দশম অধ্যায়


প্ৰশাসনিক, ধৰ্মীয় আৰু সাংস্কূতিক অৱস্থা
    
                         


অতি চমু প্রশ্ন (Very Short Questions):


 অসমত আহোমৰ শাসন কোনে প্রতিষ্ঠা কৰিছিল ? 
উত্তৰঃ  অসমত আহোমৰ শাসন চাওলু চুকাফাই প্ৰতিষ্ঠা কৰিছিল ।

২। কোনে প্রথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? 
উত্তৰঃ চুহুংমুং বা দিহিঙ্গীয়া ৰজাই প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল ।

৩। ‘শিঙৰি ঘৰত উঠা’ মানে কি বুজা?
উত্তৰঃ শিঙৰী ঘৰত উঠা মানে হল ৰাজ অভিষেক বা ৰাজমুকুট গ্ৰহণ কৰা ।

৪। অসমৰ প্ৰথমখন স্থায়ী ৰাজধানী ক’ত প্ৰতিষ্ঠা কৰা হৈছিল? 
উত্তৰঃ  অসমৰ প্ৰথমখন স্থায়ী ৰাজধানী চৰাইদেউত প্ৰতিষ্ঠা কৰা হৈছিল ।

 আহোমৰ শাসনকালত পাত্রমন্ত্রী কেইজন আছিল?
উত্তৰঃ আহোম শাসনকালত পাত্ৰমন্ত্ৰী পাচজন আছিল ।

 চমুৱাসকল কোন আছিল?
উত্তৰঃ চুকাফাৰ লগত অহা সম্ভ্ৰান্ত বিষয়াসকলক চমুৱা বুলি কোৱা হৈছিল ।

 আহোম-ভূটিয়া সীমান্তত কেইখন দুৱাৰ আছিল?
উত্তৰঃ  আহোম ভূটীয়া সীমান্তত চাৰিখন দুৱাৰ  আছিল ।
 
 অঁকা-বহতীয়া কি?
উত্তৰঃ  অঁকা-বহতীয়া হল পছা ব্যৱস্থাৰ সুবিধা প্ৰদান কৰা ব্যক্তি ।

৯।‘গাম’ কোন জনগোষ্ঠীত আছিল?
উত্তৰঃ অঁকা মিচিং জনগোষ্ঠীত আছিল । 

১০ ৰঙিলী আইদেউ কিয় বিখ্যাত
উত্তৰঃ  ৰঙিলী আইদেউ মানৰ আক্ৰমণৰ বাবে বিখ্যাত ।

১১ কোনজন আহোম ৰজাই প্রথমে হিন্দু ধৰ্মত শৰণ লৈছিল
উত্তৰঃ জয়ধ্বজ সিংহই প্ৰথমে হিন্দু ধৰ্মত শৰণ লৈছিল । 

১২ ‘আনন্দ লহৰী ৰচক কোন?
উত্তৰঃ আনন্দ লহৰীৰ ৰচক হল সুকুমাৰ বৰকাইথ ।


চমু প্রশ্ন (Short Questions ):
 
 আহোম প্ৰশাসনৰ দুটা বৈশিষ্ট্য লিখা 
উত্তৰঃ আহোম প্ৰশাসনৰ দুটা বৈশিষ্ট্য হ'লঃ
ক) ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন ।
খ)  আহোমসকলৰ কোনো লিখিত সংবিধান নাছিল ।

 আহোম ৰজাৰ দুটা দায়িত্ব আৰু কৰ্তব্য ব্য উল্লেখ কৰা
উত্তৰঃ আহোম ৰজাৰ দুটা দায়িত্ব আৰু কৰ্তব্য হলঃ

ক) আহোম ৰজাসকলৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য আছিল প্ৰজাৰ জীৱন, সম্পত্তি আৰু বিশ্বাসৰ নিৰাপত্তা প্ৰদান কৰা ।

খ) বৈদেশীক নীতি পৰিচালনা কৰাত ৰজাৰ প্ৰধান দায়িত্বৰ ভিতৰত পৰিছিল ।

 'নগাখাতআৰু ‘নগা কটকী কি?
উত্তৰঃ নগাখাত হল দান কৰা অঞ্চলসমূহ আৰু নগাকটকী হল নগাখাতসমূহৰ পৰিচালনাৰ বাবে নিয়োগ কৰা নগাকটকী ।

 আহোম যুগৰ দুবিধ বাদ্যযন্ত্ৰৰ নাম লিখা
উত্তৰঃ আহোম যুগৰ দুবিধ বাদ্যযন্ত্ৰৰ নাম হলঃ
ক) ঢোল ।
খ) খোল ।

 আহোম যুগৰ দুখন সাহিত্যৰ নাম লিখা
উত্তৰঃ আহোম যুগৰ দুখন সাহিত্যৰ নাম হল 
ক) ধৰ্মপুৰাণ ।
খ) গীত-গোবিন্দ ।


 চমুটোকা (Short Notes):
 
১। পাইক প্রথা (Paik system)
উত্তৰঃ আহোমৰ শাসনকালত সম্ভ্ৰান্ত শ্ৰেণী আৰু বিষয়াবৰ্গক বাদ দি পোন্ধৰ বছৰৰ ওপৰৰ প্ৰতিজন মুনিহ প্ৰজাক পাইক বোলা হৈছিল । পোন্ধৰ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰৰ  ভিতৰত প্ৰতিজন মুনিহ প্ৰজাই ৰাজ্য় আৰু ৰজাৰ হকে গা খাটি দিয়াৰ নিয়ম আছিল । প্ৰথমে চাৰিজন পাইক আৰু পাছলৈ তিনিজন পাইকক লৈ একোটা গোট গঠন কৰা হৈছিল । স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ সময়ৰ পৰা তিনিজন পাইকক লৈ একোটা গোটৰ সৃষ্টি কৰা হৈছিল । এওঁলোকে পাল পাতি এবাৰত এজনে বছৰি তিনি বা চাৰি মাহ ৰজাৰ ঘৰত খাটি দিব লাগিছিল । এজনে গা-খাটিব গলে বাকী দুজনে মাটি-বাৰী আৰু খেতি -বাতিৰ চোৱা-চিতা কৰিব পাৰিছিল । গা-খটাৰ বিনিময়ত তেওঁলৱোকে প্ৰতিজনে ৰজাৰ ঘৰৰ পৰা কিনা-খাজনাই দুপুৰাকৈ মাটি পাইছিল । পাইকসকলৰ প্ৰধান কাম আছিল আলি-পদুলি বন্ধোৱা, পুখুৰী খন্দা, দল দেৱালয় সজা, কাৰেং কোঠা আদিৰ নিৰ্মাণ কৰা ইত্যাদি । যুদ্ধৰ সময়ত তেওঁলোক যুদ্ধলৈ যাব পাৰিছিল । গাৰ- খাটনিৰ সলনি ৰজাৰ ঘৰত বছৰি দুটকা খাজনা দি কিছুমান পাইকে ৰেহাই লব পাৰিছিল । এনে লোকক চমুৱা বোলা হৈছিল । বাধ্যতামূলক পাইক খটাৰ পৰা ৰেহাই নোপোৱা সাধাৰণ কৃষক শ্ৰেণীৰ পাইকক কাড়ী বুলি কোৱা হৈছিল ।

 আহোম-ভূটিয়া সম্পর্ক (Ahom-Bhutia Relation)
উত্তৰঃ আহোম ৰাজ্যৰ উত্তৰ-পশ্চিম দিশত ভূটিয়াসকলৰ বাসস্থান আছিল ।আহোম ৰাজ্যৰ লগত ভূটিয়াসকলে নখন দুৱাৰেদি সংযোগ স্থাপন কৰিছিল । অসম-ভূটান সীমান্তত পূবৰ পৰা পশ্চিমলৈ অৱস্থিত এই নটা দুৱাৰ বা পাহাৰৰ পৰা ভৈয়ামলৈ প্ৰৱেশ কৰা খাটসমূহ আছিল ।
দৰং জিলাৰঃ চাৰিদুৱাৰ, কৰিয়াপাৰ, বুঢ়ীগুমা আৰু কালিং । 
কামৰূপৰঃ ঘাৰকোলা, বাক্সা, চাপাগুৰি, চপাখামৰ আৰু বিজনী ।

এই দুৱাৰসমূহৰ নিয়ন্ত্ৰণ ভূটান চৰকাৰ বা ৰাজধানী পুনাখাৰ পৰা ধৰ্ম ৰজা আৰু দেৱ ৰজাই কৰিছিল । সোতৰ শতিকাৰ মাজভাগৰ পৰা ভূটানত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল । এই দুজন শাসক আছিল । মূল শাসক ধৰ্ম ৰজা  ৰাজনৈতিক আৰু ধৰ্মীয় ক্ষমতাৰ নিয়ন্ত্ৰক ।সহযোগী শাসক বা দেৱৰজা  সাধাৰণ প্ৰশাসনৰ দায়িত্ব উপৰোক্ত নখন দুৱাৰত বহুতো ভূটিয়া লোকে বাস কৰাৰ লগতে অসম-ভূটান-তিব্বত বাণিজ্যত এই দুৱাৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । এই দুৱাৰসমূহেদি পাহাৰৰ পৰা নামি অহা ভূটিয়াসকলে মাজে-মাজে ভৈয়াম অঞ্চলত উপদ্ৰৱো চলাইছিল । সেয়েহে আহোম প্ৰশাসনে ভূটানৰ লগত ৰাজনৈতিক সম্পৰ্কৰ প্ৰয়োজনীয়তা আহি পৰিছিল । আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত চাৰিদুৱাৰ অঞ্চলৰ ভূটিয়াসকলক পছা ব্যৱস্থাৰ সুবিধা প্ৰদান কৰা হয় । তদুপৰি আন আন দুৱাৰৰ ওপৰতো ভাৰতৰ ৰাজনৈতিক আধিপত্য প্ৰসাৰৰ চেষ্টা অব্যাহত থাকে । সেই সময়তে আহোম-প্ৰশাসন আৰু ভূটিয়া ৰজাৰ মাজত এখন লিপিত চুক্তি স্বাক্ষৰিত হয় । এই চুক্তি অনুসৰিঃ

ক) আহোম প্ৰজাৰ নিৰাপত্তাৰ খাতিৰতে আহোম প্ৰশাসনে গোহাই -কমল আলিলৈকে সকলো অঞ্চল ভূটিয়াক এৰি দিয়ে । 

খ) ভূটিয়াসকলে বছৰেকীয়া কৰ হিচাপে আহোম প্ৰশাসনৰ কম্বল, অস্ত্ৰ-শস্ত্ৰ কোণৰ ৰেণু, পাহাৰীয়া কস্তৰী আদি দিৱলগীয়া হয় ।

গ) যেতিয়ালৈকে ভূটিয়াসকলে আহোম ৰজাক বাৰ্ষিক কৰ দি থাকিব তেতিয়ালৈকে কামৰূপৰ পাচখন দুৱাৰ ভূটিয়াৰ নিয়ন্ত্ৰণত থাকিব ।

ঘ) চাৰিদুৱাৰ বাদ দি দৰঙৰ দুৱাৰসমূহ যৌথ নিয়ন্ত্ৰণত থাকিব । জুলাইৰ পৰা নৱেম্বৰ মাহলৈ আহোমৰ ক্ষমতা আৰু হিচেম্বৰৰ পৰা জুনলৈ ভূটিয়াৰ কৰ্তৃত্ব থাকিব ।


ৰচনাধৰ্মী প্রশ্ন (Essay type Questions ) :
 
 আহোম প্ৰশাসনৰ ওপৰত এটি আলোচনা আগবঢ়োৱা(Discuss about the Ahom system of Administration.)
উত্তৰঃ আহোমৰ প্ৰশাসন ব্যৱস্থাক তলত দিয়া ধৰণে ভাগ কৰিব পাৰিঃ

কেন্দ্ৰীয় প্ৰশাসন ঃ আহোম প্ৰশাসন ব্যৱস্থা আছিল ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা । এই ব্যৱস্থাত ৰজাই আছিল সৰ্বময় কৰ্তা বা ৰজা হল সকলো ক্ষমতাৰ অধিকাৰী । কিন্তু ৰজাই মন্ত্ৰী পৰিষদৰ সিদ্ধান্ত মানি লব লাগিছিল । ৰজাই সিংহাসনত আৰোহণ কৰাৰ পাছত ৰাজমন্ত্ৰীৰ ওচৰত শপত গ্ৰহণ কৰাৰ লগতে ৰাজনীতি জ্ঞানৰ উপদেশ লব লাগিছিল ।

ৰজাৰ যোগ্যতা ঃ আহোমৰ পৰম্পৰা অনুসৰি ৰাজপাট লাভৰ কাৰণে কিছুমান যোগ্যতা থাকিব লাগিছিল । ৰজা হবৰ বাবে প্ৰধান যোগ্যতা হব লাগিছিল ।

ক) ৰাজ প্ৰাৰ্থীজন চুকাফাৰ বংশধৰ হব লাগিব । ৰজাঘৰীয়া ফৈদৰ ৰাজকুমাৰহে ৰজা হবৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হৈছিল । প্ৰথম অৱস্থাত পুৰুষানুক্ৰমে উত্তৰাধিকাৰী সূত্ৰে ৰজা হৈছিল । পাছলৈ ইয়াৰ কিছু ব্যতিক্ৰম হৈছিল । বৈধ দাবীদাৰ অবিহনে ৰজাৰ ভায়েক বা নিকট আত্মীয়ক ৰজা পতা হৈছিল । স্বৰ্গদেউ ৰুদ্ৰ সিংহ মৃত্যুশয্যাত পৰি থাকোতে এই নিয়ম ভংগ কৰি নিজ পুত্ৰসকলক এজনৰ পাছত অন্যজন ৰজা হবলৈ উপদেশ দিছিল । 

খ) আহোমৰ পৰম্পৰা অনুসৰি কোনো অংগক্ষত  ৰাজকোঁৱৰ ৰজা হব নোৱাৰিছিল । সেইবাবেই লৰাৰজাৰ শাসনকালত লালুকসোলা বৰফুকনৰ পৰামৰ্শ অনুসৰি লৰাৰজাৰ ৰাজ সিংহাসন নিষ্কন্টক কৰিবৰ কাৰণে সম্ভাব্য ৰাজপাটৰ দাবীদাৰ সকলো ৰাজকোঁৱৰকে ধৰি আনি অংগক্ষত কৰাৰ নিৰ্দেশ দিয়া হৈছিল । একেদৰে ৰুদ্ৰ সিংহৰ পুত্ৰ মোহনৱালা গোহাইক শৰীৰত আইৰ দাগ থকাৰ বাবে ৰজা হবলৈ নিদিছিল । 

ৰজাৰ ক্ষমতা ঃ ৰজা সকলো ক্ষমতাৰ অধিকাৰী আছিল । তেওঁ বিচাৰ বিভাগ আৰু কাৰ্যপালিকাৰ মূল আছিল । ৰাজসভাত আলোচনা কৰি ৰজাই মৃত্যদণ্ড দিয়া, যুদ্ধ অথবা সন্ধি আদি কৰাৰ ক্ষমতা আছিল । আহোম ভাষাৰ শব্দ চাও-ফা বা অসমীয়াত স্বৰ্গদেউ উপাধি গ্ৰহণৰ জৰিয়তে ৰজাক দ্বৈত আৰোপ কৰা হৈছিল । তথাপি ৰজা স্বেচ্ছাচাৰী নাছিল । ৰজাই ন্যায় আৰু ধৰ্মনিষ্ঠাৰে প্ৰজাক পালন কৰিছিল । ৰজাই বিষয়াসকলক নিয়োগ কৰিছিল । 

ৰাজ-অভিষেকঃ আহোমসকলৰ ৰাজ-অভিষেক উৎসৱক আহোম প্ৰথামতে শিঙৰি ঘৰত উঠা বুলি কোৱা হৈছিল । চৰাউদেউত এই উৎসৱ পালন কৰা হৈছিল । কাৰণ আহোমৰ প্ৰথমখন স্থায়ী ৰাজধানী চৰাউদেউত প্ৰতিষ্ঠা কৰা হৈছিল । এই পাৰ্বণত ব্ৰাহ্মণ পুৰোহিত আৰু আহোম পুৰোহিতে সম্পাদনা কৰিছিল । এই পৰম্পৰা অনুসৰি ৰজাই ডিঙিত চোমদেউ বিগ্ৰহ আৰি হাতত হেংদাং লৈ হাতীৰ পিঠিত উঠি চৰাইদেউলৈ যায় । চৰাইদেউত যথা নিয়ম অনুসৰি আঁহত পুলি ৰোৱা হয় । ইয়াৰ পাছত ৰজা-ৰাণীক পাটঘৰত বহুৱাই পুৰোহিতে গাত পৱিত্ৰ পানী ছটিওৱাৰ পাছত বাঁহৰ সোলোংঘৰত থকা সিংহাসনত বহুওৱা হয় । তাতে পৱিত্ৰ জলেৰে ৰজা-ৰাণীক স্নান কৰোৱা হয় । ৰজা-ৰাণীয়ে স্নান কৰা পানী সেই ঘৰৰ তলত থোৱা এজন মানুহ আৰু কেইটামান জীৱ-জন্তুৰ গাত পৰিৱলৈ দিয়া হয় । গা-ধোৱাৰ পাছত ৰজা-ৰাণী শিঙৰি ঘৰত উঠি সিংহাসনত বহে । ইয়াতে ডা-ডাঙৰীয়াসকল আহি ৰজাক উপহাৰ দি শ্ৰদ্ধা নিবেদন কৰে । শিঙৰি ঘৰত উঠি ৰজাই স্বৰ্গদেউ উপাধি লোৱাৰ আগতে এটা আহোম নামো গ্ৰহণ কৰিছিল আৰু নিজৰ নামত মোহৰ মৰাইছিল । শিঙৰি ঘৰত উঠা প্ৰথমজন আহোম ৰজা আছিল চুডাংফা বা বামুণী কোৱৰ । শিঙৰি ঘৰত উঠা এই পাৰ্বণতো প্ৰায় সাতদিন ধৰি চলিছিল । শিঙৰি ঘৰত উঠাৰ পাছতহে ৰজাই মোহৰ মৰাব পাৰিছিল । পাছলৈ ইয়াত কিছু ব্যতিক্ৰম হোৱাও দেখা গৈছিল । আৰ্থিক অনাটনৰ বাবে চন্দ্ৰকান্ত  সিংহ আৰু কমলেশ্বৰ সিংহৰ দিনত শিঙৰি ঘৰত উঠা উৎসৱ পালন কৰা হোৱা নাছিল । তথাপি তেওঁলোকে মোহৰ মৰাব পাৰিছিল । 

ৰজাঘৰীয়া খেলঃ স্বৰ্গদেউসকলৰ সতি-সন্ততি, কুৱৰী, আৰু নিকট আত্মীয়সকলক মাটি-বাৰী সম্পত্তি আদি দিয়া হৈছিল । এনে মাটি-সম্পত্তিৰ একোটা গোটক খেল বুলি কোৱা হৈছিল । যেনে-- নামৰূপীয়া খেল, বাইদঙীয়া খেল, সৰু খেল, মাজু খেল, গাভৰু খেল ইত্যাদি । ফুকন বা বৰুৱা উপাধিৰ একোজন লোকক প্ৰতিটো খেলৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল ।

পাত্ৰমন্ত্ৰীঃ আহোম প্ৰশাসন ব্যৱস্থাত পাঁচজনীয়া সদস্যৰ সংসদক পাত্ৰমন্ত্ৰী হিচাপে জনা গৈছিল । এই পাচজন হল বুঢ়গোহাই, বৰগোহাই, বৰপাত্ৰ গোহাই, বৰবৰুৱা, আৰু বৰফুকন ।এওঁলোকে ৰজাক দিয়া পৰামৰ্শ দিব পাৰিছিল । বুঢ়াগোহাই, বৰগোহাই, আৰু বৰপাত্ৰ গোহাইৰ পদমৰ্যাদা সমপৰ্যায়ৰ আছিল । তেওঁলোকক ডাঙৰীয়া হিচাপে জনা গৈছে । এই তিনিজনৰ ভিতৰত যিকোনো এজনক ৰাজমন্ত্ৰী পতা হৈছিল । চুকাফাৰ সময়ৰ পৰা চুহুংমুঙৰ সময়লৈকৈ কেৱল বুঢ়াগোহাই আৰু বৰগোহাই পদবীহে আছিল । চুহুংমুঙ বা দিহিভীয়া ৰজাৰ দিনতহে বৰপাত্ৰ গোহাই নামৰ পদবীটো সৃষ্টি কৰা হৈছিল । আৰু এই পদত উঠা প্ৰথম জন ব্যক্তিৰ নাম আছিল কনছেং বৰপাত্ৰ গোহাই । 

বৰবৰুৱাঃ বৰবৰুৱা হল স্বৰ্গদেউ প্ৰতাপ সিংহই ৰাজকাৰ্য চলাবৰ কাৰণে সৃষ্টি কৰা এটা পদবী । তেওঁ আছিল ন্যায় ব্যৱস্থাৰ মুৰব্বী । তেওঁ ডা-ডাঙৰীয়াসকলৰ দৰে স্বাধীনহৈ কাম কৰিব নোৱাৰিছিল । ৰজাৰ ইচছা বা আদেশ গ্ৰহণ কৰিহে তেওঁ কাম কৰিব পাৰিছিল । আৰু তেওঁ গ্ৰহণ কৰা পদবীটো বংশানুক্ৰমিক নাছিল । 

বৰফুকনঃ বৰফুকন হল স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত সৃষ্টি কৰা এটা পদবী । আহোম ৰজাৰ ৰাজ প্ৰতিনিধি হিচাপে তেওঁ নামনি অসমত শাসনৰ সকলো দায়িত্ব মুৰ পাতি লৈছিল ।বৰফুকনৰ দায়িত্ব হল কৰ সংগ্ৰহ কৰা , জনসাধাৰণৰ নিৰাপত্তা ৰক্ষা কৰা । এই পদবীটো বংশানুক্ৰমিক নাছিল ৰজাৰ পৰা পোৱা পদবীহে আছিল ।

২। পাহাৰীয়া জনগোষ্ঠীসকলৰ লগত আহোমৰ সম্পৰ্ক বিষয়ে লিখা।
উত্তৰঃ আহোমসকলৰ শাসনকালত চুবুৰীয়া পাহাৰীয়া জনগোষ্ঠীসমূহৰ  লগত বিভিন্ন কাৰণত তথা বিভিন্ন সময়ত সম্পৰ্ক স্থাপন হৈছিল । সেই সম্পৰ্কৰ মূল ভেটি আছিলঃ

ক) আহোমৰ সম্প্ৰসাৰণ নীতি । 
খ) আহোমৰ ৰাজনৈতিক আধপত্য বিস্তাৰ  
গ) সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় সাধন আৰু পাৰস্পৰিক সহযোগিতা লাভ ।ভূটানৰ লগত সম্পৰ্কঃ আহোম ৰাজ্যৰ পশ্চিমফালে ভূটিয়াসকলে বাস কৰিছিল । আহোম ৰাজ্যৰ লগত ভূটিয়াসকলে নখন দুৱাৰেদি সংযোগ স্থাপন কৰিছিল । এই নখন দুৱাৰৰ পৰা বা পাহাৰৰ পৰা ভৈয়ামলৈ প্ৰৱেশ কৰা বাটকেইটা হল দৰং জিলা - চাৰিদুৱাৰ, কৰিয়াপাৰ, বুঢ়ীগ্ৰাম, আৰু কালিং কামৰূপ জিলা ঃ ঘাৰকোলা, বাক্সা, চাপাগুৰি, চপাখামাৰ আৰু বিজনী । এই দুৱাৰসমূহৰ নিয়ন্ত্ৰণ ভূটান চৰকাৰ বা ৰাজধানী পুনাখাৰ পৰা ধৰ্ম ৰজা আৰু দেৱ ৰজাই কৰিছিল । সোতৰ শতিকাৰ মাজভাগমানৰ পৰাই ভূটানত দ্বৈত শাসন প্ৰৱৰ্তন ব্যৱস্থা হৈছিল । এই দুজন শাসক আছিল মূল শাসক ধৰ্ম ৰজা ।সহযোগী শাসক বা দেৱ ৰজা নখন দুৱাৰত বহুতো লোকে বাস কৰিছিল । এসম-ভূটান তিব্বত বাণিজ্যত এই দুৱাৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । এই দুৱাৰসমূহেদি পাহাৰৰ পৰা নামি অহা ভূটিয়াসকলে মাজে-মাজে ভৈয়াম অঞ্চলত উপদ্ৰবো চলাইছিল . সেয়েহে আহোম প্ৰশাসন ভূটানৰ লগত ৰাজনৈতিক সম্পৰ্কৰ প্ৰয়োজনীতা আহি পৰিছিল ।আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত চাৰিদুৱাৰ অঞ্চলৰ ভূটিয়াসকলক পছা ব্যৱস্থাৰ সুবিধা দিয়া হয় । তদুপৰি আন আন দুৱাৰৰ ওপৰতো আহোমৰ ৰাজনৈতিক  শাসন প্ৰতিষ্ঠা কৰিবৰ বাবে চেষ্টা চলাইছিল । সেই সময়তে আহোম প্ৰশাসন আৰু ভূটীয়া মাজত এখন লিখিত চুক্তি স্বাক্ষৰিত হয় । সেই চুক্তি অনুসৰিঃ

ক) আহোম ৰজাৰ নিৰাপত্তাৰ খাতিৰত আহোম প্ৰশাসন ব্যৱস্থাই গোহাই কমল আলিলৈকে সকলো অঞ্চল ভূটিয়াক এৰি দিয়ে ।

খ) ভূটিয়াসকলে বছৰত কৰ হিচাপে আহোম প্ৰশাসনক কম্বল, অস্ত্ৰ-শস্ত্ৰ, সোণৰ বেণু, পাহাৰীয়া কস্তুৰী আদি দিৱলগীয়া হয় ।

গ) যেতিয়ালৈতে ভূটিয়াসকলে আহোম ৰজাৰ বাৰ্ষিক কৰ দি থাকিব তেতিয়ালৈকৈ কামৰূপৰ পাচখন দুৱাৰ ভূটিয়াৰ নিয়ন্ত্ৰণত থাকিব ।

ঘ) চাৰিদুৱাৰ বাদ দি দৰঙ দুৱাৰসমূহ যৌথ নিয়ন্ত্ৰণত থাকিব । জুলাই পৰা নৱেম্বৰ মাহলৈ আহোমৰ ক্ষমতা আৰু হিচেম্বৰৰ পৰা জুনল মাহলৈ ভূটিয়াৰ কতৃৰ্ত্বত থাকিব ।

এই চুক্তিয়ে পাছৰ বছৰত ৰাজনৈতিক সমস্যাৰহে সৃষ্টি কৰিছিল । ভূটিয়াসকলে সময়মতে কৰ দিব নোৱাৰাত আহোমৰ প্ৰশাসনে তেওঁলোকৰ ওপৰত বিভিন্ন শাস্তি দিছিল । আনহাতে দুৱাৰসমূহত থকা আহোম প্ৰজাৰ ওপৰত ভূটিয়াসকলে মাজে মাজে বহুত অত্যাচাৰ চলাইছিল । এনে পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালছোৱাত দৰঙত আহোম-ভূটান-সীমান্তত গড় মাৰি পহৰাৰ ব্যৱস্থা কৰা হয় । মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম-ভূটান সীমান্ত থকা দুৱাৰসমূহে আহোম ৰাজতন্ত্ৰবিৰোধী ঘাটি হিচাপে পৰিগণিত হৈছিল । এই অঞ্চলসমূহত আহোমৰ বিদ্ৰোহী লোক, সাধাৰণ প্ৰজা আৰু ৰজাৰ পৰা অন্যান্য ভেৰোণীয়া সৈন্যৰ আশ্ৰয়স্থল হৈ পৰিছিল । মোৱামৰীয়া বিদ্ৰোহৰ অন্তত পূৰ্ণানন্দ বুঢ়াগোহাইৰ ৰাজনৈতিক দুৰদৰ্শিতাৰ ফলত আহোম ৰজাই ভূটিয়াৰ লগত শান্তিপূৰ্ণ সহাৱস্থানৰ পোষকতা কৰিছিল । আহোমৰ সস্থাপিত দৰঙৰ ৰজা সমুদ্ৰনাৰায়ণ আহোম ৰজাৰ নিৰ্দেশত ভূটিয়াসকলক নিজৰ ভৌগলিক সীমালৈ ঘুৰাই পঠাইছিল । 

খ্ৰীঃ ১৮২১ ত বাৰ্মী যুদ্ধৰ সময়ত ৰজা পুৰন্দৰ সিংহ আৰু ৰুচিনাথ বৰগোহায়ে ভূটানৰ পৰা সৈন্যবাহিনী সংগ্ৰহ কৰিছিল । 

অকাৰ লগত সম্পৰ্ক ঃ আহোমসকলে অকা জনগোষ্ঠীৰ লগতো মিত্ৰতা স্থাপন কৰিছিল । অকাসকলৰ দুটা ভাগ আছিল 

অকা-বহতীয়া বা কাঠাৰীখোৱা ঃ প্ৰায় এহেজাৰমান আহোম পাইকৰ গোট গঠন কৰা হৈছিল আৰু তাক পছা ব্যৱস্থা বুলি কোৱা হৈছিল । এজাহাৰ জুইশালৰ পৰা খাদ্য-সামগ্ৰী খোৱাৰ কাৰণে তেওঁলোকক হাজাৰীখোৱা বুলি কোৱা হৈছিল । 

কপাহ চোৰঃ এই বংশৰ লোকসকলে ভৈয়ামত কপাহ খেতিসমূহ লুকাই-লুকাই ডুৰ কৰা কাৰণে এওঁলোকক কপাহ চোৰ বুলি কোৱা হৈছিল ।  আহোম প্ৰশাসনে এটা ফৈদক পছা ব্যৱস্থাটোৰ জৰিয়তে নিজৰ অধীনলৈ আনিছিল যদিও আনটো পৰিয়ালে বহুবছৰলৈ দৰং জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰি থাকিছিল । 

মিচিং আৰু আবৰৰ লগত সম্পৰ্ক -- আহোমসকলৰ শাসনকালত তেওঁলোকে মিচিং বা আবৰ আদি লোকসকলৰ লগত বন্ধুত্ব স্থাপন কৰিছিল । এই মিচিং বা আবৰ লোকসকলে পাহাৰৰ নামনি আৰু ভৈয়াম অঞ্চলত বসতি স্থাপন কৰিছিল । আহোম প্ৰশাসনৰ লগত আবৰসকলৰ প্ৰত্যক্ষ ৰাজনৈতিক সম্পৰ্ক স্থাপন হোৱা নাছিল । অৱশ্যে আহোম আৰু আবৰসকলৰ মাজত হোৱা বেপাৰ-বাণিজ্যত মিচিংসকলে দুটা ভাষাৰ গ্ৰহণ কৰা দেখা গৈছিল । আনহাতে ভৈয়ামৰ অংশত থকা মিচিংসকলৰ লগত আহোমৰ প্ৰত্যক্ষ সম্পৰ্ক আছিল । মিচিংসকলে আবৰসকলক পছা ব্যৱস্থাৰ নিচিনাকৈ সামগ্ৰী দিব লাগিছিল । 

জয়ন্তীয়াৰ লগত সম্পৰ্ক ঃ জয়ন্তীয়া পাহাৰ অঞ্চলটো জয়ন্তীয়াসকলৰ মূল ভেটি আছিল । আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ  সময়ছোৱাত  পোনপেৰথমবাৰৰ বাবে আহোম আৰু জয়ন্তীয়াসকল সংস্পশলৈ আহে । সেই সময়ৰ জয়ন্তীয়া ৰজা যশমানিকে বৈবাহিক সম্পৰ্কৰ দ্বাৰা প্ৰতাপ সিংহৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল । তাৰ বিনিময়ত আহোম ৰজাই তেওঁলোকক আহোম ৰাজ্যৰ ভিতৰত থকা ভৈয়াম অঞ্চলসমূহত হাট বা বজাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিছিল ।আহোম আৰু মোগলৰ সংঘৰ্ষৰ সুবিধা লৈ জয়ন্তীয়া ৰজা যশমন্ত ৰায়ে নিজকে আহোম ৰজাৰ সমান বুলি ঘোষণা কৰাৰ লগতে ডিমৰুৱা অঞ্চলত নিজৰ সাম্ৰাজ্য প্ৰসাৰ কৰে । পিছত ১৬৮২ চনৰ ইটাখুলিৰ যুদ্ধক আহোমৰ হাতত মোগলৰ পৰাজয় হয় । তাৰ পিছত পিছৰজন জয়ন্তীয়া ৰজা লক্ষ্মী সিংহই এই অঞ্চলৰ দাবী প্ৰকাশ কৰে । ৰুদ্ৰ সিংহৰ ৰাজত্বকালৰ সময়ত কছাৰী ৰাজ্য তাম্ৰধ্বজক এৰি দিবলৈ দিছিল কিন্তু ৰজাৰ আদেশ অমান্য কৰাত খ্ৰীঃ ১৭০২ ত আহোম সৈন্যই জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰি ৰজা ৰামসিংহক বন্দী কৰি আনে ।

খাছিসকলৰ লগত সম্পৰ্কঃ খাছিসকল সৰু ৰাজ্যত বিভক্ত আছিল । তাৰ ভিতৰত এখন উল্লেখযোগ্য এখন ৰাজ্য হল খৈৰাম ৰাজ্য । আহোম ৰজাই খৈৰাম ৰাজ্যৰ লগত  কুটনৈতিক আৰু ৰাজনৈতিক সম্পৰ্ক গঢ়ি তুলিছিল । স্বৰ্গদেই প্ৰতাপ সিংহৰ ৰাজত্বকালত খ্ৰীঃ ১৭০৪ ত খৈৰাম ৰাজ্যৰ এটা দল আহোম ৰাজ্যলৈ শুভেচ্ছামূলক ভ্ৰমণৰ বাবে আহিছিল । এই ভ্ৰমণে দুয়ো ৰাজ্যৰ মাজৰ ৰাজনৈতিক সম্পৰ্ক সুদৃঢ় কৰিছিল ।


৩। আহোম যুগৰ সাংস্কৃতিক বিকাশৰ ওপৰত এটি টোকা লিখা। (Write a note on the cultural developments during Ahom period.) 
উত্তৰঃ আহোম যুগৰ সাংস্কৃতিক পৰিসৰ যথেষ্ট বহল । ই জনসাধাৰণৰ কলা-কৃষ্টি, সমাজ নীতি, ধৰ্মনীতি, অৰ্ছনীতি শিক্ষা, সাহিত্য আদি সকলো দিশ সামৰি লয় । এই অধ্যায়ত কেৱল কলা -স্থাপত্য, আৰু সাহিত্যকহে সামৰি লোৱা হৈছে । কলাৰ সংস্কৃতিৰ দ্বাৰা মানুহৰ কল্পনাপ্ৰসুত বা সৃজনী শক্তিৰ আত্মপ্ৰকাশ ঘটে । বিভিন্ন মাধ্যমৰ জৰিয়তে কলা-সংস্কৃতিৰ প্ৰকাশ কৰা হয় । মানুহৰ আৱেগ-অনুভূতিক দৃশ্য-শ্ৰাব্য আৰু বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰাই হল কলাৰ প্ৰধান কাম । চিত্ৰকলা, নৃত্য-গীত, স্থাপত্য- ভাস্কৰ্য্য আদিৰ জৰিয়তে কলাৰ বিকাশৰ প্ৰকাশ পোৱা যায় । আহোমৰ শাসনকালতে চিত্ৰকলাৰ বিকাশ হৈছিল । সেই সময়ত বহুতো সাচিপতীয়া পুথিত চিত্ৰৰ নিদৰ্শন পোৱা যায় ।সেই সময়ৰ কেইখনমান সচিত্ৰ পুথি হল --- দশমস্কন্দ ভাগৱত, ধৰ্মপুৰাণ, গীত-গোবিন্দ, শংখচূড় বধ, আনন্দ লহৰী, হস্তীবিদ্যাৰ্ণৱ ইত্যাদি । সুকুমাৰ বৰকাইথৰ দ্বাৰা সম্পাদিত হস্তী-বিদ্যাৰ্ণৱ নামৰ সচিত্ৰ পুথিখনৰ চিত্ৰকাৰ দুজন আছিল দিলবৰ আৰু দোচাই ।আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহ আৰু শিৱ শিৱ সিংহ সংগীত জগতৰ সৈতে জড়িত আছিল । এই দুইজন ৰজাই নিজেই সংগীত ৰচনা কৰাৰ লগতে নিজেও সংগীত গাইছিল । তেওঁলোকৰ সংগীতৰ মূল বৈশিষ্ট্য আছিল থলুৱা গীত-মাত , শাস্ত্ৰীয়-সংগীতৰ সুৰৰ সংযোজন । বাদ্য সংগীতৰ কামবোৰ পৰিচালনা কৰিবৰ কাৰণে স্বৰ্গদেউ ৰুদ্ৰ সিংহই গায়ন বৰুৱা নামৰ এটা পদবীৰ সৃষ্টি কৰিছিল । গায়ন বৰুৱাৰ প্ৰধান কাম আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বাদকসকলৰ খেল পাতি সেই খেলবোৰৰ কামৰ তদাৰক কৰা । নৃত্যৰ বিকাশৰ ক্ষেত্ৰতো আহোমৰ শাসনকাল উল্লেখযোগ্য আছিল । সত্ৰসমূহত গীত, নাট, নৃত্য আৰু সাহিত্যসমূহ চৰ্চা কৰা হৈছিল । বিশেষকৈ সত্ৰসমূহত নৃত্য-শিল্পয়ে বিশেষ আদৰ লাভ কৰিছিল । মন্দিৰসমূহত নৃত্য পৰিৱেশন কৰিবৰ কাৰণে নটী নিযুক্তি দিয়া হৈছিল । ভেৰগাওঁ, চিনাতলী, কালগাওঁ ডুবি আদি ঠাইসমূহত বিশেষ পৰিয়ালৰ কিছুমান নাচনীৰ মৰ্যাদা যথেষ্ট আছিল । আৰু তেওঁলোকক ৰাজপ্ৰসাদ আৰু মন্দিৰত নৃত্য কৰিবৰ কাৰণে বিশেষভাৱে নিমন্ত্ৰণ কৰি অনা হৈছিল ।নৃত্যই ৰাজ দৰবাৰত যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল । কাৰেংঘৰত বহি ৰজাই নৃত্য উপভোগ কৰিছিল । আহোমৰ শাসনকালত বিহু নৃত্যই যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল । আহোম যুগত ৰংঘৰৰ সন্মুখত বিহু পতা হৈছিল । আহোমৰ যুগত ব্যৱহাৰ কৰা প্ৰধান বাদ্যযন্ত্ৰসমূহ হল ঢোল, খোল, তাল, মৃদং বীণ, মঞ্জৰী, টোকাৰী, পেপা, গগনা, টকা, নাগাৰা, কালী বাহী, ইত্যাদি ।থলুৱা গীতৰ ক্ষেত্ৰত বৰগীত, নাম, প্ৰাৰ্থনা, সংগীত, বিয়ানাম, নিচুকণি গীত আদি প্ৰচুৰ সমাদৰ আছিল । আহোম যুগৰ স্থাপত্য বিকাশৰ উদাহৰণ হল সেই সময়ত নিৰ্মাণ হোৱা মন্দিৰ-দেৱালয়, ৰাজপ্ৰসাদ, ৰংঘৰ কাৰেংঘৰ, আৰু শিলৰ সাঁকোসমূহ । আহোমসকলে প্ৰথমে কাঠৰ চাংঘৰ সাজিছিল । কাৰংসমূহো কাঠেৰে নিৰ্মাণ কৰা হৈছিল ।পাচলৈ ইটা ব্যৱহাৰ কৰে । আহোম যুগত ব্যৱহাৰ কৰা ইটাবোৰ মিহি, বহল, আৰু টান আছিল । 



 Author- Ali Rani Kakati


Post ID : DABP003437