অধ্যায়ঃ ১২ 

বিচাৰক আৰু আনমানুহ


1.

বিচাৰকঃ দুয়োজনৰ মতামত শুনাৰ পিছত  মোৰ পৰা পৰমৰ্শ হ'ল , আপোনালোকে বিবাহ বিচ্ছেদৰ সিদ্দান্ত ।

পত্নীঃ এয়া অসম্ভৱ । জীৱনৰ মূল্যৱান দহটা বছৰ মই এওঁৰ লগত কটাইছো আৰু জীৱনৰ বাকীখিনি সময় তেওঁক সুখত ৰখাৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ ।

2.

দুজন পেছাত বেলেগ-বেলেগ ব্যক্তি, এজন উকীল আৰু আনজন ডাক্তৰ ।

উকীলঃ (ডাক্তৰক উদ্দেশি) আপোনাৰ এটা ভুলে এজন মানুহক মাটিৰ তল কৰিব পাৰে ।

জোকৰ মুখত চূণ দিবলৈ

ডাক্তৰঃ আপোনাৰ এটা ভুল সিদ্ধান্তই এজন মানুহক মাটিৰ ওপৰ (অৰ্থাৎ ফাঁচি) কৰিব পাৰে ।

3.

উকীলে আদালতত গুচৰীয়াক সুধিলে-

উকীলঃ বাৰু আপোনাৰ মূৰলৈ দলিওৱা শিলটো মোৰ মূৰৰ সমান ডাঙৰ আছিলনে ?

গুচৰীয়াঃ হয়, সিমান ডাঙৰেই আছিল কিন্তু আপোনাৰ দৰে ফোপোলা নাছিল । গধুৰ আৰু টান আছিল ।

4.

বিচাৰকঃ মই এতিয়া মোকৰ্দমাৰ ৰায় দিম। মই কথা কোৱাৰ সময়ত যাতে কোনেও মাত নামাতে। কোনোবাই তেনে কৰিলে এতিয়াই আদালতৰ কোঠাৰ পৰা ওলাই যাওক।

অপৰাধীঃ ছাৰ, মই কিন্তু প্ৰতিবাদ নকৰাকৈ থাকিব নোৱাৰিম। গতিকে মোক আদালতৰ কক্ষৰ পৰা এতিয়াই বাহিৰ কৰি দিয়ক।

5.

 বিচাৰকে সাক্ষী এজনক সুধিলে-

বিচাৰকঃ এই মানুহগৰাকীয়ে গিৰিয়েকৰ লগত মাৰপিট কৰা সময়ত তুমি তাত উপস্থিত আছিলানেকি?

সাক্ষীঃ হয় হুজৰ, আছিলো।

বিচাৰকঃ তুমি ঘটনা সম্পৰ্কে কি ক'ব বিচৰা?

সাক্ষীঃ ঘটনা দেখি মই বিয়া পতাৰ সিদ্ধান্ত বাদ দিছো।

6.

বিচাৰকঃ তুমি বৰ ধুনীয়া গীত গাইছা, সঁচাই মই বৰ সন্তুষ্ট হৈছোঁ। আচ্ছা, আগে-পিছে তুমি ক'ৰবাত গীত পাইছিলা নেকি?

গায়িকাঃ বাথৰূমত গাইছিলোঁ।

7.

পুলিচঃ হেৰি স্কুটাৰখন, লাইট নাই।

আৰোহীঃ আগৰ পৰা আঁতৰ হওক ব্ৰেকো নাই।

8.

উকীলঃ তুমি ছাগলী চোৰ কৰি ডাঙৰ অপৰাধ কৰিছা। গতিকে সি পক্ষৰ উকীলে কিবা সুধিলে ছাগলীৰ মাত মাতিব। বাকীখিনি মই চম্ভালিম।

ছাগলী চোৰঃ পিছত ছাগলী চোৰ সাৰিল তাক মুকলি কৰি দিলে ।

উকীলঃ তোমাক বচালো, এতিয়া মোৰ ফিজটো দিয়া । 

ছাগলী চোৰঃ উত্তৰত ছাগলীৰ মাত ।


সংগ্ৰাহকঃ অপূৰ্ব কাকতি (Apurba Kakati)