উমি উমি জ্বলিছা
উমি উমি জ্বলিছা
কামনাৰে শলিতা
সপোনৰে কবিতা
তুমি জিউ মোৰ
কিযে বৰণীয়া
উলাহৰে ৰাগী লাগি
উৰে উতনুৱা মোৰ মন।।
উমি উমি..........
চিনাকি চিনাকি দুচকুৰে হাঁহি
বোৱালা প্ৰেমৰে নদী
বুকুতে যে আহি
বিয়পিব দিয়া তেজত
আশাৰে বুলনী
সুখে দুখে হোৱাহি মোৰ
জীৱনৰ জুৰণী
কিজে বৰণীয়া
উলাহৰে.............।।
উমি উমি..........
দুহাতে সাৱটি
কৰিছা বাউলী
কিনো মৰমেৰে মধু
দিছা আহি বাকি।
প্ৰেৰণাৰে ফুল তুমি
জীৱনৰ ফুলনী
দিন-ৰাতি প্ৰতিটো পল
তুমি গুণগুণনী
কিজে বৰণীয়া
উলাহৰে....।।
Post ID : DABP004696