Chapter 1 

পলস

প্ৰশ্নাৱলী ঃ

চমু প্ৰশ্ন ঃ 

১। নৱকান্ত বৰুৱাৰ পিতৃৰ নাম কি ?

উত্তৰঃ নৱকান্ত বৰুৱাৰ পিতৃৰ নাম হল- নীলকান্ত বৰুৱা। 

২। হে অৰণ্য, হে মহানগৰ কাব্যপুথিখন কেতিয়া প্ৰকাশিত হৈছিল ?

উত্তৰঃ হে অৰণ্য, হে মহানগৰ কাব্যপুথিখন ১৯৫১ চনত প্ৰকাশিত হৈছিল।

৩। কি ছদ্মনামেৰে বৰুৱাদেৱে শিশু সাহিত্য ৰচনা কৰিছিল ?

উত্তৰঃ এখুদ ককাইদেউ ছদ্মনামেৰে বৰুৱাদেৱে শিশু সাহিত্য ৰচনা কৰিছিল।

৪। কোনখন উপন্যাসৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ?

উত্তৰঃ  ককাদেউতাৰ হাড় শীৰ্ষক উপন্যাসৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।

৫। অসমীয়া কাব্য সাহিত্যৰ ইলিয়ট কোন ?

উত্তৰঃ অসমীয়া কাব্য সাহিত্যৰ ইলিয়ট হল- নৱকান্ত বৰুৱা

৬। নৱকান্ত বৰুৱাই কোনখন শিক্ষানুষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ হৈছিল?

উত্তৰঃ নৱকান্ত বৰুৱাই বিশ্বভাৰতী, শান্তিনিকেতন  শিক্ষানুষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ হৈছিল।

ৰচনাধৰ্মী প্ৰশ্ন ঃ 

১। পলস কবিতাটোৰ মূলভাব আৰু শিল্পৰ বিষয়ে সবিস্তাৰে লিখা । 

উত্তৰঃ

২। প্ৰতীক, চিত্ৰকল্প আৰু অলংকাৰ প্ৰয়োগৰ দৃষ্টিৰে পলস কবিতাটোৰ মূল্যাংকন কৰা । 

উত্তৰঃ

৩। অসমীয়া সাহিত্য জগতলৈ নৱকান্ত বৰুৱাৰ অৱদান সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ অসমীয়া সাহিত্য জগতত নৱকান্ত বৰুৱাৰ অৱদান উল্লেখনীয়। অসমীয়া কাব্য জগতত তেখেতক ইলিয়ট নামেৰেও জনা যায়। আধুনিক অসমীয়া কবিতাৰ পথিকৃৎ, প্ৰখ্যাত সাহিত্যিক নৱকান্ত বৰুৱাৰ জন্ম ১৯২৬ চনত। বৰুৱাদেৱে আধুনিক অসমীয়া সাহিত্য, বিশেষকৈ কাব্য জগতলৈ অসামান্য বৰঙণি আগবঢ়াই থৈ গৈছে। ১৯৯০ চনৰ বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰা বহুমুখী প্ৰতিভাৰ অধিকাৰী নৱকান্ত বৰুৱাৰ অসমীয়া সাহিত্য জগতলৈ যি অৱদান, তাক স্বীকাৰ নকৰি নোৱাৰি। কিন্তু তাৎপৰ্য্যপূৰ্ণ কথা যে, কবি বৰুৱাদেৱে ১৯৭৫ চনত ককাদেউতাৰ হাড় শীৰ্ষক উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ২০০২ চনত এই মহান সাহিত্য সাধকজনৰ মহাপ্ৰয়ান ঘটে। একেৰাহে কবি, ঔপন্যাসিক, শিশু সাহিত্যক, অনুবাদক, সম্পাদক, গীতিকাৰ, সাহিত্য সমালোচক, ভ্ৰমণকাহিনী লেখক, নাট্যকাৰ অধ্যাপক নৱকান্ত বৰুৱাৰ বিশাল ব্যক্তিত্ব আৰু প্ৰতিভা সদায়ে উজলি থাকিল। এখুদ ককাইদেউ ছদ্মনামেৰে তেওঁ শিশু সাহিত্য ৰছনা কৰিছিল। বিবিধ সাহিত্য শাখাত নিজৰ নিপুন প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰা নৱকান্ত বৰুৱাৰ সৰ্বাধিক খ্যাতি কবি ৰূপেহে। তেওঁৰ কাব্য সৃষ্টিসমূহ হল- হে অৰণ্য হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, মোৰ আৰু পৃথিৱীৰ, যতি আৰু কেইটামান স্কেচ্ছ, সম্ৰাট, ৰাৱন, ৰত্নাকৰ, একন স্বচ্ছ মুখাৰে, সূৰ্য্যমুখীৰ অংগীকাৰ, নৱকান্ত বৰুৱা কবিতাৱলী, দলঙত তামীঘৰা

প্ৰাসংগকি গ্ৰন্থ ঃ 

১। নতুন কবিতা ঃ মহেন্দ্ৰ বৰা ; বনলতা 

২। মহৎ ঐতিহ্যঃ নলিনীধৰ ভট্টাচাৰ্য্য ; ষ্টুডেন্টচ ষ্ট'ৰচ 

৩। মোৰ আৰু পৃথিৱীৰ ঃ নৱকান্ত বৰুৱা 

৪। অসমীয়া সাহিত্য ঃ আধুনিক যুগ ঃ প্ৰফুল্ল চন্দ্ৰ বৰা, ষ্টুডেন্টচ ষ্ট'ৰচ 

৫। মুখত হাঁহি ভাষাত হাঁহি____ কবি নৱকান্ত বৰুৱা ঃ (সম্পা.) উপলা বৰুৱা, আধাৰ । 


Type : Krishna Bora 

Author : Leena Kakati




Post ID : DABP005525