অধ্য়ায়ঃ ৩ 

পতি আৰু পত্নী

1.

পত্নীঃ কালি যে  মই ফটো তুলিবলৈ গৈছিলোঁ, ফটোগ্ৰাফাৰজন বৰ বদমাচ ।

পতিঃ কিয় তেনেকৈ ক'লা ?

পত্নীঃ ফটো তুলিবৰ সময়ত সি মোক তাৰ ফালে চাই হাঁহিবলৈ কৈছিল। ইমান নিলাজ আৰু অসভ্যলোক আগতে মই দেখা নাই।

2.

পত্নীঃ হে'ৰা, আজি-কালি বাতৰি কাকতত প্ৰত্যক্ষ আৰু অপ্ৰত্যক্ষ কৰৰ কথা খুব লিখে দেখোন। বস্তুটো কি মোক বুজাই দিবানে?

পতিঃ তুমি মোক খুজি পইচা নিয়াতো প্ৰত্যক্ষ কৰ মোৰ জেপৰ পৰা মনে মনে নিয়াতো অপ্ৰত্যক্ষ কৰ, বুজিলা।

3.

পতিঃ (পত্নীৰ উদ্দেশি) বাহিৰত মোক বিচাৰি অহাজনে মোৰ পৰা পইচা বিচাৰি আহিছে। প্লিজ তুমি মই নাই বুলি কৈ দিয়ানা ।

পত্নীঃ ই কেনে কথাহে? কালিচোন তুমি মোক উপদেশ দিছিলা যে মিছা কথা কোৱা মহাপাপ।

পতিঃ সেই কাৰণেতা তোমাক ক'বলৈ কৈছোঁ।

4.

বিচাৰকঃ দুয়োজনৰ মতামত শুনাৰ পিছত মোৰ পৰমৰ্শ হ'ল, আপোনালোকে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ।

পত্নীঃ এয়া অসম্ভৱ। জীৱনৰ মূল্যৱান দহটা বছৰ মই এওঁৰ লগত কটাইছো আৰু জীৱনৰ বাকীখিনি সময় তেওঁক সুখত ৰখাব ব্যৱস্থা কৰিম বুলি ভাবিছোঁ।

5.

স্বামীয়ে বিৰক্তিৰে খোৱা কাঁহীখন আঁতৰাই ক'লে-

স্বামীঃ আজি এইবোৰ কি ৰান্ধিছা? একেবাৰে গোবৰ-গোবৰ লাগিছে ।

পত্নীঃ হে'ভগৱান! তুমি গোবৰো খাই পাইছা। কি যে ৰাক্ষস এটাৰ লগত মই সংসাৰ কৰিব লগীয়া হৈছে আৰু আৰু কি ভক্ষণ কৰি পাইছা, কোৱাচোন ।

6.

পত্নীঃ (পতিক উদ্দেশি) সঁচাকৈ কৈছোঁ, তোমাৰ লগত বিয়া হৈ মই পস্তাইছোঁ।

পতিঃ বৰ ভাল কথা, যি কি নহওঁক অন্ততঃ এটা বিষয়ত আমাৰ দুয়োজনৰ মতৰ মিল আছে।

7.

পত্নীঃ আপোনাক কথা এটা সুধিলে বেয়া পাব নেকি?

পতিঃ নাপং দে সোধ।

পত্নীঃ মৰাৰ পাছোত আপুনি আহুল স্বৰ্গত কি পাবো?

পতিঃ আমি অপ্সৰা পাম, অপ্সৰা।

পত্নীঃ আৰু আমি কি পাম দক্ ?

পতিঃ তাহুন বান্দৰ পাবি, বান্দৰ । 

পত্নীঃ হাও । ইটো আৰু কেনে কথা ? ইটো মহা অন্যায় হৈছে দক্।

পতিঃ কিহোৰ অন্যায় এ?

পত্নীঃ আপুনি আহুন ইয়াতো অপ্সৰা পাইছে, তাতো অপ্সৰা আৰু আমি আহুন ইয়াতে বান্দৰ পালো আৰু তাতো বান্দৰ ।

8.

পত্নীঃ (স্বামীক উদ্দেশি) মানুহে নিজৰ জন্মদিন পাহৰি যায়, কিন্তু বিবাহৰ তাৰিখটো কেতিয়ও নাপাহৰে কিয়?

স্বামীঃ হৃদয় বিদাৰক ঘটনা ওৰে জীৱন মনত থাকে ।

9.

পতিঃ শ্ৰীকৃষ্ণৰ তিনিগৰাকী পত্নী আছিল। এই হিচাবত মই আৰু দহগৰাকী বিয়া কৰাব পাৰো।

পত্নীঃ কথাটো আপুনি ঠিকেই কৈছে। কিন্তু এটা কথা আপুনিও পাহৰি যোৱা উচিত নহয় যে দ্ৰৌপদীৰো পাঁচজন গিৰিয়েক আছিল।

10.

কাজিয়াৰ মাজতে পত্নীয়ে খঙৰ ভমকত ক'লে-

পত্নীঃ তোমাৰ স্বভাৱৰ পুৰুষবোৰৰ বাবে নৰকতো স্থান নহ'ব।

স্বামীঃ (হাঁহিৰে) ভালেই হয়, তোমাৰ লগত আৰু একেখন ঠাইত থাকিবৰ মন নাই।

11.

স্বামীঃ (খঙতে) মই সচাঁকৈয়ে এটা মস্ত বুৰ্বক। সেই কাৰণেহে তোমাক বিয়া কৰালো।

স্ত্ৰীঃ এতিয়া আৰু সেইবোৰ ভাবি লাভ নাই। মোক পছন্দ কৰোঁতেই মই সেই কথা গম পাইছিলোঁ।

12.

পত্নীয়ে স্বামীক সুধিলে-

পত্নীঃ আপুনি তেৰ সংখ্যাটো কিয় অশুভ বুলি কয়?

স্বামীঃ কাৰণ, আজিৰ পৰা ১৩ বছৰ আগতে ১৩ তাৰিখে তোমাৰ লগত মোৰ বিয়া হৈছিল।

13.

পত্নীঃ আপুনি বৰকৈ চিগাৰেট খায়। অন্ততঃ মোৰ কাৰণে চিগাৰেট এৰি দিব নোৱাৰেনে?

পতিঃ কিয় এৰিমহে, মইতো তোমাৰ কাৰণে চিগাৰেট খোৱা নাই।

14.

পতিঃ (খঙৰে) এই আয়নাখন, তোমাৰ কাৰণেই ভাঙি টকুৰা টুকুৰা হ'ল।

পত্নীঃ মোৰ কাৰণে নহয়, তোমাৰ কাৰণেহে ভাঙিল। মই মাৰিডাল মাৰি দিওঁতে যদি তুমি চাইড নল'লাহেঁতেন নিশ্চয় আয়নাখন ঠিকে ঠিকে থাকিলাহেঁতেন।

15.

পতিঃ তুমি জানি থ'বা যে মই মোৰ সিদ্ধান্তত অটল। তুমি হাজাৰ চেষ্টা কৰিলেও মোক সীমাৰেখাৰ পৰা আঁতৰাব নোৱাৰা।

পত্নীঃ মইও দধী মহাজনৰ ছোৱালী। এদিন নহয় এদিন মই তোমাক সেই দুজনীৰ পৰা আঁতৰাই আনিমেই।

16.

মহিলাঃ (নিজৰ ঘৰ পোৱাৰ পিছত বক্তা স্বামীক উদ্দেশি) আজি তুমি ভাত ৰান্ধিব লাগিব। সদায় মইহে ভাত ৰান্ধো ।

পুৰুষঃ বাদ দিয়াহে মিটিঙৰ কথা। মিটিং বেলেগ, ঘৰ বেলেগ।

 17.

পত্নীঃ (গিৰিয়েকক) যিদিনা তুমি অফিচৰ কামত বাহিৰলৈ যোৱা, তোমালৈ মোৰ খুব মনত পৰে।

পতিঃ সঁচানে? কোনখিনি সময়ত মোলৈ বেছিকৈ মনত পৰে?

পত্নীঃ সকলো সময়তে পৰে। বিশেষকৈ খাই-বৈ বাচন ধোৱা, পুৱা ঘৰ  সৰা, কাপোৰ ধোৱা আদি সময়ত খুব মনত পৰে। কাৰণ, তুমি যে মোক কৰিব নিদিয়া। অফিচৰ 'ট্যুৰ' বোৰত নগ'লে নহয়নে?

18.

এজন অভিনেতাই ৰাতি পলমকৈ ঘৰলৈ অহাত ঘৈণীয়েকে সুধিলে-

ঘৈণীয়েকঃ আপুনি ইমান সময়, ৰাতিলৈকে ক'ত আছিল?

গিৰীয়েকঃ আমাৰ প্ৰযোজকৰ লগত।

ঘৈণীয়েকঃ তুমি মিছা মাতিছা। তেওঁ এইমাত্ৰ মোৰ কাষৰ পৰা উঠি গৈছে।

19.

এগৰাকী বৰ শকত মহিলা পালেঙৰ ওপৰত শুই আছিল । তেনেতে ভূমিকম্প অহাত তাই মাটিত পালেঙৰ পৰা বাগৰি পৰিল। এই ঘটনাৰ পিছত তিৰোতা গৰাকীক তাইৰ স্বামীয়ে সুধিলে-

স্বামীঃ হে'ৰা, ভূমিকম্প অহা বাবে তুমি পালেঙৰ পৰা মাটিত পৰিলা নে তুমি মাটিত পৰা কাৰণেহে ভূমিকম্পৰ সৃষ্টি হ'ল, মই একো ধৰিবই নোৱাৰিলোঁ।

20. 

পত্নী (কিবা এটা পৰাৰ শব্দ শুনি)ঃ হেৰা, কিবা পৰিছে নেকি?

পতিঃ মোৰ চোলাটো পৰিছে।

পত্নীঃ চোলাটো পৰোঁতে ইমান ডাঙৰ শব্দ হৈছেনে?

পতিঃ চোলাটোৰ ভিতৰত মই সোমাই আছো যে।


সংগ্ৰাহকঃ অপূৰ্ব কাকতি (Apurba Kakati)