স্থানীয় চৰকাৰ

(LOCAL GOVERNMENT)

অনুশীলনী

১। ভাৰতীয় সংবিধানে গাওঁ পঞ্চায়তক স্থানীয় চৰকাৰৰ এটা গোট হিচাপে দেখুৱাইছে। তলত আলোচনা কৰা উক্তিবোৰৰ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰা আৰু এই পৰিস্থিতিবোৰে গাওঁ পঞ্চায়তক স্থানীয় চৰকাৰৰ গোট হিচাপে কেনেকৈ শক্তিশালী বা দুৰ্বল কৰিব বাখ্যা কৰা।

(ক)  ৰাজ্য় চৰকাৰে এটা ডাঙৰ কোম্পানীক এটা বৃহৎ তীখা প্ৰকল্প স্থাপন কৰিবলৈ অনুমতি দিলে। এই তীখা প্ৰকল্পটোৰ কাৰণে গাঁৱৰ বহুতো মানুহ ক্ষতিগ্ৰস্থ হ'ব। ক্ষতিগ্ৰস্থ গাঁৱৰ এখন গাঁওসভাই এটা প্ৰস্তাৱ লৈছিল যে এই অঞ্চলত কোনো ডাঙৰ শিল্প উদ্য়োগ স্থাপন কৰাৰ আগতে গাওঁবাসীৰ লগত আলোচনা কৰা উচিত আৰু তেওঁলোকৰ অভিযোগবিলাক সমাধান কৰা উচিত।

(খ) চৰকাৰে সিদ্ধান্ত লৈছিল যে ইয়াৰ সমুদায় খৰচৰ ২০ শতাংশ পঞ্চায়তৰ জৰিয়তে খৰচ কৰা হ'ব।

(গ) গাঁৱত এখন স্কুল স্থাপনৰ বাবে এখন গাঁও পঞ্চায়তে আৰ্থিক সাহায্য বিচাৰিছিল, কিন্তু চৰকাৰী বিষয়াই প্ৰস্তাৱটো অগ্ৰাহ্য় কৰি কৈছিল যে এই ধন আন কিছুমান আঁচনিৰ বাবেহে আবন্টন দিয়া হ'ব আৰু ইয়াক বেলেগ খৰছ কৰিব নোৱাৰিব।

(ঘ) চৰকাৰে দূংগাৰপুৰ (Dungarpur) গাঁৱক দুটা ভাগত ভাগ কৰি এটা ভাগক যমুনা আৰু আনটো ভাগক চহানা (Sohana) গাঁৱৰ লগত চামিল কৰি দিছিল। এতিয়া দংগাৰপুৰ গাঁৱৰ অস্তিত্ব চৰকাৰী বহীত নাই। 

(ঙ) এখন গাওঁ পঞ্চায়তৰ দৃষ্টিগোচৰ হ'ল যে তেওঁলোকৰ অঞ্চলৰ পানীৰ নিজৰাবিলাক দ্ৰুতগতি শুকাই আহিছে। সেয়ে তেওঁলোকে গাঁৱৰ ডেকাসকলক সমবেত কৰি স্বেচ্ছামূলক কামৰ জৰিয়তে গাঁৱৰ পূৰণি পুখুৰী আৰু নাদবিলাক সজীৱ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

২। ধৰা হ'ল তোমাক এখন ৰাজ্য়ৰ স্থানীয় চৰকাৰৰ আঁচনি েখন তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হ'ল। গাওঁ পঞ্চায়তক স্থানীয় প্ৰশাসনৰ এটা গোট হিচাপে কাৰ্য সম্পাদন কৰিবলৈ তুমি কি কি ক্ষমতা দিবা? পাঁচটা ক্ষমতা উল্লেখ কৰা আৰু এই ক্ষমতাবোৰ দিয়াৰ বাবে প্ৰতিটোৰে দুটাকৈ বাক্য়ত তোমাৰ উপযুক্ত কাৰণ দৰ্শোৱা।

৩। ৭৩-নং সংশোধনীত সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ কি কি ব্য়ৱস্থা আছে? এই ব্য়ৱস্থাবোৰে কেনেদৰে গাওঁ পঞ্চায়তৰ নেতৃত্বৰ আকৃতি সলনি কৰিছে?

৪। স্থানীয় চৰকাৰৰ ৭৩-নং সংশোধনীৰ আগৰ আৰু পিছৰ প্ৰধান পাৰ্থক্য়বোৰ কি কি?

৫। তলৰ কথোপককথনটো পঢ়া- এই কথোপকথনত উদয় হোৱা বিচাৰ্য বিষয়সমূহৰ ওপৰত তোমাৰ মতামত ২০০ টা শব্দৰ ভিতৰত লিখা-

অলকঃ আমাৰ সংবিধানে পূৰুষ আৰু মহিলাৰ মাজত সমতা প্ৰদান কৰিছে। স্থানীয় গোটৰ মহিলাৰ বাবে সংৰক্ষণে ক্ষমতাৰ ক্ষেত্ৰত তেওঁলোকক সমতা প্ৰদান কৰিছে।

নেহাঃ মহিলাসকল ক্ষমতাত থকা উচিত। কিন্তু ই যথেষ্ট নহয়। স্থানীয় প্ৰশাসনৰ বাজেটত মহিলাৰ বাবে তেতিয়া মহিলাৰ যত্ন আৰু স্বাৰ্থ স্বতঃফূৰ্তভাৱে লোৱা হ'ব।

জয়েচঃ মই সংৰক্ষণ ব্য়ৱসায়টো ভাল নাপাওঁ। স্থানীয় গোটবোৰে গাঁৱৰ সকলো লোকৰ যত্ন ল'বই লাগিব আৰু ইয়ে আপোনা-আপুনি মহিলা াৰু তেওঁলোকৰ স্বাৰ্থৰ প্ৰতি যত্ন ল'ব।

৬। ৭৩-নং সংশোধনীৰ অনুবন্ধসমূহ পঢ়া। তলত উল্লেখ কৰা কি কি বিষয়ত এই সংশোধনীয়ে উপস্থাপন কৰিছে?

(ক) স্থান বা গাদী হেৰুওৱাৰ ভয়ত প্ৰতিনিধিসকলে জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে।

(খ) উচ্চ জাতি আৰু জমিদাৰসকলে স্থানীয় গোটবোৰৰ ওপৰত আধিপত্য় বিস্তাৰ কৰি আছে।

(গ) গ্ৰাম্য় নিৰক্ষতাৰ বহুত বেছি। নিৰক্ষৰ লোকে গাওঁ অঞ্চলৰ উন্নয়নৰ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।

(ঘ) গাওঁ উন্নয়নৰ কৃতকাৰ্যতাৰ কাৰণে আঁচনি প্ৰস্তুত কৰিবলৈ গাওঁ পঞ্চায়তক সম্পদ আৰু ক্ষমতাৰ প্ৰয়োজন।

৭। স্থানীয় চৰকাৰৰ সমৰ্থনত তলত বিভিন্ন যুক্তি দিয়া হৈছে। সিবিলাক শ্ৰেণীবদ্ধ কৰা আৰু বাখ্যা কৰা। এটা বিশেষ যুক্তি আনবোৰৰ তুলনাত কিয় তাৎপৰ্যপূৰ্ণ? তোমাৰ মতে এই যুক্তি আৰু সিদ্ধান্তবোৰৰ কোনটোৰ ওপৰত ভাগোবাচল গাঁৱৰ গাঁও পঞ্চায়ত প্ৰতিষ্ঠিত? কেনেকৈ?

(ক) স্থানীয় জনসাধাৰণৰ লগত সহযোগ কৰি চৰকাৰে প্ৰকল্পবোৰ কম খৰচত সম্পাদন কৰিব পাৰে।

(খ) চৰকাৰী বিষয়াই প্ৰস্তুত কৰা উন্নয়নমূলক পৰিকল্পনাবোৰতকৈ বেচি গ্ৰহণ যোগ্য়।

(গ) স্থানীয় লোকে তেওঁলোকৰ অঞ্চল আৰু সমস্য়াবিলাকৰ সম্পৰ্কে ভালদৰে জানে আৰু সেইমতে অগ্ৰাধিকাৰ দিয়ে। সামূহিক অংশগ্ৰহণেৰে তেওঁলোকে আলাপ-আলোচনা কৰি তেওঁলোকৰ জীৱন ধাৰণ বিষয়ে সিদ্ধান্ত লোৱা উচিত।

(ঘ) কেন্দ্ৰীয় বা ৰাজ্য়িক বিধানমণ্ডলৰ প্ৰতিনিধিসকলক যোগাযোগ কৰাটো জনসাধাৰণৰ বাবে বৰ জটিল কাম।

৮। তোমাৰ মতে তলৰ কোনবোৰ বিকেন্দ্ৰীকৰণৰ লগত জড়িত? আনবোৰ বিকেন্দ্ৰীকৰণৰ বাবে কিয় উপযুক্ত নহয়?

(ক) গাওঁ প়্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰা।

(খ) গাঁৱৰ বাবে কি আঁচনি আৰু কাৰ্যসূচী প্ৰয়োজনীয় সেই বিষয়ে গাঁওবাসীয়ে নিজে সিদ্ধান্ত লোৱা।

(গ) গাঁও সবাৰ মিটিং বা সবা আহ্বান কৰা।

(ঘ) ৰাজ্য় চৰকাৰে আৰম্ভ কৰা এটা প্ৰকল্পৰ কামৰ অদগ্ৰগতিৰ খতিয়ান গাঁও পঞ্চায়তে খণ্ড উন্নয়ন বিষয়াৰ পৰা লোৱা।

৯। দিল্লী বিশ্ববিদায়লৰ এজন ছাত্ৰ ৰাঘবেন্দ্ৰ পাৰপানাই প্ৰাথমিক শিক্ষাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণত বিকেন্দ্ৰীকৰণৰ বিষয়ে অধে্েয়ন কৰিব বিচাৰিছিল। তেওঁ গাঁওবাসীক কিছুমান প্ৰশ্ন সুধিছিল। এই প্ৰশ্নবোৰ তলত দিয়া হ'ল! যদি তুমি এই গাঁওবাসীৰ মাজেৰে এজন তেন্তে তুমি এই প্ৰতিটোে প্ৰশ্নৰ উত্তৰ কি দিলাহেঁতেন?

গাঁওসভাৰ এখন মিটিং আহ্বান কৰি গাঁৱৰ প্ৰতিটো ল'ৰা-ছোৱালী স্কুললৈ যোৱাৰ ক্ষেত্ৰত কি ব্য়ৱস্থা গ্ৰহণ কৰিলা হয়?

(ক) মিটিঙৰ বাবে কোনটো দিন সুবিধাজনক হ'ব পাৰে তুমি কেনেদৰে ভাবিবা? তোমাৰ পছন্দ মতে কোন এই মিটিঙত উপস্থিত থাকিবলৈ সমৰ্থ হ'ব/নহ'ব সেই বিষয়ে ভাবা।

(ক) খণ্ড উন্নয়ন বিষয়া বা জিলা উপাযুক্তই নিৰ্দিষ্ট কৰা দিন।

(খ) গাঁৱৰ বজাৰ হোৱা দিনটো।

(গ) ৰবিবাৰ।

(ঘ) নাগ পঞ্চমী/ দোহামী।


(খ) সভা বা মিটিঙ অনুষ্ঠিত হোৱাৰ উপযুক্ত স্থান কি? কিয়?

(ক) জিলা উপাযুক্তই নিৰ্দিষ্ট কৰা স্থান।

(খ)  গাঁৱৰ ধৰ্মীয় স্থান।

(গ) দলিল মহল।

(ঘ) উচ্চ জাতিৰ ঘৰত (Tola)।

(ঙ) গাঁৱৰ বিদ্য়ালয়ত।


(গ) গাঁওসভাৰ মিটিঙত প্ৰথমে জিলা উপাযুক্তই পঠোৱা জাননী এখন পঢ়া হৈছিল। ইয়াত এটা শিক্ষামূলক সমদল আহ্বান কৰিবলৈ কি উপযুক্ত প্ৰচেষ্টা লোৱা উচিত আৰু ইয়াৰ বাবে কি পথ লোৱা উচিত তাৰে পৰামৰ্শ দিয়া হৈছিল। কিন্তু মিটিং বা সভাত কোনোদিনে স্কুললৈ নহা শিশুসকলৰ বিষয়ে বা ছোৱালী শিক্ষাৰ বিষয়ে বা বিদ্য়ালয় ভৱনৰ বিষয়ে আৰু বিদ্য়ালয় বহাৰ সংয়ৰ বিষয়ে আলোচনা কৰা হোৱা নাছিল। মিটিংখন ৰবিবাৰে অনুষ্ঠিত হোৱা  বাবে কোনো মহিলা শিক্ষয়িত্ৰী উপস্থিত থকা নাছিল।

     জনসাধাৰণৰ অংশগ্ৰহণৰ উদাহৰওণ হিচাপে এই কাৰ্য বিৱৰণীৰ পৰা কি বুজিলা?

(ঘ) তোমাৰ শ্ৰেণীটো গাঁওসভা বুলি ভাবি লোৱা। সভাৰ কাৰ্যসূচী আলোচনা কৰা আৰু লক্ষ্য়ত উপনীত হ'বলৈ কিছুমান পদক্ষেপৰ পৰামৰ্শ আগবঢ়োৱা।

Type: Sri Chinmay Kakati