সংবিধান কিয় আৰু কেনেকৈ ? | (Constitution : Why and How ?) | Chapter 1 | Class 11 political Science Question and Answer | 1st Year political Science Question and Answer Assamese Medium | Class 11 political Science Solution | 


সংবিধান ঃ কিয় আৰু কেনেকৈ ?

(Constitution : Why and How)

Chapter 1

প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্নঃ

১। সংবিধানৰ অৰ্থ ব্যাখ্যা কৰা আৰু ইয়াৰ দুটা সংজ্ঞা দাঙি ধৰা।

উত্তৰঃ লেটিন শব্দ "Constitute"-ৰ পুৰা ইংৰাজী প্ৰতিশব্দ 'Constitution'-ৰ উৎপত্তি হৈছে। 'Constitution' শব্দটিত অসমীয়া ভাঙনি হৈছে 'সংবিধান'। সংবিধানৰ অৰ্থ হ'ল গঠন বা প্ৰতিষ্ঠা কৰা।  

ইয়াৰ দুটা সংজ্ঞা হ'ল-

 মাৰ্কিন আইনজ্ঞ কুলিৰ মতে, " সংবিধান হ'ল সেইবিলাক মৌলিক নীতি আৰু নিয়মৱলী যিবিলাকৰ দ্বাৰা ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্ৰয়োগ কৰা হয়।"

লৰ্ড ব্ৰাইছে মতে, "সংবিধান হ'ল সেইবিলাক আইন আৰু প্ৰথাৰ সমষ্টি যিবিলাকৰ দ্বাৰা ৰাষ্ট্ৰৰ পৰকিটালিত হয়।"

২। সংবিধান কাক বোলে? আমাক এখন সংবিধানৰ কিয় প্ৰয়োজন?

উত্তৰঃ সংবিধান হ'ল জাতিৰ সপোনস্বৰূপ। প্ৰত্যেক ৰাষ্ট্ৰৰ এখন নিজস্ব সংবিধান থাকে। সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনা কৰিব নোৱাৰি। ৰাষ্ট্ৰৰ উদ্দেশ্য হ'ল ব্যক্তিৰ ব্যক্তিত্ব বিকাশ আৰু প্ৰতিভা প্ৰকাশৰ পথ সুগম কৰা। এই উদ্দেশ্য সিদ্ধিৰ বাবে ৰাষ্ট্ৰই প্ৰয়োজনীয়তা নীতি-নিয়ম প্ৰৱৰ্তন তকৰিব লাগিব। এই নীতি-নিয়মবিলাকে ৰাষ্ট্ৰৰ গঠন প্ৰণালী, প্ৰকৃত, নাগৰিক আৰু সামাজিক সংস্থাবিলাকৰ লগত চৰকাৰৰ সম্পৰ্ক, চৰকাৰী কাৰ্য পৰিচালনাৰ নীতি, চৰকাৰী বিভাগবিলাকৰ মাজত ক্ষমতা বণ্টন প্ৰণালী নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য ইত্যাদি নিয়ন্ত্ৰণ কৰে। এই নীতি-নিয়মবিলাককেই সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়।

    মানুহ নিয়মৰ দাস। প্ৰাকৃতিক জগত আৰু সামাজিক জীৱন দুয়োটাই কিছুমান ধৰা-বন্ধা নিয়মৰ দ্বাৰা পৰিচালিত। প্ৰাকৃতিক জগত ইয়াৰ নিজস্ব নিয়মাৱলীৰ দ্বাৰা নিয়ন্ত্ৰত হয়। আমাৰ সামাজিক জীৱনো ৰীতি-নীতি আৰু স্বীকৃত আচাৰ-ব্যৱহাৰৰ দ্বাৰা নিয়ন্ত্ৰিত। মানুহৰ পাৰিবাৰিক জীৱনো নিয়মৰ পৰা মুক্ত নহয়। এইবিলাক নিয়ম পালন, ৰীতি-নীতি অবিহনে প্ৰাকৃতিক, সামাজিক আৰু পাৰিবাৰিক জীৱন অচল হৈ পৰিব।

    আধুনিক কালত প্ৰত্যেক ৰাষ্ট্ৰৰে েএকোখন সংবিধান থাকে। আধুনিক ৰাষ্ট্ৰসমূহৰ শাসনব্যৱস্থা নিৰ্দিষ্ট কিছুমান বিধি-বিধান বা নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হয়। ৰাষ্ট্ৰ পৰিচালনাৰ হকে প্ৰযোজ্য এই বিধিসমূহৰ স্তুপীকৃত ৰূপটোৱেই হৈছে সংবিধান। বৰ্তমান যুগত প্ৰতিখন ৰাষ্ট্ৰৰে একোখন সংবিধান থকাটো নিতান্তই অপৰিহাৰ্য। 

৩। সংবিধান সভাৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ  ভাৰতীয় সংবিধান সভা গঠনৰ পৰামৰ্শ প্ৰথমে ভাৰতৰ এজন মহান নেতা মানবেন্দ্ৰনাথ ৰায়ে আগবঢ়াইছিল। ১৯৩৪ চনৰ জাতীয় কংগ্ৰেছৰ অধিবেশনত সংবিধান সভা গঠনৰ প্ৰস্তাৱ গৃহীত হয় যদিও বহুতো কংগ্ৰেছী লোকে সন্মিলনৰ জৰিয়তেহে সংবিধানৰ ৰচনাৰ পোষকতা কৰিছিল।

৪। সংবিধান ৰচনাৰ খচৰা কমিটিৰ গঠন প্ৰক্ৰিয়া আলোচনা কৰা। ইয়াৰ সভাপতি কোন আছিল ?

উত্তৰঃ  সভাৰ চতুৰ্থ অধিবেশন ১৯৪৭ চনৰ ১৪ জুলাই তাৰিখৰ পৰা আৰম্ভ হয়। এই অধিবেশনত আগতে গঠন কৰি দিয়া কেন্দ্ৰীয় সংবিধান সমিতি আৰু প্ৰাদেশিক সংবিধান সমিতিয়ে নিজৰ নিজৰ প্ৰতিবেদন দাখিল কৰে। ইয়াৰ উপৰিও সংখ্যালঘু উপ-সমিতি, মৌলিক অধিকাৰ আৰু ভাষাজাতি সম্পৰ্কীয় উপ-সমিতিবিলাকেও নিজৰ নিজৰ প্ৰতিবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয় সম্পৰ্কীয় তদৰ্থ কমিটিয়েও প্ৰতিবেদন দাখিল কৰে। প্ৰাদেশিক সংবিধান সম্পৰ্কে সংবিধান সভাই এই অধিবেশত আলোচনা চলায়। এই অধিবেশনৰে ২২ জুলাই তাৰিখে সংবিধান সভাই জাতীয় পতাকাখন গ্ৰহণ কৰে। এই বৈঠকত সংবিধানৰ ওপৰতো আলোচনা আৰম্ভ হয়। ৩১ জুলাই তাৰিখে অধিবেশনৰ সামৰণি পৰাৰ আগে আগে সংবিধান সভাই বিত্তসম্পৰ্কীয় বিশেষজ্ঞ কমিটিখন নিযুক্ত কৰে।

    সংবিধান সভাৰ পৰৱৰ্তী অধিবেশন (পঞ্চম) ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে আৰম্ভ হয়।  ১৯৪৭ চনৰ স্বাধীনতা আইনে দুখন দেশৰ বাবে দুখন সংবিধান সভাৰ প্ৰস্তাৱ কৰিলে। স্বাধীনতা লাভৰ পাছত এই সংবিধান সভাকেই ভাৰতৰ বাবে স্বীকৃত দিয়া হ'ল আৰু ভাৰতৰ এই সংবিধান সভা সাৰ্বভৌম অনুষ্ঠান বুলি পৰিগণিত হ'ল। তেতিয়াৰ পৰা সংবিধান সভাই মাউণ্টবেটেনক স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ-জেনেৰেল আৰু জৱাহৰলাল নেহৰুক প্ৰথম প্ৰধানমন্ত্ৰীৰূপে নিযুক্ত কৰিলে। নতুন সংবিধান ৰচিত নোহোৱালৈকে সংবিধান সভাই ভাৰতৰ কাৰণে আইন প্ৰণয়ন কৰিবলৈ আৰু স্বাধীন ভাৰতৰ নতুন সংবিধান ৰচনা কৰিবলৈ সকলো ক্ষমতা পালে। এই দুখলপীয়া কাম সংবিধান সভাই ১৮৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান ৰচনাৰ কাম শেষ নোহোৱালৈকে কৰি থাকিবলগীয়া হৈছিল। এই অধিবেশনত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাৰ বিষয়ে দাখিল কৰা প্ৰতিবেদনৰ এপৰত আলোচনা চলে আৰু ভাৰতত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা কৰা হয়। ইয়াৰ উপৰিও সংখ্যালঘুৰ অধিকাৰৰ বিষয়েও আলোচনা হয়।

    সংবিধান সভাৰ এই অধিবেশনতে ১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে ড॰ বি.আৰ. আম্বেদকাৰ সভাপতি হিচাপে লৈ সাতজন সদস্যৰে এখন খচৰা সমিতি গঠন কৰি দিয়া হ'ল। ইয়াৰে আটাইকেইজন সদস্যই ভাৰতমাতৃৰ সুযোগ্য সন্তান আৰু বিখ্যাত পণ্ডিত আছিল। তেওঁলোক হ'লঃ

            (১) ড॰ বি. আৰ. আম্বেদকাৰ

            (২) কে.এম.মুন্সী

            (৩) গোপালস্বামী আয়েঙ্গাৰ

            (৪) আলালাদি কৃষ্ণস্বামী আয়াৰ

            (৫) ছৈয়দ মহম্মদ ছাদুল্লা

            (৬) এন.মাধৱ ৰাও

            (৭) ডি.পি. খৈতান


৫। এখন দেশৰ বাবে ক্ষমতাৰ স্পষ্ট সীমাৱদ্ধতা আৰু দায়ৱদ্ধতাৰ বাবে আৱশ্যক ? এনেকুৱা সীমাৱদ্ধতা আৰু দায়ৱদ্ধতা ন'হলে কি ঘটিব পাৰে ?

উত্তৰঃ

৬। শাসকসকলৰ বাবে সীমাৱদ্ধতা সংবিধানত কিয় আৱশ্যক ? এনেকুৱা সংবিধান থাকিব পাৰে নেকি য'ত নাগৰিকৰ কোনো অধিকাৰ থাকিব নোৱাৰে ?

 উত্তৰঃ

৭। অনিলে শিক্ষকক প্ৰশ্ন কৰিলে যে এই সংবিধাখন পঞ্চাছ বছৰ আগতে ৰচিত আৰু ই সময়োপযোগী নহয়। কাৰ্যকৰী কৰা সময়ত মোৰ পৰা কোনোৱে মতামত লোৱা নাই। ইয়াৰ ভাষাবোৰ বৰ কঠিন হোৱা বাবে মই বুজি পোৱা নাই। গতিকে কিয় মই এই সংবিধানখন মানি ল'ব লাগিব তাক বুজাই বিদ লাগিব। তুমি যদি সেই শিক্ষকজন হোৱা তেনেহ'লে অনিলক কেনেকৈ উত্তৰটো দিবা ? 

উত্তৰঃ  

৮। ১৯৪৬ চনত লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱটো চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ স্বাধীনতা লাভ কৰাৰ আগতে ১৯৪৬ চনত সংবিধান সভা গঠিত হয় আৰু এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে। সংবিধান সভাৰ প্ৰথম অধিবেশন ১৯৪৬ চনৰ ৯ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰ তাৰিখলৈ চলিছিল। এই প্ৰথম অধিবেশনতে পণ্ডিত জৱাৱহৰলাল নেহৰুৱে সভাৰ মূল লক্ষ্যসমূহ এটা প্ৰস্তাৱ আকাৰে দাঙি ধৰে। এই প্ৰস্তাৱকে সংবিধান সভাৰ ''লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱ'' বোলা হয়। প্ৰস্তাৱ দাঙি ধৰি তেওঁ কয় যে ভাৰতক এখন স্বাধীন, সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাই সংবিধান সভাৰ মূল লক্ষ্য। তেওঁ আৰু দোহাৰে যে স্বাধীন, সাৰ্বভৌম ভাৰতৰ সাৰ্বভৌম জনসাধাৰণৰ ওচৰত ন্যস্ত থাকিব। সংবিধান সভাৰ দ্বিতীয় অধিবেশন ১৯৪৭ চনৰ ২০ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ চলিছিল। এই অধিবেশনত ''লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱটোৰ'' ওপৰত বিশদ আলোচনা হয়।

    প্ৰথমতে, সংবিধান সভাই ভাৰতক এখন স্বাধীন, সাৰ্বভৌম গণৰাজ্যত পৰিণত কৰাৰ কাৰণে বদ্ধপৰিকৰ আৰু এই স্বাধীন, সাৰ্বভৌম ভাৰতৰ শাসন পৰিচালনা আৰু নিয়ন্ত্ৰণৰ বাবে সংবিধান ৰচনা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ;

   দ্বিতীয়তে, ভাৰতৰ লগত যোগদান কৰিবলৈ ইচ্ছুক দেশীয় ৰাজ্য আৰু বৃটিছ অধিকৃত অঞ্চলসমূহক লৈ গঠিত স্বাধীন সাৰ্বভৌম ভাৰতক এখন ''ৰাজ্যসমূহৰ সংঘ'' বা ''ইউনিয়ন'' বুলি কোৱা হ'ব;

    তৃতীয়তে, স্বাধীন ভাৰতত যোগদানকাৰী বিভিন্ন প্ৰদেশ আৰু দেশীয় ৰাজ্যই আসন নিয়ন্ত্ৰণ লাভ কৰিব আৰু অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত থাকিব। কেন্দ্ৰীয় চৰকাৰে অংশ বা অঞ্চলৰ স্বতন্ত্ৰতাত হস্তক্ষেপ নকৰিব;

    চতুৰ্থতে, চনদত এই কথাও ঘোষণা কৰা হয় যে স্বাধীন, সাৰ্বভৌম ভাৰতৰ সৰ্বোচ্চ ক্ষমতাৰ উৎস হ'ব জনসাধৰণ;

    পঞ্চমতে, ভাৰতীয় গণতন্ত্ৰত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে সামাজিক আৰু অৰ্থনৈতিক দিশত নায্য অধিকাৰ লাভ কৰিব। চিন্তা, মত প্ৰকাশ, ধৰ্ম আৰু ধৰ্ম সংৰক্ষণৰ স্বাধীনতা সকলোৰে বাবে সমানে প্ৰযোজ্য থাকিব;

    ষষ্ঠতে, স্বাধীন, সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ভাৰতৰ সংখ্যালঘু আৰু অনুন্নত সম্প্ৰদায়ৰ স্বাৰ্থৰক্ষাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব;

  সপ্তমতে, স্বাধীন ভাৰতে বিশ্ব-শান্তি ৰক্ষা আৰু বিশ্ব মানৱজাতিৰ কল্যাণৰ হকে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব।

৯। ভাৰতীয় সংবিধানৰ মূল উৎসসমূহ চমুকৈ লিখা।

উত্তৰঃ ভাৰতীয় সংবিধানখন এখন লিখিত সংবিধান। এই সংবিধান জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত সংবিধান সভাই ৰচনা কৰিছে। পিছে বহুতে এই সংবিধানখনক এখন ধাৰ কৰি অনা সংবিধান বুলি মত প্ৰকাশ কৰে। বৰ্তমান সময়ত কোনো দেশৰ সংবিধানে আন দেশৰ সংবিধানৰ পৰা একো গ্ৰহণ নকৰা বুলি ন-দি ক'ব নোৱাৰে।

    তলত ভাৰতীয় সংবিধানৰ বিভিন্ন উৎস সমূহ আলোচনা কৰা হ'লঃ

(১) ভাৰতশাসন আইনঃ পৰাধীন ভাৰতৰ শাসনকাৰ্য পৰিচালনাৰ বাবে বৃটিছ সংসদে কেইবাখনো আইন গৃহীত কৰিছিল। এই বিষয়ত ১৯০৯, ১৯১৯ আৰু ১৯৩৫ চনৰ আইন বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ পিছত ১৯৪৭ চনত বৃটিছ সংসদে ভাৰত স্বাধীনতা আইন গ্ৰহণ কৰে। ভাৰত শাসন আইনবিলাকৰ ভিতৰত ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ ভাল ভাল সমলবোৰ আনি আমাৰ সংবিধানত সন্নিবিষ্ট কৰা হৈছে। এই আইনখনৰ প্ৰভাৱ ভাৰতৰ সংবিধানত বিশেষভাৱে পৰিলক্ষিত হয়। এই আইনক স্বাধীন ভাৰতৰ সংবিধানৰ ভেঁটি বুলি ক'ব পাৰি।

(২) বৃটেইনৰ শাসনব্যৱস্থাঃ আমাৰ দেশৰ সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বাবে সংসদীয় পদ্ধতিৰ শাসনব্যৱস্থা কৰিছে। ভাৰতৰ সংবিধানে এই ক্ষেত্ৰত বৃটিছ সংসদীয় শাসনব্যৱস্থা হুবহু অনুকৰণ কৰিছে। সংবিধান প্ৰণেতাসকলে ভাৰতৰ বাবে সংসদীয় শাসনব্যৱস্থা শ্ৰেষ্ঠ হ'ব বুলি বিবেচনা কৰিছিল। গতিকে ভাৰতীয় সংসদীয় শাসনব্যৱস্থা বৃটিছ সংবিধানৰ প্ৰত্যক্ষ অৱদান বুলি ক'ব পাৰি।

(৩) অন্যান্য সংবিধান প্ৰভাৱঃ বৃটিছ সংবিধানৰ উপৰিও অন্যান্য দেশৰ সংবিধানৰ প্ৰভাৱ ভাৰতীয় সংবিধানৰ ওপৰত প্ৰতিফলিত হৈছে। আমাৰ সংবিধান ৰচকসকলে বিভিন্ন ৰাষ্ট্ৰৰ গণতান্ত্ৰিক সংবিধানত যিবোৰ ভাল নীতি-নিয়ম পাইছে আৰু তাৰে যিবোৰ ভাৰতীয় জনগণৰ বাবে উপযোগী বুলি বিবেচনা কৰিছে, সেই নীতিসমূহ ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰিছে। বৃটেইন, আমেৰিকা, কানাডা, আয়াৰলেণ্ড আদি দেশৰ সংবিধানৰ প্ৰভাৱ আমাৰ দেশৰ সংবিধানৰ ওপৰত বাৰুকৈয়ে পৰিলক্ষিত হয়।

(৪) সমালোচকৰ মন্তব্যঃ সাংবিধানিক বিশেষজ্ঞসকলে সংবিধানৰ বিষয়ে আগবঢ়োৱা মতামত আমাৰ দেশৰ সংবিধান ৰচনা কৰোতে বহু পৰিমাণে বিবেচনা কৰা হৈছে। আন কথাত এই বিশেষজ্ঞসকলৰ মতাদৰ্শই সংবিধান প্ৰণেতাসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। তেওঁলোকৰ মতামতসমূহ সংবিধানৰ ভূল-ত্ৰুটিবোৰ বিচাৰ কৰোতে সহায়ক হৈছে।

(৫) সংবিধান সভাৰ আলোচনা আৰু বিতৰ্কঃ সংবিধান সভাৰ আলাপ-আলোচনা আৰু বিতৰ্কসমূহ আমাৰ সংবিধানৰ এটা উল্লেখযোগ্য উৎস বুলি ক'ব পাৰি। সংবিধান সভাত সংবিধান ৰচনা সম্পৰ্কীয় দীঘলীয়া আলোচনাসমূহে সংবিধান ৰচনা কৰাত যথেষ্ট সমলৰ যোগান ধৰিছে। সংবিধান সভাত হোৱা আলাপ-আলোচনা আৰু বিতৰ্কৰ ভিত্তিতেই ভাৰতৰ নতুন সংবিধান ৰচিত হৈছে। সংবিধান সভাৰ আলাপ-আলোচনা আৰু বিতৰ্কৰ প্ৰভাৱে সংবিধান ব্যাখ্যা কৰাত আজিও সহায় কৰে।

(৬) সংবিধান সংশোধনঃ ১৯৫০ চনৰ পৰা কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধানখন এতিয়ালৈ বহুবাৰ সংশোধন কৰা হৈছে। এই সংশোধনীবিলাকে সৰু-ডাঙৰ বহুতো পৰিৱৰ্তন সাধন কৰিছে।এই বিষয়ত ৪২তম আৰু ৪৩তম সংশোধনীৰ কথা বিশেষভাৱে উল্লেখযোগ্য়। এই সংশোধনীবিলাকৰ জৰিয়তে আমাৰ সংবিধানত কেইবাটাও নতুন অনুচ্ছেদ সংযোগ কৰা হৈছে। সেয়ে এই সংশোধনীসমূহক ভাৰতীয় সংবিধানৰ উৎস বুলি কোৱা হয়।

(৭) ন্যায়িক সমীক্ষাঃ ভাৰতৰ সংবিধানে ন্যায়পালিকাক স্বতন্ত্ৰতা প্ৰদান কৰিছে। স্বতন্ত্ৰ ন্যায়পালিকা ব্যৱস্থা ভাৰতীয় সংবিধানৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। ন্যায় ব্যৱস্থাটোৰ শীৰ্ষত থকা উচ্চতম ন্যায়লয় হৈছে ভাৰতীয় সংবিধানৰ অভিভাৱক। উচ্চতম ন্যায়লয়ে ন্যায়িক সমীক্ষাৰ ফলত কোনো আইনৰ সাংবিধানিক বৈধতা বিচাৰ কৰিব পাৰে। এই ক্ষেত্ৰত উচ্চতম ন্য়ায়লয়ে কিছুমান নতুন সাংবিধানিক নীতিৰ সৃষ্টি কৰিছে আৰু সেইবোৰ সংবিধানত যথোচিত স্থান পাইছে। গতিকে ন্যায়িক সমীক্ষাক আমাৰ সংবিধানৰ অন্যতম উৎস বুলি ক'ব পাৰি।

(৮) আইন আৰু আধ্যাদেশঃ ভাৰতৰ সংসদে সময়ে সময়ে গ্ৰহণ কৰা কিছুমান আইনক সংবিধানৰ উৎস বুলি গণ্য কৰিব পাৰি। বিশেষকৈ সংবিধান সংশোধনী আইনসমূহক সাংবিধানিক আইনৰ মৰ্যাদা দিয়া হয়। ফলত এই আইনবিলাক সংবিধানৰ অংগ হৈ পৰে। এইবোৰকো সংবিধানৰ উৎসৰ শাৰীত থোৱা হ'ল।


১০। ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ হৈছে-

(১) প্ৰস্তাৱনাঃ প্ৰস্তাৱনা মূল সংবিধানৰ অংগ নহয়। ইয়াত কোনো সাংবিধানিক নীতিও ব্যাখ্যা কৰা নহয় যদিও এখন সংবিধানৰ প্ৰস্তাৱনাৰ সাংবিধানিক তাৎপৰ্য আছে। ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে আমেৰিকাৰ আৰ্হিত আমাৰ দেশৰ সংবিধানত এটা প্ৰস্তাৱনা সংযোগ কৰিছে। এই প্ৰস্তাৱনাত সংবিধানৰ মূল উদ্দেশ্যসমূহ ব্যক্ত কৰা হৈছে। প্ৰস্তাৱনাত যিবোৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰা হৈছে সেই উদ্দেশ্যসমূহ সংবিধানৰ জৰিয়তে বাস্তৱত ৰূপায়িত কৰিব লাগে। আমাৰ দেশৰ সংবিধানৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা উদ্দেশ্যসমূহৰ কাৰ্যকাৰিতাৰ ওপৰত।

(২) দীৰ্ঘতম সংবিধানঃ ভাৰতবৰ্ষৰ সংবিধানখন বৰ দীঘল। সম্ভৱতঃ পৃথিৱীৰ ভিতৰত এইখনেই দীৰ্ঘতম সংবিধান। আৰম্ভণিতে ইয়াত ৩৯৫ টা অনুচ্ছেদ, ২২টা অধ্যায় আৰু ৯টা অনুসূচী আছিল। সংবিধান গ্ৰহণ কৰা সময়ৰ পৰা এতিয়ালৈকে ইয়াক বহুবাৰ সংশোধন কৰা হ'ল। এনে সংশোধনীৰ জৰিয়তে বিছুমান অনুচ্ছেদ তুলি দিয়া হয় আৰু আন কিছুমান নতুন অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা হয়। ফলত সংবিধানৰ আকাৰ বাঢ়ি গৈ আছে। তৰ্তমান ৩৯৫টা অনুচ্ছেদ আৰু ১২টা অনুসূচী আছে। তলত উল্লেখ কৰা কাৰণত সংবিধানখনৰ আকাৰ বৃদ্ধি হৈছেঃ 

(ক) ভাৰতবৰ্ষত নানা জাতি, উপজাতি, বিভিন্ন ধৰ্ম আদিৰ মানুহে বাস কৰে। এই সকলোবোৰ লোকৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলগা হোৱাৰ কাৰণেও সংবিধানৰ আকাৰ বাঢ়ি গৈছিল।

(খ) ভাৰতবৰ্ষৰ পৰিস্থিতি আৰু পৰিৱেশৰ লগত খাপ্ খাব পৰাকৈ পৃথিৱীৰ বিভিন্ন সংবিধানৰ পৰা কিছুমান নীতি-নিয়ম গ্ৰহণ কৰা হৈছিল।

(৩) লিখিত সংবিধানঃ ভাৰতবৰ্ষৰ সংবিধানখন এখন লিখিত সংবিধান। সংবিধান ৰচনা কৰাৰ কাৰণে এখন সংবিধান সভা গঠন কৰা হৈছিল। সংবিধান সভাৰ সদস্যসকলক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হৈছিল। এই সভাৰ সভাপতি আছিল ড॰ ৰাজেন্দ্ৰপ্ৰসাদ। সংবিধান খচৰা প্ৰস্তত কৰিবলৈ ড॰ আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা প্ৰস্ততকাৰক কমিটি গঠন কৰা হৈছিল। প্ৰায় তিনি বছৰ পৰিশ্ৰম কৰি এই কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তত কৰি সংবিধান সভাত দাখিল কৰিছিল। সংবিধান সভাই এই খছৰাৰ ওপৰত বিশদ আলোচনা কৰি ইয়াৰ সম্ভাব্য ত্ৰুটি-বিচ্যতি আঁতৰ কৰে আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ইয়াক ভাৰতবৰ্ষৰ সংবিধান হিচাপে গ্ৰহণ কৰা হয়। ১৯৫০ চনৰ জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা নতুন সংবিধান বলৱৎ কৰা হয়। ২৬ জানুৱাৰীৰ দিনটোক সেয়েহে গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে আমাৰ সংবিধান লিখিত সংবিধান হ'লেও ইংলেণ্ডত প্ৰচলন থকা কিছুমান প্ৰথাগত নীতি আমাৰ দেশতো মানি চলা হয়।

(৪) সংবিধানৰ প্ৰাধান্যঃ সংবিধানৰ প্ৰাধান্য ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য। সংবিধানেই সমুদায় ৰাষ্ট্ৰীয় ক্ষমতা আৰু নাগৰিক অধিকাৰৰ উৎস। ই ৰাষ্ট্ৰৰ সৰ্বোত্তম আইন। ভাৰতৰ উচ্চতম ন্যায়ালয় সংবিধানৰ ৰক্ষক। দেশৰ কোনো ব্যক্তিয়েই সংবিধান বিৰোধী কাম কৰিব নোৱাৰে। আইনসভা বা কাৰ্যপালিকাই সংবিধান বিৰোধী কোনো প্ৰণয়ন কৰিলে উচ্চতম ন্যায়ালয়ে সেই আইনক অ-সাংবিধানিক বুলি ঘোষণা কৰিব পাৰে।

(৫) গণৰাজ্যৰ ব্যৱস্থাঃ আমাৰ সংবিধানত ভাৰতবৰ্ষক গণৰাজ্য হিচাপে উল্লেখ কৰা আছে। গণৰাজ্যত বংশনুক্ৰমিক ৰাষ্ট্ৰপ্ৰধানৰ ব্যৱস্থা নাথাকে, তাত ৰাষ্ট্ৰপ্ৰধানজনক নিৰ্দিষ্ট কালৰ কাৰমে নিৰ্বাচিত কৰা হয়। গণৰাজ্যৰ নীতিৰ লগত সামঞ্জস্য ৰাখি আমাৰ ৰাষ্ট্ৰপতিজনকো নিৰ্বাচিত কৰাৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় আইনসভাৰ নিৰ্বাচিত সদস্য আৰু ৰাজ্যিক বিধানসভাসমূহৰ নিৰ্বাচিত সদস্যসকলে আমাৰ ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে। ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৫ বছৰ।

(৬) সংহত ন্যায়িক ব্যৱস্থা ঃ ভাৰতৰ শাসনব্যৱস্থা যুক্তৰাষ্ট্ৰীয় আৰ্হিত গঠিত হ'লেও ইয়াৰ বিচাৰ ব্যৱস্থা একত্ৰীভূত। অন্যান্য যুক্তৰাষ্ট্ৰৰ দৰে ভাৰত যুক্তৰাষ্ট্ৰৰ অংগ ৰাজ্যসমূহ আৰু কেন্দ্ৰ কাৰণে সুকিয়া  ন্যায়পালিকাৰ ব্যৱস্থা নাই। সমগ্ৰ ভাৰতৰ বিচাৰব্যৱস্থা উচ্চতম ন্যায়ালয়ৰ নিয়ন্ত্ৰণাধীন। উচ্চতম ন্যায়ালয়ৰ আদেশ বা ৰায় সকলো নিম্ন আদালত আৰু অন্যান্য কৰ্তৃপক্ষই মানি চলিব লাগে।

চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions)

১। কেনেকুৱা পৰিস্থিতিত সংবিধানসভা গঠন কৰা হৈছিল আলোচনা কৰা।

উত্তৰঃ

২। সংবিধান সভাৰ গঠন প্ৰণালী ব্যাখ্যা কৰা।

উত্তৰঃ

৩। কোনখন আঁচনিৰ জৰিয়তে সংবিধান সভা গঠন কৰা হৈছিল ?

উত্তৰঃ 

৪। সংবিধানখন দেশৰ সৰ্বশ্ৰেষ্ট আইন নে ?

উত্তৰঃ

৫। লক্ষ্য নিৰ্ধাৰকমূলক প্ৰস্তাৱটো কি ?

উত্তৰঃ প্ৰথম অধিবেশনতে পণ্ডিত জৱাৱহৰলাল নেহৰুৱে সভাৰ মূল লক্ষ্যসমূহ এটা প্ৰস্তাৱ আকাৰে দাঙি ধৰে। এই প্ৰস্তাৱকে সংবিধান সভাৰ ''লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱ'' বোলা হয়।

৬। সংবিধান সভাৰ খচৰা কমিটিৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ সভাৰ চতুৰ্থ অধিবেশন ১৯৪৭ চনৰ ১৪ জুলাই তাৰিখৰ পৰা আৰম্ভ হয়। এই অধিবেশনত আগতে গঠন কৰি দিয়া কেন্দ্ৰীয় সংবিধান সমিতি আৰু প্ৰাদেশিক সংবিধান সমিতিয়ে নিজৰ নিজৰ প্ৰতিবেদন দাখিল কৰে। ইয়াৰ উপৰিও সংখ্যালঘু উপ-সমিতি, মৌলিক অধিকাৰ আৰু ভাষাজাতি সম্পৰ্কীয় উপ-সমিতিবিলাকেও নিজৰ নিজৰ প্ৰতিবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয় সম্পৰ্কীয় তদৰ্থ কমিটিয়েও প্ৰতিবেদন দাখিল কৰে। প্ৰাদেশিক সংবিধান সম্পৰ্কে সংবিধান সভাই এই অধিবেশত আলোচনা চলায়। এই অধিবেশনৰে ২২ জুলাই তাৰিখে সংবিধান সভাই জাতীয় পতাকাখন গ্ৰহণ কৰে। এই বৈঠকত সংবিধানৰ ওপৰতো আলোচনা আৰম্ভ হয়। ৩১ জুলাই তাৰিখে অধিবেশনৰ সামৰণি পৰাৰ আগে আগে সংবিধান সভাই বিত্তসম্পৰ্কীয় বিশেষজ্ঞ কমিটিখন নিযুক্ত কৰে।

সংবিধান সভাৰ পৰৱৰ্তী অধিবেশন (পঞ্চম) ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে আৰম্ভ হয়।  ১৯৪৭ চনৰ স্বাধীনতা আইনে দুখন দেশৰ বাবে দুখন সংবিধান সভাৰ প্ৰস্তাৱ কৰিলে। স্বাধীনতা লাভৰ পাছত এই সংবিধান সভাকেই ভাৰতৰ বাবে স্বীকৃত দিয়া হ'ল আৰু ভাৰতৰ এই সংবিধান সভা সাৰ্বভৌম অনুষ্ঠান বুলি পৰিগণিত হ'ল। তেতিয়াৰ পৰা সংবিধান সভাই মাউণ্টবেটেনক স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ-জেনেৰেল আৰু জৱাহৰলাল নেহৰুক প্ৰথম প্ৰধানমন্ত্ৰীৰূপে নিযুক্ত কৰিলে। নতুন সংবিধান ৰচিত নোহোৱালৈকে সংবিধান সভাই ভাৰতৰ কাৰণে আইন প্ৰণয়ন কৰিবলৈ আৰু স্বাধীন ভাৰতৰ নতুন সংবিধান ৰচনা কৰিবলৈ সকলো ক্ষমতা পালে। এই দুখলপীয়া কাম সংবিধান সভাই ১৮৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান ৰচনাৰ কাম শেষ নোহোৱালৈকে কৰি থাকিবলগীয়া হৈছিল। এই অধিবেশনত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাৰ বিষয়ে দাখিল কৰা প্ৰতিবেদনৰ এপৰত আলোচনা চলে আৰু ভাৰতত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা কৰা হয়। ইয়াৰ উপৰিও সংখ্যালঘুৰ অধিকাৰৰ বিষয়েও আলোচনা হয়।

৭। আমাক এখন সংবিধান কিয় লাগে বুজাই লিখা।

উত্তৰঃ লেটিন শব্দ "Constitute"-ৰ পুৰা ইংৰাজী প্ৰতিশব্দ 'Constitution'-ৰ উৎপত্তি হৈছে। 'Constitution' শব্দটিত অসমীয়া ভাঙনি হৈছে 'সংবিধান'। এই শব্দৰ অৰ্থ হ'ল গঠন বা প্ৰতিজ্ঞা কৰা। ৰোমান আইন শাস্ত্ৰৰ পৰা ৰাষ্ট্ৰীয় ক্ষেত্ৰত এই শব্দটো প্ৰয়োগ কৰা হৈছে। ৰোমান আইনে এই শব্দৰ দ্বাৰা সৰ্বোচ্চ ৰাজকীয় কৰ্তৃত্বৰ আদেশ আৰু আন আন কামক বুজায়।

        বিভিন্ন পণ্ডিতে সংবিধানৰ সংজ্ঞা সম্পৰ্কে নানা মত প্ৰকাশ কৰিছে। মাৰ্কিন আইনজ্ঞ কুলী (Cooley)-ৰ মতে, ''সংবিধান হ'ল সেইবিলাক মৌলিক নীতি আৰু নিয়মাৱলী যিবিলাকৰ দ্বাৰা সাৰ্বভৌম ক্ষমতা প্ৰয়োগ কৰা হয়।'' লৰ্ড ব্ৰাইছে (Lord Bryce) সংবিধানৰ সংজ্ঞা নিৰূপণ কৰিছে এনেদৰে, ''সংবিধান হ'ল সেইবিলাক আইন আৰু প্ৰথাৰ সমষ্টি যিবিলাকৰ দ্বাৰা ৰাষ্ট্ৰৰ জীৱন পৰিচালিত হয়।'' অধ্যাপক লাস্কি (Prof. Laski)-ৰ ভাষাতঃ ''প্ৰত্যেক সুসংবদ্ধ ৰাষ্ট্ৰৰ একোখনকৈ সংবিধান থাকে, যাৰ দ্বাৰা চূড়ান্তভাৱে আইন অনুজ্ঞাসমূহ প্ৰণয়ন কৰা হয়।''

        মুঠতে সংবিধান হ'ল সেইবিলাক বিধি-বিধানৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰৰ ক্ষমতা, শাসিতৰ অধিকাৰ আৰু শাসক-শাসিতৰ মাজৰ সম্পৰ্ক স্থিৰ কৰা হয়। সংকীৰ্ণ অৰ্থত সংবিধান বুলিলে কেৱল লিখিত নিয়ম-কানুনসমূহক বুজায়। কিন্তু ব্যাপক অৰ্থত সংবিধান বুলিলে লিখিত আৰু অ-লিখিত, আইনগত আৰু আইনবহিৰ্ভূত সকলো ধৰণৰ নয়ম-কানুনকে বুজায়। অৰ্থাৎ সংবিধান কেৱল ৰাষ্ট্ৰ পৰিচালনাৰ নিয়মাৱলীৰ সমষ্টিয়েই নহয়। ইয়াৰ মাধ্যমত কোনো দেশৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি নীতিও ব্যক্ত কৰা হয়।

৮। আমেৰিকাৰ সংবিধানৰ কি কি সমল ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা হৈছে ?

উত্তৰঃ

৯। আমাৰ সংবিধানৰ কাৰ্য-কলাপৰ সৈতে জড়িত তিনিটা বেলেগ বেলেগ কাৰ্যৰ অনুভৱক লৈ এটি আলোচনা চক্ৰত তিনিজন বক্তাই ভাগ লৈছে-

(ক) হীৰেন- ভাৰতীয় সংবিধানে গণতান্ত্ৰিক ধ্যান-ধাৰণা প্ৰদান কৰাত সফল হৈছে।

(খ) বিজয়া- ভাৰতীয় সংবিধানতস্বতন্ত্ৰতা, সমতা আৰু ভ্ৰাতৃত্ববোধ সুনিশ্চিতকৰণত বিধিগত বাধা আছে। সেইবাবে ভাৰতীয় সংবিধান বিফল হৈছে

(গ) নাজিমা— ভাৰতীয় সংবিধান বিফল নহয়, আমিহে ইয়াক বিফল কৰিছো।

তুমি ওপৰত উল্লেখ কৰা কোনটো পক্ষ সমর্থন কৰা আৰু কিয়, যদি নকৰা তোমাৰ নিজস্ব বক্তব্য দাঙি ধৰা। 

১০। সংবিধান এক সমন্বয় আৰু অশ্বাস— বুজাই লিখা।

উত্তৰঃ

১১। চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাৱদ্ধই কি বুজায়? ব্যাখ্যা কৰা।  

উত্তৰঃ

১২। সংবিধানৰ কৰ্তৃত্বই কি সূচায় বুজাই লিখা। 

উত্তৰঃ

১৩। ভাৰতীয় সংবিধানৰ কাৰ্যপদ্ধতি বর্ণনা কৰা।

উত্তৰঃ

১৪। সামাজিক ন্যায় কি?    [HS(XI) 2018] 

উত্তৰঃ সমাজত বসবাস কৰা সকলো লোককে সমান সুযোগ-সুবিধা আৰু সমানে গুৰুত্ব দিয়াটোকে সামাজিক ন্যায় বুলি কোৱা হয়। সামাজিক ন্যায়ত জাতি-ধৰ্ম, বৰ্ণ, ভাষা, উচ্চ-নীচ আদিৰ মাজত কোনো ভেদ ভাৱ নাৰাখি সকলোকে সমান চকুৱে চোৱা হয়। সামাজিক ন্যাৰ যথেষ্ট গুৰুত্ব আছে।

অতি চমু উত্তৰৰ প্ৰশ্ন (Very Short Answer Questions ) : 

১। ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল?        [HS(XI) 2017]

উত্তৰঃ  ভাৰতৰ সংবিধান সভাৰ সভাপতি জন-ড॰ ৰাজেন্দ্ৰ প্ৰসাদ।

২। ভাৰতীয় সংবিধানৰ দুটা উৎস উল্লেখ কৰা।    [HS(XI) 2018]

উত্তৰঃ ভাৰতীয় সংবিধানৰ দুটা উৎস হ'ল-

(ক) বৃটেইনৰ শাসনব্যৱস্থাঃ আমাৰ দেশৰ সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ বাবে সংসদীয় পদ্ধতিৰ শাসনব্যৱস্থা কৰিছে। ভাৰতৰ সংবিধানে এই ক্ষেত্ৰত বৃটিছ সংসদীয় শাসনব্যৱস্থা হুবহু অনুকৰণ কৰিছে। সংবিধান প্ৰণেতাসকলে ভাৰতৰ বাবে সংসদীয় শাসনব্যৱস্থা শ্ৰেষ্ঠ হ'ব বুলি বিবেচনা কৰিছিল। গতিকে ভাৰতীয় সংসদীয় শাসনব্যৱস্থা বৃটিছ সংবিধানৰ প্ৰত্যক্ষ অৱদান বুলি ক'ব পাৰি।

(খ) সমালোচকৰ মন্তব্যঃ সাংবিধানিক বিশেষজ্ঞসকলে সংবিধানৰ বিষয়ে আগবঢ়োৱা মতামত আমাৰ দেশৰ সংবিধান ৰচনা কৰোতে বহু পৰিমাণে বিবেচনা কৰা হৈছে। আন কথাত এই বিশেষজ্ঞসকলৰ মতাদৰ্শই সংবিধান প্ৰণেতাসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। তেওঁলোকৰ মতামতসমূহ সংবিধানৰ ভূল-ত্ৰুটিবোৰ বিচাৰ কৰোতে সহায়ক হৈছে।


৩। সংবিধানৰ দুটা কাৰ্যৰ নাম লিখা।            [HS(XI) 2017, 2019]

উত্তৰঃ সংবিধানৰ দুটা কাৰ্যৰ নাম-

(ক) বৃটিছ সংবিধান আৰু

(২) ভাৰত চৰকাৰ আইন ১৯০৯, ১৯১৯, ১৯৩৫ আৰু ভাৰত স্বাধীনতা আইন ১৯৪৭।


৪। অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল?    [HS(XI) 2019)

উত্তৰঃ সভাৰ চতুৰ্থ অধিবেশন ১৯৪৭ চনৰ ১৪ জুলাই তাৰিখৰ পৰা আৰম্ভ হয়।

৫। কাৰ পৰামৰ্শ মতে সংবিধানসভা গঠন কৰা হৈছিল ?

উত্তৰঃ

৬। ভাৰতৰ সংবিধানখন কিয় ১৯৫০চনৰ ২৬জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল? 

উত্তৰঃ দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়। উল্লেখ্য যে, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক স্বাধীনতা ঘোষণাৰ স্মৃতিতেই ২৬ জানুৱাৰী তাৰিখটোতে সংবিধান প্ৰবৰ্তনৰ বাবে গৃহীত কৰা হৈছিল। 

৭। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট দুটা আদর্শ উল্লেখ কৰা।    [HS(XI) 2015]  

উত্তৰঃ

৮। সমাজত সংবিধানৰ কাম কি ? 

উত্তৰঃ

৯। ভাৰতীয় সংবিধান কি ধৰণেৰে প্ৰস্তুত কৰা হৈছিল ? 

উত্তৰঃ

১০। ভাৰতীয় সংবিধানৰ দুটা সীমাৱদ্ধতা লিখা ?  [HS(XI) 2016)

উত্তৰঃ

১১। ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্যৰ নাম লিখা । 

উত্তৰঃ ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্যৰ নাম-

(১) দীৰ্ঘতম সংবিধান আৰু (২) লিখিত সংবিধান।

১২। ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা।  [HS(XI) 2015]  

উত্তৰঃ ভাৰতীয় সংবিধানত কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে। যেনে- দুই প্ৰকাৰৰ চৰকাৰ, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন, উচ্চতম ন্যায়ালয় ইত্যাদি।

১৩। চৰকাৰৰ ক্ষমতাৰ ওপৰত দুটা সীমাৱদ্ধতা উল্লেখ কৰা।

উত্তৰঃ

১৪। জনসাধাৰণৰ মৌলিক পৰিচয়ে কি বুজায়? 

উত্তৰঃ মৌলিক আইন হিচাপে এখন সংবিধানৰ জৰিয়তে জনসাধাৰণৰ সামূহিক সত্বাৰ অস্তিত্ব গম পোৱা যায়। সংবিধান এখন গ্ৰহণ কৰাৰ আগতে এজন মানুহৰ বেলেগ বেলেগ পৰিচয় থাকিব পৰাটো স্বাভাৱিক। কিন্তু কিছুমান মৌলিক নীতি-নিয়ম বিধিসন্মতভাৱে প্ৰস্তুত কৰাৰ ফলত এজন ব্যক্তিৰ মৌলিক পৰিচয় গঢ় লৈ উঠে।

    সংবিধানত এখন ৰাষ্ট্ৰৰ নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ উল্লেখ থাকে। সংবিধানৰ স্বীকৃতি অবিহনে এই অধিকাৰবিলাক মূল্যহীন হৈ পৰে। সংবিধানক জনসাধাৰণৰ মৌলিক অধিকাৰৰ ৰক্ষক বুলি কোৱা হয়। সংবিধানস্বীকৃত মানুহৰ অধিকাৰ কোনেও ভংগ কৰিব নোৱাৰে।

পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ বিভিন্ন সংবিধানসমূহলৈ চাওঁ তেতিয়া সকলো সংবিধানৰ কিছুমান নিজস্ব বৈশিষ্ট্য থকা দেখা পাওঁ। গতিকে সকলো দেশৰ সংবিধান একে নহয়। বিশেষকৈ চৰকাৰৰ গঠনৰ ক্ষেত্ৰত ভিন্নতা পৰিলক্ষিত হয়। বেছিভাগ সংবিধানেই গণতান্ত্ৰিক চৰকাৰৰ সৃষ্টি কৰি জনসাধাৰণৰ মৌলিক অধিকাৰসমূহক ৰক্ষণা-বেক্ষণ দিছে। সংবিধানসমূহৰ মাজত ভিন্নতা পৰিলক্ষিত হোৱাৰ মূল কাৰণ হৈছে বেছিভাগ ৰাষ্ট্ৰই এক জটিল ঐতিহাসিক পৰম্পৰাৰ মিশ্ৰণ। ৰাষ্ট্ৰৰ পৰিসীমাৰ ভিতৰত বসবাস কৰা বিভিন্ন জাতিগোষ্ঠীক সংবিধানৰ জৰিয়তে একত্ৰিত কৰা হয়। উদাহৰণস্বৰূপে, জাৰ্মানীৰ সংবিধানে জাৰ্মান নৃগোষ্ঠীয় পৰিচয়ৰ ওপৰত ভিত্তি কৰি সাংবিধানিক পৰিচয় গঢ়ি তুলিছে। কিন্তু আমাৰ দেশত নৃগোষ্ঠীয় পৰিচয়ৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। বিভিন্ন জাতিয়ে বিভিন্ন অঞ্চলসমূহৰ মাজত কেনে ধৰণৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰিব আৰু কেন্দ্ৰীয়  চৰকাৰৰ নীতি-নিয়ম এই ক্ষেত্ৰত কেনে হোৱা উচিত সেই সম্পৰ্কে বেলেগ বেলেগ ধাৰণা সংবিধানত সন্নিবিষ্ট হৈছে। এই সম্বন্ধই এখন দেশৰ জাতীয় পৰিচয় বিধিগতভাৱে গঠন কৰে।

১৫। সংবিধান এখন সফল হোৱাৰ দুটা কাৰণ লিখা। 

উত্তৰঃ

১৬। উদ্দেশ্য প্রস্তাব (Objective Resolution)-ৰ-দুটা দিশ উল্লেখ কথা।

উত্তৰঃ

১৭। সংবিধানৰ খচৰা কমিটিৰ দুজন সদস্যৰ নাম লিখা।

উত্তৰঃ সংবিধানৰ খচৰা কমিটিৰ দুজন সদস্যৰ নাম-

(১) ড॰ বি. আৰ. আম্বেদকাৰ আৰু (২) কে. এম. মুন্সী।

১৮। সংবিধান সভাৰ দুখন কমিটি কি কি?

উত্তৰঃ

 ১৯। ভাৰতীয় সংবিধানখন এখন জীৱন্ত দলিল নে? 

উত্তৰঃ

২০। লক্ষ্য নিৰ্ধাৰকমূলক প্ৰস্তাৱৰ দুটা নীতি লিখা।  

উত্তৰঃ

২১। জৱাহৰলাল নেহেৰুৰ 'উদ্দেশ্য প্ৰস্তাৱ'ৰ দুটা মূল দিশ লিখা।    [HS (XT) 2018] 

উত্তৰঃ

২২। ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? ই কেতিয়াৰ পৰা কাৰ্যকৰী হয় ?

উত্তৰঃ দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়। উল্লেখ্য যে, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক স্বাধীনতা ঘোষণাৰ স্মৃতিতেই ২৬ জানুৱাৰী তাৰিখটোতে সংবিধান প্ৰবৰ্তনৰ বাবে গৃহীত কৰা হৈছিল। 

২৩। 'ভাৰতৰ সংবিধানখন এখন ধাৰ কৰা সংবিধান'- মন্তব্য দিয়া।

 উত্তৰঃ

২৪। সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ‘ৰাজ্যসমূহৰ সংঘ' বুলি কোৱা হৈছে?    [HS(XI) 2016] 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক এখন 'ৰাজ্যসমূহৰ সংঘ' বুলি আখ্যা দিয়া হৈছে।

বস্তুনিষ্ঠ প্রশ্নাবলী: 

A. উত্তৰ দিয়া (Give Answers):

 ১। কোনবিধ কার্য সংবিধানৰ অন্তৰ্ভূক্ত নহয় ?

(ক) নাগৰিকৰ সুৰক্ষাৰ অধিকাৰ

(খ) চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগৰ ক্ষমতা

(গ) প্রতিভাসম্পন্ন ব্যক্তি ক্ষমতালৈ অহা 

 (ঘ) মত প্ৰকাশৰ অধিকাৰ  

উত্তৰঃ (গ) প্রতিভাসম্পন্ন ব্যক্তি ক্ষমতালৈ অহা ।

২। তলত উল্লেখ কৰা কোনবোৰ যুক্তিয়ে সংসদতকৈ সংবিধানৰ কৰ্তৃত্ব বেছি নিৰ্ধাৰণ কৰে? 

(ক) সংসদ গঠনৰ আগতে সংবিধান ৰচনা কৰা হৈছিল।

(খ) সাংসদসকলতকৈ সংবিধান প্রণেতাসকল বেছি প্ৰখ্যাত নেতা। 

(গ) সংবিধানে সংসদ গঠন আৰু ক্ষমতা নিৰ্ধাৰণ কৰে। 

(ঘ) সংসদে সংবিধান সংশোধন কৰিব নোৱাৰে।

উত্তৰঃ (গ) সংবিধানে সংসদ গঠন আৰু ক্ষমতা নিৰ্ধাৰণ কৰে। 

৩। সংবিধান সম্পর্কে তলত উল্লেখ কৰা বাক্যবোৰ সঁচা নে মিছা ?

(ক) সংবিধান চৰকাৰ গঠন ক্ষমতা সম্পৰ্কে লিখিত দলিল।

(খ) গণতান্ত্ৰিক ৰাষ্ট্ৰৰ কাৰণেহে সংবিধানৰ প্ৰয়োজন। 

(গ) সংবিধান কেৱল আইনগত দলিলহে, ইয়াৰ কোনো আদৰ্শ আৰু গুৰুত্ব নাই।

(ঘ) সংবিধানে নাগৰিকক নতুনত্ব প্ৰদান কৰে। 

উত্তৰঃ (ক) সঁচা। (খ) মিছা। (গ) মিছা। (ঘ) সঁচা।

 ৪। ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত নিম্নলিখিত সিদ্ধান্তবিলাক সঁচা নে মিছা যুক্তি দর্শোৱা :  

(ক) সংবিধান সভাই ভাৰতীয় নাগৰিকক প্রতিনিধিত্ব কৰা নাই কিয়নো তেওঁলোকক সকলো নাগৰিকে নির্বাচিত কৰা নাছিল।

(খ) সংবিধান প্রণয়নৰ সময়ত সংবিধানৰ বুনিয়াদী ৰূপৰেখা সম্পৰ্কে নেতাসকলৰ মাজত সহমত থকাৰ কাৰণে কোনো ধৰণৰ জটিল সমস্যাৰ সৃষ্টি হোৱা নাছিল।

(গ) ভাৰতীয় সংবিধান অন্যান্য দেশৰ সংবিধানৰ আলমত ৰচনা কৰাৰ বাবে ইয়াৰ কোনো মৌলিকতা নাই। 

(ঘ) কোনখন আঁচনিৰ জৰিয়তে সংবিধান সভা গঠন কৰা হৈছিল? 

উত্তৰঃ

৫। ভাৰতীয় সংবিধানৰ আধাৰত তলত উল্লেখ কৰা সিদ্ধান্ত সম্পৰ্কত দুটাকৈ উদাহৰণ দিয়া : 

(ক) ভাৰতীয় সংবিধানখন বিচক্ষণ নেতাৰ দ্বাৰা প্ৰণয়ন কৰা হৈছে বাবে তেওঁলোকক ভাৰতীয় নাগৰিকে সন্মান কৰে।  

উত্তৰঃ 

(খ) সংবিধানে যি উপায়ে ক্ষমতাৰ বিতৰণ কৰিছে তাক অদল-বদল কৰাত প্রতিবন্ধকতা আছে।  দিয়া

উত্তৰঃ

(গ) সংবিধান দেশৰ জনসাধাৰণৰ আশা আৰু আকাংখ্যাৰ কেন্দ্ৰবিন্দু।  

উত্তৰঃ

(ঘ) সংবিধান সভাৰ অস্থায়ী সভাপতি কাক নিৰ্বাচিত কৰা হৈছিল?  

উত্তৰঃ

৬। সংবিধান সভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৪৬ চনত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছত সেই চনৰে ৯ ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথম অধিৱেশন দিল্লীত অনুষ্ঠিত হয়।

৭। সংবিধান সভাৰ অস্থায়ী সভাপতি কাক নিৰ্বাচিত কৰা হৈছিল? 

উত্তৰঃ

৮। সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া আৰম্ভ হৈছিল?  

উত্তৰঃ কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা গঠন হৈছিল আৰু ইয়াৰ প্ৰথমখন বৈঠক বহিছিল ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে।

৯। ভাৰতীয় সংবিধানৰ খচৰা সমিতিখনৰ সভাপতি কোন আছিল?    [HS(XI) 2016, 2018 ] 

উত্তৰঃ ভাৰতীয় সংবিধানৰ খচৰা সমিতিকনৰ সভাপতি  ড॰ ভীমৰাও আম্বেদকাৰ।

১০। সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?  

উত্তৰঃ সংবিধান সভাৰ স্থায়ী সভাপতি ড॰ ৰাজেন্দ্ৰ।

১১। আমাক সংবিধান এখন কিয় লাগে এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ আমাক সংবিধান এখন লগাৰ কাৰণটো হৈছে-

(১) যিবিলাক বিধি-বিধানৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰৰ ক্ষমতা, শাসিতৰ অধিকাৰ আৰু শাসক-শাসিতৰ মাজৰ সম্পৰ্ক স্থিৰ কৰা হয়। 

১২। এখন সংবিধান জনসাধাৰণৰ মৌলিক পৰিচয়। (সত্য নে অসত্য লিখা)    [HS(XI) 2019]

উত্তৰঃ নহয়।

১৩। এখন সংবিধানে জনসাধাৰণৰ মৌলিক পৰিচয় দাঙি ধৰে নে? (হয় নে নহয় লিখা)  

উত্তৰঃ নহয়।

১৪। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। (হয় নে নহয় লিখা)    [HS(XI) 2017]

উত্তৰঃ হয়।

১৫। সংবিধান হৈছে দেশৰ সৰ্বোচ্চ আইন যাক সকলো নাগৰিকে মানি চলিবলৈ বাধ্য। (হয় নে নহয় লিখা) 

উত্তৰঃ 

 শুদ্ধ উত্তৰ বাছি উলিওৱা (Chose the correct answers)

১। তলত উল্লেখ কৰা ভাৰতীয় সংবিধানৰ কোনটো ব্যৱস্থা বিতর্ক নোহোৱাকৈ গৃহীত হৈছিল ?

(ক) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ  

(খ) মৌলিক অধিকাৰ 

(গ) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি

(ঘ) সংসদীয় গণতন্ত্র

উত্তৰঃ

২। সংবিধান সভাৰ নিৰ্বাচন কিহৰ ভিত্তিত অনুষ্ঠিত হৈছিল? 

  (ক) সার্বজনীন ভোট ব্যৱস্থা              (খ) সম ভোটাধিকাৰ

  (গ) সাম্প্রদায়িক ভিত্তিত                  (ঘ) মনোনয়নৰ জৰিয়তে 

উত্তৰঃ

৩। স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ-জেনেৰেল কোন আছিল ?

(ক) পণ্ডিত জবহৰলাল নেহৰু  (খ) চক্রৱর্তী ৰাজাগোপালাচাৰী

(গ) লর্ড মাউণ্টবেটেন                  (ঘ) ডঃ বি. আৰ. আম্বেদকাৰ 

উত্তৰঃ (খ) চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী। 

৪। প্রথম অবস্থাত সংবিধানসভা সার্বভৌম সস্থা উচ্চ স্থান নাছিল কিন্তু পিছলৈ ই  সার্বভৌম সংস্থা হয়। 

(ক) ১৫ জুলাই ১৯৪৬ চন              (খ) ১৫ আগষ্ট ১৯৫০ চন 

(গ) ২৬ জানুৱাৰী ১৯৫০ চন          (ঘ) ৯ ডিচেম্বৰ ১৯৪৬ চন

উত্তৰঃ (ঘ) ৯ ডিচেম্বৰ ১৯৪৬ চন।

উত্তৰ দিয়া (Give answer)  :  

 ১। সংবিধান মানে কি?

উত্তৰঃ লেটিন শব্দ  ''constitute''- পৰা ইংৰাজী প্ৰতিশব্দ 'Constitution'-ৰ উৎপত্তি হৈছে। 'Constitution' শব্দটিত অসমীয়া ভাঙনি হৈছে 'সংবিধান'। এই শব্দৰ অৰ্থ হ'ল গঠন বা প্ৰতিষ্ঠা কৰা। ৰোমান আইন শাস্ত্ৰৰ পৰা ৰাষ্ট্ৰীয় আইনৰ ক্ষেত্ৰত এই শব্দটো প্ৰয়োগ কৰা হৈছে। ৰোমান আইনে এই শব্দৰ দ্বাৰা সৰ্বোচ্চ ৰাজকীয় কৰ্তৃত্বৰ আদেশ আৰু আন আন কামক বুজায়।

২। সংবিধানে চৰকাৰৰ ক্ষমতা সীমিত কৰে নে? 

উত্তৰঃ ৰাষ্ট্ৰীয় বা সামাজিক জীৱন পৰিচালনাৰ বাবে চৰকাৰৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ। ক্ষমতাৰ ৰাগীত চৰকাৰ বহু সময়ত স্বৈৰাচাৰী হৈ পৰিব পাৰে। কেৱলমাত্ৰ সংবিধানে বিভিন্ন ধৰণে চৰকাৰৰ ক্ষমতা সীমিত কৰে। এই সীমাৱদ্ধতাসমূহ মৌলিক আৰু সেয়ে চৰকাৰে কেতিয়াও সেই সীমাৱদ্ধতাসমূহ অতিক্ৰম কৰি যাব নোৱাৰে।

৩। বৃটিছ সংবিধানৰ পৰা লোৱা ভাৰতীয় সংবিধানৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ 

৪। ভাৰতীয় সংবিধানৰ খচৰা কোনে প্রস্তুত কৰিছিল?  

উত্তৰঃ ভাৰতীয় সংবিধানৰ খচৰা ড॰ বি. আৰ. আম্বেদকাৰে প্ৰস্তুত কৰিছিল.

৫। লক্ষ্য নিৰ্ধাৰকমূলক প্রস্তাবটো সংবিধান সভাত কোনে দাঙি ধৰিছিল।   

উত্তৰঃ


Type: Himashree Bora.

Author: Pompi Hazarika