দশম অধ্যায়



প্ৰশাসনিক, ধৰ্মীয় আৰু সাংস্কূতিক অৱস্থা
    
                         

অতি চমু প্রশ্ন (Very Short Questions):


 অসমত আহোমৰ শাসন কোনে প্রতিষ্ঠা কৰিছিল ? 
উত্তৰঃ  অসমত আহোমৰ শাসন চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰিছিল । 

২। কোনে প্রথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? 
উত্তৰঃ চুহুংমু বা দিহিংগীয়া ৰজাই প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল । 

৩। ‘শিঙৰি ঘৰত উঠা’ মানে কি বুজা?
উত্তৰঃ আহোমসকলৰ ৰাজ-অভিষেক উৎসৱক আহোমৰ প্ৰথামতে শিঙৰি ঘৰত উঠা বুলি কোৱা হয় । 

৪। অসমৰ প্ৰথমখন স্থায়ী ৰাজধানী ক’ত প্ৰতিষ্ঠা কৰা হৈছিল? 
উত্তৰঃ অসমৰ প্ৰথমখন স্থায়ী ৰাজধানী চৰাইদেউত প্ৰতিষ্ঠা কৰা হৈছিল । 


 আহোমৰ শাসনকালত পাত্রমন্ত্রী কেইজন আছিল?
উত্তৰঃ আহোমৰ শাসনকালত পাত্ৰমন্ত্ৰী পাচজন আছিল । 

 চমুৱাসকল কোন আছিল?
উত্তৰঃ গাৰ-খাটনিৰ সলনি ৰজাৰ ঘৰত বছৰি দুটকা খাজনা দি কিছুমান পাইকে ৰেহাই লব পাৰিছিল সেই লোকসকলে চমুৱা বুলি কোৱা হয় । 

 আহোম-ভূটিয়া সীমান্তত কেইখন দুৱাৰ আছিল?
উত্তৰঃ  আহোম-ভূটান সীমান্তত নখন দুৱাৰ আছিল । 
 
 অঁকা-বহতীয়া কি?
উত্তৰঃ  অঁকা-বহতীয়া হল প্ৰায় এহেজাৰমান আহোম-পাইকৰ গোট । 

৯।‘গাম’ কোন জনগোষ্ঠীত আছিল?
উত্তৰঃ গাম মিচিং জনগোষ্ঠীত আছিল । 

১০ ৰঙিলী আইদেউ কিয় বিখ্যাত
উত্তৰঃ   ৰঙিলী আইদেউ মন্ত্ৰী বদনচন্দ্ৰ বৰফুকনৰ সম্বন্ধীয় পেহীয়েক আৰু লগতে তেোঁ ব্ৰহ্মদেশৰ ৰজা বদৌপায়াৰ পত্নী । সেই উদ্দেশ্য ৰঙিলী আইদেউ বিখ্যাত আছিল । 

১১ কোনজন আহোম ৰজাই প্রথমে হিন্দু ধৰ্মত শৰণ লৈছিল
উত্তৰঃ চুহুংমুং বা স্বৰ্গনাৰায়ণ ৰজাই প্ৰথমে হিন্দু ধৰ্মত শৰণ লৈছিল । 

১২ ‘আনন্দ লহৰী ৰচক কোন?
উত্তৰঃ


চমু প্রশ্ন (Short Questions ):
 
 আহোম প্ৰশাসনৰ দুটা বৈশিষ্ট্য লিখা 
উত্তৰঃ আহোম প্ৰশাসনৰ দুটা বৈশিষ্ট্য হল 
ক) ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন ।
খ) আহোমসকলৰ কোনো লিখিত সংবিধান নাছিল । 

 আহোম ৰজাৰ দুটা দায়িত্ব আৰু কৰ্তব্য  উল্লেখ কৰা
উত্তৰঃ  আহোম ৰজাৰ দুটা দায়িত্ব আৰু কৰ্তব্য হল 
ক) আহোম ৰজাসকলৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য আছিল প্ৰজাৰ জীৱন, সম্পত্তি আৰু বিশ্বাসক নিৰাপত্তা প্ৰদান কৰা ।
খ) বৈদেশীক নীতি পৰিচালনা কৰাও ৰজাৰ প্ৰধান দায়িত্বৰ ভিতৰতে পৰিছিল । 

 'নগাখাতআৰু ‘নগা কটকী কি?
উত্তৰঃ  আহোমৰ ৰজাসকলে নগা গোষ্ঠীসমূহক ভৈয়ামৰ সাৰুৱা অঞ্চলসমূহ দান কৰিছিল । এনেদৰে দান কৰা অঞ্চলসমূহকে নগাখাত হিচাপে জনা যায় ।
নগাখাতসমূহৰ পৰিচালনাৰ বাবে নগা-কটকী নামৰ বিষয়া নিয়োগ কৰিছিল । 

 আহোম যুগৰ দুবিধ বাদ্যযন্ত্ৰৰ নাম লিখা
উত্তৰঃ আহোম যুগৰ দুবিধ বাদ্যযন্ত্ৰৰ নাম হল 
ক) ঢোল ।
খ) মৃদং । 

 আহোম যুগৰ দুখন সাহিত্যৰ নাম লিখা
উত্তৰঃ  আহোম যুগৰ দুখন সাহিত্যৰ নাম হল 
ক) দশম স্কন্ধ ভাগৱত ।
খ) ধৰ্মপুৰাণ । 



 চমুটোকা (Short Notes):
 
১। পাইক প্রথা (Paik system)
উত্তৰঃ আহোমসকলৰ শাসনকালত সম্ভ্ৰান্ত শ্ৰেণী আৰু বিষয়াবৰ্গক বাদ দি পোন্ধৰ বছৰৰ প্ৰতিজন পুৰুষক পাইক বুলি কোৱা হৈছিল । পোন্ধৰ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰৰ ভিতৰত প্ৰতিজন পুৰুষে ৰাজ্য আৰু ৰজাৰ হৈ গা-খাটি দিয়াৰ নিয়ম আছিল । প্ৰথমে চাৰিজন পাইক আৰু পাছলৈ তিনিজন পাইকক লৈ একোটা গোট গঠন কৰা হৈছিল । স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ সময়ৰ পৰা তিনিজন পাইকক লৈ একোটা গোটৰ সৃষ্টি কৰা হৈছিল । এই তিনিজন পাইক ক্ৰমে মূল, দেৱাল আৰু টেৱাল হিচাপে জনা গৈছিল . এওঁলোকে পাল পাতি এবাৰত এজনে বছৰি তিনি মাহ বা চাৰি মাহ ৰজাৰ ঘৰত খাটি দিব লাগিছিল । এজনে গা -খাটিব গলে বাকী দুজনে মাটি-বাৰী আৰু খেতি-বাতিৰ চোৱা-চিতা কৰিব পাৰিছিল । গা-খাটি দিয়াৰ বিনিময়ত প্ৰতিজনে ৰজাৰ ঘৰৰ পৰা বিনা-খাজনাই দুপুৰাকৈ মাটি পাইছিল । 
পাইকসকলৰ প্ৰধান কাম আছিল আলি-পদুলিবন্ধোৱা, পুখুৰী খন্দা, দ'ল দেৱালয় সজা, কাৰেং-কোঠ আদিৰ নিৰ্মাণ কৰা ইত্যাদি । যুদ্ধৰ সময়ত তেওঁলোকে যুদ্ধলৈ যাব পাৰিছিল । গাৰ খাটনিৰ সলনি ৰজাৰ ঘৰত বছৰি দুটকা খাজনা দি কিছুমান পাইকে ৰেহাই লব পাৰিছিল । এনে লোকক চমুৱা বোলা হৈছিল । 

 আহোম-ভূটিয়া সম্পর্ক (Ahom-Bhutia Relation)
উত্তৰঃ  আহোম ৰাজ্যৰ উত্তৰ-পশ্চিম দিশত ভূটীয়াসকলৰ বাসস্থান আছিল । আহোম ৰাজ্যৰ লগত ভূটিয়াসকলে নখন দুৱাৰেদি সংযোগ স্থাপন কৰিছিল । অসম-ভূটান সীমান্তত পূবৰ পৰা পশ্চিমলৈ অৱস্থিত এই নটা দুৱাৰ বা পাহাৰৰ পৰা ভৈয়ামলৈ প্ৰৱেশ কৰা বাটসমূহ আছিল 

দৰং জিলাৰ -- চাৰিদুৱাৰ, কৰিয়াপাৰ, বুঢ়ীগুমা, আৰু কালিং ।
কামৰূপৰ ঃ ঘাৰকোলা, বক্ৰা, চাপাগুৰি, চপাখামাৰ আৰু বিজনী ।
এই দুৱাৰসমূহৰ নিয়ন্ত্ৰণ ভূটান চৰকাৰ বা ৰাজধানী পুনাখাৰ পৰা ধৰ্ম ৰজা আৰু দেৱ ৰজাই কৰিছিল । সোতৰ শতিকাৰ মাজভাগৰ পৰা ভূটানত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল । এই দুজন শাসক আছিল 
মূল শাসক বা ধৰ্ম ৰজা -- ৰাজনৈতিক আৰু ধৰ্মীয় দক্ষতাৰ নিয়ন্ত্ৰণ ।
সহযোগী শাসক বা দেৱৰজা -- সাধাৰণ প্ৰশাসনৰ দায়িত্ব ।
ওপৰত উল্লেখ থকা নখন দুৱাৰত বহুতো ভূটিয়া লোকে বাস কৰাৰ লগতে অসম-ভূটান-তিব্বত বাণিজ্যত এই দুৱাৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । এই দুৱাৰসমূহেদি নামি অহা ভূটিয়াসকলে মাজে-মাজে ভৈয়াম অঞ্চলত উপদ্ৰৱো চলাইছিল । সেয়েহে আহোম প্ৰশাসনে ভূটানৰ লগত ৰাজনৈতিক সম্পৰ্কৰ প্ৰয়োজনীয়তা আহি পৰিছিল ।
আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত চাৰিদুৱাৰ অঞ্চলৰ ভূটিয়াসকলক পছা ব্যৱস্থাৰ সুবিধা প্ৰদান কৰা হয় । তদুপৰি আন আন দুৱাৰৰ ওপৰতো আহোমৰ ৰাজনৈতিক আধিপত্য প্ৰসাৰৰ চেষ্টা অব্যাহত থাকে । সেই সময়তে আহোম প্ৰশাসন আৰু ভূটিয়া ৰজাৰ মাজত এখন লিখিত চুক্তি স্বাক্ষৰিত হয় । এই চুক্তি অনুসৰি 

ক) আহোম প্ৰজাৰ নিৰাপত্তাৰ খাতিৰতে আহোম প্ৰশাসনে  গোহাই কমল আলিলৈকে সকলো অঞ্চল ভূটিয়াক এৰি দিয়ে ।

খ) ভূটিয়াসকলে বছৰেকীয়া কৰ হিচাপে আহোম প্ৰশাসনক কম্বল, অস্ত্ৰ-শস্ত্ৰ, সোণৰ ৰেণু, পাহাৰীয়া কস্তুৰী আদি দিবলগীয়া হয় ।
গ) যেতিয়ালৈকে ভূটিয়াসকলে আহোম ৰজাক বাৰ্ষিক কৰ দি থাকিব তেতিয়ালৈকে কামৰূপৰ পাচখন দুৱাৰ ভূটিয়াসকলৰ নিয়ন্ত্ৰণত থাকিব । 

ঘ) চাৰিদুৱাৰ বাদ দি দৰঙৰ দুৱাৰসমূহ যৌথ  নিয়ন্ত্ৰণত থাকিব । জুলাইৰ পৰা নৱেম্বৰ মাহলৈ আহোমৰ ক্ষমতা আৰু ডিচেম্বৰৰ পৰা জুনলৈ ভূটিয়াৰ কৰ্তৃত্ব থাকিব । 




ৰচনাধৰ্মী প্রশ্ন (Essay type Questions ) :
 
 আহোম প্ৰশাসনৰ ওপৰত এটি আলোচনা আগবঢ়োৱা(Discuss about the Ahom system of Administration.)
উত্তৰঃ আহোমসকলে অসমত প্ৰায় ছশবছৰ ৰাজত্ব কৰিছিল । খ্ৰীঃ ১২২৮ খ্ৰীঃত চুকাফাই অসমত আহোম ৰাজত্বৰ পাতনি মেলিছিল । চুকাফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যই পৰৱৰ্তী সময়ত চুডাংফা, চুহুংমুং , প্ৰতাপ সিংহৰ দৰে শক্তিশালী ৰজাৰ নেতৃত্বত চাৰিওদিশে সম্প্ৰসাৰিত হৈ পৰিছিল । স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ সময়ত আহোম ৰাজত্বৰ জেউতী চাৰিওদিশে বিয়পি পৰিছিল । ৰুদ্ৰ সিংহৰ ৰাজত্বৰ সময়ৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ সময়লৈ বা ৰাজত্বকাললৈ আহোম ৰাজ্যৰ সকলো দিশতে বিকাশৰ শীৰ্ষস্থানত উপনীত হৈছিল । পাছলৈ মোৱামৰীয়া বিদ্ৰোহৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰণত আহোম ৰাজতন্ত্ৰৰ অৱনতি আৰম্ভ হৈছিল । তিনিবাৰ হোৱা মানৰ আক্ৰমণৰ অন্ত ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল । ইয়াৰ ফলতে অসমত ছশবছৰীয়া আহোম ৰাজত্বৰ বেলি মাৰ গৈছিল । 
আহোমসকলৰ ছশবছৰীয়া ৰাজত্বৰ সময়ছোৱাত অসমত এক সবল প্ৰশাসনিক গাথনি দিবলৈ সক্ষম হৈছিল । সেই সময়খিনিৰ বিষয়ে জানিবলৈ পৰ্যাপ্ত পৰিমাণৰ লিখিত সমল পোৱা গৈছে । আহোমসকলেই অসমত বুৰঞ্জী লিখাৰ প্ৰথা প্ৰচলন কৰিছিল । 
আহোমবুৰঞ্জীসমূহৰ পৰা সমকালীন অসমৰ বহু তথ্য পোৱা গৈছে । সমসাময়িক মুছলমান ঐতিহাসিকৰ বিৱৰণ আৰু পাছৰ পৰ্যায়ত ব্ৰিটিছ বিষয়াসকলৰ লিখিত বিৱৰণৰ পৰাও আহোম প্ৰশাসনৰ বিষয়ে জানিব পাৰি ।
ক) ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন ।
খ) আহোমসকলৰ কোনো লিখিত সংবিধান নাছিল ।
গ) পূৰ্ব পৰম্পৰা অনুসৰি ৰাজ্য শাসন কৰা হৈছিল । প্ৰয়োজন অনুসৰি নীতি-নিয়মসমূহৰ সাল-সলনি কৰিব পৰা ব্যৱস্থা আছিল ।
ঘ) স্বৰ্গদেই বা ৰজা আছিল ৰাজ্যখনৰ সৰ্বেসৰ্বা । 
চ) আহোম ৰাজপাটৰ সৈতে ঐশ্বৰিক ক্ষমতা জড়িত হৈ আছিল । ৰজাক টাই-আহোম ভাষাত চাওফা আৰু অসমীয়াত স্বৰ্গদেউ বুলিছিল । 
আহোমৰ প্ৰশাসন ব্যৱস্থাক তলত দিয়াধৰণে ভাগ কৰিব পৰা যায় 
ক) কেন্দ্ৰীয় প্ৰশাসন ।
খ) স্থানীয় শাসনকৰ্তা বা দাতিকাষৰীয়া বিষয়াসকল ।
গ) ৰাজহ প্ৰশাসন ।
ঘ) বিচাৰ বিভাগ ।
ঙ) সামৰিক বিভাগ ।
চ) সীমান্ত প্ৰশাসন ।
ছ) চোৰাংচোৱা বিভাগ ।
জ) পাইক বা খেল প্ৰথা ইত্যাদি । 
কেন্দ্ৰীয় প্ৰশাসন 
ৰজা ঃ আহোম প্ৰশাসন ব্যৱস্থা আছিল ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা । েই ব্যৱস্থাত ৰজাই আছিল সৰ্বেসৰ্বা বা সকলো ক্ষমতাৰ অধিকাৰী । কিন্তু ৰজাই মন্ত্ৰী পৰিষদৰ সিদ্ধান্ত মানি লব লাগিছিল । ৰজাই সিংহাসনত আৰোহণ কৰাৰ পাছত ৰাজমন্ত্ৰীৰ ওচৰত শপত গ্ৰহণ কৰাৰ লগতে ৰাজনীতি জ্ঞানৰ উপদেশ লব লাগিছিল ।
ৰজাৰ যোগ্যতা ঃ আহোমৰ পৰম্পৰা অনুসৰি ৰাজপাট লাভৰ কাৰণে কিছুমান যোগ্যতা থাকিব লাগিছিল । ৰজা হবৰ বাবে প্ৰধান যোগ্যতা হব 
ক) ৰাজ প্ৰাৰ্থীজন চুকাফাৰ বংশধৰ হব লাগিব । ৰজাঘৰীয়া ফৈদৰ ৰাজকুমাৰহে ৰজা হবৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হৈছিল । প্ৰথম অৱস্থাত পুৰুষানুক্ৰমে উত্তৰাধিকাৰী সূত্ৰে ৰজা হৈছিল । অৱশ্যে পাছলৈ ইয়াৰ কিছু ব্যতিক্ৰম হৈছিল । বৈধ দাবীদাৰ অবিহনে ৰজাৰ ভায়েক বা আত্মীয়ক ৰজা পতা হৈছিল ।  স্বৰ্গদেই ৰুদ্ৰসিংহ মৃত্যুশয্যাত পৰি থাকোতে এই নিয়ম ভংগ কৰি নিজ পুত্ৰসকলক এজনৰ পাছত আনজন ৰজা হবলৈ উপদেশ দিছিল । 

খ) আহোমৰ পৰম্পৰা অনুসৰি কোনো অংগক্ষত ৰাজকোঁৱৰ ৰজা হব নোৱাৰিছিল । সেইবাবেই লৰাৰজাৰ শাসনকালত লালুকসোলা বৰফুকনৰ পৰামৰ্শ অনুসৰি লৰাৰজাৰ ৰাজসিংহাসন নিষ্কন্টক কৰিবৰ কাৰণে সম্ভাব্য ৰাজপাটৰ দাবীদাৰ সকলো ৰাজকোঁৱৰকে ধৰি আনি অংগক্ষত কৰাৰ বাবে নিৰ্দেশ দিছিল ।একেদৰে ৰুদ্ৰ সিংহৰ পুত্ৰ মোহনবালা গোহাইৰ শৰীৰত আইৰ দাগ থকাৰ বাবে ৰজা হবলৈ নিদিছিল ।
ৰজাৰ ক্ষমতা ঃ ৰজা সকলো ক্ষমতাৰ অধিকাৰী আছিল । তেওঁ বিচাৰ বিভাগ আৰু কাৰ্যপালিকাৰ মূল আছিল । ৰাজসভাত আলোচনা কৰি ৰজাই মৃত্যুদণ্ড দিয়া, যুদ্ধ অথবা সন্ধি আদি কৰাৰ ক্ষমতা আছিল । আহোম ভাষাৰ শব্দ চাওফা বা অসমীয়াত স্বৰ্গদেউ উপাধি গ্ৰহণ কৰাৰ জৰিয়তে ৰজাৰ দৈয়ত্ব আৰোপ কৰা হৈছিল । তথাপিও ৰজা স্বেচ্ছাচাৰী নাছিল । ৰজাই ন্যায় আৰু সত্যনিষ্ঠা আৰু একতাৰে প্ৰজাসাধাৰণক পালন কৰিছিল । ৰজাই বিষয়াবৰ্গক নিয়োগ কৰিছিল । 
 




২। পাহাৰীয়া জনগোষ্ঠীসকলৰ লগত আহোমৰ সম্পৰ্ক বিষয়ে লিখা।
উত্তৰঃ আহোমসকলৰ শাসনকালত চুবুৰীয়া পাহাৰীয়া জনগোষ্ঠীসমূহৰ লগত বিভিন্ন কাৰণত তথা বিভিন্ন সময়ত সম্পৰ্ক স্থাপন হৈছিল । সেই সম্পৰ্কৰ মূল বা প্ৰধান ভেটি আছিল 
ক) আহোমৰ সম্প্ৰসাৰণ  নীতি ।

খ) আহোমৰ ৰাজনৈতিক আধিপত্য বিস্তাৰ ।

গ) সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় সাধন আৰু পাৰস্পৰিক সহযোগিতা লাভ । 

১। ভূটানৰ লগত সম্পৰ্ক ঃ আহোম ৰাজ্যৰ উত্তৰ-পশ্চিম দিশত ভূটিয়াসকলৰ বাসস্থান আছিল । আহোম ৰাজ্যৰ লগত ভূটিয়াসকলে নখন দুৱাৰেদি সংযোগ স্থাপন কৰিছিল । অসম-ভূটান-সীমান্তত পূবৰ পৰা পশ্চিমলৈ অৱস্থিত এই নটা দুৱাৰ বা পাহাৰৰ পৰা ভৈয়ামলৈ প্ৰৱেশ কৰা বাটসমূহ আছিল 
দৰং জিলাৰ ঃ চাৰিদুৱাৰ, কৰিয়াপাৰ, বুঢ়ীগুমা, আৰু কালিং ।
কামৰূপৰ ঃ ঘাৰকোলা, বক্সা, চাপাগুৰি, চপাখামাৰ আৰু বিজনী ।
এই দুৱাৰসমূহৰ নিয়ন্ত্ৰণ ভূটান চৰকাৰ বা ৰাজধানী পুনাখাৰ পৰা ধৰ্ম ৰজা আৰু দেৱ ৰজায়ো কৰিছিল । 

২। অকাৰ লগত সম্পৰ্ক ঃ অঁকাসকলৰ বাসস্থান আছিল দৰং জিলাৰ ভৰণী নৈৰ পশ্চিম ফালৰ পাহাৰ অঞ্চল । অঁকাসকলৰ দুটা ফৈদ আছিল ।
অঁকা বহতীয়া বা হাজাৰীখোৱা ঃ প্ৰায় এহেজাৰমান আহোম পাইকৰ গোট যাক পছা ব্যৱস্থাৰ সুবিধা প্ৰদান কৰা হৈছিল । এহেজাৰ জুহালৰ পৰা পোৱা বাবে এওঁলোকে নিজকে হাজাৰীখোৱা বুলিও কৈছিল ।
কপাহ চোৰ ঃ এই ফৈদৰ লোকসকলে ভৈয়ামত কপাহ খেতিসমূহৰ মাজত লুকাই থাকি সুবিধা পালেই ৰাতি আহি গাঁৱৰ মানুহৰ পৰা সামগ্ৰীসমূহ বলপূৰ্বকভাৱে লৈ গৈছিল ।
আহোম প্ৰশাসনে এটা ফৈদক পন্থা ব্যৱস্থাৰ জৰিয়তে নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল যদিও আনটো ফৈদে বহুবছৰলৈ দৰং জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰি থাকিছিল । অকাসকলৰ কোনো ৰাজনৈতিক সংগঠন নাছিল । আহোমসকলে পছা ব্যৱস্থাৰ দ্বাৰাই তেওঁলোকৰ লগত সম্পৰ্ক বজাই ৰাখিছিল । 

৩। ডফলাৰ লগত সম্পৰ্ক ঃ আহোমৰ শাসনকালত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে পশ্চিমে ভৰলী নৈৰ পৰা পূবে সোৱণশিৰিৰ উজনি অংশলৈ অৰুণাচলৰ পাহাৰীয়া অঞ্চলত ডফলাসকলে বাস কৰিছিল । তেওঁলোকে নিজকে নিশি হিচাপে পৰিচয় দিয়ে । ভৈয়ামৰ লগত ডফলাৰ সম্পৰ্ক ৰক্ষা কৰাৰ বাবে দৰং জিলাত নখন দুৱাৰ আৰু পূবাৰ লখিমপুৰ জিলাত ছখন দুৱাৰ আছিল । দৰঙৰ সীমান্তৰ ডফলাসকলক পশ্চিমা ডফলা আৰু লখিমপুৰৰ সীমাৰ ডফলাসকলক অসমৰ মানুহে টগিন ডফলা বুলি কৈছিল । ডফলাসকল বিভিন্ন ফৈদত বিভক্ত আছিল আৰু ফৈদৰ নেতাজনক গাম হিচাপে জনা গৈছিল ।
ডফলাসকলে প্ৰায়ে ভৈয়ামৰ প্ৰজাসকলৰ ওপৰত উপদ্ৰৱ চলোৱাৰ লগতে আহোম প্ৰজাক ধৰি নি নিজৰ দাস হিচাপে ব্যৱহাৰ কৰিছিল । আহোম প্ৰশাসনে ডফলাৰ প্ৰতি দুই ধৰণৰ নীতি গ্ৰহণ কৰিছিল ।
ক) শক্তি প্ৰয়োগ আৰু 
খ) সহযোগিতামূলক নীতি ।  আহোম প্ৰশাসনে ডফলাসকলক পছা ব্যৱস্থাৰ সুবিধা প্ৰদান কৰিছিল ।
৪। মিচিং আৰু আৰবৰ লগত সম্পৰ্ক ঃ আহোমৰ শাসনকালত মিচিং আৰু আবৰ বা আদি লোকসকলে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে পশ্চিমে সোৱণশিৰিৰ পৰা পূবে দিহিং নদীলৈকে পাহাৰৰ নামনি অঞ্চল আৰু ভৈয়াম অঞ্চলত বাস কৰিছিল ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে তেওঁলোকৰ বসতিস্থল আছিল দিহিং আৰু দিবাং নৈৰ মাজৰ পাহাৰীয়া অঞ্চলসমূহ । 
আহোম প্ৰশাসনৰ লগত আৰবসকলৰ প্ৰত্যক্ষ ৰাজনৈতিক সম্পৰ্ক স্থাপন হোৱা  নাছিল । অৱশ্যে আহোম আৰু আৰবসকলৰ মাজত হোৱা বেপাৰ-বাণিজ্যত মিচিংসকলে দোভাষীৰ ভূমিকা পালন কৰিছিল । আনহাতে ভৈয়ামৰ অংশত থকা মিচিংসকলৰ লগত আহোমৰ প্ৰত্যক্ষ সম্পৰ্ক আছিল ।  মিচিংসকলে আবৰসকলক পছা ব্যৱস্থাৰ নিচিনাকৈ সামগ্ৰী দিব লাগিছিল । ইয়াৰ বিপৰীতে তেওঁলোকে আহোম ৰাজ্যৰ সীমান্তত থকা দুৱাৰ অঞ্চলত নানা ধৰণৰ উপদ্ৰৱ চলাইছিল । 



৩। আহোম যুগৰ সাংস্কৃতিক বিকাশৰ ওপৰত এটি টোকা লিখা। (Write a note on the cultural developments during Ahom period.) 
উত্তৰঃ  আহোমসকল সাংস্কৃতিক দিশত অতি আগবঢ়া আছিল । জনসাধাৰণৰ কলা-কৃষ্টি, সমাজ নীতি, ধৰ্মনীতি, ৰাজনীতি, অৰ্থনীতি, শিক্ষা, সাহিত্য আদি সকলো দিশ সামৰি লয় । কলাৰ দ্বাৰা মানুহৰ কল্পনাপ্ৰসূত সৃজনী শক্তিৰ বৰ্হিপ্ৰকাশ ঘটে । বিভিন্ন মাধ্যমৰ জৰিয়তে কলাৰ প্ৰকাশ ঘটে । মানুহৰ আবেগ-অনুভূতিৰ দৃশ্য শ্ৰব্য মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰাই কলাৰ মূল বা প্ৰধান কাম ।
আহোমসকলৰ শাসনকালত চিত্ৰকলাৰ বিকাশ হৈছিল । সেই সময়ৰ বহুতো সাচিপতীয়া পুথিত চিত্ৰ নিদৰ্শন পোৱা যায় । সেই সময়ৰ কেইখনমান সচিত পুথি হল দশম স্কন্ধ ভাগৱত, ধৰ্মপুৰাণ, গীত-গোবিন্দ, শংখচূড় বধ, আনন্দ লহৰী, হস্তী-বিদ্যাৰ্ণৱ ইত্যাদি । 
সুকুমাৰ বৰকাইথৰ দ্বাৰা সম্পাদিত হস্তী-বিদ্যাণৱ নামৰ সচিত্ৰ পুথিখনৰ চিত্ৰকাৰ দুজন আছিল দিলবৰ আৰু দোচাই । 
আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহ আৰু শিৱসিংহ সংগীত জগতৰ সৈতে জড়িত আছিল । এই দুয়োজন ৰজাই নিজে সংগীত ৰচনা কৰাৰ লগতে নিজেও গাইছিল । তেওঁলোকৰ সংগীতৰ প্ৰধান বৈশিষ্ট্য আছিল থলুৱা গীত-মাতত শাস্ত্ৰীয় সংগীতৰ সুৰৰ সংযোজন । বাদ্য সংগীতৰ পৰিচালনা বা তদাৰক কৰিবৰ বাবে স্বৰ্গদেউ ৰুদ্ৰ সিংহই গায়ন বৰুৱা নামৰ এটা নতুন পদবীৰ সৃষ্টি কৰিছিল । গায়ন বৰুৱাৰ প্ৰধান কাম আছিল ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা বাদকসকলৰ খেল পাতি সেই খেলবোৰ দতাৰক বা চোৱাচিতা কৰা । নৃত্য বিকাশৰ ক্ষেত্ৰতো আহোমৰ শাসনকাল অতি উল্লেখযোগ্য আছিল । সত্ৰসমূহত গীত-নৃত্য আৰু নাটকসমূহৰ চৰ্চা হৈছিল । বিশেষকৈ সত্ৰসমূহত সত্ৰীয়া নৃত্যই বিশেষ প্ৰসাৰ লাভ কৰিছিল । মন্দিৰসমূহত নৃত্য কৰিবৰ বাবে দেৱদাসী বা নটী নিযুক্ত দিয়া হৈছিল । গন্ধৰ্ব বা পুৰুষ নটসকলকো মন্দিৰ বা দেৱালয়ৰ ওচৰত মাটি-বাৰী দি সংস্থাপন দিয়া হৈছিল । ডেৰগাওঁ, , চিনাতলী, কালগাওঁ, ডুবি আদি ঠাইৰ কিছুমান বিশেষ পৰিয়ালৰ নাচনীৰ যথেষ্ট মৰ্যাদা আছিল আৰু তেওঁলোকক ৰাজহাউলী আৰু মন্দিৰত নৃত্য কৰিবৰ বাবে বিশেষভাৱে অনা হৈছিল । নৃত্যই ৰাজ-পৃষ্ঠপোষকতা লাভ কৰিছিল । কাৰেংঘৰত বহি ৰজাই নৃত্য উপভোগ কৰিছিল । কা বা নাচনী আৰু ৰেন বা ঘৰ শব্দৰ পৰাই কাৰেংঘৰ শব্দটিৰ প্ৰচলন হল বুলি বেছিভাগ পণ্ডিতেই কব খোজে । আহোমৰ শাসনকালত বিহু নৃত্যই বিশেষভাৱে সমাদৰ লাভ কৰিছিল । ৰংঘৰৰ সন্মুখত বিহু পতা হৈছিল । অন্যান্য থলুৱা নৃত্যসমূহেও আহোম প্ৰশাসনৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । 
আহোম যুগৰ প্ৰধান বাদ্যসমূহ আছিল ঢোল, খোল, তাল, মৃদং, বীণ, মঞ্জৰী, টোকাৰী, পেপা, গগণা, টকা, নাগাৰা, কালী বাঁহী ইত্যাদি । 

9
Type: Apurba Kakati

Author _ Ali rani Kakati ( Ba in History Major)