বিচাৰিছো কাষৰতে
সদায়ে তোমাৰ
হ'লাহি কি বুকুৰ আপোন
নহও মই আনৰ
ফুলিব দিয়া তুমি মোলে
অময়া মৰমক
নাচিব দিয়া দুচকুতে
গধুলি হেঁপাহৰ
বিচাৰিছো কাষৰতে............
চেনেহৰে বিষ
দিলা বাকী মোৰ
শোণিতৰে সোঁতে
গোপনে গোপনে
ৰ'লা আহি মোৰ
আজলি হৃদয়তে
এলাগি এলাগি
মন পদূলিতে
নমালা প্ৰীতিৰে জোনাক।।
বিচাৰিছো কাষৰতে............
উৰণীয়া উতনুৱা মোৰে মন
পিয়াসী তোমাৰ মন
মোৰে দুয়োটি ওঁঠত তোমাৰ নাম
উমলি থাকে মাথোঁ
কোনে পাৰে বাধা দি ৰাখিব
আমাৰ এই মিলনক।।
বিচাৰিছো কাষৰতে............
Post ID : DABP004700