অষ্টম অধ্যায় খ্ৰীঃ সপ্তদশ শতিকাৰ দ্বিতীয়াৰ্ধ্বৰ অসম
------------------------------------
------------------------------------
প্রশ্নাবলী
অতি
চমু প্রশ্ন (Very Short
Questions) :
১। কোনজন
আহোম স্বৰ্গদেউৰ দিনত মোগলে গড়গাঁও দখল কৰিছিল? (During the
reign of which Ahom King Mughal occu pied Gargaon?)
Answerঃ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত মোগলে গড়গাওঁ দখল কৰিছিল ।
২। শৰাইঘাটৰ
যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? (Who was the
Ahom King of the times of the Battle of Saraighat?)
৩। তুংখুঙীয়া
বংশ কোনে প্রতিষ্ঠা কৰিছিল? (Who
established Tungkhungia Dynasty?)
● চমু
প্রশ্ন (Short
Questions ) :
১। মীৰজুমলাৰ
অসম আক্ৰমণৰ দুটা কাৰণ লিখা। (Write two causes of the invasion
of Mirjumala to Assam)
২। শৰাইঘাটৰ
যুদ্ধৰ দুটা ফলাফল উল্লেখ কৰা। (Mention two re sults of the battle
of Saraighat)
ক) আহোম-মোগল সংঘৰ্ষৰ অন্ত পৰে ।
খ) আহোম আৰু মোগলৰ মাজত স্থায়ী সীমা নিৰ্ধাৰণ হোৱাত বহুবছৰ চলি থকা আহোম-মোগল সংঘৰ্ষৰ অন্ত পৰি ৰাজ্যখনত শান্তি-শৃংখলা বিৰাজ কৰে ।
> চমুটোকা (Short Notes) :
১। মীৰজুমলাৰ
অসম আক্ৰমণ (Mirjumala's
invasion of Assam)
নতুন নতুন সেনানায়কৰ নিযুক্তিয়ে আহোম সৈন্যবাহিনীৰ ভিতৰচৰাত বিৰূপ প্ৰভাৱ পেলায় । মনথিৰ ভৰালী বৰুৱাৰ নিযুক্তিয়ে পূৰ্বৰ বৰফুকনৰ কৰ্তৃত্বক অৱমাননা কৰিছে বুলি ভাবি তেওঁৰ অধীনৰ সৈন্যসকলে ভালদৰে যুদ্ধ নকৰিলে । তাৰ ফলত পাণ্ডু আৰু শৰাইঘাটত হোৱা যুদ্ধত জিকি মোগল বাহিনীয়ে সেই অঞ্চল দখল কৰে ।
২। ৰাজনৈতিক
অৰাজকতাৰ যুগ (Reign of terror)
এই অৰাজকতা বা অস্থিৰতাৰ প্ৰধান কাৰণ আছিল
ক) মোগলৰ গতিবিধি নিৰীক্ষণ কৰিবৰ বাবে আতন বৰগোহাইকে ধৰি কেইবাজনো দায়িত্বশীল বিষয়া বহুদিনলৈ ৰাজধানী গড়গাওঁৰ পৰা আতৰি গুৱাহাটীত থাকিবলগীয়া হোৱা কাৰ্য ।
খ) মানাহ নৈৰ সিপাৰত প্ৰায় পাঁচ বছৰকাল মোগলৰ সেনাপতি ৰামসিংহই বাহৰ পাতি থাকি গুৱাহাটী দখলৰ অহৰহ সুযোগৰ সন্ধান ।
গ) গড়গাঁৱত এচাম সুবিধাবাদী আৰু ক্ষমতাশালী বিষয়াৰ ৰাজনৈতিক ক্ষমতা হস্তক্ষেপৰ ষড়যন্ত্ৰ ।
আতন বৰগোহাইকে ধৰি আহোম ৰাজ্যৰ নিষ্ঠাবান বিষয়াসকলে মোগলৰ পৰা দেশখনক বচাবৰ বাবে প্ৰতিৰক্ষা বিষয়ত গুৰুত্ব দি গুৱাহাটীত থাকোতে ৰাজধানী গড়গাঁৱত এচাম স্বাৰ্থন্বেষী বিষয়াই ক্ষমতাৰ লোভত ৰাজনৈতিক চক্ৰান্ত আৰম্ভ কৰে । এইক্ষেত্ৰত গড়গাঁৱত ৰাজনৈতিক ক্ষমতা প্ৰতিষ্ঠাৰ বাবে উঠি-পৰি লাগিছিল ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকনে । তেওঁলোকৰ চক্ৰান্তত আতন বৰগোহাইৰ নিচিনা দায়িত্বশীল বা নিষ্ঠাবান ব্যক্তিও বন্দী হৈছিল । এই লোকসকলে ৰাজধানী গড়গাঁৱত ৰজা ভঙা-পতাৰ খেল আৰম্ভ কৰিছিল ।
এই তিনিজন সম্ভ্ৰান্ত বিষয়াই বা ডা-ডাঙৰীয়াই নিজৰ ক্ষমতা নিবৰ বাবে একোজন পুতলা শাসকক শাসনত অধিষ্ঠিত কৰি শাসনৰ প্ৰকৃত ক্ষমতা নিজৰ হাতত আনিব বিচাৰিছিল বা কেন্দ্ৰীভূত কৰিব বিচাৰিছিল । সেয়েহে নিজৰ সুবিধা অনুসৰি ৰজা ভঙা-পতাৰ খেল আৰম্ভ কৰিছিল । তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে ন বছৰত ছজন ৰজাক আহোমৰ সিংহাসনত বহুৱাইছিল আৰু অকণমান অজুহাততে ৰজাক সিংহাসনচ্যুত কৰিছিল শৰাইঘাট যুদ্ধ পাছৰ পৰা প্ৰায় ন বছৰ ধৰি চলা এই ৰাজনৈতিক অস্থিৰতাত আহোমৰ সিংহাসনত বহুওৱা এই ৰজাসকল আছিল
চুক্লেমফা বা ৰামধ্বজ সিংহ ।
চুহুং বা চামগুৰীয়া ৰজা ।
গোবৰ ৰজা
অৰ্জুন দিহিংগীয়া ৰজা ।
চুদাইফা বা পৰ্বতীয়া ৰজা ।
চুলিকফা বা ৰত্নধ্বজ সিংহ ।
→ ৰচনাধৰ্মী
প্রশ্ন (Essay
type Questions ) :
১। শৰাইঘাটৰ
যুদ্ধৰ কাৰণ আৰু ফলাফল উল্লেখ কৰা। (Mention the cause and results of
the battle of Saraighat)
Answerঃ শৰাইঘাটৰ যুদ্ধৰ কাৰণ আৰু ফলাফলসমূহ হল
মোগল সেনাপতি ৰামসিংহৰ প্ৰধান উদ্দেশ্য আছিল গুৱাহাটী দখল কৰা । সেয়েহে আলাবৈ যুদ্ধৰ পাছতো বিজয়ৰ কোনো লক্ষণ নেদেখি তেওঁ লাচিত বৰফুকনলৈ শান্তিৰ প্ৰভাৱ আগবঢ়ায় । ৰামসিংহই যুদ্ধৰ সলনি পূৰ্বৰ খ্ৰীঃ ১৬৩৯ৰ সন্ধিৰ সীমা মানি লৈ দুয়োপক্ষৰ মাজত শান্তিপূৰ্ণভাৱে মিত্ৰতা হোৱাৰ পোষকতা কৰে।
কিন্তু আহোম স্বৰ্গদেউ উদয়াদিত্য সিংহই ৰামসিংহৰ এই প্ৰস্তাৱ মানি লবলৈ সন্মত নহয় । বৰং আতন বৰগোহাইৰ নেতৃত্বত বিশ হেজাৰ সৈন্য চামধৰাৰ পৰা শৰাইঘাটলৈ পঠায় । ইফালে মোগল সম্ৰাট ঔৰংগজেৱেও যুদ্ধ চলাই যাবলৈ ৰামসিংহক নিৰ্দেশ দিয়ে । ফলত দুয়োপক্ষই পূৰ্ণগতিত যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰে । আহোম আৰু মোগলৰ মাজত হোৱা স্থলযুদ্ধসমূহত আহোমৰ হাতত মোগল বাহিনী তিষ্ঠিব নোৱাৰা হৈ পৰিছিল । এনে সময়তে ৰামসিংহক সহায় কৰিবৰ বাবে ইউৰোপীয় নাৱিকৰ নেতৃত্বত এক বিশাল নৌ-বাহিনী আহি অসমত উপস্থিত হয়হি । এইবাৰ মোগল বাহিনীয়ে নৌ-শক্তিৰ সহায়ৰ ফলস্বৰূপে গুৱাহাটী দখলৰ চেষ্টা চলায় । মোগলৰ নৌ-বাহিনীয়ে গুৱাহাটী দখলৰ প্ৰথম পদক্ষেপ হিচাপে ইটাখুলি আৰু ভৰলুৰ মাজত আন্ধাৰু বালি লৈ গুৱাহাটীত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল । কিন্তু ব্যৰ্থ হোৱাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ গৈ জুৰীয়া নামৰ ঠাইত বাহৰ পাতে । আহোমসকলেও অশ্বক্লান্তৰ কাষে-পাজৰে শিবিৰ পাতি ৰল ।
খ্ৰীঃ ১৬৭১ ৰ মাৰ্চ মাহত দুয়োপক্ষৰ মাজত ব্ৰহ্মপুত্ৰৰ নৌ-যুদ্ধ আৰম্ভ হয় । সেই সময়ত অসমীয়া বা আহোমৰ সেনাপতি লাচিত বৰফুকন অসুস্থ আছিল । ফলত আহোম সেনা হতাশ হৈ পৰাত মোগলক প্ৰতিৰোধ কৰিব নোৱাৰি ইটাখুলিলৈ পিছুৱাই আহে । ফলত মোগলৰ সেনাপতি ৰামসিংহৰ নেতৃত্বত মোগল বাহিনী গুৱাহাটী দখলৰ বাবে আগুৱাই আহে । পৰিস্থিতি বিষম দেখি লাচিত বৰফুকনে নৰিয়া গাৰেই যুদ্ধক্ষেত্ৰলৈ আহিছিল । লাচিত বৰফুকনৰ এনেকোৱা কাৰ্যই অসমীয়া সেনাৰ সাহস আৰু মনৰবল বহুগুণে বদ্ধি কৰিলে । ফলত ১৬৭১ ৰ মাৰ্চ মাহত আহোম আৰু মোগলৰ মাজত শৰাইঘাটত হোৱা যুদ্ধখনত আহোমসকলৰ হাতত মোগলৰ শোচনীয়ভাৱে পৰাজয় হৈছিল । এই পৰাজয়ৰ পাছত এপ্ৰিলৰ ৫ তাৰিখে ৰামসিংহ নিজ দেশলৈ উভতি আহে । অসমীয়া সেনাই মোগলক খেদি নি মানাহ নৈ পাৰ কৰি থৈ আহে তাৰ ফলত আহোম ৰাজ্যৰ সীমা মানাহ নৈৰ সমানে বিস্তীৰ্ণ বা বিয়পি আছিল । তেতিয়াৰ পৰা হাদিয়াত নতুন সীমান্ত চকী স্থাপন কৰা হয় ।
শৰাইঘাটৰ যুদ্ধৰ ফলাফলসমূহ হল
১। আহোম-মোগল সংঘৰ্ষৰ অন্ত পৰে ।
২। আহোম আৰু মোগলৰ মাজত স্থায়ী সীমা নিৰ্ধাৰণ হোৱাত বহুবছৰ ধৰি চলা আহোম-মোগল সংঘৰ্ষৰ অন্ত পৰি ৰাজ্যত শান্তি-শৃংখলা বিৰাজ কৰে ।
৩। শৰাইঘাটৰ যুদ্ধত আহোমৰ সামৰিক দক্ষতা বৃদ্ধি পায় ততালিকে গড়মৰা কাৰ্য, শত্ৰুৰ গতিবিধিৰ ওপৰত নিৰীক্ষণ, ততালিকে লোৱা সিদ্ধান্তবোৰ আছিল অতি মন কৰিবলগীয়া ।
৪। শৰাইঘাটৰ যুদ্ধই আহোমক উত্তৰ-পূৰ্বাঞ্চলৰ অপ্ৰতিৰোধ্য সাৰ্বভৌম ৰাজনৈতিক শক্তি হিচাপে চিহ্নিত কৰে ।
৫। উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত দেশপ্ৰেম জাগ্ৰত কৰি তোলে ।
৬। সামাজিক সম্প্ৰীতি বৃদ্ধি পোৱাৰ লগতে এক উমৈহতীয়া পৰিচয় গঢ়ি উঠে ।
Author- Ali rani Kakati ( Ba in History Major)
0 Comments