ব্যৱস্থাপনা
(Management)
অনুশীলনী
১ নং থকা প্ৰশ্নাৱলীঃ
(ক) কোম্পানীৰসঞ্চালকসকল কোম্পানীৰ—
১। কৰ্মচাৰী
২। নিযুক্তিদাতা
৩। ১ আৰু ২ দুয়োটা
৩। ওপৰৰ কোনটো নহয়।
(খ) ৰাজহুৱা কোম্পানীৰ সৰ্বনিম্ন সঞ্চালকৰ সংখ্যা—
১। এজন
২। দুজন
৩। তিনিজন
৪। চাৰিজন
(গ) তলৰ কোনজন সঞ্চালকক এটা বিত্তীয় প্রতিষ্ঠানৰ দ্বাৰা নিযুক্ত কৰা হয়—
১। স্বতন্ত্র সঞ্চালক
২। মনোনীত সঞ্চালক
৩। বিকল্প সঞ্চালক
৪। বিত্ত সঞ্চালক
(ঘ) কোম্পানীৰ সচিবক ________ ৰ সভাত গৃহীত হোৱা সিদ্ধান্তৰ দ্বাৰা নিযুক্তি দিয়া হয়।
(ঙ) কোনো কোম্পানীয়ে পৰিচালন সঞ্চালক এগৰাকীক ________ বছৰৰ বেছি সময়ৰ বাবে নিযুক্তি দিব নোৱাৰে।
(চ) কোনো ব্যক্তিয়ে ________ টাতকৈ অধিক কোম্পানীৰ সঞ্চালক হিচাপে কাম কৰিব নোৱাৰে ৷
(ছ) কিছুমান পৰিস্থিতিত সঞ্চালকৰ সংখ্যা বৃদ্ধিৰ বাবে ________ অনুমোদনৰ আৱশ্যক।
(জ) একেৰাহে পৰিচালন সঞ্চালক এগৰাকীয়ে ৭ বছৰ কাল কাৰ্যনিৰ্বাহ কৰিব পাৰে। (সত্য নে অসত্য)
(ঝ) সঞ্চালকসকল পুনৰ নিযুক্তিৰ বাবে অৰ্হতা লাভ নকৰে । (সঁচা নে মিছা)
(ঞ) সঞ্চালক এজন কোম্পানী এটাৰ বিষয়া । ( সঁচা নে মিছা )
(ট) কোম্পানীৰ সঞ্চালক সকল কোম্পানীটোৰ ন্যাসৰক্ষী। (সঁচা নে মিছা)
(ঠ) কোম্পানীৰ সাধাৰণ সভা আহ্বান কৰাৰ তলৰ কোনটো প্ৰকৃত কৰ্তৃপক্ষ—
১। সঞ্চালক মণ্ডলী
২। অংশধাৰক
৩। পৰিচালন সঞ্চালক
৪। সঞ্চালক মণ্ডলীৰ অধ্যক্ষ ।
(ড) তলৰ কিমান দিন আগতে কোম্পানীৰ সাধাৰণ সভাৰ জাননী জাৰি কৰিব লাগে—
১। ৭ দিন
২। ১৪ দিন
৩। ২১ দিন
৪। ৩০ দি ।
(ঢ) কোম্পানীৰ সঞ্চালক মণ্ডলীৰ সভা এবছৰত কিমান খন আহ্বান কৰিব লাগে—
১। তিনিখন সভা
২। চাৰিখন সভা
৩। ছয়খন সভা
৪। বাৰখন সভা।
(ণ) কোম্পানী এটাৰ পৰিচালকক দিয়া পাৰিশ্ৰমিক তলৰ কিমান শতাংশৰ অধিক হ'ব নালাগে—
১। প্ৰকৃত লাভৰ ৫ শতাংশ
২। প্রকৃত লাভৰ ১০ শতাংশ
৩। প্রকৃত লাভৰ ১১ শতাংশ
৪। ৬ লাখ টকা।
(ত) কোম্পানীৰ পৰিচালক এগৰাকীয়ে অসমী পাৰিশ্ৰমিক লাভ কৰে। (সঁচা নে মিছা)
(থ) পৰিচালক সঞ্চালক এজন কোম্পানী এটাৰ সঞ্চালকো হ’ব পাৰে। (সঁচা নে মিছা)
(দ) কোনো কোম্পানীয়ে একে সময়তে পৰিচালন সঞ্চালক বা এজন পৰিচালক হ'ব নোৱাৰে। (সঁচা নে মিছা)
(ধ) সঞ্চালক মণ্ডলীৰ পদৰ পৰা ব্যক্তি গৰাকীক অপসাৰণ কৰিবলৈ অনুমোদন লোৱাৰ প্ৰয়োজন নাথাকে।
(ন) প্ৰতিটো ৰাজহুৱা কোম্পানীয়ে সাধাৰণ সভাত ভোট প্ৰদানৰ অৰ্থে ইয়াৰ সদস্য সকলক ই-ভোটাৰ সুবিধা প্ৰদান কৰিব লাগিব।
২ নং থকা প্রশ্নাৱলী
১। কোম্পানীৰ সঞ্চালকৰ ধাৰণা আৰু আইনগত অর্থ লিখা।
২। কেনেকুৱা শ্ৰেণীৰ কোম্পানীত মহিলা সঞ্চালকৰ প্ৰয়োজন উল্লেখ কৰা।
৩। কার্যকৰী আৰু অকার্যকৰী সঞ্চালকৰ অৰ্থ দিয়া।
৪। সঞ্চালকৰ দুটা অনৰ্হতা উল্লেখ কৰা।
৫। সঞ্চালকৰ চিনাক্তকৰণ সংখ্যা কি?
৬। বোৰ্ডৰ সভাত অনুশীলন কৰিব পৰা সঞ্চালকৰ দুটা ক্ষমতা উল্লেখ কৰা।
৭। সঞ্চালকৰ দুটা সাধাৰণ কৰ্তব্য লিখা।
৮। কোম্পানীৰ সচিব বুলিলে কি বুজা লিখা।
৯। বৈধ সভাৰ চৰ্ত দুটা উল্লেখ কৰা।
১০। কোম্পানীৰ সভা মানে কি বুজা লিখা।
১১। বার্ষিক সাধাৰণ সভাত আলোচিত দুটা সাধাৰণ আৰু দুটা বিশেষ প্ৰসংগ উল্লেখ কৰা।
১২। ই ভোটিং কি?
১৩। পোষ্টেল বেলট ব্যৱহাৰ কৰি ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা দুটা বিষয় উল্লেখ কৰা।
১৪। অতিৰিক্ত সাধাৰণ সভাআহ্বান কৰিব পৰা দুটা পক্ষৰ নাম লিখা।
১৫। কোম্পানী আইন ২০১৩ৰ অধীনত সঞ্চালক মণ্ডলীয়ে গঠন কৰিব লগা দুখন কমিটিৰ নাম কৰা।
৪/৫ নং থকা প্রশ্নাৱলী
১। স্বতন্ত্র সঞ্চালক কোন?
২। মনোনীতি সঞ্চালকৰ ওপৰত এটি টোকা লিখা।
৩। কোম্পানীৰ সঞ্চালকৰ পাচটা কৰ্তব্য লিখা।
৪। কোম্পানীৰ সঞ্চালকৰ ক্ষমতাসমূহ চমুকৈ লিখা।
৫। পৰিচালন সঞ্চালক আৰু পৰিচালনাৰ পাৰ্থক্য লিখা।
৬। কোম্পানীৰ সাধাৰণ সভাত আলোচনা কৰা বিষয়সমূহ উল্লেখ কৰা।
৭। বার্ষিক সাধাৰণ সভা আহ্বান কৰাৰ আইনী বিধানসমূহ কি কি লিখা।
৮। ইলেকট্রনিক ভোটদানৰ প্ৰক্ৰিয়াসমূহ বৰ্ণনা কৰা।
৯। কোম্পানী আইনত ডাক বেলটেৰে ভোট প্রদান কৰিব পৰা বিষয়বস্তুসমূহ কি কি?
১০। শ্রেণী সভাৰ ওপৰত এটি টোকা যুগুত কৰা।
১১। হিচাপ পৰীক্ষণ কমিটিৰ পাচটা কাৰ্য লিখা।
১২। নিগমীয় সামাজিক দায়বদ্ধতাৰ কমিটিৰ কৰ্তব্য পাচটা লিখা।
১৩। সংশোধিত অনুসূচী VII অত উল্লেখ কৰা সামাজিক দায়বদ্ধতাৰ কমিটিৰ পাচটা কাৰ্য লিখা।
১০ নং থকা দীর্ঘ প্রশ্নাৱলী–
১। কোম্পানী আইন ২০১৩ অত থকা সঞ্চালক নিযুক্তিৰ বিভিন্ন প্ৰক্ৰিয়া/পদ্ধতিসমূহ বৰ্ণনা কৰা।
২। কাক কোম্পানীৰ সঞ্চালক নিযুক্ত কৰিব পাৰি? কোনো ব্যক্তিক সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ অৰ্হতাসূহ আলচ কৰা।
৩। কোম্পানীৰ সঞ্চালক কোন? সাধাৰণ থকা সঞ্চালকৰ অৱস্থান বর্ণনা কৰা।
৪। কোম্পানী আইন ২০১৩ অত উল্লেখ থকা সঞ্চালকৰ অৱস্থান বর্ণনা কৰা।
৫। সঞ্চালকৰ চিনাক্তকৰণ সংখ্যা কি? এনে সংখ্যা আৰ্জন কৰাৰ পদক্ষেপসমূহ বর্ণনা কৰা।
৬। কোম্পানী আইন ২০১৩ৰ বিধান মতে কোম্পানীৰ সঞ্চালক অপসাৰণৰ পদ্ধতিসমূহ বৰ্ণনা কৰা।
৭। সঞ্চালকৰ ক্ষমতা আৰু কৰ্তব্যসমূহ চমুকৈ আলোচনা কৰা।
৮। কোম্পানীৰ মুখ্য পৰিচালনাৰ ব্যক্তিসকল কোন কোন? এনে পৰিচালনাৰ মুখ্য ব্যক্তিৰ নিযুক্তিৰ পদ্ধতিৰ বিষয়ে সংক্ষেপে বর্ণনা কৰা।
৯। কোম্পানী আইনত মুখ্য পৰিচালনাৰ ব্যক্তিসকলৰ পাৰিশ্ৰমিক সন্দৰ্ভত থকা আইনী ব্যৱস্থাৱলীসমূহ ব্যাখ্যা কৰা। লগতে পৰিচালন সঞ্চালক আৰু পূৰ্ণকালীন সঞ্চালকৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা।
১০। কোম্পানীৰ সচিব কোন? কোম্পানীৰ সচিবৰ কৰ্তব্য আৰু দেনা দায়িত্বসমূহ বর্ণনা কৰা।
১১। সঞ্চালক মণ্ডলীৰ সভাৰ আইনী ব্যৱস্থাৱলীসমূহ বৰ্ণনা কৰা।
১২। বার্ষিক সাধাৰণ সভা আহ্বান কৰাৰ কোম্পানীৰ আইনৰ প্ৰধান নিয়মাৱলীসমূহ ব্যাখ্যা কৰা।
১৩। ভোটিং কি? ই ভোটিংৰ প্ৰক্ৰিয়াসমূহ বৰ্ণনা কৰা।
Type Himanku Bora
Post ID : DABP005384