Chapter 3

মনোৰমা ঃ দেৱকান্ত বৰুৱা

 প্ৰশ্নাৱলীঃ

চমু প্ৰশ্নঃ 

১। দেৱকান্ত বৰুৱাৰ জন্ম কেতিয়া হৈছিল? 

উত্তৰঃ দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯১৪ চনত।

২। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি ?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম হল- 'সাগৰ দেখিছা'।

৩। মনোৰমা কবিতাটিত কি ৰসৰ সাৰ্থক প্ৰকাশ ঘটিছে ?

উত্তৰঃ মনোৰমা কবিতাটিত সুমিষ্ট ৰসৰ সাৰ্থক প্ৰকাশ ঘটিছে।

৪। কোন সমলোচকে দেৱকান্ত বৰুৱাক 'কামাসিক কবি' বুলি অভিহিত কৰিছে ? 

উত্তৰঃ মহেন্দ্ৰ বৰাই দেৱকান্ত বৰুৱাক 'কামাসিক কবি' বুলি অভিহিত কৰিছে।

ৰচনাধৰ্মী প্ৰশ্নঃ 

১। অসমীয়া সাহিত্যলৈ দেৱকান্ত বৰুৱা অৱদান সম্পৰ্কে সবিস্তাৰে লিখা । 

উত্তৰঃ বিচক্ষণ অসমীয়া সাহিত্যৰ কবি দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথি হল-'সাগৰ দেখিছা'। এই কাব্যসংকলনখনে অসমীয়া সাহিত্যত আলোড়নৰ সৃষ্টি কৰে আৰু বিপুল জনপ্ৰিয়তা লাভ কৰে। শব্দ মাধুৰ্য্য, প্ৰেমৰ উত্তাপ আৰু প্ৰকাশভংগীৰ নাটকীয়তাই 'সাগৰ দেখিছা' কাব্যপুথিখনক অনন্য মাত্ৰা প্ৰদান কৰিছে। সমালোচকসকলৰ মতে দেৱকান্ত বৰুৱাৰ কবিতাত পাশ্চাত্য কবি ৰবাৰ্ট ব্ৰাউনিঙৰ নাটকীয় স্বগতোক্তিৰ স্পষ্ট প্ৰভাৱ লক্ষ্য কৰিব পাৰি। কবি, সমালোচক নীলমণি ফুকনে দেৱকান্ত বৰুৱাৰ কবিতা সম্পৰ্কে মন্তব্য দিছে।

২। মনোৰমা কবিতাটিৰ ভাব আৰু কলাৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ প্ৰথম স্তৱকটিত প্ৰিয়তমা নাৰীৰ অকৃতিম ৰূপৰাশিৰ অভিনৱ স্বৰূপ অতি নিটোল ৰূপত ফুটাই তোলা হৈছে। নায়িকাৰ সুন্দৰ চকুযুৰি বৰ্ণনা কৰি কৈছে যে তুমাৰ চকুত মায়াময় সপোনে মেলা পাতে। সেই সুন্দৰী নায়িকাৰ তপত নিশাহত যেন কোমল ঘাঁহৰ সৌৰভযুক্ত মৃদু মলয়া। 

    দ্বিতীয় স্তৱকটোত কলা ঘন চুলিটাৰিৰ বৰ্ণনা কৰি কবিয়ে কৈছে যে আউসী নিশাৰ ঘন এন্ধাৰৰ দৰে চুলিটাৰিয়ে নায়িকাৰ সৌন্দৰ্য্য আৰু উজ্বলতৰ কৰি তুলিছে। আনহাতে নায়িকাৰ কোমল মৌসনা মাতটো কপৌ চৰাইৰ দৰে মনোলোভা। কপৌৰ মন ৰাইজই কৰা উৰুঙা মাতৰ দৰে নায়িকাৰ কণ্ঠও সুমধুৰ।

    তৃতীয় স্তৰত নায়িকাৰ মোহময়ী ভূৱনভুলোৱা হাঁহিৰ বৰ্ণনা কৰা হৈছে। বাৰিসা আহিলে যিদৰে কলং নদীৰ বুকু নাচি উঠে আৰু বিহমেটেকাই পাহি মেলে, সেইদৰে নায়িকাৰ সুমিষ্ট হাঁহি দেখি কাৰোবাৰ হৃদয়ৰ কলং বাঢ়ি আহে।

    চতুৰ্থ স্তৱকটোত নায়িকাৰ মসৃণ হাত দুখনি আৰু সুগঢ়ী আঙুলিৰ ৰূপ বৰ্ণনা কৰিছে । হাত দুখনি পদুমৰ ঠাৰি যেন কোমল।

    পঞ্চম স্তৱকত নায়িকাৰ অংগ সৌন্দৰ্য্যৰ বৰ্ণনা অতি মুক্ত আৰু সাহসী ৰূপত দাঙি ধৰিছে।

    কবিতাটোৰ বিষয়বস্তু যিদৰে মনোৰম সেইদৰে ইয়াৰ কলাত্মক দিশটোও অত্যন্ত সবল। উদ্দীপ্ত শব্দ প্ৰয়োগ, উপমা, ৰূপক আৰু অনুপ্ৰাস অলংকাৰৰ মধুৰ ব্যৱহাৰ আৰু উৎকৃষ্ট চিত্ৰকল্পৰ উপস্থিতিয়ে কবিতাটি ৰসাস্বাদ্য আৰু মনোগ্ৰাহী কৰি তুলিছে। নাৰী সৌন্দৰ্য্যৰ এনে অনুপম প্ৰকাশ কবিতাটিৰ মূল সম্পদ।

প্ৰাসংগিক গ্ৰন্থঃ 

১। সাগৰ দেখিছাঃ দেৱকান্ত বৰুৱা, ষ্টুডেন্টচ ষ্ট'ৰচ 

২। অসমীয়া কবিতা চয়নঃ সম্পাঃ ড॰ মহেন্দ্ৰ বৰা 

৩। অসমীয়া সাহিত্যৰ ৰূপৰেখাঃ ড॰ মহেশ্বৰ নেওগ 


Type: Krishna Bora 

Author- Leena Kakati 





Post ID : DABP005559