অধ্যায়ঃ ৬ 

বন্ধু আৰু বন্ধু


1.

অৰ্ণৱঃ বুজিছ ভাই অমৰ, মই ছোৱালী চাই চাই ভাগৰি পৰিছোঁ । মা-ৰ পছন্দ নহয় হে নহয় । 

অমৰঃ দেউতাৰাই কি কয় ?

অৰ্ণৱঃ অলপতে সাইলাখ মাৰ চেহেৰাৰ দৰে ছোৱালী এজনী চালোঁ । ছোৱালীজনী মাৰ পছন্দ হৈছিল যদিও দেউতাই নাকচ কৰিলে ।

2.

দুজন ঘোৰা মদাহীৰ কথোপকথন-

১ম মোদাহীঃ মই তোমাক কৈছোঁ, এদিন নহয় এদিন দেশৰ প্ৰধানমন্ত্ৰী হ'মেই ।

২য় মদাহীঃ কেলেই মিছা কথা কৈছ ? তই কেনেকৈ প্ৰধানমন্ত্ৰী হ'বি? মই ইস্তফা দিলেহে তই হ'ব পাৰিবি ? মই জানো ইস্তফা দিম ? জীয়াই থকালৈকে মই গাদী এৰাত নাই ।

3.

১ম বন্ধুঃ তুমি এমাহৰ ছুটী কি দৰে পাৰ কৰিলা ?

২য বন্ধুঃ এদিন বাইক চলালোঁ, বাকী কেইদিন আস্পতালত পাৰ কৰিলোঁ ।

4.

দুজন বন্ধুই পাৰ্কত বহি ছোৱালীৰ বিষয়ে কথা পাতি আছিল । কথাৰ মাজতে এজনে ক'লে-

১ম বন্ধুঃ তুমি যে ছোৱালীৰ বিষয়ে ইমানবোৰ কথা কৈ থাকা, তাতকৈ বিয়াখন পাতি নিচিল-কিছিল হৈ নোলোৱা কিয় ?

২য় বন্ধুঃ 'ভাই বৰ ঢোল দেখিঠা নহয়, দেখিবলৈও ভাল, বজাবলৈও ভাল, কিন্তু ডিঙিত আঁৰি লৈ ফুৰাটোহে বৰ কষ্টকৰ ।'

5.

বৰষুণৰ বতৰত দুজন পাগলৰ কথোপকথন

১ম পাগলঃ আকাশখন ফুটিছে কিজানি, টোপ টোপ কৈ পানী পৰি আছে ।

২য় পাগলঃ বোধহয় ফুটাবোৰ কোনোবাই জ্বালাই কৰি আছে । দেখা নাই, কিদৰে চিকমিকাই পোহৰ দি আছে ।

6.

এজন হোজা গাঁৱলীয়াই অন্য দুজনমান সমনীয়াৰ আগত কৈ আছে,

হোজা গাঁৱলীয়াঃ আজি চহৰত এজন চিটি পুলিচক ভাল ঠগন দিলোঁ ।

লগৰ সমনীয়াঃ এশটা কাউৰ গণি মাত্ৰ ত্ৰিশটা গণনা কৰা বুলি কৈ ত্ৰিশ টকা গুঁজি দি ভাল ৰাম-ঠগন দিলোঁ ।

7.

দুজন মদাহী কাষৰ এখন হোটেলত সোমাল । দুয়োজনে যিখন টেবুলৰ কাষত বহিছিল তাত এটা আইনাৰ গিলাচত উবুৰিয়াই থোৱা আছিল । তাকে দেখি এজনে ক'লে-

১ম মদাহীঃ কি আচৰিত কথা ! এই গিলাচটোৰ মুখ নাই ।

২য় মদাহীঃ (ভালকৈ চাই ক'লে) আনজনে ক'লে, তুমি ঠিকেই কৈঠা । তাতোকৈ আচৰিত কথাটো হল, গিলাচটোৰ তলিত এটা ডাঙৰ ফুটা আছে ।

8.

দুজন ব্যক্তিৰ ভাব বিনিময় 

১ম ব্যক্তিঃ মোৰ মতে বিবাহ মানেই জুৱা, আপুনি কি ভাৱে ?

২য় ব্যক্তিঃ মুঠেই নহয় । কাৰণ জুৱাত বাৰে বাৰে ভাগ্য পৰীক্ষাৰ সুযোগ পোৱা যায়, কিন্তু বিবাহত সেই সুবিধা নাথাকে । 

9.

১ম বন্ধুঃ মই বিদেশৰ বহুত ঠাইত গৈছোঁ । সেই দেশবোৰৰ ৰাজনীতি, অৰ্থনীতি, ভূগোল আদিৰ কথা মই বহুত জানো ।

১ম বন্ধুঃ তুমি ক'ত ক'ত গৈছা ?

২য় বন্ধুঃ হলেণ্ড, ডেনমাৰ্ক, থাইলেণ্ড, আমেৰিকা, ইংলেণ্ড, জাৰ্মান, জাপান আৰু বহুতো।

২য় বন্ধুঃ তেতিয়া হ'লে তোমাৰ জিওগ্ৰাফীৰ জ্ঞান বহুত আছে ।

১ম বন্ধুঃ কি কোৱাহে ? জিওগ্ৰাফীত মই এসপ্তাহ থাকি আহিছো ।


10.

তপনঃ তোমাৰ সংগীতৰ প্ৰতি ৰাপ আছে, হয়নে ?

ভাস্কৰঃ হয়, হয় ।

তপনঃ কোনবিধ বাদ্য-যন্ত্ৰ বজাই ভাল পোৱা ?

ভাস্কৰঃ গ্ৰামোফোন ।

11.

হাঁহ আৰু কুকুৰাৰ আলোচনাত-

কুকুৰাঃ তোৰ কণী এটাৰ দাম কিমান ?

হাঁহঃ সাত টকা । তোৰ কণীৰ দাম ?

কুকুৰাঃ পাঁচ টকা । নোবাৰিদে দুটকাৰ বাবে ইমান কষ্ট কৰিব ।

12.

ৰঞ্জুই বাতৰি পঢ়ি আছে । এনেতে সঞ্জু সোমাই আহিল । ৰঞ্জুই সঞ্জুই সুধিলে-

ৰঞ্জুঃ তুমি কেতিয়াবা বান্দৰে বাতৰি পঢ়া দেখিছানে ?

সঞ্জুঃ আজি প্ৰথম ।

13.

১ম বন্ধুঃ চোৰ আৰু ডকাইচৰ মাজত পাৰ্থক্য কি ?

২য় বন্ধুঃ চোৰ চোৰ নিশাচৰ, কিন্তু ডকাইতবোৰ উভয়চৰ ।

14.

দুজন মদাহীয়ে কথা পাতিছে-

১ম মদাহীঃ মই এইবাৰ তাজমহলটো কিনাৰ কথা ভাবিছোঁ ।

২য় মদাহীঃ তুমি কেনেকৈ কিনিবা ? সেইটোৰ মালিক মই আৰু মই নিবিকিলে তুমি কিদৰে কিনিবা ?

15.

ৰেলৰ ডবা এটাত দুজন ৰাজনৈতিক দলৰ নেতা কৰবালৈ গৈ আছে । এজনে আনজনক ক'লে-

১ম নেতাঃ বুজিছে শইকীয়া, সমাজবাদ গ'ল, পুঁজিবাদ আহি আছে । আমাৰো সাজু হ'বৰ হ'ল ।

হঠাৎ ওপৰৰ বাৰ্থত শুই থকা মানুহ এজনে চকুদুটা মোহাৰি ক'লে-

২য় নেতাঃ ধন্যবাদ মহাশয়, আহিলে মোক মাতি দিলে বৰ উপকাৰ কৰা হ'ব ।

16.

১ম চোৰঃ আজি চোৰ কৰাৰ পিচতে পৰিয়ালোবৰ লাখপতি হৈ যায় ।

২য় চোৰঃ কেনেকৈ ?

১ম চোৰঃ কাৰণ, আমি কোটিপতিৰ ঘৰতহে চোৰ কৰোঁ । সোণা-গহনা আদি সকলো চোৰ কৰাৰ পিছত আপোনা আপুনি সিহঁত লাখপতি হৈ যায় ।

17.

প্ৰথম বন্ধুঃ কি ত্যাগ কিৰিলে মানুহ সহজে ধনী হ'ব পৰে ?

দ্বিতীয় বন্ধুঃ উত্তৰটো তেনেই সহজ । নীতি আৰু আদৰ্শ ।

18.

দীপকঃ কোৱাচোন বন্তি, ম'বাইলে আমাৰ কি কি নিলে ?

বন্তিঃ বহুতো, যেনে- হাতঘডী়, এলাৰ্ম ঘড়ী, কেলেণ্ডাৰ, কেলকুলেটৰ, দাপোণ, নোটবুক, ৰেডিঅ', টিভি, চিনেমা হল, বাতৰি, টৰ্চ লাইট, চিঠি আৰু গ্ৰীটিংছ কাৰ্ড, লেপটপ, টেপ ৰেকৰ্ডাৰ, ভিডিঅ' গেম, কেমেৰা, সময়, আন্তৰিকতা, ল'ৰা-ছোৱালীৰ মগজু, বহুতো জীৱন আৰু সপোন ।

19.

দুজন বন্ধুৰ কথোপকথন ।

১ম বন্ধুঃ এবাৰ মোৰ দেউতা হাবিত চিকাৰ কিৰবলৈ যাওঁতে হঠাৎ সন্মুখত এটা বাঘ দেখি গুলীহীন বন্দুকটো দেখুৱাই দিয়াৰ লগে লগে বাঘটো পলাইছিল ।

২য় বন্ধুঃ মোৰ দেউতাৰ ক্ষেত্ৰত তাতকৈও ডাঙৰ ঘটনা এটা ঘটিছিল । হঠাৎ দেউতাৰ সন্মুখত এটা প্ৰকাণ্ড বাঘ । দেউতাৰ ফালে আহি আছে, সেই সময়ত দেউতাৰ লগত বন্দুকটো নাই ।ভাগ্য ভাল লাইচেঞ্চখন আছিল । সেইখন বাঘটোৰ সন্মুখত দাঙি ধৰাৰৰ লগে লগে বাঘটোই অতি ভদ্ৰভাৱে তাৰ পৰা আঁতৰি গৈছিল ।

20.

বহুদিনৰ মূৰত দুই বন্ধুৰ দেখা-দেখি হ'ল । এজনে আনজনক সুধিলে-

১ম বন্ধুঃ তোমাৰ মানুহজনী কেনি আছে ? আগৰ দৰে ধুনীয়া হৈ আছেনে ?

২য় বন্ধুঃ একে ধৰণেই আছে । মাত্ৰ এতিয়া আগৰ দৰে ধুনীয়া হ'বলৈ সময়  প্ৰায় এঘন্টা মানেই লাগে । আগতে আধা ঘন্টা লাগিছিল ।

21.

দুজন বন্ধুৱে কথা পাতিছে ।

১ম বন্ধুঃ এদিন মই বজাৰলৈ যাওঁতে এজন ডকাইতে মোক আগচি ধৰি হাত ঘড়ীটো আৰু জেপৰ টকাখিন কাঢ়ি নিলে । 

২য় বন্ধুঃ কিন্তু তুমি দেখোন সদায় পিস্তল এটা লগত লৈ ফুৰা ।

১ম বন্ধুঃ সদায় লগত লৈ ফুৰো ঠিকেই, সিদিনাখনো লগত আছিল । 

২য় বন্ধুঃ তেন্তে...... ?

১ম বন্ধুঃ ভাগ্য ভাল, সেইটোৰ ওপৰত  তাৰ চকু নপৰিল । নহঁলে সেইটোও নিলেহেঁতন । 

22.

১ম বন্ধুঃ ভাই মোৰ কি হৈছে জানোঁ? আজি-কালি মাইকী মানুহ দেখিলেই মোৰ ভয় লাগে। এনে বা কিয় হৈছে?

২য় বন্ধুঃ দোস্ত, এই বেমাৰৰ এটাই মাত্ৰ উপায় আছে, তুমি সোনকালে বিয়াখন পাতি লোৱা। তেতিয়া মাত্ৰ এগৰাকীকহে ভয় কৰিব লাগিব।

23.

শেৱালিঃ ঐ পম্পী, তোক কালি গধূলি ডেকা ল'ৰা এজনৰ লগত ঘূৰি ফুৰা দেখিছিলোঁ। কোনে আছিল সেইজন?

পম্পীঃ ঠিক কেতিয়া বাৰু? ছটাৰ আগতে মই প্ৰফুল্লদাৰ লগত আৰু ছটাৰ পিছত বসন্তদাৰ লগত। তই মোক কাৰ লগত দেখিলি জানো?

24.

দুজন ডকাইতে বেংক এটাত সোমাই ভল্টত থকা পইচাখিনি চুৰি কৰি আনি ঘৰ পালে। এজনে আনজনক ক'লে-

১ম চোৰঃ ভাই আহাঁ, এতিয়া আমি কিমান টকা আছে হিচাপ কৰি চাওঁ।

২য় চোৰঃ উত্তৰ দিলে, এতিয়া শুই থাকা ৰাতি হৈছে । পুৱা বাতৰি কাকতত সকলো গম পাবাই।

25.

চলিহাঃ কি হে দত্ত, ল'ৰাৰ বিয়া ফাইনেল হোৱাৰ পিছতো বোলে বিয়াখন ভাঙি দিলে?

দত্তঃ কাৰণ, মই পাছতহে গম পালো যে আমাৰ বিয়নী হেনো আগতে জুডো আৰু কাৰাটে চেম্পিয়ন আছিল। লগতে বক্সিঙো খেলিছিল। সেয়ে মোৰ একমাত্ৰ ল'ৰাটোৰ জীৱনলৈ মই বিপদ চপাই আনিব নিবিচাৰিলোঁ।

26.

দীপঃ ভবেন, শুনিছোঁ তুমি হেনো বিয়াৰ কথা বাদ দি বাইক এখন ল'লা, কিয় বাৰু?

ভবেনঃ ঠিকেই শুনিছা। বাইকখন কিনিলে অন্ততঃ এবছৰ গাৰণ্টী দিয়ে, বেয়া হ'লে ঘূৰাই দিব পাৰি, কিন্তু ছোৱালীজনী আনিলে সেই সুবিধা নাথাকে।

27.

দুজন বন্ধুৰ আলোচনা

১ম বন্ধুঃ বন্ধু, মই আমেৰিকালৈ ফুৰিবলৈ যাম বুলি ভাবিছোঁ।

২য় বন্ধুঃ বৰ ভাল কথা। খৰচ কিমান মান পৰিব বাৰু?

১ম বন্ধুঃ এপইচাও নালাগে।

২য় বন্ধুঃ কেনেকৈ?

১ম বন্ধুঃ ভাবিবলৈ কিবা খৰচ কৰিব লাগে নেকি?

28.

১ম যাত্ৰীঃ এইটো মোৰ চিট, আপুনি উঠিব লাগিব। মই এটা চিটৰ ওপৰত এখন ৰুমাল ৰাখি থৈছিলোঁ।

২য় যাত্ৰীঃ ক্ষমা কৰিব, মই যদি গোটেই গাড়ীখনৰ ওপৰত এখন টিপাৰ্ল ঢাকি থওঁ তেতিয়া গোটেই গাড়ীখন মোৰ হৈ যাব নেকি?

29.

তপনঃ ৰাতুল, তোৰ পৰীক্ষাৰ ৰিজাল্ট কেনে হ'ল?

ৰাতুলঃ মই এইবাৰ নৱৰ কাষত পৰিছিলোঁ।

তপনঃ নৱৰ কথা বাদদে, তোৰ কেনে হ'ল?

ৰাতুলঃ নৱই ফে'ল কৰিছে আৰু মই!

30.

দুই বন্ধুৰ আলোচনা......

১ম বন্ধুঃ মানুহ বিয়াৰ পিছত পশু হয়।

২য় বন্ধুঃ কেনেকৈ?

৩য় বন্ধুঃ শুন, বিয়াৰ আগত মানুহ, কাৰণ, মাত্ৰ দুখন ভৰি। বিয়াৰ পিছত আগৰ ভৰি দুখনৰ সৈতে কইনাৰ ভৰি দুখন যোগ হৈ চাৰিখন। গতিকে জন্তু। ল'ৰা-ছোৱালী জন্মিলে পুৰুষবোৰ কেঁকোৰা হৈ যায়। কাণ বহুত ভৰিযুক্ত হয়।

31.

হেমন্তঃ কিৰিপ, তোক মই ইমান ৰসাল কৌতুক এটা ক'লোঁ, অথচ তই দেখোন অলপো নাহাঁহিলি।

কিৰিপঃ এতিয়া মই খুব ব্যস্তু। ঘৰত গৈহে হাঁহিব পাৰিম। 

32.

পৰীক্ষা হলত দুজন পৰীক্ষাৰ্থী, ইজনে আনজনক পৰা চাই লিখিছে। সেইদিনা আছিল অংক পৰীক্ষা ।

ৰাতুলঃ ঐ অমল তইচোন অংকৰ মাজত 'ই' লিখিছ। ভুল হোৱা মাইনে?

অমলঃ সেইটো 'ই' নহয় দুই ভাগৰ একহে  

33.

অজয়ঃ তোমাৰ দেউতাৰা এজন দৰ্জী, তথাপি তোমাৰ কামিজাৰ বুটাম নাই কিয়?

বিজয়ঃ তোমাৰ দেউতাৰা এজন চিকিৎসক। তথাপি তোমাৰ ইমান চৰ্দি কিয়?

34.

এদিন নিশা দুজন মুৰ্খই আকাশলৈ চাই খোজকাঢ়ি গৈ আছিল। এনেতে-

১ম মুৰ্খঃ সেইটো সূৰ্য নে চন্দ্ৰ?

২য় মুৰ্খঃ মই নাজানো। আগবাঢ়া ৰাস্তাত কাৰোবাক লগ পালে সুধিম।

১ম মূৰ্খঃ (ৰাস্তা এজন ব্যক্তিক লগ পাই সুধিলে) সৌটো সূৰ্য নে চন্দ্ৰ?

ব্যক্তিঃ মই নাজানো।

১ম মূৰ্খঃ কিয় নাজানা?

ব্যক্তিঃ কাৰণ মই এই ঠাইত নতুনকৈ আহিছো।

35.

যদুঃ আমাৰ ককাৰ ককাকৰ এটা খীৰিতি ম'হ আছিল। সেই ম'হটোৰ এটা শিঙৰ পৰা আনটো শিঙলৈ যাওঁতে বাটত এঘটি পানী ল'ব লাগিব  ।

মধুঃ আওমাৰ আকৌ দেউতাৰ দেউতাকৰ এটা বিশাল আকৃতিৰ ঢোল আছিল। ঢোলটো বজাবলৈ হ'লে এটা মূৰৰ পৰা আনটো মূৰলৈ যাওঁতে এৰাতি জিৰাই ল'ব লাগিব।

যদুঃ তেনেকুৱা ঢোল সাজিবলৈ ছাল ক'ত পালে?

মধুঃ কিয়, তই কোৱা সেই মহটোৰ ছাল।

36.

ঘটিৰামঃ ভাই বাতিৰাম, মই আজি মৰিবলৈ যাওঁ। ২০ মহলাৰ  ঘৰৰ পৰা জঁপিয়াই মৰিম।

বাতিৰামঃ আমাৰ অঞ্চলত ২০ মহলাৰ ঘৰেই নাই।

ঘটিৰামঃ তাতে কি হ'ল? দহ মহলাৰটো আছে। দুবাৰ জাঁপ মাৰি দিলেই হ'ল।


সংগ্ৰাহকঃ অপূৰ্ব কাকতি (Apurba Kakati)             





Post ID : DABP004992