পাঠ ১১
পৰিসীমা আৰু কালি
অনুশীলনী 11.2


1. তলত দিয়া ব্য়াস ব্য়ৱহাৰ কৰি বৃত্তবোৰৰ পৰিধি উলিওৱাঃ
(a) 28cm        (b) 56 cm        (c) 42 cm















2. 14 মিটাৰ ব্য়াসাৰ্ধৰ বৃত্তাকৃতিৰ বাগিচা এখনত কাঁটাতাঁৰৰ বেৰ দিবলৈ কিমান দৈৰ্ঘ্য়ৰ তাঁৰৰ প্ৰয়োজন হ'ব? প্ৰতিমিটাৰ কাঁটাতাঁৰৰ দাম 55.00 টকা হ'লে বাগিচাখন বেৰোতে কিমান খৰচ পৰিব?



















3. কাষৰ চিত্ৰত দিয়া জোখমতে অৰ্ধাবৃত্তাকৃতি ক্ষেত্ৰখনৰ পৰিসীমা নিৰ্ণয় কৰা।

















4. গাড়ীৰ চকা এটাৰ ব্য়াস 70 চে মি। গাড়ীখনে 33 কি মি অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব?

























5. এটা বৃত্তৰ ব্যাসাৰ্ধ 84 চে মি আৰু আন এটা বৃত্তৰ ব্য়াসাৰ্ধ 91 চে মি। দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি নিৰ্ণয় কৰা।











6. এটা বৰ্গৰ বাহুৰ দীঘ 3 মিটাৰ আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ 7 মিটাৰ। বৰ্গৰ পৰিসীমা আৰু বৃত্তটোৰ পৰিধিৰ পাৰ্থক্য় কিমান মিটাৰ হ'ব?
















7. ৰুণিমাই 44 চে মি দৈৰ্ঘ্য়ৰ তাঁৰ এডাল  লৈছিল আৰু ইয়াক বৃত্ত আকৃতিত ভাঁজ দিছিল। বৃত্তটোৰ ব্য়াস কিমান চে মি হ'ব? একেডাল তাঁৰেৰে যদি এটা বৰ্গৰ আকৃতিত ভাঁজ দিয়া হয় তেন্তে বৰ্গটোৰ প্ৰত্য়েক বাহুৰ দৈৰ্ঘ্য় কিমান হ'ব?

















8. এখন গাড়ীৰ চকাৰ ব্যাস 98 চে মি। চকাটো 300 পাক ঘূৰিলে কিমান বাট অতিক্ৰম কৰিব পাৰিব নিৰ্ণয় কৰা।



















9. বৃত্তাকৃতি বাগিচা এখনৰ চাৰিওপিনে জেওৰা দিওঁতে মুঠতে 2640 টকা খৰচ হ'ল। প্ৰতি মিটাৰ জেওঁৰাৰ খৰচ 28 টকা হ'লে বাগিচাখনৰ পৰিধি কিমান মিটাৰ হ'ব?











10. 10 চে মি ব্যাসাৰ্ধৰ কাগজ এটুকুৰাৰ পৰা 4 চে মি ব্য়াসাৰ্ধৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হ'ল। কাটি পেলোৱা টুকুৰাটোৰ পৰিধি প্ৰথম কাগজ টুকুৰাতকৈ কিমান সৰু?













Post ID : DABP004976