কৌটিল্যঃ ৰাষ্ট্ৰ তত্ব


 ১. কৌটিল্য ৰচিত ৰাষ্ট্ৰ প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ গ্ৰন্থ খনৰ নাম কি ?

উত্তৰঃ ''অৰ্থশাস্ত্ৰ''

২. ''অৰ্থশাস্ত্ৰ'' কেইটা ভাগত বিভক্ত ?

উত্তৰঃ ৩২ টা ভাগত বিভক্ত

৩. ''অৰ্থশাস্ত্ৰ''ত কেইটা অনুচ্ছেদ আৰু উপ-অনুচ্ছেদত বিভক্ত ?

উত্তৰঃ ইয়াত ১৫টা অনুচ্ছে আৰু ১৮০টা উপ-অনুচ্ছেদত বিভক্ত

৪. কৌটিল্যৰ ''অৰ্থশাস্ত্ৰ'' গ্ৰন্থখন কিমান চনত আৱিষ্কাৰ কৰা হৈছিল ?

উত্তৰঃ ১৯০৪ চনত আৱিষ্কাৰ কৰা হৈছিল  

৫. কৌটিল্যৰ ''অৰ্থশাস্ত্ৰ''ক কোনে কিমান চনত কি ভষালৈ অনুবাদ কৰিছিল ।

উত্তৰঃ জেফবিয়ে ১৯০৯ চনত জাৰ্মান  ভষালৈ অনুবাদ কৰিছিল

৬. ''অৰ্থশাস্ত্ৰ''ক কিহৰ লগত বেছি মিল থকা দেখা যায় ।

উত্তৰঃ ''অৰ্থশাস্ত্ৰ''ক নিকোলাই মেকিয়াভেলিৰ ''দ্য প্ৰিঞ্চ''ৰ লগত বেছি মিল থকা দেখা যায় 

৭. কৌটিল্যৰ মতে ৰাষ্ট্ৰৰ উৎপত্তি কেতিয়া হৈছিল ?

উত্তৰঃ মৎস্যন্যায়ৰদ্বাৰা যেতিয়া মানুহ অতিষ্ঠ হৈছিল

৮. কৌটিল্যৰ ৰাষ্ট্ৰৰ সপ্ত উপাদান বোৰ কি কি ?

উত্তৰঃ সপ্ত উপাদানবোৰ হ'ল- গৰাকী বা ৰজা, অমাত্য, জনপদ, দুৰ্গ, কোষ বা কোষাগাৰ, সৈন্যবাহিনী আৰু মিত্ৰ-ৰ ওপৰত বিষাদ আলোচনা

৯.পাশ্চাত্য ৰাজনৈতিক চিন্তাবিদসকলে ৰাষ্ট্ৰৰ গঠনৰ উপাদান কেইটা উল্লেখ কৰিছে আৰু কি কি ?

উত্তৰঃ পাশ্চাত্য ৰাজনৈতিক চিন্তাবিদসকলে ৰাষ্ট্ৰৰ গঠনৰ উপাদান ৪টা উল্লেখ কৰিছে আৰু সেইকেইটা হ'ল- জনসমষ্টি, নিদিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব

১০. মনুস্মৃতিত দুৰ্গ শব্দটোক কি বুলি জনা যায় ?

উত্তৰঃ পুৰ বুলি জনা যায় 

১১. কৌটিল্যই ব্যৱহাৰ কৰা দুৰ্গ শব্দটোৰ সমকক্ষ শব্দ দুটা কি কি ?   

উত্তৰঃ দুৰ্গভিদন আৰু দুৰ্গনিৱেশ

১২.কৌটিল্যই উল্লেখ কৰা চাৰি প্ৰকাৰৰ দুৰ্গ কি কি ?  

 উত্তৰঃ ১) অদকা দুৰ্গ    ২) পৰ্বত দুৰ্গ    ৩) ধনৱানা দুৰ্গ    ৪) বন দুৰ্গ

১৩.কৌটিল্যৰ মতে ''পৃথিৱীপতি'' হিচাপে কাক জ্ঞান কৰিব পাৰি ?

উত্তৰঃ যিজন ৰজাৰ জনপদ উন্নতিশীল, শান্তিপূৰ্ণ আৰুআনন্দিত তেওঁকেই ''পৃথিৱীপতি'' হিচাপে জ্ঞান কৰিব পাৰি

১৪. কৌটিল্যৰ ''অৰ্থশাস্ত্ৰ'' মতে কোষ বা কোষাগাৰ কি ?

উত্তৰঃ ৰাষ্ট্ৰৰ পঞ্চম গুৰুত্বপূৰ্ণ অংগ বা উপাদান

১৫. সপ্তাঈ তত্ত্ব আলোচনা কৰোঁতে কৌটিল্যই কেই প্ৰকাৰৰ কথা উল্লেখ কৰিছিল ?

 উত্তৰঃ ছয় প্ৰকাৰৰ

১৬. মণ্ডল ধাৰণাটো পোন প্ৰথমে কত দেখা পোৱা গৈছিল ?

 উত্তৰঃ প্ৰাচীন ভাৰতীয় আইনজ্ঞ মনুৰ লেখাত দেখা পোৱা গৈছিল

১৭. সাৰ্বভৌমত্বৰ পাঁচটা উপাদান কি কি ?

উত্তৰঃ মন্ত্ৰী, দেশ, দুৰ্গ, কোষাগাৰ আৰু সেনাবাহিনী

১৮. ধৰ্ম শব্দই কি বুজাই ?

 উত্তৰঃ যুক্তি আৰু শুদ্ধতাকবুজায়

১৯. কৌটিল্যই উল্লেখ কৰা দুই ধৰণৰ আদালতৰ নাম লিখা ।

উত্তৰঃ ১) দেৱানী    ২) ফৌজদাৰী

২০. মেকিয়াভেলিয়ে সমৰ্থন জনোৱা নীতিটো কি ?

 উত্তৰঃ শেষ ভালেই সকলো ভাল

২১. ৰাজনৈতিক তত্ত্বৰ সৃষ্টি কৰাতকৈ দেশৰ শাসন পদ্ধতিৰ ওপৰত বেছি গুৰুত্ব দিয়া দুজন চিন্তাবিদৰ নাম লিখা ।

উত্তৰঃ কৌটিল্য আৰু মেকিয়াভেলি

২২. কৌটিল্যৰ ''অৰ্থশাস্ত্ৰ''ত কেইখন ৰাজ্যৰ মণ্ডলৰ বিষয়ে উল্লেখ আছে । 

উত্তৰঃ ১২খন ৰাজ্যৰ মণ্ডলৰ বিষয়ে উল্লেখ আছে

২৩. ভিজিগিচু কাক বোলা হয় ?

উত্তৰঃ যি ৰজাই আন ৰাজ্যৰ কোনো অংশ জয় কৰিবলৈ চেষ্টা কৰে তাকে  ভিজিগিচু বোলা হয়

২৪. কৌটিল্যই কিহৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণক সমৰ্থন কৰিছিল ?

উত্তৰঃ বনজ সম্পদৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণক সমৰ্থন কৰিছিল 

২৫. কৌটিল্যৰ ভাষাত সম্ৰাট কি ?

উত্তৰঃ সম্ৰাট হৈছে চৰম সাৰ্বভৌমত্বৰ আকাংক্ষী


Type by: Junmoni Das

DABP004433