণৱিক তথ্য়ৰ গুৰুত্ব সৰ্বাধিক। কাৰণ ৰাছেলৰ মতানুসাৰে পাৰমাণৱিক তথ্য়ৰ দ্বাৰাই জগতক জানিব পাৰি। পাৰমাণৱিক তথ্য় একেবাৰে সৰলতম তথ্য়। সবাতোকৈ সৰল, অবিভাজ্য় তথ্য় যাক সৰু সৰু কৰিব নোৱাৰি- যাৰ আৰু কোনো ভাগ বা অংশৰ বিষয়ে ভাবিব নোৱাৰি, তেনেকুৱা তথ্য়ক ৰাছেলে পাৰমাণৱিক তথ্য় বুলি কৈছে। ৰাছেলৰ মতে, এটা পাৰমাণৱিক তথ্য় হল বিশেষ আৰু সম্বন্ধৰ সমষ্টি।
        ৰাছেলৰ মতানুসাৰে প্ৰত্য়েক পাৰমাণৱিক তথ্য়ত এটা উপাদান থাকে যি স্বাভাৱিকভাৱে ক্ৰিয়াপদৰ দ্বাৰা ব্য়ক্ত হয়: নাইবা গুণৰ ক্ষেত্ৰত ই বিধেয়ৰ দ্বাৰা ব্য়ক্ত হব পাৰে, ই বিশেষণৰ দ্বাৰাও ব্য়ক্ত হ'ব পাৰে। এই উপাদানটো এটা গুণ নাইবা যুগ্ম সম্বন্ধ, বা ত্ৰয়ী সম্বন্ধ, ইত্য়াদি হব পাৰে। ৰাছেলে এনেকুৱা দুটা, তিনিটা, চাৰিটা ইত্য়াদি যিমান


                                                                                                                                              



Post ID : DABP004221