Chapter 1

প্ৰকৃতিঃ চন্দ্ৰকুমাৰ আগৰৱালা

প্রশ্নাৱলী :  

চমু প্রশ্ন ঃ  

১। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কোন চনত হৈছিল ?  

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ১৮৬৭ চনত হৈছিল।

২। চন্দ্ৰকুমাৰ আগৰৱালা প্রথম কাব্য সংকলনখনৰ নাম কি?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা প্রথম কাব্য সংকলনখনৰ নাম হল- বনকুঁৱৰী ।

৩। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কেতিয়া জন্ম হৈছিল?

উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভা ১৮৮৮ চনত জন্ম হৈছিল।

৪।‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰঃ জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল।

ৰচনাধৰ্মী প্রশ্ন :  

১। অসমীয়া ৰোমাণ্টিক কাব্য সাহিত্যৰ বৈশিষ্ট্যসমূহ লিখা।  

উত্তৰঃ অসমীয়া ৰোমাণ্টিক কাব্য সাহিত্যৰ বৈশিষ্ট্যসমূহ হল- কাল্পনিকতা, প্ৰকৃতিৰ জয়গান, মানৱতাবাদ, অতীতৰ বৰ্ণনা, স্বদেশ প্ৰেম, ব্যক্তিসত্বাৰ জয়গান, নাৰী সৌন্দৰ্য, ৰহস্যবাদ, প্ৰতীক আৰু চিত্ৰশিল্প, অলংকাৰৰ ব্যৱহাৰ। ইয়াৰ প্ৰধান বৈশিষ্ট হল- মধ্যযুগ প্ৰীতিৰ ব্যৱহাৰ।

২। ‘প্রকৃতি’ কবিতাটিৰ সাৰাংশ নিজৰ ভাষাত লিখা।  

উত্তৰঃ কবিটাতোত প্ৰথম স্তৱকত এটা ফুলকবিৰ কথা কোৱা হৈছে। কবিয়ে এই বৰ্ণনাৰ জৰিয়তে অপূৰ্ব সুন্দৰ ফুলৰ তিনিটা স্তৰৰ কথা দাঙি ধৰিছে। প্ৰথম স্তৰৰ ফুলৰ স্বৰূপটো হল ফুলকলি। দ্বিতীয় স্তৰত ফুলকলিয়ে পূৰ্ণ বিকশিত ফুলৰ ৰূপ লাভ কৰে। তৃতীয় স্তৰত সেই ফুল সৰি মাটিৰ সৈতে একাৰৰ হৈ যায়। সেই অৱস্থাত ফুলৰ ৰং ৰূপ সুগন্ধি সকলো হেৰাই যায়। এয়াই প্ৰকৃতিৰ চিৰন্তন বিঘান। সেই ফুৰ ৰস পাণ কৰিবৰ বাবে মউপিয়া বলিয়া ভোমোৰা অকলে অকলে ঘূৰি ফূৰিছে। অৰ্থাৎ এটি এটা ফুল সৌন্দৰ্য্যৰ বা সুবাসৰ কাৰণে নহয় লগতে ভোমোৰাক মৌৰসো যোগান ধৰে।

    কবিতাটিৰ দ্বিতীয় স্তৱকত স্মৃতি আৰু বিষাদৰ সুন্দৰ অভিব্যঞ্জনা হৈছে। বেজাৰতে ভোমোৰাটিত হৃদয়ৰ ৰাগিনী বাজি উঠিছে। তাৰ প্ৰিয় ফুলটো সৰি গল আৰু সি ফুলটোৰ ৰসৰ সন্ধানত অকলে ঘূৰি ফূৰিছে। এসময়ত ভোমোৰাটো গুছি গল। ভোমোৰা আৰু ফুলৰ এই অনুপম সমন্ধক কবিয়ে অতি সূক্ষ্মভাৱে ফুটাই তুলিছে। কবিটাতিৰ অন্তিম তিনি শাৰীত কবিৰ দাৰ্শনিক চেতনা স্পষ্ট হৈছে।

    ভাৱ বা বিষয়বস্তুৰ দৃষ্টিৰে প্ৰকৃতি এটা অনুপম কবিতা। ৰোমাণ্টিক যুগৰ আৰম্ভণিতে ৰচিত এই কবিতাটোক কবিৰ প্ৰকৃতিপ্ৰেম আৰু জীৱনবোধ সুন্দৰকৈ ফুটাই তুলিছে। ইয়াৰ লগতে কলাৰ দৃষ্টিৰেও এই কবিতাটি বৰ উৎকৃষ্ট।

৩। চন্দ্ৰকুমাৰ আগৰৱালাৰ অসমীয়া সাহিত্যলৈ অৱদান সম্পর্কে লিখা।  

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা এনে এক চিৰস্মৰণীয় আৰু উজ্জল প্ৰতিভা যাৰ নৱসৃষ্টিয়ে অসমীয়া সাহিত্য জগতত এটি নতুন যুগৰ সূচনা কৰিছিল। সেই দৃষ্টিৰে তেওঁ যুগদ্ৰষ্টা,যুগস্ৰষ্টা। চন্দ্ৰকুমাৰ আগৰৰৱালাৰ নেতৃত্বতেই ৰমন্যাসিক চিন্তাধাৰাই অসমীয়া সাহিত্যত নতুন সৃষ্টিৰ বতৰা কঢ়িয়াই আনে। চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল।

প্ৰসংগ পুথিঃ  

১। অসমীয়া কবিতা চয়নঃ (সম্পা.) ড° মহেন্দ্ৰ বৰা  

২। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত : ড° সত্যেন্দ্রনাথ শৰ্মা  

৩। ৰমন্যাসবাদ : ড° মহেন্দ্ৰ বৰা


Type: Krishna Bora

Author: Leena Kakati



Post ID : DABP003148