পাঠ-২ 


ঔপনিবেশিক ৰাজ্য আৰু বিচাৰধাৰা 


MODEL QUESTION & ANSWER

১। ব্ৰিটিছ ভাৰতীয় সৈন্য বাহিনীৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় ?

উত্তৰঃ  ব্ৰিটিছ ভাৰতীয় সৈন্য-বাহিনীৰ পিতৃপুৰুষ বুলি মেজৰ ষ্ট্ৰিংগাৰ লৰেন্সক কোৱা হয় । 

২। ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ভাৰতীয় সৈন্য বাহিনীৰ প্ৰথমজন সৰ্বাধিনায়ক কোন আছিল ।

উত্তৰঃ ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ভাৰতীয় সৈন্য বাহিনীৰ প্ৰথমজন সৰ্বাধিনায়কআছিল মেজৰ ষ্ট্ৰিংগাৰ লৰেন্স । 


৩। কিমান খ্ৰীষ্টাব্দত ৰবাৰ্ট ক্লাইৱে বংগ প্ৰচিডেন্সীত ভাৰতীয় চিপাহী বেটেলিয়ান ৰখা আৰম্ভ কৰিছিল .

উত্তৰঃ ১৭৫৭ খ্ৰীষ্টাব্দত ৰবাৰ্ট ক্লাইৱে বংগ প্ৰেচিডেন্সীত  ভাৰতীয়  চিপাহী বেটেলিয়ান ৰখা আৰম্ভ কৰিছিল । 


৪। ১৮৪৪ খ্ৰীঃত একত্ৰিত হোৱা কিমান সৈন্য আমাৰ দেশীয় আৰু কিমান সৈন্য ইউৰোপীয় আছিল ।

উত্তৰঃ ১৮৪৪ খ্ৰীঃত একত্ৰিত হোৱা ১৮,৫৮৪ জন ইউৰোপীয় আৰু ২,৩৫,৪৪৬ জন দেশীয় আছিল । 


৫। ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ সময়ত ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ সৈন্য বাহিনীত সৈন্যৰ সংখ্যা কিমান আছিল ।


উত্তৰঃ ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ সময়ত ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ সৈন্যবাহিনীত সৈন্যৰ সংখ্যা আছিল ৩,১১,৪০০ । 



৭। ব্ৰিটিছ ভাৰতীয় সৈন্যবাহিনীটোক কিমান ভাগত ভাগ কৰা হৈছিল আৰু কি কি ?

উত্তৰঃ ব্ৰিটিছ ভাৰতীয় সৈন্যবাহিনীটোক তিনিটা ভাগ কৰা হৈছিল সেইভাগকেইটা হল 

ক) ইউৰোপীয় বিষয়া ।

খ) ভাৰতীয় বিষয়া ।

গ) ভাৰতীয় সৈন্য বা চিপাহী । 


৮। কিমান চনত এই প্ৰেচিডেন্সী সৈন্যবাহিনীৰ কেইটাৰ  বিলুপ্তি ঘটাইছিল ।

উত্তৰঃ ১৮৯৫ খ্ৰীষ্টাব্দত এই প্ৰেচিডেন্সী সৈন্যবাহিনীৰ কেইটাৰ বিলুপ্তি ঘটাইছিল । 


৯। লেফটেনেন্ট জেনেৰেলৰ নেতৃত্বত এই  সৈন্য বাহিনীটোক চাৰিটা ভাগত ভাগ কৰা হৈছিল আৰু এই  ভাগকেইটাৰ নাম কি আছিল ।

উত্তৰঃ 


১০। কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ যুদ্ধ সচিব লৰ্ড সিলৰ নেতৃত্বত সৈন্য বাহিনীৰ সংস্কাৰৰ বাবে পৰামৰ্শ আগৱঢ়াইছিল ।

উত্তৰঃ ১৮৫৮ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ যুদ্ধ সচিব লৰ্ড পিলৰ নেতৃত্বত সৈন্যবাহিনীৰ সংস্কাৰৰ বাবে পৰামৰ্শ আগবঢ়াইছিল ।


১১। সৈন্য বাহিনীত নিযুক্তিৰ বাবে কেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল ।

উত্তৰঃ 


১২। ভাৰতীয় সৈন্য কেতিয়া পুনৰ প্ৰৱৰ্তন কৰা হৈছিল ।

উত্তৰঃ ১৯২২ চনত ভাৰতীয় সৈন্য পুনৰ প্ৰৱৰ্তন কৰা হৈছিল । 


১৩। সেনা নিয়ন্ত্ৰণৰ ভৌগলিক ক্ষেত্ৰসমূহ কি কি্ /

উত্তৰঃ সেনা নিয়ন্ত্ৰণৰ ভৌগোলিক ক্ষেত্ৰসমূহ হল 

ক) উত্তৰে -ৰাৱালপিণ্ডি ।

খ) পূবে- নাইনিতাল ।

গ) পশ্চিমে - কুৱেট্টা ।

ঘ) দক্ষিণে - পুনাৰ সেনা কোঠৰ পৰা নিয়ন্ত্ৰিত হৈছিল । 


১৪।জমিদাৰসকলৰ আৰক্ষী সম্বন্ধীয় অধিকাৰৰ বিলুপ্তি কিমান চনত ঘটোৱা হৈছিল ।

উত্তৰঃ


১৫। কিমান খ্ৰীষ্টাব্দত আৰু কাৰ অধ্যক্ষতাত এখন আয়োগ গঠন কৰা হৈছিল ।

উত্তৰঃ ১৮৩৩ খ্ৰীষ্টাব্দত লৰ্ড মেকলেৰ অধ্যক্ষতাত এখন আয়োগ গঠন কৰা হৈছিল । 


১৬। কিমান চনত আৰু কাৰ দিনত ৰেগুলেটিং আইন বলবৎ কৰা হৈছিল ।

উত্তৰঃ ১৭৭৩ খ্ৰীষ্টাব্দত ৱাৰেণ হেষ্ট্ৰিংছৰ দিনত ৰেগুলেটিং আইন বলবৎ কৰা হৈছিল । 

১৭। সৰ্বোচ্চ ন্যায়ালয় কত স্থাপন কৰা হৈছিল ।

উত্তৰঃ সৰ্বোচ্চ ন্যায়ালয় কলিকতাত স্থাপন কৰা হৈছিল । 

১৮। সৰ্বোচ্চ ন্যায়ালয়ৰ  প্ৰথমজন মুখ্য ন্যয়াধীশৰ নাম কি ।

উত্তৰঃ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশৰ নাম হল ছাৰ এলিজা ইম্পে । 


১৯। লৰ্ড কৰ্ণৱালিছৰ প্ৰশাসনীয় সংস্কাৰসমূহক কি নামেৰে জনা যায় ।

উত্তৰঃ লৰ্ড কৰ্ণৱালিছৰ প্ৰশাসনীয় সংস্কাৰসমূহক কৰ্ণৱালিছ বিধি নামেৰে জনা যায় । 

২০। প্ৰথম বিধি আয়োগ কিমান খ্ৰীষ্টাব্দত আৰু কাৰ অধ্যক্ষতাত স্থাপন কৰা হৈছিল ।

উত্তৰঃ  ১৮৩৩ খ্ৰীষ্টাব্দত মেকলেৰ অধ্যক্ষতাত প্ৰথম বিধি আয়োগ স্থাপন কৰা হৈছিল । 

২১। কিমান খ্ৰীষ্টাব্দত পুনৰ বিধি আয়োগ গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৮৫৩ খ্ৰীষ্টাব্দত পুনৰ বিধি আয়োগ গঠন কৰা হৈছিল । 


২২। ব্ৰিটিছৰ যুগৰ কেইখনমান উল্লেখযোগ্য অনুবাদ সাহিত্যৰ নাম লিখা .

উত্তৰঃ 

২৩। কোনে কিমান চনত ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ ব্ৰিটিছ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ৱেলেছলীয়ে ১৮০০ খ্ৰীষ্টাব্দত  ফৰ্ট ুউইলিয়াম কলেজ প্ৰতিষ্ঠা কৰিছিল । 


২৪। চাৰ্টাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল ।

উত্তৰ-।১৮১৩ চনত চাৰ্টাৰ আইন প্ৰণয়ন কৰা হৈছিল । 


২৫। কিমান খ্ৰীষ্টাব্দত সতী প্ৰথাক অবৈধ বুলি ঘোষণা কৰা হৈছিল ।

উত্তৰঃ ১৮২৯ খ্ৰীষ্টাব্দত সতী প্ৰথাক অবৈধ বুলি ঘোষণা কৰা হৈছিল । 


২৬। কিমান খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইন গঠন কৰা হৈছিল।

উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইন গঠন কৰা হৈছিল । 

২৭। কিমান খ্ৰীষ্টাব্দত History of  British India  কিতাপখন ৰচনা কৰা হৈছিল ।

উত্তৰঃ ১৮১৮ খ্ৰীষ্টাব্দত History of British India কিতাপখন ৰচনা কৰা হৈছিল । 

২৮। কিমান খ্ৰীষ্টাব্দত আৰু কোনে পোন প্ৰথমে কলিকতাত স্কুল স্থাপন কৰিছিল ।

উত্তৰঃ 


২৯। কোনে কেতিয়া কত সংস্কৃত কলেজ প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ  ১৭৯১ খ্ৰীষ্টাব্দত ব্ৰিটিছৰ প্ৰতিনিধি জনাথন ডানকানে বাৰানসীত সংস্কৃত কলেজ প্ৰতিষ্ঠা কৰিছিল । 

৩০। ভাৰতীয় ভাষা আৰু ৰীতি-নীতি শিক্ষা প্ৰদানৰ কেতিয়া আৰু কিমান চনত কলেজ স্থাপন কৰিছিল।

উত্তৰঃ


৩১। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিকাশৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পদক্ষেপ কি আছিল ।

উত্তৰঃ  ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিকাশৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল স্ত্ৰীসকলক শিক্ষা দি উপযুক্ত কৰি তোলা । 

৩২। হিন্দু কলেজ কিমান খ্ৰীষ্টাব্দত আৰু কত স্থাপন কৰা হৈছিল ।

উত্তৰঃ ১৮১৭ খ্ৰীষ্টাব্দত কলিকতাত হিন্দু কলেজ স্থাপন কৰা হৈছিল । 


৩৩। স্কটিছ মিছনেৰী কিমান চনত আৰু কত স্থাপন কৰা হৈছিল ।

উত্তৰঃ  ১৮৩০ চনত কলিকতাত স্কটিছ মিছনেৰী স্থাপন কৰা হৈছিল ।

৩৪। কিমান চনত দিল্লী কলেজ প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ  ১৮২৮ খ্ৰীষ্টাব্দত দিল্লী কলেজ প্ৰতিষ্ঠা কৰা হৈছিল । 

৩৫। প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কিমান চনত আৰু কত স্থাপন কৰা হৈছিল ।

উত্তৰঃ   ১৮৩৫ খ্ৰীষ্টাব্দত কলিকতাত প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল । 

৩৬। কিমান খ্ৰীষ্টাব্দত আৰু কত প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা হৈছিল ।

উত্তৰ- ১৮৪৭ খ্ৰীষ্টাব্দত ৰুৰকীত প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা হৈছিল । 


৩৭। কিমান খ্ৰীষ্টাব্দত আৰু কত হিন্দু বালিকা বিদ্যালয় স্থাপন কৰা হৈছিল ।

উত্তৰঃ ১৮৪৯ খ্ৰীষ্টাব্দত কলিকতাত হিন্দু বালিকা বিদ্যালয় স্থাপন কৰা হৈছিল । 


৩৮। উডৰ ঘোষমা পত্ৰ কেতিয়া প্ৰণয়ন কৰা হৈছিল ।

উত্তৰঃ ১৮৫৪ চনত উডৰ ঘোষণা পত্ৰ প্ৰণয়ণ কৰা হৈছিল । 

৩৯। উডৰ পৰামৰ্শবোৰৰ বিষয়ে লিখা ।

উত্তৰঃ  উডৰ পৰামৰ্শবোৰ হল 

ক) প্ৰাথমিক বিদ্যালয় স্তৰত শিক্ষাৰ মাধ্যম দেশীয় ভাষা, মাধ্যমিক স্তৰত ইংগ-দেশীয় ভাষা আৰু উচ্চ শিক্ষাৰ মাধ্যম ইংৰাজী কৰাৰ পৰামৰ্শ দিছিল ।

খ) লণ্ডন বিশ্ববিদ্যালয়ৰ আৰ্হিত কলিকতা, বোম্বাই, আৰু মাদ্ৰাজত একোখন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দিছিল । 

গ) শিক্ষক-প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ বিষয়ে উল্লেখ কৰিছিল ।

ঘ) ব্যৱহাৰিক শিক্ষাৰ প্ৰসাৰৰ ওপৰত বল দি পৃথক শিক্ষানুষ্ঠান গঢ়ি তোলাক প্ৰাধান্য দিছিল ।

ঙ) প্ৰাথমিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল ।

চ) স্ত্ৰী শিক্ষাৰ আৱশ্যকতাকো প্ৰমূল্য দি প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিছিল ।

ছ) ধৰ্মনিৰপেক্ষ শিক্ষা ব্যৱস্থাৰ পোষকতা কৰিছিল ।

জ) মেধাৱী ছাত্ৰৰ বাবে বৃত্তি দিয়াৰ পৰামৰ্শ দিছিল । 

.ঝ) ইতিমধ্যে গঢ়ি উঠা চৰকাৰী শিক্ষানুষ্ঠানসমূহ চলাই থকাৰ লগতে প্ৰয়োজন সাপেক্ষে নতুন শিক্ষানুষ্ঠান স্থাপনৰ পৰামৰ্শ দিছিল ।

ঞ) কোম্পানী চৰকাৰক ভাৰতীয় জনসাধাৰণৰ শিক্ষাৰ দায়িত্ব লোৱাৰ পৰামৰ্শ দিছিল । ইয়াৰ বাবে প্ৰত্যেক প্ৰদেশতে একোটা শিক্ষা বিভাগ স্থাপন আৰু লোক শিক্ষণ সঞ্চালক নিযুক্তিৰ পৰামৰ্শ দিছিল । 



৪০। কিমান চনত আৰু কত কাৰ নিৰ্দেশত তিনি্খন বিশ্ববিদ্যলয় স্থাপন কৰা হৈছিল ।

উত্তৰঃ  ১৮৫৭ খ্ৰীষ্টাব্দত উদৰ নিৰ্দেশত কলিকতা , বোম্বাই আৰু আৰু মাদ্ৰাজত তিনিখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । 



৪১। কিমান খ্ৰীষ্টাব্দত আৰু কাৰ অধ্যক্ষতাত হান্টাৰ আয়োগ গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৮৮২ খ্ৰীষ্টাব্দত চাৰ উইলিয়াম হান্টাৰৰ অধ্যক্ষতাত হান্টাৰ আয়োগ গঠন কৰা হৈছিল । 

 

৪১। হান্টাৰ আয়োগৰ পৰামৰ্শসমূহ কি কি ?

উত্তৰঃ হান্টাৰ আয়োগৰ পৰামৰ্শসমূহ হল 

ক) হান্টাৰ আয়োগে প্ৰাথমিক শিক্ষাক ব্যক্তিৰ জীৱনৰ বাবে অতি গুৰুত্বৰূৰ্ণ বিবেচনা কৰি ইয়াৰ পৰিচালনা আৰু প্ৰসাৰত বিশেষ মহত্ব দিছিল । প্ৰাথমিক শিক্ষাৰ নিৰীক্ষণ স্থানীয় পৰ্যায়ত হোৱাৰ পোষকতা কৰিছিল ।

খ) চৰকাৰে স্বেচ্ছাই মাধ্যমিক আৰু উচ্চ শিক্ষাৰ প্ৰত্যক্ষ দায়িত্ব আৰু নিয়ন্ত্ৰণৰ পৰা মুক্ত হোৱাৰ পৰামৰ্শ দিছিল আৰু তাৰ স্থানত ব্যক্তিগত প্ৰয়াস আৰু ভাৰতীয়সকল আগবাঢ়ি অহাৰ পোষকতা কৰিছিল ।

গ) মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম বিজ্ঞান আৰু সাহিত্য তথা ব্যৱসায়িক কৰি তাৰ বাবে পৃথক ব্যৱস্থাৰ পোষকতা কৰিছিল ।

ঘ) মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে স্নাতক শিক্ষক প্ৰশিক্ষণৰ আবশ্যকতাৰ বিষয়ে উল্লেখ কৰিছিল ।

ঙ) উচ্চ শিক্ষাৰ প্ৰসাৰৰ বাবে বিত্তীয় আৰু বিশেষ অনুদান আগবঢ়োৱাৰ পৰামৰ্শ দিছিল ।

চ) উচ্চ শিক্ষানুষ্ঠানত বিভিন্ন প্ৰকাৰৰ বিস্তৃত পাঠ্যক্ৰমৰ পোষকতা কৰিছিল । 

ছ) স্বদেশী শিক্ষাৰ ক্ষেত্ৰতো সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু উপযুক্ত সহযোগিতা আগবঢ়োৱাৰ পৰামৰ্শ দিছিল । 

জ) ধৰ্মীয় শিক্ষাৰ মহত্ব উপলব্ধি কৰিলেও সাৰ্বজনীন আৰু চৰকাৰী শিক্ষানুষ্ঠানত ধৰ্ম নিৰপেক্ষ শিক্ষাৰ পোষকতা কৰিছিল । 

ঝ) মুছলমানসকলৰ মাজত শিক্ষাৰ বিকাশৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আৱশ্যকতা ব্যক্ত কৰিছিল ।

ঞ) পিছপৰা শ্ৰেণী আৰু নাৰীৰ মাজত শিক্ষাৰ প্ৰসাৰৰ প্ৰতিও হান্টাৰ আয়োগ সচেতন আছিল । স্ত্ৰী শিক্ষাক আগ্ৰহী কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছিল । 




Type: Apurba Kakati

Author  Ali rani Kakati ( Ba in History Major) 

.




Post ID : DABP005402