দ্বিতীয় অধ্যায় 



প্ৰাগজ্যোতিয আৰু কামৰূপ নামৰ উৎপত্তি


অতি চমু প্ৰশ্ন ( Very Short Questions)

১। প্ৰাগজ্যোতিষ শব্দটো কোন ভাষাৰ পৰা আহিছে ?

(The word pragjyotish derived from which language )

উত্তৰঃ  প্ৰাগজ্যোতিষ শব্দটো অষ্ট্ৰিক ভাষাৰ পৰা আহিছে ।


২। কামৰূপ শব্দটো মূলত কোন শব্দৰ পৰা উৎৃপত্তি হৈছে ।

( From which word the word ''kamrupa'' Originated)

উত্তৰঃ কামৰূপ শব্দটো মূলত কোমৰূ বা কামৰুতৰ পৰা উৎপত্তি

 হৈছে ।


৩। প্ৰাচীন অসমৰ প্ৰথমজন কিংবদন্তীয় ৰজাৰ নাম কি ?

( What was the name of the first legendary king of Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ প্ৰথমজন কিংবদন্তীয় ৰজাৰ নাম হল মহীৰঙ্গ দানৱ ।


৪। ঘটক কিৰাতক বধ কৰি কোন প্ৰাগজ্যোতিষৰ ৰজা হৈছিল ।

( Who became the king of pragjyotish after killing Ghatak kirat?)

উত্তৰঃ নৰকাসুৰে ঘটক কিৰাতক বধ কৰি প্ৰাগজ্যোতিষৰ ৰজা হৈছিল ।


৫। ভীস্মক কোন ৰাজ্যৰ ৰজা আছিল ?

( Bhismak belonged to which kingdom?)

উত্তৰঃ ভীস্মক কুণ্ডিল ৰাজ্যৰ ৰজা আছিল ।


৬। হৰি-হৰ যুদ্ধ কত সংঘটিত হৈছিল ?

( Where did the battle of '' Hari-hara take place ?)

উত্তৰঃ শোণিতপূৰ ৰাজ্যত হৰি-হৰ যুদ্ধ সংঘটিত হৈছিল ।


৭। খৃ.পূ. তৃতীয় শতিকামানত প্ৰাচীন অসমত নিৰ্মিত বৌদ্ধ বিহাৰটোৰ নাম কি ?

( What was the name of the Buddhist Monastry built in ancient Assam during 3rd century B,C .?)

উত্তৰঃ খৃ.পূ. তৃতীয় শতিকামানত প্ৰাচীন অসমত নিৰ্মিত বৌদ্ধ বিহাৰটোৰ নাম হল মহাচৈত্য ।


চমু প্ৰশ্ন ( Short Questions)


১। প্ৰাচীন অসমৰ দুজন কিংবদন্তীয় ৰজাৰ নাম লিখা ।

( Write the name of the legendary kings of ancient Assam)

উত্তৰঃ প্ৰাচীন অসমৰ দুজন কিংবদন্তীয় ৰজাৰ নাম হল 

ক) সোমপাল ।

খ) আৰিমত্ত ।


২।প্ৰাচীন অসমৰ দুখন ৰাজধানীৰ নাম লিখা ।

( Write the name of two capitals of ancient Assam?)

উত্তৰঃ প্ৰাচীন অসমৰ দুখন ৰাজধানীৰ নাম হল 

ক) শ্বিলং ।

খ) প্ৰাগজ্যোতিষপূৰ ।


৩। শৈৱধৰ্মত বিশ্বাসী প্ৰাচীন অসমৰ দুজন ৰজাৰ নাম লিখা ।

( Write the name of two kings of ancient Assam who were also the followers of srivism)

উত্তৰঃ শৈৱধৰ্মত বিশ্বাসী প্ৰাচীন অসমৰ দুজন ৰজাৰ নাম হল 

ক) পালবংশৰ ৰজা ৰত্নপাল ।

খ।পালবংশৰ পৰৱৰ্তী ৰজা বল্লভদেৱ ।


৪। ভগৱান বিষ্ণুৰ অন্য দুটা নাম উল্লেখ কৰা ।

( Mention two other names of lord vishnu)

উত্তৰঃ ভগৱান বিষ্ণুৰ অন্য দুটা নাম হল 

ক) নাৰায়ণ ।

খ) নাৰদ ।


৫। লক্ষণাৱতী নগৰ কোনে আৰু কিয় প্ৰতিষ্ঠা কৰিছিল ?

( Who and why established laxanavati?)

উত্তৰঃ উত্তৰ ভাৰতৰ এজন ৰজা কেদাৰ ব্ৰাহ্মণক পৰাস্ত কৰি শংকলাদিয়ে লক্ষণাৱতী নগৰ প্ৰতিষ্ঠা কৰিছিল ।


৬। কিংবদন্তীয় ৰজা আৰিমত্তৰ দুজন পুতেকৰ নাম কি আছিল ?

( What were the names of the two sons of the legendary king Arimatra .)

উত্তৰঃ কিংবদন্তীয় ৰজা আৰিমত্তৰ দুজন পুতেকৰ নাম হল 

ক) গজাংক বা ৰত্নসিংহ ।

খ) জোঙালবলহু ।


চমু টোকা ( Short notes)

১। নৰক 

( Naraka)

উত্তৰঃ নৰক হল ভৌমবংশৰ প্ৰতিষ্ঠাতা । এই বংশত মুঠতে চৌবিশ-পচিশজনমান ৰজাই ৰাজত্ব কৰিছিল । তাৰ ভিতৰত নৰক হল অন্যতম ।  বিষ্ণু বৰাহ অৱতাৰত পৃথিৱীৰ গৰ্ভত নৰকে জন্মলাভ কৰিছিল বুলি জনা যায় । আখ্যান অনুসৰি মাতৃ পৃথিৱীয়ে জন্মৰ পাছতেই নৰকক বিদেহৰ ৰজা জনকৰ যজ্ঞস্থলীত এটি মৃত মানৱৰ লাওখোলাত এৰি অন্তৰ্গত হয় । মানুহৰ লাওখোলাত জন্ম লাভ কৰাৰ কাৰণে সন্তানটি নৰক নামেৰে জনা যায় । বিদেহৰ ৰজা তথা ৰামচন্দ্ৰৰ পত্নী সীতাদেৱীৰ পিতৃ জনক ৰজাই এই সন্তানটি পাই নিজ ঘৰলৈ লৈ যায় । নৰকৰ সাহস-শক্তি আৰু বুদ্ধিমতা সৰুৰে পৰাই উচ্চ আছিল । পাছত ধাইমাক কাত্যায়নীৰ মুখত নিজৰ জন্ম-বৃত্তান্ত শুনি নৰকে বেদেহৰ পৰাই পলায়ন কৰে । বিষ্ণুৰ সহায়ত নৰকে পূৰ্বল ৈ আহি ঘটক কিৰাতৰ ৰাজ্য প্ৰাগজ্যোতিষত উপস্থিত দয় । সেইসময়ত প্ৰাগজ্যোতিষৰ বাসিন্দা সোণ বৰণীয়া কিৰাতসকল মদ-মাংসত আসক্ত আছিল । আৰু তেওঁলোকে কামাখ্যাৰ লগতে শিৱক পূজা কৰিছিল । নৰকে ঘটক কিৰাতৰ লগতে অন্য বহুতো কিৰাতক বধ কৰি প্ৰাগজ্যোতিষৰ ৰজা হয় । ব্ৰহ্মাই ৰাজ অভিষেক পাতি নৰকক প্ৰাগজ্যোতিষত নৰকক প্ৰতিষ্ঠা কৰে । নৰকৰ ৰাজ্য পশ্চিমে কৰতোৱাৰ পৰা পূবে সন্ধ্যা-ললিতা-কান্তালৈকৈ বিস্তৃ আছিল । 


২। বানাসুৰ

( Banasura)

উত্তৰঃ প্ৰাচীন অসমৰ কিংবদন্তীয় ৰজাসকলৰ ভিতৰত বানাসুৰ আছ্ল অন্যতম । বানাসুৰ শোণিতপূৰৰ ৰজা আছিল । আৰু তেওঁ প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ সমসাময়িক আছিল । বানাসুৰৰ বিষয়ে উল্লেখ থকা প্ৰাচীন গ্ৰন্থসমূহ হল বিষ্ণু পুৰাণ, ভাগৱতপূৰাণ, কালিকা পুৰাণ, হৰিবংশ পুৰাণ আদি । বানাসুৰ শিৱভক্ত আছিল আৰু তেওঁ মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল । তেওঁ নিজকে মাৰিচী, কাশ্যপ, প্ৰহ্লাদ বিৰোচন আৰু বালিৰ বংশধৰ আছিল বুলি দাবী কৰিছিল । বানাসুৰৰ সন্তানসকলৰ ভিতৰত জীয়েক উষাৰ নাম বিশেষভাৱে পোৱা নাই । শ্ৰী কৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত উষাৰ প্ৰেমকাহিনী আৰু গৰ্ন্ধব বিবাহৰ বিষয়ে বহু আখ্যান পোৱা যায় । এই বিবাহক কেন্দ্ৰ কৰি বানাসুৰ আৰু কৃষ্ণৰ মাজত যুদ্ধ হৈছিল । এই যুদ্ধত শিৱই বানাসুৰক সহায় কৰিছিল এই  যুদ্ধখনকে হৰি-হৰ যুদ্ধ বুলি কোৱা হয় ।


৩। প্ৰাগজ্যোতিষ আৰু কামৰূপ নামৰ উৎপত্তি 

( Origin and antiquity at pragjyotish-kamrupa)

উত্তৰঃ বৰ্তমানৰ অসমখন প্ৰাচীনকালত প্ৰাগজ্যোতিষ আৰু কামৰূপ নামেৰে জনা যায় । মহাকাব্যৰ যুগত েই অঞ্চলটো প্ৰাগজ্যোতিষ নামেৰে জনা যায় । প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপূৰ । আনহাতে, প্ৰাচীন সাহিত্য আৰু লিপিসমূহত প্ৰাগজ্যোতিষ নামটো লৌহিত্য বা ব্ৰহ্মপুত্ৰৰ লগত জড়িত হৈ থকা দেখা যায় । প্ৰাক আহোম যুগলৈকে প্ৰাগজ্যোতিষ. কামৰূপ, লৌহিত্য, কামৰূপ- কমতা আদি বিভিন্ন নামেৰে এই অঞ্চলৰ বৰ্ণনা পোৱা যায় । এই বৰ্ণনাসমূহত উল্লেখিত ভৌগোলিক পৰিৱেশৰ ওপৰত অধ্যয়ন চলাই বিভিন্ন সময়ত বিভিন্ন নামেৰে পৰিচিত এই অঞ্চলটোৰ মূল কেন্দ্ৰবিন্দু ব্ৰহ্মপুত্ৰ উপত্যকা হিচাপে ঠাৱৰ কৰা হৈছে ।

ৰচনাধৰ্মী প্ৰশ্ন( Essay Questions)

১। প্ৰাচীন অসম ধৰ্ম ব্যৱস্থাৰ ওপৰত এখন ৰচনা লিখা ।

( Write an essay on the religion of ancient Assam)

উত্তৰঃ প্ৰাচীন কালত আৰ্য ভাষা গোষ্ঠীৰ লোকসকলে বৈদিক নিয়মৰ দ্বাৰা পালন কৰা ধৰ্মক আৰ্যধৰ্ম হিচাপে অভিহিত কৰা হয় । এই ধৰ্মৰ প্ৰধান হোতা হল ব্ৰাহ্মণসকল, সেইবাবে এই ধৰ্ম ব্ৰাহ্মণধৰ্ম হিচাপে জনা যায় । ঐতিৰীৰ ব্ৰাহ্মণ, গো-পথ ব্ৰাহ্মণ, শতপথ ব্ৰাহ্মণ আদি গ্ৰন্ঙৰ পৰা প্ৰাচীন অসমত আৰ্য সম্প্ৰসাৰণৰ বহু তথ্য পোৱা যায় । এই সমলসমূহৰ ওপৰত ভিত্তি কৰি আৰ্য প্ৰাপ্ত তাম্ৰলিপি আৰু অন্যান্য পুৰাতাত্ত্বিক সমলসমূহৰ ওপৰত অধ্যয়ন চলাই খৃঃ ত্ৰয়োদশ শতিকাৰ আৰম্ভণিলৈ প্ৰাচীন ্সমত ব্ৰাহ্মণ্য ধৰ্মই খোপনি পোতাৰ বিষয়ে অনুমান কৰিব পাৰি । অৰ্থাৎ সেই সময়ত ৰজাসকলে অগ্ৰহাৰ দানৰ জৰিয়তে ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰাৰ লগতে সংস্কৃত ভাষা আৰু আৰ্যসংস্কৃতি গ্ৰহণ কৰি সামাজিক ঐক্য প্ৰতিষ্ঠা কৰি প্ৰত্যেকৰে নিজৰ ৰাজনৈতিক ভেটি দৃঢ় কৰি তুলিছিল । আগৰে পৰাি মানুহে ৰাজনৈতিক মতামততকৈ ধৰ্মীয় আদৰ্শতহে বেছি গুৰুত্ব দিছিল । 

শৈৱ ধৰ্ম ঃ প্ৰাচীন কালৰে পৰা ই অসমত শিৱপূজাৰ প্ৰচলন আছিল । প্ৰাচীন অসমৰ জনজাতীয় সমাজত প্ৰচলিত লিংগ পুজাৰ পাছলৈ শিৱ পূজাৰ লগত তুলনা কৰা হয় । অনাৰ্যমূলীধৰ্মক আৰ্যকৰণ কৰি বিভিন্ন ৰূপত পূজা উপাসনা কৰা হয় । কালিকা পুৰাণত শৈৱ উপাসনাৰ পোন্ধৰটা কেন্দ্ৰৰ নাম গৈছে । স্কন্দ পুৰাণঁত ৰজা জল্পি শৈৱ উপাসনা কৰা আৰু জলেশ্ব মন্দিৰ নিৰ্মাণ কৰাৰ কথা পোৱা যায় । যোগিনীতন্ত্ৰটো লিংগ পুজাৰ তথ্য পোৱা গৈছে । শিৱক বিভিন্ন নামেৰে জনা যায় । যেনে  আদিদেৱ, পৰমমহেশ্বৰ, মহেশ্বৰ, শিৱ, প্ৰজাধিনাথ, শম্ভূ, শঙ্কৰ, পশুপতি, পিনাকপানি, হেটুকশূলীন, গৌৰীপতি, ৰণ, কামেশ্বৰ, পদ্মনাথ, অৰ্দ্ধনাৰীশ্বৰ । অসমৰ বিভিন্ন স্থানত শিৱ লিংগ আৰু মূৰ্তি উদ্ধীৰ হোৱাৰ লগতে শিৱ মন্দিৰৰ ধ্বংসাৱশেষ পোৱা গৈছে । 

শাক্ত ধৰ্মৰ মূল নীতি হল নাৰীক শক্তিৰ আধাৰ হিচাপে উপাসনা কৰা । প্ৰাচীন অসমৰ জনজাতীয় মূলৰ সমাজখনত থকা মাতৃপূজা বা সৃষ্টিক পূজা কৰা পৰম্পৰা পৰাই শাক্ত ধৰ্মৰ বিকাশ হৈছে । পাছলৈ আৰ্যসকলৰ প্ৰভাৱত পৰি এই মাতৃপূজা দেৱীপূজালৈ ধৰ্মান্তৰিত হৈ পৰে ।  প্ৰাচীন অসমৰ সমাজখন অনাৰ্যমূলীয় আছিল । মহাকাব্য আৰু পুৰাণসমূহত প্ৰাচীন অসমৰ অধিবাসীসকলক কিৰাট, ম্লেচ, আদি নামেৰে বৰ্ণনা কৰা হৈছে । পৌৰাণিক সাহিত্যসমূহত পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰাচীন অসমত অনায্য লোকে বসতি কৰিছিল বুলি সহজেই অনুমান কৰিব পাৰি । এই লোকসকল প্ৰধানকৈ অষ্ট, এছিয়াটিক, নেগ্ৰিট, মঙ্গোলীয়, আদি গোষ্ঠীৰ অন্তৰ্গত আছিল । গুৱাহাটীৰ কামাখ্যা মন্দিৰ এই মাতৃকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ এক অন্যতম সাক্ষী । প্ৰথমতে কামাখ্যা এগৰাকী জনজাতীয় দেৱী আছিল । কিংবদন্তীয় ৰজা নৰকৰ সময়ৰ পৰা এই  অঞ্চললৈ যেতিয়া আৰ্যসকলৰ আগমন ঘটে । আৰ্য্যসকলৰ উচ্চস্তৰীয় চিন্তা আৰু জীৱন যাপন প্ৰমালীৰ দ্বাৰা অন্ৰ্য্যলোকসকল প্ৰভাৱিত হবলৈ আৰম্ভ কৰে । আৰ্য্যসকলৰ প্ৰভাৱত অনাৰ্যদেৱী কামাখ্যা শক্তিদেৱী হিচাপে পৰিচিত।  পুৰাতাত্ত্বিক সমলবোৰত উল্লেখ থকা ৰজাৰ নামৰ লগত সাহিত্যিক উবৰ্তমানৰ অসমখন প্ৰাচীনকালত প্ৰাগজ্যোতিষ আৰু কামৰূপ নামেৰে জনা যায় । মহাকাব্যৰ যুগত েই অঞ্চলটো প্ৰাগজ্যোতিষ নামেৰে জনা যায় । প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপূৰ । আনহাতে, প্ৰাচীন সাহিত্য আৰু লিপিসমূহত প্ৰাগজ্যোতিষ নামটো লৌহিত্য বা ব্ৰহ্মপুত্ৰৰ লগত জড়িত হৈ থকা দেখা যায় । প্ৰাক আহোম যুগলৈকে প্ৰাগজ্যোতিষ. কামৰূপ, লৌহিত্য, কামৰূপ- কমতা আদি বিভিন্ন নামেৰে এই অঞ্চলৰ বৰ্ণনা পোৱা যায় । এই বৰ্ণনাসমূহত উল্লেখিত ভৌগোলিক পৰিৱেশৰ ওপৰত অধ্যয়ন চলাই বিভিন্ন সময়ত বিভিন্ন নামেৰে পৰিচিত এই অঞ্চলটোৰ মূল কেন্দ্ৰবিন্দু ব্ৰহ্মপুত্ৰ উপত্যকা হিচাপে ঠাৱৰ কৰা হৈছে ।



২। প্ৰাচীন ্অসমৰ কিংবদন্তীয় ৰজাসকলৰ বিষয়ে আলোচনা কৰা ।

( Discuss about the legendary kings of ancient Assam)

উত্তৰঃ প্ৰাচীন অসমত কেতিয়াৰ পৰা ৰাজ্যগঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল তাৰ সঠিক তথ্য পোৱা হোৱা নাই । পৰ্যাপ্ত পৰিমানৰ পুৰাতাত্ত্বিক সমলৰ অভাৱ আৰু সাহিত্যিক সমলসমূহৰ পৰস্পৰ বিৰোধ তথ্যই বহুসময়ত প্ৰাচীন প্ৰাচীন অসমৰ ৰাজনৈতিক ইতিহাস ৰচনাৰ ক্ষেত্ৰত বাধাৰহে সৃষ্টি কৰা দেখা যায় । প্ৰাচীন অসমৰ প্ৰথমজন কিংবদন্তীয় ৰজাজন হল মহীৰঙ্গ দানৱ । ভৌম বংশৰ পাছত ৰাজনৈতিক ইতিহাস ৰচনাৰ বাবে নিৰ্ভৰযোগ্য সমল পৰ্যাপ্ত পোৱা নাই । বহুতো প্ৰাচীন গ্ৰন্থত বহুকেইজন ৰজাৰ নাম ুউল্লেখ আছে যদিও তেোলোকৰ ৰাজ্ত্বকাল, ৰাজ্যৰ বিস্তৃ আদিৰ ক্ষেত্ৰত এই সমলবোৰত এনে উল্লেখ পোৱা নাযায় । পুৰাতাত্ত্বিক সমলবোৰত উল্লেখ থকা ৰজাৰ নামৰ লগত সাহিত্যিক উ ৎসসমূহৰ মাজত থকা ৰজা আৰু ৰাজবংশৰ নামৰ মাজত যথেষ্ট অমিল দেখা যায় । প্ৰাচীন অসমৰ প্ৰথমজন ৰজা আছিল মহীৰঙ্গ দানৱ । গুৱাহাটীৰ ওচৰৰ শ্বিলং পাহাৰৰ কাষত মৈৰাং বা মৈৰাঙ্ক পাহাৰ অঞ্চলটোত মহীৰঙ্গ দানৱবৰ ৰাজ্য আছিল বুলি বহুতো পণ্ডিতে উল্লেখ কৰিছে । তেওঁৰ ৰাজধানীৰ নাম আছিল মৈৰাঙ্ক । এই মৈৰাঙ্ক শব্দৰ সংস্কৃত ৰূপ মহীৰঙ্গ বুলিও অনুমান কৰা হয় । দানৱ শব্দৰ প্ৰয়োগলৈ চাই মহীৰঙ্গ দানৱ অনাৰ্য লোক আছিল বুলি সহজেই অনুমান কৰিব পাৰি । অৱশ্য তেওঁৰ ৰাজতান্ত্ৰিক ব্যৱস্থা তথা প্ৰশাসন ব্যৱস্থাৰ ওপৰত বিশেষ তথ্য পোৱা নাযায় । তেওঁ ৰজা নহলেও কোনো জনজাতীয় মূৰব্বী আছিল বুলি নিশ্চিতভাৱে কব পাৰি ।

প্ৰাচীন অসমত নৰকৰ ৰাজত্বকালৰ ওপৰত বিবিন্ন আখ্যান পোৱা যায় । বিভিন্ন সাহিত্যিক উৎসৰ পৰা নৰকৰ কাহিনী জানিবলৈ পোৱা গৈছে । কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰত উল্লেখ কৰিছে যে ঘটক কিৰাতক বধ কৰি নৰকে প্ৰাগজ্যোতিষত ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল । ৰামায়ণ, মহাভাৰত, হৰিবংশ, বিষ্ণুপুৰাণ, ভাগৱত পুৰাণৰ, আদি গ্ৰন্থতো নৰকৰ কাহিনী পোৱা যায় । এই উৎসসমূহ ভগৱানৰ বিষ্ণু-বৰাহ অৱতাৰত পৃথিৱীৰ গৰ্ভত নৰকে জন্মলাভ কৰিছিল বুলি উল্লেখ কৰিছে । এই আখ্যান অনুসৰি মাতৃ পৃথিৱীয়ে জন্মৰ পাছতেই পুত্ৰটিক বিদেহৰ ৰজা জনকৰ যজ্ঞস্থলীত এটি মৃত মানৱৰ লাওখোলাত এৰি অন্তৰ্ধান হয় । মানুহৰ লাোখোলাত জন্ম লাভ কৰা কাৰণে সন্তানটি নৰক নামেৰে পৰিচিত হয় । বিদেহৰ ৰজা তথা ৰামাযণৰ মূল চৰিত্ৰ ৰামচন্দ্ৰৰ পত্নী সীতাৰ পিতৃ জনকে এই সন্তানটি পাই তুলি -তালি ডাঙৰ দীঘল কৰে । নৰকৰ সাহস-শক্তি-বুদ্ধিমত্তা সৰুৰে পৰাই উচ্চমানৰ আছিল । পাছত ধাইমাক কাত্যায়নীৰ মুখত নিজৰ জন্ম বৃত্তান্ত শুনি নৰকে বিদেহৰ পৰা পলাই আহে । বিষ্ণুৰ সহায়ত নৰকে পূৰ্বলৈ আহি ঘটক কিৰাতৰ ৰাজ্য প্ৰাগজ্যোতিষত উপস্থিত হয় । সেইসময়ত প্ৰাগজ্যোতিষৰ বাসিন্দা সোণ বৰণীয়া কিৰাতসকল মদ-মাংসত আসক্ত আছিল আৰু কামাখ্যাৰ লগতে শম্ভূক পূজা কৰিছিল । নৰকে ঘটক কিৰাতৰ লগতে অন্য বহুতো কিৰাতক বধ কৰি প্ৰাগজ্যোতিষৰ ৰজা হয় । ব্ৰহ্মাই ৰাজঅভিষেক পাতি নৰকক প্ৰাগজ্যোতিষত প্ৰতিষ্ঠা কৰে । নৰকৰ ৰাজ্য পশ্চিমে কৰতোৱাৰ পৰা পূবে সন্ধ্যা-ললিতা-কান্তালৈকে বিস্তৃ আছিল । 




Author  Ali Rani Kakati  ( Ba in History Major)