অধ্যায়  ৪  পৰৱৰ্তী পালৰ যুগ 


অতি চমু প্ৰশ্ন 

১। সন্ধ্যাকৰ নন্দীয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ?
উত্তৰ ঃ সন্ধ্যাকৰ নন্দীয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল 
ৰামচৰিত মানস ।

২। প্ৰথম অৱস্থাত তিংগদেৱ কোন আছিল ।
উত্তৰঃ প্ৰথম অৱস্থাত তিংগদেৱ ৰামপালৰ প্ৰাদেশিক শাসনকৰ্তা আছিল ।

৩। ৰামপালৰ পুতেকৰ নাম কি আছিল ।
উত্তৰঃ ৰামপালৰ পুতেকৰ নাম কুমাৰপাল ।

৪। কুমাৰপালৰ সেনাপতিজনৰ নাম কি ।
উত্তৰঃ কুমাৰপালৰ সেনাপতিজনৰ নাম হল বৈদ্যদেৱ ।

৫। তিংগদেৱক কোনে হত্যা কৰিছিল ।
উত্তৰঃ তিংগদেৱক কুমাৰপালৰ সেনাপতি বৈদ্যদেৱে হত্যা কৰিছিল ।

৬। বৈদ্যদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল ।
উত্তৰঃ বৈদ্যদেৱৰ পিতৃ-মাতৃৰ নাম ক্ৰমে 
বোধিদেৱ আৰু প্ৰতাপদেৱী ।


৭। বৈদ্যদেৱে গ্ৰহণ কৰা উপাধিটোৰ কি আছিল ।
উত্তৰঃ বৈদ্যদেৱে গ্ৰহণ কৰা উপাধিটোৰ নাম হল পৰমমহেশ্বৰ ।

৮। বৈদ্যদেৱৰ ৰাজধানীৰ নাম কি আছিল ।
উত্তৰঃ বৈদ্যদেৱৰ ৰাজধানীৰ নাম হল হংসকুছি ।

৯। হংসকুছি কোন দিশত অৱস্থিত আছিল ।
উত্তৰঃ হংসকুছি কামৰূপ জিলাৰ পশ্চিম দিশত অৱস্থিত আছিল ।

১০। চন্দ্ৰবংশীয় এজন ৰজাৰ নাম উল্লেখ কৰা ।
উত্তৰঃ চন্দ্ৰবংশীয় এজন ৰজাৰ নাম হল বল্লভদেৱ ।

১১। ত্ৰৈলোক্য সিংহৰ পিতৃৰ নাম কি আছিল ।
উত্তৰঃ ত্ৰৈলোক্য সিংহৰ পিতৃৰ নাম আছিল ভাস্কৰ ।

১২। তবকাত-ই-নচিৰী গ্ৰন্থৰ লিখক কোন ।
উত্তৰঃ তবকাত- ই-নচিৰী গ্ৰন্থৰ লিখক হল মিনহাজউদ্দিন চিৰাজ ।

১৩। তুৰ্কীসকলৰ পৰাস্ত কৰা কামৰূপৰ ৰজাজনৰ নাম কি আছিল .
উত্তৰঃ তুৰ্কীসকলক পৰাস্ত কৰা কামৰূপৰ ৰজাজনৰ নাম হল বাৰ্ত্ত ।

১৪। সমুদ্ৰপালৰ এখন শিলালিপিৰ নাম লিখা ।
উত্তৰঃ সমুদ্ৰপালৰ এখন শিলালিপিৰ নাম হল আমবাৰী শিলালিপি ।

১৫। তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ।
উত্তৰঃ ১১৯২ খ্ৰীঃত ঘোৰ সাম্ৰাজ্যৰ শাসক মহম্মদ ঘোৰী আৰু চৌহান বংশৰ ৰজা পৃথ্বীৰাজ চৌহানৰ মাজত ।

১৬। কিমান খ্ৰীঃত মহম্মদ ঘোৰীৰ মৃত্যু হৈছিল ।
উত্তৰঃ ১১৯৬ খ্ৰীঃত মহম্মদ ঘোৰীৰ মৃত্যু হৈছিল ।

১৭ । কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল ।
উত্তৰঃ কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হল দাস বংশ ।

১৮। মহম্মদ বিন বখতিয়াৰে বংগ  জয় কৰা কৰা সময়ত বংগৰ শাসনকৰ্তা কোন আছিল ।
উত্তৰঃ মহম্মদ বিন বখতিয়াৰে বংগ জয় কৰা সময়ত বংগৰ শাসনকৰ্তা হল পালবংশীয় ৰজা লক্ষণসেন ।

১৯। বখতিয়াৰ শাসন প্ৰতিষ্ঠা কৰাৰ পাছত মূল লক্ষ্য কি আছিল ।
উত্তৰঃ বখতিয়াৰ শাসন প্পতিষ্ঠা কৰাৰ পাছত মূল লক্ষ্য হল 
ক) উৰিষ্যাৰ জজনগৰ অধিকাৰ কৰা ।
খ) কামৰূপ ৰাজ্য অধিকাৰ কৰা ।

২০।গিয়াছুদ্দিন বখতিয়াৰে কেতিয়া কামৰূপ ৰাজ্য আক্ৰমণ কৰে ।
উত্তৰঃ ১২২৯ খ্ৰীঃত গিয়াছুদ্দিন বখতিয়াৰে কামৰূপ ৰাজ্য আক্ৰমণ কৰে ।  



Author  Ali Rani Kakati