বিনন্দ চন্দ্ৰ বৰুৱা

বিনন্দ চন্দ্ৰ বৰুৱা ( ১৯০১- ১৯৯৪) ঃ  বিনন্দ চন্দ্ৰ বৰুৱা এজন কবি-সাহিত্যিক আছিল। ১৯০১ চনৰ ৩১ জানুৱাৰীত যোৰহাটৰ টীয়কত তেখেতৰ জন্ম হয়। পিতৃৰ নাম গোলাপ বৰুৱা। যোৰহাট হাইস্কুল, কটন কলেজ আৰু কলিকতাৰ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰে। তেখেতৰ কৰ্মজীৱন আৰম্ভ হয় জাঁজী হাইস্কুলত শিক্ষকতাৰে আৰু তাতে কৰ্মজীৱন শেষ হয়। ১৯২৮ চনত অসম ছাত্ৰ সন্মিলনৰ  মুখপত্ৰ মিলনৰ সম্পাদক হয়। ১৯৬৬ চনত অসম সাহিত্য সভাৰ সভাপতি হয়। তেখেতৰ প্ৰকাশিত পুথিসমূহ হল- শংখধ্বনি, জয়ধ্বনি, প্ৰতিধ্বনি আদি। তেখেত ধ্বনি কবি ৰূপে প্ৰখ্যাত। গড়গাওঁ তেখেতৰ বিখ্যাত কবিতা। ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰীত তেখেতৰ মৃত্যু হয়।


DIKHA BORA