এই দেহাটি এৰি তই...


দিহা : এই দেহাটি এৰি তই
কোন দিন যাবি ভাই। 
সুখৰ সংসাৰ শেষ হৈ আহিছে
ভাবি চোৱা নাই।।

পদঃ হালত আছে হাউলা গৰু
ভঁৰাল ভৰা ধান।
গলি ভৰা গাই আছে
বাৰীৰ তামোল পান।।
সম্পদত সকলো আছে
বিপদত কোনো নাই। 
পুত্ৰ ভাৰ্য্যা সকলো আছে
মৰিলি লগত নাযায়।।
আই কান্দে ভাই কান্দ
কান্দে সৰু ভনী।
লোকাচাৰ কৰি কান্দে
ঘৰৰ গৃহিণী।।