প্ৰকৃতিত মানুহৰ হস্তক্ষেপ

অধ্যায়ঃ২০


1) খালী ঠাই পূৰ কৰাঃ

i) সূৰ্য্যৰ পোহৰ শক্তি একধৰণৰ নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ।

ii) গছে-অক্সিজেন এৰি দিয়ে আৰু --কাৰ্বন ডাইঅক্সাইড শোষণ কৰে।

iii) মৃত জীৱৰ দেহ মাটিত পোত খাই অশ্মীভৱনেৰে জীৱাশ্ম ইন্ধন সৃষ্টি হয়।


2. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

i) জোৱাৰ শক্তি

a) অক্ষয় সম্পদ                    b) ক্ষয়শীল সম্পদ

c) নৱীকৰণযোগ্য সম্পদ                 d) নৱীকৰণঅযোগ্য সম্পদ

উত্তৰঃ a) অক্ষয় সম্পদ        

ii) গছৰ পৰা আমি পাওঁ

a) মিথেন গেছ                  b) খনিজ দ্ৰব্য

c) অপ্ৰচলিত শক্তি                d) ঔষধ

উত্তৰঃ c) অপ্ৰচলিত শক্তি

iii) ভাৰতত 2017 চনৰ পৰা প্ৰতি বছৰে বনাঞ্চল বৃদ্ধিৰ পৰিমাণ হ'ল

a) 5000 বৰ্গ কি.মি                     b) 5200 বৰ্গ কি.মি

c) 5500 বৰ্গ কি.মি                     d) 4800 বৰ্গ কি.মি

উত্তৰঃ      b) 5200 বৰ্গ কি.মি

iv) পতিত ভূমিত গছপুলি ৰোপণক কি বোলা হয়?

a) উদ্যান শস্য                           b) পুনঃ বনানীকৰণ

c) বনানীকৰণ                           d) মাটিৰ সংৰক্ষণ

উত্তৰঃ b) পুনঃ বনানীকৰণ

v) চিপকো আন্দোলন ক'ত হৈছিল?

a) অসম                                         b) উত্তৰাখণ্ড

c) কেৰালা                                       d) মহাৰাষ্ট্ৰ

উত্তৰঃ  b) উত্তৰাখণ্ড

3. চমু উত্তৰ লিখা :

i) নৱীকৰণ সম্পদ কাক বোলে?

উত্তৰঃ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিও আকৌ ব্যৱহাৰ কৰিব পৰা যায়,সেইবোৰ সম্পদক নৱীকৰণ সম্পদ বোলে।

ii) জীৱসম্পদৰ সংজ্ঞা লিখা।

উত্তৰঃ যিবোৰ সম্পদ নৱীকৰণযোগ্য, সেই সম্পদবোৰক জীৱসম্পদ বুলিও কোৱা হয়।

iii) বনৰ দুটা উপকাৰিতা উল্লেখ কৰা।

উত্তৰঃ বনৰ পৰা আমি কাঠ, বাহঁ,খৰি,ঔষধ,ফল আদি পাওঁ।

 বনত থকা গছবোৰৰ বাবে আমি বিশুদ্ধ বায়ু পাও। 

iv) বনাঞ্চল ধ্বংসৰ ফলত গোলকীয় উষ্ণতা কেনেদৰে বৃদ্ধি হয়?

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত গছ-গছনিবোৰ নাথাকে গতিকে ৰদৰ তাপ বেছি হয়। আৰু ৰদৰ তাপ বেছি হলে গোলকীয় উষ্ণতা বৃদ্ধি হয়।

v) পুনঃ বনানীকৰণ আৰু বনানীকৰণৰ পাৰ্থক্য লিখা।

উত্তৰঃ বনাঞ্চল ধ্বংস হোৱাৰ পাছত তাত গছপুলি ৰুই পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাকে পুনঃবনানীকৰণ বোলে। আনহাতে আগতে গছ-গছনি নথকা ঠাইত গছপুলি ৰুই নতুন বন সৃষ্টি কৰাকে বনানীকৰণ বোলে। 

4. উত্তৰ লিখা :

a) বনাঞ্চল হ্ৰাসৰ চাৰিটা কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ বনাঞ্চল ধ্বংসৰ চাৰিটা কাৰণ হ'ল-

1. ব্যৱসায়িক ভিত্তিত কাঠ সংগ্ৰহ কৰা, 2. দ্ৰুত নগৰীকৰণ, 3.কৃষি ভূমিৰ সম্প্ৰসাৰণ, 4. খনিজ দ্ৰৱ্য নিষ্কাশনৰ বাবে।

b) কাগজৰ পুনৰাৱৰ্তনৰ লাভ কি? বহলাই লিখা।

উত্তৰঃ  কাগজ পুনৰাৱৰ্তনৰ লাভ হ'ল- আমি কাগজবোৰ অনিষ্ট নকৰিম, বাহৰ ব্যৱহাৰ কমিব, বাহৰ ব্যৱহাৰ কমিলে বাহঁ কটা কমিব। আৰু বাহঁমকটা কমিলে অৰণ্য ধ্বংস নহব। গতিকে আমি কাগজ পুনৰাৱৰ্তন কৰিব লাগে।

c) জীৱাশ্ম ইন্ধন বুলিলে কি বুজা? জীৱাশ্ম ইন্ধন সংৰক্ষণৰ উপায় আলোচনা কৰা।

উত্তৰঃ  যিবোৰ শক্তি সম্পদ ভূ-গৰ্ভৰ পৰা আহৰণ কৰা হয়। আৰু এইবোৰৰ পৰিমাণ সীমিত এই সম্পদবোৰক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। জীৱাশ্ম ইন্ধনবোৰ সংৰক্ষণৰ প্ৰয়োজন। কাৰণ এইবোৰ কোনো পৰীক্ষাগাৰত প্ৰস্তুত কৰিব নোৱাৰি। এইবোৰ আমি কমকে ব্যৱহাৰ কৰিব লাগিব তেতিয়া এই জীৱাশ্ম ইন্ধন সংৰক্ষণ কৰিব পৰা যাব।  

d) ভাৰতৰ দুটা বন সংৰক্ষণ আন্দোলনৰ বিষয়ে লিখা।

উত্তৰঃ  ভাৰতৰ দুটা বন সংৰক্ষণ আন্দোলন হ'ল-

চিপকো আন্দোলন- এই আন্দোলন ভাৰতৰ উত্তৰাখণ্ডৰ ৰাজ্যৰ তেহৰি-গাড়োৱাল অঞ্চলত হৈছিল। এই আন্দোলনত প্ৰতিগৰাকী লোকে একোডাল গছ সাবটি ধৰি গছ কটাতচ বাধা দিছিল, বাবে এই আন্দোলনক চিপকো আন্দোলন বুলি কোৱা হয়।এই আন্দোলন ১৯৭২ চনত আৰম্ভ হৈছিল। 


e) নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰঃ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পাৰি তাকে নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলে। যেনে- সূৰ্য্যৰ ৰশ্মি, বতাহ, পানী আদি।


Author-DIKHA BORA