কি ধন বেহালি...


কি ধন বেহালি

হাট মন বেপাৰী

কি ধন বেহালি হাট।

বৈকুণ্ঠক যাবলৈ

সাধু লগ নললি।

চিনিও নললি বাট।।

মন হৈ কি বোলে

বোলে প্রাণ বান্ধর

চিত্ত হৈ কি বোলে বোল।

অংশ জাতিৰ সঙ্গে

সঙ্গত নকৰিবি

ভকতিৰ নাজানে মোল।।

মনে যত বেলি

ভকতি কৰিলে

চক্ষু হৈ কৰিলে কি।।

ভকতক নিন্দি

উদৰ পূজিলে

সিও হয় গৰলৰ বিষ ৷৷

ভাষা পুত্র যত

কনক কামিনী

আহোতে নললি বুজি।

এতিয়া অদ্যপি

ভকতি নকৰা

পাছলৈ নাপাবি খুজি।