নৱকান্ত বৰুৱা 

(১৯২৬-২০০২)

নৱকান্ত বৰুৱা (১৯২৬- ২০০২) ঃ নৱকান্ত বৰুৱা এগৰাকী কবি, শিশু সাহিত্যিক, ঔপন্যাসিক আছিল। ১৯২৬ চনৰ ২৯ ডিচেম্বৰত তেখেতৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম নীলকান্ত বৰুৱা আৰু মাতৃৰ নাম স্বৰ্ণলতা বৰুৱা। তেখেতে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল। পশ্চিম বংগৰ শান্তি নিকেতনৰ পৰা আই. এ. পাছ কৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতক আৰু আলিগড় মুছলিম বিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতোকোত্তৰ লাভ কৰে।  তেখেতৰ কৰ্মজীৱন এজন শিক্ষক হিচাপে আৰম্ভ কৰে। কটন কলেজৰ উপাধ্যক্ষৰূপে কৰ্মজীৱন শেষ কৰে। তেখেতৰ কেইখনমান প্ৰকাশিত কবিতা সংকলন হ'ল-  'এটি দুটি এঘাৰটি তৰা', 'অৰণ্য হে মহানগৰ' আদি। তেখেতে ১৯৭৪ চনত প্ৰকাশন পৰিষদ বটাঁ লাভ কৰে। তেখেতৰ কেইখন মান উপন্যাস হল- 'কপিলী পৰীয়া সাধু', 'ককাদেউতাৰ হাড়', 'গৰমা কুঁৱৰী' আদি। তেখেতৰ পুথিসমূহ হল- 'মৰুৱা ফুল', 'আখৰৰ জখলা', 'শিয়ালী  পালেগৈ ৰতনপুৰ',  'ন-আইতাৰ কথা' আদি। ককাদেউতাৰ হাড় উপন্যাসখনৰ বাবে ১৯৭৫ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।  তেখেতক 'পদ্মভূষণ', 'কবীৰ সন্মান', 'অসম উপত্যকা সাহিত্যবঁটা', 'গংগাধৰ বঁটা' আদিৰে সন্মানিত কৰা হৈছিল। ১৯৯০ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। ২০০২ চনৰ ১৪ জুলাইত নৱকান্ত বৰুৱাৰ মৃত্যু হয়।

Dikha Bora.