বড়োসকল


১। বড়োভাষা কি ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত।

উত্তৰঃ বড়োভাষা তিব্বত বৰ্মীয় ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত।


২। বড়োভাষা কেতিয়া প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল?

উত্তৰঃ বড়োভাষা ১৯৬৩ চনত প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল।


৩। বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থখন নাম লিখা?

উত্তৰঃ বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থ নাম হৈছে- ফৈমাল মিজিংক আৰু জুজাইনি অৰ।


৪। বড়োভাষাৰ প্ৰথম গ্ৰন্থখন কি?

উত্তৰঃ বড়োভাষাৰ প্ৰথম গ্ৰন্থখন হৈছে বড়ো ফিছা ও আইন।


৫। বড়োসকল পৰম্পৰাগত সাজ পাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম উল্লেখ কৰা?

উত্তৰঃ বড়োসকলৰ পৰম্পৰাগত সাজপাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম হল দাওথু আগান, ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই মৌখ্ৰেব, থাইগিৰ বিবাৰ, হাজোৰআগব ইত্যাদি।


৬। চমুটোকা লিখাঃ 

ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীঃ কামিনী কুমাৰ নাৰ্জাৰী এগৰাকী নৃত্যবিদ আৰু জনজাতীয় শিল্পী। 

১৯২৬ চনত গোসাইগাওঁ মহকুমাৰ অন্তগৰ্ত বিন্যাখাট বা বামুণকুৰা গাঁৱত তেওঁ জন্মলাভ কৰিছিল। 

১৯৫৫ চনত দিল্লীত অনুষ্ঠিত অল ইণ্ডিয়া ৰেডিঅ মুকলি প্ৰদৰ্শনীত বিবাহ গীত পৰিৱেশন কৰা নাৰ্জাৰীয়ে তাৰ পাছৰ পৰাই বড়ো সংস্কৃতিৰ প্ৰসাৰৰ হকে কাম কৰে। ১৯৫৭ চনৰ ২৬ জানুৱাৰী তাৰিখে দিল্লীত অনুষ্ঠিত হোৱা গণতন্ত্ৰ দিৱসত নাৰ্জাৰীৰ নেতৃত্বত এটা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। ২৭ জানুৱাৰীত অনুষ্ঠিত হোৱা বড়ো কৃষ্টি দলে বাগুৰুমবা নৃত্য  পৰিৱেশন কৰি ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰে। তেওঁ ১৯৮২ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ প্ৰচেষ্টাতেই বড়ো সংস্কৃতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এই মহান শিল্পীজনাই ১৯৯৮ চনৰ ১৬ মে তাৰিখে ইহলীলা সম্বৰণ কৰে। 


খ) শোভা ব্ৰহ্মঃ  ° শোভা ব্ৰক্ষ্ম ভাৰতৰ এজন প্ৰখ্যাত ভাস্কৰ্যবিদ আৰু অসমৰ কলা পথ-প্ৰদৰ্শক। এই মহান শিল্পীগৰাকী ১৯২৯ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰ্তমান কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ভূমকা নামৰ এখন পিছ পৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্ৰক্ষ্ম আৰু মাতৃৰ নাম আছিল দেৱশ্ৰী ব্ৰক্ষ্ম। ড° ব্ৰক্ষ্মই নিজ গাঁৱৰ প্ৰথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ সৃষ্টিশীল জীৱনৰ দুটা লক্ষ্য আছিল। প্ৰথমটো হৈছে অসমতচাৰুকলা বিদ্যালয় প্ৰতিষ্ঠা কৰা, দ্বিতীয়টো হৈছে উত্তৰ পূৰ্ব্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-কলা, জন জীৱন অধ্যয়ন কৰি এক সুকীয়া শিল্পধাৰাৰ সৃষ্টি কৰা। ১৯৬৪ চনৰ ৩১ জানুৱাৰী তাৰিখে বৰ্তমানৰ চৰকাৰী চাৰুকলা মহাবিদ্যালয়ত অধ্যক্ষৰূপে তেওঁ নিযুক্তি লাভ কৰে। এইজনা মহান ব্যক্তিয়ে ২০১২ চনৰ মাৰ্চ মাহৰ ৫ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে।


গ) বীনেশ্বৰ ব্ৰহ্মঃ বিনেশ্বৰ ব্ৰক্ষ্মদেৱে ১৯৪৯ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে বৰ্তমান কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে তাৰামণি ব্ৰক্ষ্ম আৰু সোনটি ব্ৰক্ষ্ম।

        ব্ৰক্ষ্মদেৱৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় নিজ গাঁৱৰ ৩৬৫ নম্বৰ প্ৰাথমিক বিদ্যালয়ত ১৯৫৪ চনত। তেওঁ ১৯৬৭ চনত পি.ইউ.এচছি. পৰীক্ষাত অংকত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উৰ্ত্তীণ হয়। তেওঁ ১৯৭৩ চনৰ ফেৱ্ৰুৱাৰী মাহত প্ৰথমবাৰৰ বাবে 'হিন্দুস্তান সাৰ নিগম' আৰু 'কৃষি সম্প্ৰসাৰণ বিভাগত' চাকৰি জীৱন  আৰম্ভ কৰে। বিনেশ্বৰ ব্ৰক্ষ্মই ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হয়। দুটা কাৰ্যকালৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। ২০০০ চনৰ ১৯ তাৰিখে গুৱাহাটীৰ ভেটাপাৰাস্থিত নিজ বাসভৱনত অচিন আততায়ীৰ হাতত গুলিবিদ্ধ হৈ তেওঁ অকাল মৃত্যুক আঁকোৱালি লয়।