অধ্য়ায়ঃ ২ 

শিক্ষক আৰু ছাত্ৰ


1.

শিক্ষকঃ বাৰু ৰজত তুমি কোৱাচোন এম বি বি এছ মানে কি ?

ৰজতঃ ছাৰ, মাক বাপেকৰ বেকাৰ সন্তান ।

2.

শিক্ষকঃ What is Called জোৱাৰ ভাটা ?

ছাত্ৰঃ ওপৰৰ পৰা পৰিল পানী, পানী পৰি হ'ল গাঁতা, গাঁতা, গাঁতাও গাঁতা বহু গাঁতা, It is Called জোৱাৰ ভাটা ।

3.

শ্ৰেণীকোঠাত ছাত্ৰজনে এন্দুৰ এটাই গাতত সোমোৱাৰ দৃশ্য চাই আছিল । তেনেতে-

শিক্ষকঃ ঐ ধ্ৰুৱ, মই যে কিবা কৈ আছোঁ, তোৰ মূৰত কিবা সোমাইছে নে নাই ?

ছাত্ৰঃ ছাৰ, মাত্ৰ নেজডাল বাকী ।

4.

শিক্ষকঃ ক'চোন ৰমেন, হৰধুন কোনে ভাঙিছিল 

ৰমেনঃ মই ভঙা নাই ছাৰ ।

দীপকঃ হয় ছাৰ, ৰমেন ইমান দুষ্ট নহয় 

5.

নাম ভৰ্তি কৰিবলৈ অহা এজন অৰুণাচলী ছাত্ৰই অধ্যক্ষৰ অনুমতি বিচাৰিছিল-

অধ্যক্ষঃ তোমাৰ নাম ?

ছাত্ৰঃ ইয়াতে হাগো ।

অধ্যক্ষঃ তোমাৰ দেউতাৰ নাম ?

ছাত্ৰঃ তাতে হাগো ।

অধ্যক্ষঃ তোমাৰ মা-ৰ নাম ?

ছাত্ৰজনে উত্তৰ দিব খোজাতে অধ্যক্ষই ক'লে, হ'ব হ'ব মই গম পাই গৈছোঁ ।'

ছাত্ৰজনে সুধিলে-আপুনি কি গম পাই গ'ল?

অধ্য়ক্ষঃ তুমি ইয়াতে হাগা, তোমাৰ দেউতাই তাতে হাগে, তোমাৰ মায়াৰাই নিশ্চয় য'তে-ত'তে হাগে । 

6.

শিক্ষকঃ (শ্ৰেণী কক্ষত) মই তোমালোকক আজি ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি সম্পৰ্কে বুজাম । ব্ৰহ্মপুত্ৰ নদী হিমালয়ত উৎপত্তি হৈ ফেঞ্চিবজাৰ ভৰলু, পাণ্ডু, সদিলাপুৰ হৈ বৈ গৈ বংগোপাসাগৰত পৰিছে । ল'ৰা-ছোৱালীহঁত বুজি পাইছনে ?

ছাত্ৰ-ছাত্ৰীঃ বুজি পাইছোঁ ছাৰ ।

শিক্ষকঃ সোপাডাল বুজি পাইছা, মইয়ে বুজি পোৱা নাই ।

7.

ড্ৰয়িং ক্লাছত ।

শিক্ষকঃ ঐ ৰুবুল, তই যে নদীৰ চিত্ৰখনত ক'লা ৰং দিলি, তই কোনখন নদীৰ পানীৰ ৰং ক'লা দেখিলি ?

ৰুবুলঃ কিয় ছাৰ, ভৰলু নৈ খনৰ ৰং ক'লা নহয় জানো ?

8.

শিক্ষকঃ ৰমেন তুমি ক'ব পাৰিবানে, 'বহাগ' শব্দটোৰ অৰ্থ কি ?

ৰমেনঃ ছাৰ, বহ আৰু হাগ (শৌচ কৰ) শব্দ দুটা লগ হৈ বহাগ হয় । এই বহাগ মাহত বেছি ভাগ মানুহৰ পেট চলে বাবেই বহ আৰু হাগ= বহাগ ।

9.

শিক্ষকঃ ৰুবল, তোমাৰ বয়স এতিয়া কিমাল হৈছে ।

ৰুবলঃ ছাৰ, মই দেউতাতকৈ পচপন্ন বছৰ সৰু ।

শিক্ষকঃ দেউতাৰাৰ বয়স কিমান ?

ৰুবুলঃ দেউতা মোতকৈ পচপন্ন বছৰ ডাঙৰ ।

10.

শিক্ষকঃ ৰতন তুমি এটা ডাকৰ বচন ক'ব পাৰিবানে ?

ৰতনঃ মদে মঙহে ভক্ষণ, সেই পুৰুষৰ লক্ষণ ।

11.

শিক্ষকঃ এম. পি. শব্দৰ সম্পূৰ্ণ অৰ্থ কি ।

ছাত্ৰঃ ছাৰ, এম মানে (Money) আৰু পি মানে (Power) ।

শিক্ষৰঃ ভেৰি গুড্ ।

12.

শিক্ষকঃ মানুহৰ তেজখোৱা দুবিধ প্ৰণীৰ নাম ক'ব পাৰিবানে ?

ছাত্ৰঃ ছাৰ, জোক আৰু মন্ত্ৰী ।

13.

শিক্ষকঃ ছাত্রসকল, তোমালোকে পুলিচে চোৰ ধৰা দৃশ্য এটা আঁকা।

ৰঘুঃ মোৰ অকাঁ হৈ গ'ল ছাৰ ।

শিক্ষকঃ ক'ত, তুমিচোন পুলিচজনহে আঁকিলা ।

ৰঘুঃ ছাৰ পুলিচজনক দেখাৰ লগে লগে চোৰ দৌৰি পলাল ।

14.
শিক্ষকঃ কোনে পাৰিবা কোবাচোন, এনে এবিধ বস্তু আছে যাক কেৱল চাব পাৰি ধৰিব নোৱাৰি ।

মধুঃ ছাৰ, ক'বলা বেয়া লাগিছে ।

শিক্ষকঃ বেয়া লাগিবলৈ কিটো আছে ?

মধুঃ ছাৰ আপোনাৰ কাণখন ।

15.
শিক্ষকঃ ঐ হৰি, তই কিয় স্কুললৈ আহোঁত ইমান পলম কৰিলি ?

হৰিঃ ছাৰ, ৰাস্তাত এখন ছাইন ব'ৰ্ডত পঢ়িলো যে সন্মুখত স্কুল আছে, লাহে লাহে যাব । সেই কাৰণে ছাৰ লাহে খোজ দিব লগা হ'ল ।

16.
শিক্ষকঃ কোৱাচোন কোনে পাৰিবা, ধৰ্ম ডাঙৰ নে সত্য ডাঙৰ?
ছাত্ৰঃ মহাশয়, ধৰ্ম-কাৰণ, সি সত্যতকৈ দুবছৰে সৰু ।

17.
শিক্ষকঃ লঙ্কেশ্বৰ ৰাৱণৰ দুটা সুবিধা আৰু অসুবিধা আছিল, কি কি ?

ছাত্ৰঃ গেঞ্জী পিন্ধাত অসুবিধা, কিন্তু কোৰাচ গোৱাত সুবিধা আছিল ।

18.
শিক্ষকঃ হাইডৰ আলি কোন ?
ছাত্ৰঃ এটা ডাঙৰ আলি ছাৰ।

19.
শিক্ষয়িত্ৰীঃ তোমালোকে কোৱাচোন 'মই ধুনীয়া' এইটো কোন কালৰ বাক্য?
এগৰাকী ছাত্ৰীঃ অতীত কালৰ বাইদেউ ।

20.
শিক্ষকঃ ৰমেন, নদন-বদন এই জতুৱা ঠাঁচটো ব্যৱহাৰ কৰি এটা বাক্য ৰচনা কৰিব পাৰিবানে ?
ৰমেনঃ ছাৰ, নদনে বদনক অসমৰ শত্ৰু বুলি প্ৰায়ে উপলুঙা কৰে ।

21.
শিক্ষকঃ ৰাতুল তুমি ক'ব পাৰিবানে দিল্লী আৰু চন্দ্ৰৰ ভিতৰত কোনখন বেছি দূৰত আছে ?

ৰাতুলঃ দিল্লীখন ছাৰ ।

শিক্ষকঃ দিল্লীখন ইয়াৰ পৰা নেদেখি, কিন্তু চন্দ্ৰটো দেখি ?

22.
ৰসায়ন বিজ্ঞানৰ শিক্ষকঃ ক'চোন ৰাতুল কোনবিধ তৰল পদাৰ্থ গোট নামাৰে ?

ৰাতুলঃ গৰম পানী ছাৰ ।

23.
শিক্ষকঃ মই মজিয়াত দুটকাৰ মুদ্ৰা পাইছো, এয়া কাৰ ?
ছাত্ৰঃ মোৰ মহাশয় । দুটকাৰ মুদ্ৰা এটা মোৰ তলত পৰি গৈছিল ।
শিক্ষকঃ মই দুটা এটকীয়াৰ মুদ্ৰাহে পাইছোঁ ।
ছাত্ৰঃ অহ ! পৰাৰ পাছত তেন্তে দুটুকুৰা হৈ ভাঙিল ।

24.
শিক্ষকঃ তোমালোকে দুটা ৰাগিয়াল বস্তুৰ নাম ক'ব পাৰিবানে ? 
ছাত্ৰঃ পাৰিম ছাৰ, বিড়ি আৰু চিগাৰেট ।

25.
শিক্ষকঃ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, এই নামটো কোনে ইংৰাজীত ক'ব পাৰিবা ?
ছাত্ৰঃ মই পাৰিম ছাৰ, God Moon learn sea ।
শিক্ষকঃ Very intelligent

26.
শিক্ষকঃ তিখৰ, ক'চোন পুৰী ক'ত আৰু কিয় বিখ্যাত ?
তিখৰঃ ছাৰ, পুৰী হোটেলত থাকে আৰু ই খোৱাৰ বাবে বিখ্যাত ।

সংগ্ৰাহকঃ অপূূৰ্ব কাকতি