অ’ মনাই অ'...

অ’ মনাই অ'

কি কামে ভুলিলি তই।

ঘুমটিৰ জালে

আয়ু দিলা ভাটি

কেতিক্ষণে হোৱা নাই ছাই।।

অঙ্গীকাৰ কৰি

যাওঁ বুলি নাম লৈ।

সংসাৰ সাগৰে

ভুঞ্জিয়া ৰহিলি

তোৰ সম মৃঢ় নাই।।

মায়াৰ সাগৰে

মজিয়া ৰহিলি

মনুষ্য জনম পাই।

যি কামে আহিলি

তাকো পাহৰিলি

কি হৈবো তোৰ বিলাই।।

আহিলি অকলে

যাবিও অকলে

সঙ্গত কোহোৰে নাই।

ভাই ভার্যা ধন

সকলো চলনা

মৰিলে লগত নাযায়।।