উজাগৰি বুকুতে



উজাগৰি বুকুতে

নিশা মোৰ কিয় সাৰে ৰয়

নাজানানে ৰাতিয়ে

নিৰৱে মোৰ কথা কয়।।

সুৰে সুৰে গানৰ

আলোড়ন উলাহৰ

জানানে নাজানা

জানো জানো জানো

হে হে হে

উজাগৰি...........


তৃষ্ণাৰে দীপালী

জ্বলালা আজি মনতে

সপোনৰে ধেমালি 

ৰচিলা আজি হিয়াতে

বহু যুগৰে হেঁপাহে

আছে বাটে চাই আমালে

সোণালী চকু মেলি

উজাগৰি বুকুতে.............


উজ্বলিল জীৱনৰ ফাগুণৰ

এমুঠি ফুল হৈ

আকলুৱা প্ৰাণতে

বাজি ৰ’লা এধানি সুৰ হৈ।।