Lesson 2

প্ৰাগজ্যোতিষ আৰু কামৰূপ নামৰ উৎৃপত্তি 


অতি চমু প্ৰশ্ন ( Very Short Questions)

Daily Assam Question & Answer Model

১। প্ৰাগজ্যোতিষ শব্দটো কোন ভাষাৰ পৰা আহিছে ?

(The word pragjyotish derived from which language )

উত্তৰঃ  প্ৰাগজ্যোতিষ শব্দটো অষ্ট্ৰিক ভাষাৰ পৰা আহিছে । 


২। কামৰূপ শব্দটো মূলত কোন শব্দৰ পৰা উৎৃপত্তি হৈছে ।

( From which word the word ''kamrupa'' Originated)

উত্তৰঃ কামৰূপ শব্দটো মূলতঃ কামৰূ বা কামৰূত শব্দৰ পৰা উৎৃপত্তি হৈছে । 

৩। প্ৰাচীন অসমৰ প্ৰথমজন কিংবদন্তীয় ৰজাৰ নাম কি ?

( What was the name of the first legendary king of Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ প্ৰথমজন কিংবদন্তীয় ৰজাৰ নাম হল মহীৰঙ্গ দানৱ । 


৪। ঘটক কিৰাতক বধ কৰি কোন প্ৰাগজ্যোতিষৰ ৰজা হৈছিল ।

( Who became the king of pragjyotish after killing Ghatak kirat?)

উত্তৰঃ ঘটক কিৰাতক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষৰ ৰজা হৈছিল । 


৫। ভীস্মক কোন ৰাজ্যৰ ৰজা আছিল ?

( Bhismak belonged to which kingdom?)

উত্তৰঃ  ভীস্মক কুণ্ডিল ৰাজ্যৰ ৰজা আছিল । 

৬। হৰি-হৰ যুদ্ধ কত সংঘটিত হৈছিল ?

( Where did the battle of '' Hari-hara take place ?)

উত্তৰঃ হৰি-হৰ যুদ্ধ তেজপুৰত সংঘটিত হৈছিল । 


৭। খৃ.পূ. তৃতীয় শতিকামানত প্ৰাচীন অসমত নিৰ্মিত বৌদ্ধ বিহাৰটোৰ নাম কি ?

( What was the name of the Buddhist Monastry built in ancient Assam during 3rd century B,C .?)

উত্তৰঃ  খৃঃপূ তৃতীয় শতিকামানত প্ৰাচীন অসমত নিৰ্মিত বৌদ্ধ বিহাৰটোৰ নাম হল মহাচৈত্য । 


চমু প্ৰশ্ন ( Short Questions)


১। প্ৰাচীন অসমৰ দুজন কিংবদন্তীয় ৰজাৰ নাম লিখা ।

( Write the name of the legendary kings of ancient Assam)

উত্তৰঃপ্ৰাচীন অসমৰ দুজন কিংবদন্তীয় ৰজাৰ নাম হল 

ক) ভগদত্ত ।

খ) ব্ৰজদত্ত ।


২।প্ৰাচীন অসমৰ দুখন ৰাজধানীৰ নাম লিখা ।

( Write the name of two capitals of ancient Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ দুখন ৰাজধানীৰ নাম হল 

ক) শ্বিলং ।

খ) 


৩। শৈৱধৰ্মত বিশ্বাসী প্ৰাচীন অসমৰ দুজন ৰজাৰ নাম লিখা ।

( Write the name of two kings of ancient Assam who were also the followers of srivism)

উত্তৰঃ  শৈৱধৰ্মত বিশ্বাসী প্ৰাচীন অসমৰ দুজন ৰজাৰ নাম হল 

ক) বানাসুৰ ।

খ) ভগদত্ত । 


৪। ভগৱান বিষ্ণুৰ অন্য দুটা নাম উল্লেখ কৰা ।

( Mention two other names of lord vishnu)

উত্তৰঃ ভগৱান বিষ্ণুৰ অন্য দুটা নাম হল 

ক)  মাধৱ ।

খ) বাসুদেৱ । 


৫। লক্ষণাৱতী নগৰ কোনে আৰু কিয় প্ৰতিষ্ঠা কৰিছিল ?

( Who and why established laxanavati?)

উত্তৰঃ  ৰিয়াজ-উচ- চালাটিন নামৰ গ্ৰন্থত কামৰূপত শাসন কৰা শংকল বা শংকলাদিব নামৰ এজন ৰজাৰ নাম উল্লেখ আছে । শংকলাদিয়ে উত্তৰ ভাৰতৰ এজন ৰজাৰকেদাৰ ব্ৰাহ্মণক যুদ্ধত পৰাস্ত কৰি লক্ষণাৱতী নগৰ প্ৰতিষ্ঠা কৰিছিল । 


৬। কিংবদন্তীয় ৰজা আৰিমত্তৰ দুজন পুতেকৰ নাম কি আছিল ?

( What were the names of the two sons of the legendary king Arimatra .)

উত্তৰঃ কিংবদন্তীয় ৰজা আৰিমত্তৰ দুজন পুতেকৰ নাম হল 

ক)  গজাংক বা ৰত্নসিংহ ।

খ) জোঙালবলহু । 

চমু টোকা ( Short notes)

১। নৰক 

( Naraka)

উত্তৰঃ  অসুৰ  ৰজাসকলৰ পাচত প্ৰাচীন কামৰূপত ভৌমবংশীয় ৰজাসকলে ৰাজত্ব কৰিছিল । এই ভৌম বংশৰ প্ৰতিষ্ঠাতা আছিল নৰক । এই বংশত মুঠ চৌবিশ-পচিশজনমান ৰজাই ৰাজত্ব কৰাৰ কথা জানিব পৰা যায় ।

কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰত উল্লেখ কৰিছে যে ঘটক কিৰাতক বধ কৰি নৰকে প্ৰাগজ্যোতিষত ভৌমবংশ প্ৰতিষ্ঠা কৰিছিল । ৰামায়ণ, মহাভাৰত হৰিবংশ পুৰাণ, বিষ্ণু পুৰাণ ভাগৱত পুৰাণৰ আদি বহুত গ্ৰন্থত নৰকৰ কাহিনী পোৱা যায় । এই উৎৃসসমূহে ভগৱানৰ বিষ্ণু-বৰাহ অৱতাৰত পৃথিৱীৰ গৰ্ভত নৰকে জন্মলাভ কৰিছিল বুলি উল্লেখ কৰিছে । এই আখ্যান অনুসৰি মাতৃ পৃথিৱীয়ে জন্ম পাচতেই পুত্ৰটোক বিদেহৰ ৰজা জনকৰ যজ্ঞস্থলীত এটি মৃত মানুহৰ লাওখোলাত এৰি  অন্তৰ্ধান হয় । মানুহৰ লাওখোলাত জন্ম লাভ কৰা কাৰণে সন্তানটি নৰক নামেৰে পৰিচিত হয় । বিদেহৰ ৰজা তথা ৰামায়ণৰ মূল চৰিত্ৰ ৰামচন্দ্ৰ পত্নী সীতাৰ পিতৃ জনকে এই সন্তানটি পাই তুলি-তালি ডাঙৰ-দীঘল কৰে । নৰকৰ সাহস-শক্তি-বুদ্ধিমত্তা সৰুৰে পৰা উচ্চমানৰ আছিল । পাচত ধাইমাক কাত্যায়নীৰ মুখত নিজৰ জন্ম বৃত্তান্ত শুনি নৰকে বিদেহৰ পৰা পলাই আহে । বিষ্ণুৰ সহায়ত নৰকে পূবলৈ আহি ঘটক কিৰাতৰ ৰাজ্য প্ৰাগজ্যোতিষত উপস্থিত হয় । সেইসময়ত প্ৰাগজ্যোতিষৰ বাসিন্দা সোণ-বৰণীয়া কিৰাতসকল মদ-মাংসত আসক্ত আছিল আৰু কামাখ্যাৰ লগতে শিৱ পূজা কৰিছিল । নৰকে ঘটক কিৰাতৰ লগতে অন্য বহুতো কিৰাতক বধ কৰি প্ৰাগজ্যোতিষৰ ৰজা হয় । ব্ৰহ্মাই ৰাজঅভিষেক পাতি নৰকক প্ৰাগজ্যোতিষত প্ৰতিষ্ঠা কৰে । নৰকৰ ৰাজ্য পশ্চিমে কৰতোৱাৰ পৰা পূৱে সন্ধ্যা-ললিতা কান্তালৈকে বিস্তৃত আছিল ।

বিষ্ণুৰ উপদেশ মানি নৰকে বহুবছৰ ধৰ্মপৰায়ণ আৰু ন্যায়পৰায়ণ ৰজা হিচাপে ৰাজ্য চলাইচিল । 


২। বানাসুৰ

( Banasura)

উত্তৰঃ প্ৰাচীন অসমৰ কিংবদন্তীয় ৰজাসকলৰ ভিতৰত এক উল্লেখযোগ্য ৰজা আছিল বানাসুৰ বা বাণ ৰজা । বানাসুৰ শোণিতপুৰৰ ৰজা আছিল আৰু তেওঁ প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ সমসাময়িক আছিল । বানাসুৰৰ বিষয়ে উল্লেখ থকা প্ৰাচীন সাহিত্যসমূহ হল বিষ্ণুপুৰাণ, ভাগৱতপুৰাণ, কালিকাপুৰাণ, হৰিবংশ পুৰাণ ইত্যাদি । বানাসুৰ শিৱভক্ত আছিল আৰু তেওঁ মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল বুলি আখ্যান পোৱা  যায় । তেওঁ নিজকে মাৰীচি, কাশ্যপ, হিৰণ্যকশিপু, প্ৰহ্লাদ, বিৰোচন আৰু বালিৰ বংশধৰ আছিল বুলি দাবী কৰিছিল । বানাসুৰৰ সন্তানসকলৰ ভিতৰত জীয়েক উষাৰ নাম বিশেষভাৱে পোৱা নাই । শ্ৰী কৃষ্ণৰ নাতি  অনিৰুদ্ধৰ লগত উষাৰ প্ৰেমকাহিনী আৰু গন্ধৰ্ববিবাহৰ বিষয়ে বহুতো আখ্যান পোৱা যায় । এই বিবাহক কেন্দ্ৰ কৰি বানাসুৰ আৰু কৃষ্ণৰ মাজত যুদ্ধ হৈছিল । এই যুদ্ধত শিৱই বানাসুৰক সহায় কৰিছিল বাবে এই যুদ্ধখন হৰি-হৰৰ যুদ্ধ হিচাপেও জনা যায় । 

বহুতো পণ্ডিতৰ মতে বানাসুৰৰৰ ৰাজ্যখন পূবে লক্ষীমপুৰৰ পৰা পশ্চিমে উত্তৰ বংগলৈকে বিস্তৃত আছিল । আৰু ৰাজধানী বৰ্তমান তেজপুৰত আছিল । আনকিছুমান পণ্ডিতৰ মতে শোণিতপুৰ ৰাজ্যখন সিন্ধুপ্ৰদেশ, দিনাজপুৰ জিলা আদিতহে আছিল । কিন্তু আখ্যানসমূহ আৰু প্ৰত্নতাত্ত্বিক সমলসমূহৰ ওপৰত অধ্যয়ন চলাই শোণিতপুৰৰ অৱস্থিতি তেজপুৰ অঞ্চল বুলি নিঃসন্দেহে কব পাৰি ।   


৩। প্ৰাগজ্যোতিষ আৰু কামৰূপ নামৰ উৎপত্তি 

( Origin and antiquity at pragjyotish-kamrupa)

উত্তৰঃ  বৰ্তমানৰ অসমখন প্ৰাচীনকালত প্ৰাগজ্যোতিষ আৰু কামৰূপ নামেৰে পৰিটিত আছিল । মহাকাব্যৰ যুগত এই অঞ্চলটো প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল । প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ । আনহাতে, প্ৰাচীন সাহিত্য আৰু লিপিসমূহত প্ৰাগজ্যোতিষ নামটো লৌহিত্য বা ব্ৰহ্মপুত্ৰ লগত জড়িত হৈ থকা দেখা যায় । প্ৰাক আহোম যুগলৈকে প্ৰাগজ্যোতিষ, কামৰূপ, লৌহিত্য, কামৰূপ কমতা আদি বিভিন্ন নামেৰে েই অঞ্চলৰ বৰ্ণনা পোৱা যায় । এই বৰ্ণনাসমূহত  উল্লেখিত ভৌগোলিক পৰিৱেশৰ ওপৰত অধ্যয়ন চলাই বিভিন্ন সময়ত বিভিন্ন নামেৰে পৰিচিত েই অঞ্চলটোৰ মূল কেন্দ্ৰবিন্দু ব্ৰহ্মপুত্ৰ উপত্যকা হিচাপে ঠাৱৰ কৰা হৈছে । প্ৰাগজ্যোতিষ নামৰ উ ৎপত্তিৰ ওপৰত বিভিন্ন ঐতিহাসিকে বিভিন্ন মত আগবঢ়াইছে বা বিভিন্ন মত প্ৰকাশ কৰিছে । ঐতিহাসিক ৰাজামোহন নাথে উল্লেখ কৰিছে যে প্ৰাচীন চীন দেশৰ চাও থিয়াচ নামৰ এক প্ৰব্ৰজনকাৰী জাতিৰ লোক কিছুমান আহি ব্ৰহ্মপুত্ৰ উপত্যকাত স্থায়ী বসতি আৰম্ভ কৰিছিল । তেওঁলোকৰ নামেৰে পাছলৈ এই অঞ্চলটো প্ৰাগজ্যোতিষ নামেৰে পৰিচিত হৈ পৰে । বাণীকান্ত কাকতিদেৱে প্ৰাগজ্যোতিষ নামৰ উৎপত্তিৰ ওপৰত অন্য একবিশ্লেষণ দাঙি ধৰিছে । তেখেতৰ মতে প্ৰাগজ্যোতিষ শব্দটো অষ্ট্ৰিক ভাষাৰ পৰা আৰু এই শব্দৰদ্বাৰা বিস্তীৰ্ণ পাহাৰীয়া অঞ্চল বুজোয়া হয় । বৈদিক সাহিত্যসমূহক প্ৰাগজ্যোতিষ নামৰ উল্লেখ পোৱা যায় । সংখ্যায়ন গৃহ সংগ্ৰহ ও প্ৰাগজ্যোতিষক প্ৰাচ্যৰ জ্যোতিষ চৰ্চাৰ ঠাই বুলি অভিহিত কৰিছে । প্ৰাগজ্যোতিষতেই ব্ৰহ্মাই প্ৰথম গ্ৰহ-উপগ্ৰহৰ অধ্যয়ন কৰিছিল বুলি কালিকা পুৰাণত বৰ্ণনা কৰা হৈছে । বেছিভাগ ঐতিহাসিকবিদৰ মতে প্ৰাগজ্যোতিষ শব্দটো থলুৱা জনজাতীয় মূলৰ আৰু পৰৱৰ্তী সময়ত জ্যোতিবিদ্যাৰ লগত জড়িত কৰা হয় । বৰ্তমান গুৱাহাটীৰ চিত্ৰাচল পাহাৰত থকা নৱগ্ৰহ মন্দিৰ আৰু গোৱালপাৰা জিলাৰ সূৰ্য পাহাৰৰ ধ্বংসাৱশেষসমূহে প্ৰাচীন অসমত যে জ্যোতিবিদ্যা চৰ্চা কৰা হয় তাকেই প্ৰমাণ কৰা হৈছে । 

গো-পথ নামৰ গ্ৰন্থখনত উল্লেখ কৰা হৈছে যে এবাৰ মহাদেৱ শিৱৰ কোপদৃষ্টিত পৰি হিন্দুসকলৰ প্ৰেমৰ দেৱতা কামদেৱ এই অঞ্চলটোতে ভস্ম হৈছিল । পাছত তেওঁ পত্নী ৰতিদেৱীৰ কাতৰ-প্ৰাৰ্থনা আৰু অনুনয় বিনয়ত শিৱই কামদেৱক পুনৰ জীয়াই তুলিছিল । সেয়ে কামদেৱ মৰাৰ পাছত তেওঁক পুনৰ জীয়াই তোলা হৈছিল বাবে বাবে কামদেৱে নতুন ৰূপ এটা পাইছিল । সেয়ে কামদেৱে নতুন ৰূপ পোৱাৰ বাবে তেওঁৰ নামৰ দ্বাৰা ঠাইখনৰ নাম কামৰূপ হল । 

ৰচনাধৰ্মী প্ৰশ্ন( Essay Questions)

১। প্ৰাচীন অসম ধৰ্ম ব্যৱস্থাৰ ওপৰত এখন ৰচনা লিখা ।

( Write an essay on the religion of ancient Assam)

উত্তৰঃ ধৰ্মৰ নীতিৰ আধাৰতে প্ৰকৃত অৰ্থত সমাজ আৰু এখন দেশ পৰিচালিত হয় । ধৰ্মই মানুহক সু-শৃংখলভাৱে বান্ধি ৰাখে । পূজা-পাঠ, উপাসনা, ধৰ্মানুষ্ঠান, আদিবোৰ হল ধৰ্মৰ একোটা প্ৰধান অংগ ।  এই নীতি-নিয়মবোৰৰ দ্বাৰা ভগৱানক বিচৰা হয় বা ভগৱানক প্ৰাৰ্থনা কৰা হয় । আনহাতে ধৰ্মৰ লগত কৰ্ম জড়িত হৈ থাকে । সেই কাৰণে কৰ্মই ধৰ্ম বুলি কোৱা হয় । প্ৰকৃত অৰ্থত কবলৈ হলে ধৰ্ম আৰু কৰ্ম একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি । এটা আনটোৰ লগত ওতপ্ৰোতঃভাৱে জড়িত হৈ আছে । সত্য, শৌচ, ক্ষমা আৰু দয়াক  মানুহৰ জীৱনৰ আধাৰ হিচাপে লৈ এই পৃথিৱীত মানুহে সত্য শুদ্ধ আৰু ঐক্য শান্তি স্থাপন কৰি পৱিত্ৰ জীৱন-যাপন কৰাৰ বাবে ধৰ্মৰ আশ্ৰয় ।

সচা কথাত কবলৈ গলে ধৰ্ম কোনো ভাষাৰ কোনো প্ৰতিশব্দ শব্দ নহয় । ইংৰাজী Religion শব্দৰ অৰ্থ হল ধৰ্ম । কোনো এগৰাকী মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তন কৰা মত বা পন্থা তথা তেওঁৰ উপদেশসমূহৰ সংগ্ৰহ ৰূপত অথবা তেওঁৰ দ্বাৰা মান্য কোনো পৱিত্ৰ গ্ৰন্থক মান্যতা দিয়াসকলৰ সমাজক সম্প্ৰদায় বোলা হয় । সকলো ধৰ্মীয় সম্প্ৰদায়ৰে মূল লক্ষ্য হল সমাজত ঐক্য স্থাপন কৰা । ধৰ্মৰ প্ৰধান লক্ষ্য হল মানুহক মানুহ ৰূপে গঢ়ি তোলা ।

প্ৰাচীন অসমৰ সমাজখনত আৰ্যসকলক আগমনৰ আগতে ধৰ্মৰ পৰিৱৰ্তে কিছুমান লোবিশ্বাস আৰু ধৰ্মীয় পৰম্পৰাৰ প্ৰচলন আছিল । এই লোকবিশ্বাস আৰু পৰম্পৰাসমূহৰ ভিতৰত আছিল গছ, শিল বা অন্যান্য নিৰ্জীৱ পদাৰ্থত  দৈৱ শক্তিৰ আৰোপ কৰি পূজা-উপাসনা কৰা । এই লোকবিশ্বাসসমূহ বাস্তৱ জীৱনৰ লগত জড়িত আছিল । এই লোকবিশ্বাসসমূহৰ পৰা ধৰ্মৰ উত্তৰণ হলনে নাই সেই কথাৰ কোনো তথ্য পোৱা হোৱা নাই । প্ৰাচীন অসমৰ সমাজখন অনাৰ্যমূলীয় আছিল । মহাকাব্য আৰু পুৰাণসমূহত প্ৰাচীন অসমৰ অসমৰ অধিবাসীসকলক কিৰাট ম্লেচ আদি নামেৰে বৰ্ণনা কৰা হৈছে । পৌৰাণিক সাহিত্যসমূহত পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰাচীন অসমৰ অনাৰ্য লোকে বসতি কৰিছিল বুলি অতি সহজেই অনুমান কৰিব পাৰি । এই লোকসকল প্ৰধানকৈ অষ্ট, এছিয়াটিক, নেগ্ৰিট'মঙ্গোলীয় আদি জনগোষ্ঠীৰ অন্তৰ্গত আছিল । আদিৱ মানুহে কোৰৰ দ্বাৰা মাটি চহাই দি কৃষিকাৰ্য আৰম্ভ কৰিছিল তাত নাৰীৰ ভূমিকা অধিক দেখা গৈছিল । সেয়েহে অন্য অঞ্চলৰ নিচিনাকৈ অসমতো মাতৃকেন্দ্ৰিক সমাজ ব্যৱস্থা গঢ়ি উঠিছিল । গুৱাহটীৰ কামাখ্যা মন্দিৰ েই মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ এটা অন্যতম সাক্ষী আছিল । প্ৰথমতে কামাখ্যা এগৰাকী জনজাতীয় দেৱী আছিল । কিংবদন্তীয় ৰজা নৰকৰ সময়ৰ পৰা েই অঞ্চললৈ যেতিয়া আৰ্যসকলৰ আগমন ঘটিছিল. আৰ্যসকলৰ উচ্চস্তৰীয় চিন্তা আৰু জীৱন-ধাৰণৰ প্ৰণালীৰ দ্বাৰা অনাৰ্য লোকসকল প্ৰভাৱিত হবলৈ আৰম্ভ কৰে । আৰ্যসকলৰ প্ৰভাৱত অনাৰ্যদেৱী কামাখ্যা মা শক্তিদেৱী হিচাপে পৰিচিত হবলৈ ধৰিলে আৰু আৰ্যদেৱীৰ স্থান লাভ কৰে । বাণীকান্ত কাকতিদেৱে তেখেতৰ দা মাদাৰ গদেচ কামাখ্যা নামৰ গ্ৰন্থখনত উল্লেখকৰিছে যে কামাখ্যা দেৱী প্ৰথে বা আদিতে খাচী, গাৰো আদি মাতৃপ্ৰধান জাতিসমূহৰ প্ৰধান উপাস্যদেৱী আছিল । পাছলৈ আৰ্যধৰ্মৰ প্ৰভাৱত পৰি কাম্যাখ্যাদেৱীক অন্যান্য সৰ্বভাৰতীয় দেৱীসমূহৰ পৰ্যায়লৈ লৈ যোৱা পাচত কাম্যাখ্যা মন্দিৰৰ দাতি-কাষৰীয়া অঞ্চলত বাস কৰা জনজাতীয় লোকসকলেও ক্ৰমে আৰ্য সমাজত বিলীন হবলৈ ধৰে । 



২। প্ৰাচীন ্অসমৰ কিংবদন্তীয় ৰজাসকলৰ বিষয়ে আলোচনা কৰা ।

( Discuss about the legendary kings of ancient Assam)

উত্তৰঃ  প্ৰাচীন অসমত কেতিয়াৰ পৰা ৰাজ্যগঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল তাৰ সঠিক তথ্য পোৱা যোৱা নাই । পৰ্যাপ্ত পৰিমাণৰ পুৰাতাত্ত্বিক সমলৰ ্ভাৱ আৰু সাহিত্যিক সমলসমূহৰ পৰস্পৰবিৰোধী তথ্যই বহু সময়ত প্ৰাচীন অসমৰ ৰাজনৈতিক ইতিহাস ৰচনাৰ ক্ষেত্ৰত বাধাৰহে সৃষ্টি কৰা দেখা যায় । তথাপি প্ৰচলিত প্ৰবাদ , আখ্যান, কিংবদন্তী আদিৰ ওপৰত ভিত্তি কৰি আৰু অত-তত সিচৰতি হৈ থকা দুই এক ধ্বংসাৱশেষৰ ওপৰত অধ্যয়ন চলাই প্ৰাচীন অসমত ৰাজনৈতিক ইতিহাস ৰচনাৰ প্ৰয়াস কৰা হয় । 

কিংবদন্তী অনুসৰি প্ৰাচীন অসমৰ প্ৰথমজন ৰজা আছিল মহীৰঙ্গ দানৱ । গুৱাহাটীৰ  ওচৰৰ শ্বিলং পথৰ কাষত থকা মৈৰাং বা মৈৰাঙ্ক পাহাৰ অঞ্চলটোত মহীৰঙ্গ দানৱৰ ৰাজ্য আছিল বুলি বহুতো পণ্ডিতে উল্লেখ কৰিছে । তেওঁৰ ৰাজধানীৰ নাম আছিল মৈৰাঙ্ক । এই মৈৰাঙ্ক শব্দৰ সংস্কৃত ৰূপ মহীৰঙ্গ বুলি অনুমান কৰা হয় । দানৱ শব্দৰ প্ৰয়োগলৈ চাই মহীৰঙ্গ দানৱ অনাৰ্য লোক আছিল বুলি সহজেই অনুমান কৰিব পাৰি । তেওঁ ৰাজত্ব কৰা বা ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিষয়ে এতিয়ালৈকে কোনো তথ্য পোৱা নাই । তেওঁ ৰজা নহলেও এজন জনজাতীয় মুৰব্বী আছিল বুলি জনা যায় ।

অসুৰ ৰজাসকল ঃ দানৱ ৰজাসকলৰ পাছত অসুৰ ৰজাসকলে প্ৰাচীন অসমত ৰাজত্ব কৰিছিল । মহীৰঙ্গ দানৱৰ পাছত এতিয়ালৈকে জানিব পৰা ৰজাসকল আছিল হটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ বা ঘটক কিৰাত । অসুৰ কিৰাত আদি শব্দবোৰ আৰ্যসকলে অনাৰ্যসকলৰ প্ৰতি ব্যৱহাৰ কৰিছিল, গতিকে অসুৰ ৰজাসকলে অনাৰ্যমূলীয় বুলি সহজেই অনুমান কৰিব পাৰি ।

ভৌমবংশীয় ৰজাসকল ঃ অসুৰ ৰজাসকলৰ পাছত প্ৰাচীন কামৰূপত ভৌমবংশীয় ৰজাসকলে ৰাজত্ব কৰিছিল । এই ভৌম বংশৰ প্ৰতিষ্ঠাতা আছিল নৰক । এই বংশত মুঠ চৌবিশ-পচিশজনমান ৰজাই ৰাজত্ব কৰাৰ কথা জানিব পৰা গৈছে । এই বংশৰ কেইজনমান উল্লেখযোগ্য ৰজা আছিল নৰক, ভগদত্ত, ব্ৰজদত্ত ইত্যাদি । 

প্ৰাচীন অসমত নৰকৰ ৰাজত্বকালৰ ওপৰত বিভিন্ন আখ্যান পোৱা যায় । বিভিন্ন সাহিত্যিক উৎ সৰ পৰা নৰকৰ কাহিনী বিষয়ে জানিবলৈ পোৱা যায় । কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰত উল্লেখ কৰিছে যে ঘটক কিৰাতক বধ কৰি নৰকে প্ৰাগজ্যোতিষত ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল । ৰামায়ণ, মহাভাৰত , হৰিবংশ পুৰাণ, বিষ্ণু পুৰাণ, ভাগৱত পুৰাণৰ আদি গ্ৰন্থতো নৰকৰ কাহিনী পোৱা যায় । এই উৎসসমূহে ভগৱানৰ বিষ্ণু-বৰাহ অৱতাৰত পৃথিৱীৰ গৰ্ভত নৰকে জন্মলাভ কৰিছিল । 

ভগদত্তঃ নৰকৰ পাছত ভগদত্ত প্ৰাগজ্যোতিষৰ ৰজা হয় । নৰকৰ দাম্ভিকতা আৰু বিধৰ্মী আচৰণৰ বিষয়ে গম পাই কৃষ্ণই সসৈন্য আহি নৰকক বধ কৰি ভগদত্তক সিংহাসনত বহুৱাই । ভগদত্তৰ বিষয়ে উল্লেখ কৰা প্ৰধান সাহিত্যিক উৎসসমূহ হল  ভাগৱতপুৰাণ, বিষ্ণুপুৰাণ, কালিকাপুৰাণ, হৰ্ষচৰিত, ৰাজতৰংগিনী, ইত্যাদি । প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তই কিৰাত, চীনা আৰু সাগৰৰ উপকুলৱৰ্তী অঞ্চলৰ পৰা গঠন কৰা সৈন্যসহ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল বুলি মহাভাৰতৰ সভাপৰ্বত উল্লেখ কৰিছে । এই যুদ্ধত ভগদত্তই দেখুওৱা পাৰদৰ্শিতা আৰু বীৰত্বৰ বিষয়ে এই একেটা  পৰ্বতে উল্লেখ আছে । আঠদিন ধৰি চলা এই যুদ্ধৰ অন্তত অৰ্জুনৰ অনুৰোধমৰ্মে ভগদত্তই যুধিষ্ঠিৰৰ কৰ্তৃত্ব স্বীকাৰ কৰিছিল । ভগদত্তই পাণ্ডৱসকলক ঘোঁৰা, মণিমুকুতাৰ অলংকাৰ আৰু হাতীদাত খটোৱা অলংকাৰ উপহাৰ দিছিল বুলি উক্ত পৰ্বতে উল্লেখ আছে । প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তই এক অক্ষৌহিনী সোণবৰণীয়া চীনা আৰু কিৰাত সৈন্য লৈ কৌৰৱৰ পক্ষত যোগদান কৰিছিল বুলি মহাভাৰতৰ উদ্যোগপৰ্বত উল্লেখ আছে । 

বজ্ৰদত্তঃ  ভগদত্তৰ পাছত বজ্ৰদত্ত প্ৰাগজ্যোতিষৰ ৰজা হয় । ভগদত্তৰ লগত বজ্ৰদত্তৰ সম্পৰ্কৰ বিষয়ে প্ৰাচীন সাহিত্য আৰু তাম্ৰশাসনসমূহে যোগান ধৰা তথ্যৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায় । ভাস্কৰ বৰ্মণৰ তাম্ৰশাসনত বজ্ৰদত্ত ভগদত্তৰ পুতেক হিচাপে উল্লেখ কৰিছে । কিন্তু বনমালবৰ্মা, তৃতীয় বলবৰ্মণ আৰু ৰত্নপালৰ তাম্ৰলিপিত বজ্ৰদত্তক ভগদত্তৰ ভায়েক বুলিহে উল্লেখ কৰিছে । বাণভট্টৰ হৰ্ষচৰিত গ্ৰন্থত বজ্ৰদত্ত আৰু পুস্পদত্ত ভগদত্তৰ উত্তৰাধিকাৰী হিচাপে উল্লেখ কৰা হৈছে । বেছিভাগ ঐতিহাসিকৰ মতে মহাভাৰতৰ যুদ্ধত মৃত্যুবৰণ কৰা কৃতপ্ৰজ্ঞ নামৰ ভগদত্তৰ পুত্ৰজন প্ৰকৃততে পুস্পদত্ত আছিল  আৰু তেওঁৰ মৃত্যু হোৱাত বজ্ৰদত্তই উত্তৰাধিকাৰী সুত্ৰে সিংহাসন লাভ কৰিছিল । 

প্ৰাচীন অসমৰ কিংবদন্তীয় ৰজাসকলৰ ভিতৰত এক উল্লেখযোগ্য ৰজা আছিল বানাসুৰ বা বাণ ৰজা । বানাসুৰ শোণিতপুৰৰৰ ৰজা আছিল আৰু তেওঁ প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ সমসাময়িক আছিল । বানাসুৰৰ বিষয়ে উল্লেখ থকা প্ৰাচীন সাহিত্যসমূহ হল বিষ্ণুপুৰাণ, ভাগৱতপুৰাণ, কালিকাপুৰাণ, হৰিবংশ পুৰাণ ইত্যাদি । বানাসুৰ শিৱভক্ত আছিল আৰু তেওঁ মহাভৈৰৱ মন্দিৰ  নিৰ্মাণ কৰিছিল বুলি আখ্যান পোৱা যায় । তেওঁ নিজকে মাৰীচি, কাশ্যপ, হিৰণ্যকশিপু, প্ৰহ্লাদ, বিৰোচন আৰু বালিৰ বংশধৰ আছিল বুলি দাবী কৰিছিল । বানাসুৰৰ সন্তানসকলৰ ভিতৰত জীয়েক উষাদেৱীৰ নাম বিশেষভাৱে পোৱা নাই । শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত উষাৰ প্ৰেমকাহিনী আৰু গন্ধৰ্ব বিবাহৰ বিষয়ে বহু আখ্যান পোৱা যায় । এই বিবাহক কেন্দ্ৰ কৰি বানাসুৰ আৰু কৃষ্ণৰ মাজত যুদ্ধ হৈছিল । এই যুদ্ধত শিৱই বানাসুৰক সহায় কৰিছিল বাবে এই যুদ্ধখন হৰি-হৰ যুদ্ধ হিচাপে জনা যায় । 


Types: Apurba Kakati

Author_  Ali rani Kakati ( Ba in History Major)