কনকলতা বৰুৱা



কনকলতা বৰুৱা ( ১৯২৪-১৯৪২) ঃ কনকলতা বৰুৱা এগৰাকী দেশভক্ত আছিল। তেখেতৰ জন্ম হৈছিল ১৯২৪ চনৰ ২২ ডিচেম্বৰত  দৰং জিলাৰ গহপুৰত। তেখেতে দেশৰ হকে মৃত্যু বৰণ কৰিছিল। কনকলতা বৰুৱাই কিশোৰী বয়সতে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। যেতিয়া গহপুৰৰ থানাত ইংৰাজৰ কব্জা আছিল তেতিয়া কনকলতা আৰু বহুতো স্বাধীনতা সংগ্ৰামী লগ- লাগি আন্দোলন কৰিছিল। সেই দলটোৰ সকলোতকৈ আগত আছিল কনকলতা বৰুৱা। কনকলতা বৰুৱাই হাতত জাতীয় পতাকাখন লৈ থানাত পতাকাখন বিৰাজ কৰিবলৈ যাওতে ইংৰাজৰ সৈন্যই তেখেতৰ গাত গুলি মাৰি দিলে আৰু তেখেত আমাৰ মাজৰ পৰা আতৰি গ'ল। সেই দিনটো আছিল ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰ। তেখেতে ১৭ বছৰ বয়সতে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিলে। 


DIKHA BORA    Morigaon Assam