অধ্যায়ঃ ৭ 

গাভৰু আৰু ডেকা


1

গাভৰুঃ কালি মই চিৰিয়াখানা চাবলৈ গৈছিলোঁ। বেছ ভাল লাগিল।

ডেকাঃ কালি গৈছিলা, ময়োচোন তাতেই আছিলো, মোক নেদেখিলা?

গাভৰুঃ তুমি কোনটো গৰাঁলত আছিলা, মোৰ মন দিয়া নহ'ল।


2.

গাভৰুঃ যদি তুমি মোক কিবা কাৰণত নোপোৱা, আত্মহত্যা কৰিবা নেকি?

ডেকাঃ নিশ্চয় কৰিম। আজিলৈকৈ মই বহুবাৰ কৰিলোঁ।

3.

ডেকাঃ (গাভৰুক উদ্দেশি) তুমিয়ে মোৰ জোনমণি, তুমিয়ে মোৰ সোণমণি।

গাভৰুঃ আপুনিয়ে মোৰ নগেনদা, আপুনিয়ে মোৰ খগেনদা আৰু আপুনিয়ে মোৰ কেশৱদা।

4.

এগৰাকী গাভৰুক অকলশৰে লগ পাই এজন ডেকাই ক'লে-

ডেকাঃ মই আপোনাক ক'ৰবাত দেখা দেখা যেন লাগিছে।

গাভৰুঃ (ঈষৎ হাঁহি মাৰি) আপুনি মোক মোৰ অফিচত লগ পাইছে নিশ্চয়।

ডেকাঃ আপুনি ক'ত কাম কৰে?

গাভৰুঃ পগলা ফাটেকত।


সংগ্ৰাহকঃ অপূৰ্ব কাকতি (Apurba Kakati)