Lesson-4        উৎস প্ৰবণ/বুৎপন্ন সম্পত্তিৰ বোধগম্যতা

অনুশীলনী

ক) ১ নং থকা প্ৰশ্নাৱলী-

১) বুৎপন্ন বাণিজ্যৰ জড়িত বজাৰৰ শ্ৰণীটোৰ নাম কি ?

২) চুক্তিৰ প্ৰচাৰ য'ত  এটা নিৰ্ধাৰিত  মূল্যত সা-সম্পত্তিৰ ভবিষ্যত বিনিময় জড়িত হৈ থকে সি তলৰ 

কোনটো চুক্তিৰ অ চুক্তি                               খ) বৰ্তমান চুক্তি

                   গ) থিতাতে হোৱা চুক্তি                    ঘ) পুৰ্বগামী চুক্তি

৩) সকলো ধৰণৰ ক্ৰন্তৰ্ভূক্ত-

                   ক) ফটকায়-বিক্ৰয়  কেন্দ্ৰৰ  ব্যৱসায়ীৰ দ্বাৰা কাৰ্যকৰী   কৰা গোটটোৰ প্ৰকাৰ হ'ল-

                     ক) বাণিজ্যক গৃহ                          খ) প্ৰতিশ্ৰতি গৃহ

                     গ) নিষ্কাষন গৃহ                            ঘ) বৃত্তিগত গৃহ 


৪) বুৎপন্ন প্ৰতিভূতি এটাৰ উদাহৰণ দিয়া।

৫) বিকল্প চুক্তিত যদিহে  ম্যাদৰ অন্তত বিকল্প অনুশীলন কৰা তাক জনা যায়-

          ক) দ্বৈত বিকল্প                       খ) আমেৰিকান বিকল্প 

          খ) ক্ৰয় বিকল্প                         ঘ)  ইউৰোপীয় বিকল্প

৬) পুৰ্বগামী চুক্তি   এটা মাত্ৰ  সংগঠিত বিনিময় কেন্দ্ৰতহে ক্ৰয় বিক্ৰয় কৰা হয়।(শুদ্ধ/অশুদ্ধ )

৭) বদলা টুক্তি দীৰ্ঘ তাৰিখৰ বিকল্প হাৰৰ চুক্তিৰ বাহিৰে আন একো নহয়।(শুদ্ধ/অশুদ্ধ)

৮) বিত্তীয়     বুৎপন্নৰ অধীনত---------দীৰ্ঘম্যাদী চুক্তিৰ প্ৰকৃতি  বিশিষ্ট হয়।

৯) --------- চুক্তি সকলো ধৰণৰ মানদণ্ড সম্পন্ন চুক্তিৰ লেখীয়া  নহয় ।

১০) অংশ বিকল্পৰ লেনদেনসমূহৰ বোছিভাগেই সূচাংক ভিত্তিক।(শুদ্ধ/অশুদ্ধ)

খ) ৫ নং থকা প্ৰশ্নাৱলী-

১)  বুৎপন্ন বজাৰৰ সংজ্ঞা আৰু ধাৰণা লিখা।

২) বুৎপন্ন বজাৰৰ উন্নয়নৰ মূলত থকা ২ টা কাৰণ উল্লেখ কৰা ।

৩) ভাৰতবৰ্ষৰ  দুটা ষ্টক বিনিময় কেন্দ্ৰৰ নাম লিখা।

৪) বিত্তীয় বুৎপন্ন  কেইটাৰ নাম উল্লেখ কৰা।

৫) বুৎপন্ন  বজাৰৰ বিভিন্ন লেনদেনকাৰী/ ব্যৱসায়ী শ্ৰেণীকেইটা লিখা।

৬) পূৰ্বগামী আৰু ফটকা চুক্তি কি লিখা।

 ৭) দুটা বিকল্প চুক্তি উল্লেখ কৰা।

৮) কল অপচন আৰু পুচ অপচন কি লিখা।

৯) সীমিত অৰ্ডাৰ আৰু বজাৰ অৰ্ডাৰ কি ?

১০)  বুৎপন্ন বজাৰত বহুমুখী বিনিময় কেন্দ্ৰই  আগবঢ়োৱা দুটা কাৰ্য লিখা।

গ) ৫ নং থকা প্ৰশ্নাৱলীঃ

১) 'বুৎপন্ন বজাৰ' শব্দটোৰ অৰ্থ বহলাই লিখা।

২) বিনিয়োগকাৰীৰ কি কি প্ৰয়োজনীয়তা বুৎপন্ন বজাৰৰ দ্বাৰা পূৰণ কৰা হয় ? লিখা।

৩) পূৰ্বগামী চুক্তিৰ ৫টা বৈশিষ্ট্য লিখা।

৪) দ্ৰব্য ফটকা চুক্তি কি? কেইটামান গুৰুত্বপূৰ্ণ দ্ৰব্য বিনিময় কেন্দ্ৰৰ নাম উল্লেখ কৰা।

৫) প্ৰতিৰক্ষা বা প্ৰতিৰোধমূলক কৌশল কি উদাহৰণৰ সৈতে লিখা।

৬) বিকল্প বজাৰ চুক্তিৰ ৫টা বৈশিষ্ট্য লিখা।

৭) পূৰ্বগামী চুক্তিৰ  লাভ কৰা সুবিধাবোৰ কি কি ?

৮) বুৎপন্ন বজাৰৰ বিভিন্ন প্ৰকাৰৰ আহিলা/ নথিসমূহৰ ওপৰত এটি টোকা প্ৰস্তত কৰা।

৯) বুৎপন্ন বজাৰৰ অংশগ্ৰহণকাৰীবোৰৰ বিষয়ে কি জনা চমুকৈ লিখা।

১০) বদলা চুক্তিৰ বৈশিষ্ট্যসমূহ লিখা।

ঘ) ১০ নং থকা প্ৰশ্নাৱলী-

১) 'বুৎপন্ন  বজাৰ শব্দটোৰ অৰ্থ লিখা। বুৎপন্ন বজাৰৰ পৰা সুবিধাসমূহ চমুকৈ বৰ্ণনা কৰা।

২) বিত্তীয় বুৎপন্ন বজাৰৰ বিষয়ে সংক্ষেপে কি জনা আলচ কৰা।

৩) পূৰ্বগামী চুক্তি কি? পূৰ্বগামী চুক্তিৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ উল্লেখ কৰা।

৫) ফটকা  বজাৰ চুক্তি কি? ফটকা বজাৰ চুক্তিৰ বৈশিষ্ট্যসমূহ লিখা।

৬) বিকল্প চুক্তিৰ বেহা-বেপাৰৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা।

৭) অংশ আৰু ষ্টকৰ বিকল্প বজাৰ চুক্তি সংঘটিত কৰাৰ পদ্ধতি চমুকৈ উল্লেখ কৰা।

৮) পাৰ্থক্য লিখা-

 ক) ফটকা চুক্তি আৰু বিকল্প চুক্তি।

খ) পূৰ্বগামী চুক্তি  আৰু ফটকা চুক্তি।

৯) বদলা বজাৰ চুক্তি কি ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰি প্ৰকাৰসমূহ বিষয়ে চমুকৈ লিখা।

১০) মুদ্ৰাজনিত বুৎপন্ন বজাৰ কি? এই বজাৰত ক্ৰয়-বিক্ৰয় বৰ্ণনা কৰা।

১১) দ্ৰব্যজনিত বুৎপন্ন বজাৰ বুলিলে কি বুজা ? বহুমুখী দ্ৰব্য বিনিময় কেন্দ্ৰত দ্ৰব্যজনিত বুৎপন্নৰ 

বাণিজ্য সংঘটিত কৰাৰ পদ্ধতি চমুকৈ উল্লেখ কৰা ।

১২) ফটকা আৰু বিকল্প চুক্তিত ষ্টক  বজাৰৰ মূল্যসূচীত প্ৰভাৱ সৰ্ম্পকে কি জনা চমুকৈ লিখা।