সংবিধানৰ দৰ্শন | (Philosophy of the Constitution) | Chapter 10 | Class 11 Political Science Question and Answer | 1st Year Political Science Question and Answer Assamese Medium | Class 11 Political Science Solution |


সংবিধানৰ দৰ্শন

(Philosophy of the Constitution)

Chapter 10

প্ৰশ্নাৱলী


ৰচনাধৰ্মী প্ৰশ্নঃ


১। ভাৰতীয় সংবিধানৰ দৰ্শনক প্ৰভাৱান্বিত কৰা কাৰকসমূহৰ সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ ভাৰতীয় সংবিধানৰ দৰ্শনক প্ৰভাৱান্বিত কৰা কাৰকসমূহ হৈছে-

(১) ঔপনিৱেশিক শাসন বিৰোধী সংগ্ৰামৰ প্ৰমূল্যঃ ঔপনিৱেশিক শাসনে ইংৰাজ আৰু ভাৰতীয়সকলক সমতাৰ চকুৰে চোৱা নাছিল। ধৰ্মৰ ভিত্তিত ভাৰতীয় জনসাধাৰণৰ মাজত বিভাজন সৃষ্টিৰ প্ৰচেষ্টা চলাইছিল। গৰিষ্ঠসংখ্যক দেশীয় জনসাধাৰণক শোষণ কৰিছিল। স্বাধীনতা আন্দোলনে তাৰ বিৰোধিতা কৰিছিল আৰু বৈষম্যৰ বিপৰীতে সমতা, ধৰ্ম বা জাতৰ ভিত্তিত বিভাজনৰ বিপৰীতে সহ অৱস্থান আৰু দেশীয় জনসাধাৰণক শোষণ কৰাৰ বিপৰীতে তেওঁলোকৰ প্ৰতি ন্যায় আচৰণৰ প্ৰতিশ্ৰুতি দিছিল। সমতা, ধৰ্মীয় সহঅৱস্থান আৰু সামাজিক ন্যায় - এই প্ৰমূল্যসমূহে ভাৰতীয় সংবিধানত স্থান লাভ কৰিছে আৰু ভাৰতীয় ৰাজনীতি পৰিচালনাৰ বেলিকা এই প্ৰমূল্যসমূহে পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰিব বুলি প্ৰতিশ্ৰুতি দিছে।

(২) সুসংহত সমাজ নিৰ্মাণৰ স্বপ্নঃ ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যৰে পৰিপূৰ্ণ সমাজ। ভিন্ন ভাষা, ধৰ্ম, নৃগোষ্ঠী, সংস্কৃতি আৰু অঞ্চলেৰে পৰিপূৰ্ণ এনে সমাজ এখন একক ৰাজনৈতিক ব্যৱস্থাৰ মাজত ধৰি ৰখাটো অত্যন্ত প্ৰত্যাহ্বানমূলক কথা। উদাহৰণস্বৰূপে অসম আৰু কেৰেলাৰ কথা তুলনা কৰিলেই আমি এই বৈচিত্ৰ্যৰ উমান পাম। এই দুই প্ৰদেশৰ জনসাধাৰণৰ সংস্কৃতি, খাদ্যাভাস, সাজ-পোছাক- এই সকলো কথাতেই কোনো মিল নাই। ঠিক সেইদৰে উত্তৰ-পূব ভাৰতৰ ভৈয়াম অঞ্চলত বসবাস কৰা লোকসকলৰ লগত পাহাৰ অঞ্চলত বসবাস কৰা জনজাতীয় লোকৰ পাৰ্থক্য আছে। অথচ এই সকলোকে লৈ ভাৰতীয় ৰাজনীতি পৰিচালিত হ'ব লাগিব। এনে প্ৰভেদৰ মাজত সংহত সমাজ গঢ়াৰ স্বপ্নও ভাৰতীয় সংবিধানৰ বুকুত প্ৰতিফলিত হৈছে। উদাহৰণস্বৰূপে ঐক্য-সংহতিৰ ওপৰত সংবিধানে যিমান গুৰুত্ব দিছে তাৰ সমানেই গুৰুত্ব দিছে স্বায়ত্ততাৰ ওপৰতো। উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকৰ সংস্কৃতি, স্বকীয় পৰিচালনা নীতি সংৰক্ষণৰ বাবে স্বায়ত্ত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে।

(৩)সংবিধান সভাৰ বিতৰ্কঃ ভাৰতীয় সংবিধান সভাৰ বিতৰ্কই স্বাধীনতা সংগ্ৰামৰ প্ৰমূল্যৰ উপৰিও বিশ্বৰ বিভিন্ন দেশৰ সংবিধানৰ ৰাজনৈতিক প্ৰমূল্যসমূহৰ ওপৰতো বিতৰ্ক কৰিছিল। ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ প্ৰতিনিধি একে মঞ্চত সমবেত হৈ ভাৰতবৰ্ষৰ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ সমাজৰ স্পন্দন অনুধাৱন কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিছিল। পৰিৱৰ্তিত বিশ্ব ৰাজনীতিৰ ঘটনা-পৰিঘটনাৰো প্ৰতিফলন ঘটিছিল সংবিধান সভাৰ বিতৰ্কত। প্ৰতিষ্ঠিত আৰু নতুনকৈ গঢ়ি উঠা ৰাজনৈতিক তত্ত্ব আৰু আদৰ্শয়ো এনে বিতৰ্কক প্ৰভাৱিত কৰিছিল। এই সকলো মিলি স্বাধীনতা সংগ্ৰামৰ প্ৰমূল্যক সংহত আৰু পৰিশীলিত ৰূপ দিছিল। আদৰ্শ আৰু বাস্তৱতাৰ মাজত কেনেকৈ ভাৰসাম্য ৰক্ষা কৰিব পাৰি তাৰ অনুশীলন চলিছিল। 

    এইবোৰৰ মাজেৰে সদ্য স্বাধীনতাপ্ৰাপ্ত ভাৰতীয় সমাজখননো কেনেদৰে পৰিচালিত হ'ব তাৰ আধাৰ নিৰ্মাণ হৈ উঠিছিল। এনে যিবোৰ প্ৰমূল্যই ভৱিষ্যৎ সমাজ পৰিচালনাৰ আধাৰ নিৰ্মাণ কৰি তুলিলে সেই প্ৰমূল্যসমূহকেই ভাৰতীয় সংবিধানৰ দৰ্শন বুলি ক'ব পাৰি।

২। সংবিধানৰ দৰ্শন কি ? এই দৰ্শনৰ তাৎপৰ্য ব্যাখ্যা কৰা । 

উত্তৰঃ সাংবিধানিক দৰ্শন হ'ল এনে কিছুমান বিশ্বাস বা প্ৰমূল্য যিবিলাকে কোনো ব্যক্তি বা সমাজ জীৱনৰ পৰিচালনাৰ পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰে। এনে দৰ্শন নিৰ্মিত হয় ব্যক্তি বা সমাজে সামাগ্ৰিকভাৱে মানৱ সমাজ আৰু বিশ্ব সম্পৰ্কে পোষণ কৰা ধাৰণাৰ জৰিয়তে। কোনো ব্যক্তিয়ে যদি ভাবে যে পৃথিৱীৰ সকলো মানুহ দৰাচলতে শান্তিপ্ৰিয় আৰু সকলোৱে শান্তি বৰ্তাই ৰাখিলেহে সকলোৰে পাৰস্পৰিক উপকাৰ হ'ব তেন্তে তেনে ব্যক্তিৰ বাবে শান্তি আৰু অহিংসা জীৱনৰ মূল দৰ্শন হ'ব। এনে ব্যক্তিৰ আচৰণ হিংসাত্মক কাৰ্য-কলাপৰ দ্বাৰা প্ৰভাৱিত নহ'ব।

    কোনো ব্যক্তিৰ ক্ষেত্ৰত হোৱা দৰ্শনৰ এই ধাৰণা সংবিধানৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। আমি সকলোৱে জানো যে সংবিধান কোনো এখন দেশৰ মৌলিক আইন। এই মৌলিক আইনৰ দ্বাৰাই দেশখনৰ গোটেই ৰাজনৈতিক ব্যৱস্থাটো পৰিচালিত হয়। সেয়েহে দেশৰ ৰাজনীতিৰ চৰিত্ৰ কি হ'ব সেইটো নিৰ্ণীত হয় প্ৰধানতঃ সংবিধানে প্ৰৱৰ্তন কৰা নীতি-নিৰ্দেশনাৰ জৰিয়তে। কিন্তু সংবিধানৰ নীতি-নিৰ্দেশনা ওপৰৰ পৰা জাপি দিয়া ধৰণৰ নহয়। একোখন দেশৰ সংবিধা প্ৰণেতাসকলে বা সামগ্ৰিকভাৱে দেশৰ জনসাধাৰণে পোষণ কৰা দৃষ্টিভংগীৰ আধাৰতেই সংবিধানৰ নীতি-নিৰ্দেশনা গঢ়ি তোলে। অৰ্থাৎ সংবিধানে প্ৰৱৰ্তন কৰা নীতি-নিৰ্দেশনাৰ অন্তৰালত কিছুমান বিশেষ প্ৰমূল্যৰ ব্যাপক প্ৰভাৱ আছে। এই অৰ্থত সংবিধানৰ চালিকা শক্তি হিচাপে কাম কৰা প্ৰমূল্যসমূহকে সংবিধানৰ দৰ্শন বুলিব পাৰি।

    ভাৰতীয় সংবিধানৰ দৰ্শন সম্পৰ্কে যদিওবা যথেষ্ট সমালোচনা আছে তথাপিও এই দৃঢ়তাৰে ক'ব পাৰি যে ভাৰতীয় সংবিধানৰ দৰ্শনে আজিও দেশৰ নিপীড়িত আৰু বঞ্চিত লোকসকলক অনুপ্ৰাণিত কৰি আহিছে। সামাজিক ন্যায়ৰ প্ৰমূল্য বা স্বাধীনতা আৰু সমতাৰ প্ৰমূল্যক অৱলম্বন হিচাপে লৈয়েই দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ ৰাজনৈতিকভাৱে সংগঠিত হ'ব ধৰিছে আৰু দেশৰ মূলসূঁতিৰ ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। সংবিধানৰ দৰ্শনক ভিত্তি হিচাপে লৈয়েই ভাৰতীয় জনসাধাৰণে খাদ্যৰ অধিকাৰ, স্বাস্থ্যৰ অধিকাৰ, খোৱাপানী অধিকাৰ, সম্পদৰ ওপৰত জনসাধাৰণৰ নিয়ন্ত্ৰণৰ অধিকাৰ অথবা তথ্য জনাৰ অধিকাৰ- আদি প্ৰশ্নবোৰ সজোৰে উত্থাপন কৰিছে। 

৩। সাংবিধানিক দৰ্শনৰ অর্থ কি ? কিয় সাংবিধানিক দর্শন অধ্যয়ন কৰা প্ৰয়োজন ? 

উত্তৰঃ সাংবিধানিক দৰ্শনৰ অৰ্থ হৈছে- বহুলােকে বিশ্বাস কৰে যে সংবিধানখন আইনৰ এক সংমিশ্রণ , আৰু আইনসমূহ হৈছে , মূল্যবােধ তথা নৈতিকতাতকৈ পৃথক । সেয়েহে আমি সংবিধানৰ তত্বসমূহক বিধিগত বা আইনগত দৃষ্টিৰেহে বিশ্লেষণ কৰিম , ৰাজনৈতিক দার্শনিক তত্বৰে নহয় ।

৪। গণতান্ত্রিক উত্তৰণৰ আধাৰ হিচাপে ভাৰতীয় সংবিধানখন ব্যাখ্যা কৰা । 

উত্তৰঃ সংবিধানৰ প্ৰধান কামেই হ'ল স্বেচ্ছাচাৰিতাৰ অৱসান ঘটোৱা। অৰ্থাৎ সংবিধানে দিয়া নীতি-নিৰ্দেশনা আৰু প্ৰমূল্যই সমাজৰ শাসকশ্ৰেণী তথা ৰাষ্ট্ৰ ব্যৱস্থাক পথ প্ৰদৰ্শন কৰে। তেওঁলোকে স্ব-ইচ্ছাৰে শাসন পৰিচালনা কৰিব নোৱাৰে।

    আমি মনত ৰখা উচিত হ'ব যে বৰ্তমান সময়ৰ ৰাষ্ট্ৰ ব্যৱস্থা অতি শক্তিশালী। সামৰিক বাহিনী, পাৰমাণৱিক ক্ষমতা, বৃহৎ আমোলাতন্ত্ৰ - এই সকলো অধিকাৰী হ'ল ৰাষ্ট্ৰ। আইন-শৃংখলা নিয়ন্ত্ৰণ ৰাষ্ট্ৰ হাতত। গতিকে ৰাষ্ট্ৰ ক্ষমতাৰ অধিকাৰী হৈ দেশৰ শাসকসকলে জনসাধাৰণৰ ওপৰত যাতে স্বেচ্ছাচাৰিতা চলাব নোৱাৰে সেইটো নিশ্চিত কৰে সংবিধানে। এটা উদাহৰণ দাঙি ধৰিলে কথাটো বুজাত সহায় হ'ব। ভাৰতীয় সংবিধানত স্পষ্টকৈ কোৱা হৈছে যে প্ৰত্যেক চৰকাৰে পাচঁ বছৰৰ মূৰত নিৰ্বাচনৰ জৰিয়তে দেশ শাসনৰ বাবে জনসাধাৰণৰ অনুমতি ল'ব লাগিব। এইটো কৰিবৰ বাবে চৰকাৰ বাধ্য। অন্যথা সংবিধান অৱমাননা কৰাৰ অপৰাধত চৰকাৰ অপৰাধী হ'ব। কোনো এখন চৰকাৰে জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি পিঠি দি স্বেচ্ছাচাৰী শাসন চলালে অথবা দুৰ্নীতিৰ দ্বাৰা আক্ৰান্ত হ'লে তেনে চৰকাৰক জনসাধাৰণে পৰৱৰ্তী কাৰ্যকালৰ বাবে নিৰ্বাচিত নকৰিবও পাৰে। অৰ্থাৎ সংবিধানত সন্নিৱিষ্ট নিৰ্বাচনী বিধিয়ে গণতন্ত্ৰ ৰক্ষাত অৰিহণা যোগাইছে।

    বহু সময়ত কিছুমান চৰকাৰে নিৰ্দিষ্ট ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে আক্ৰমণাত্মক নীতি প্ৰয়োগ কৰা দেখা যায়। এনে পৰিস্থিতিতো সংবিধানে ন্যায়ালয়ক দিয়া ক্ষমতাৰ জৰিয়তে চৰকাৰৰ এনে আক্ৰোশমূলক নীতি প্ৰতিহত কৰিব পাৰি। 

    সংবিধানে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ উপায়েৰে সমাজ উত্তৰণৰো ব্যৱস্থা কৰিছে। তোমালোকে সকলোৱে জানা যে ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ সন্নিৱিষ্ট হৈছে। এই নীতিৰ জৰিয়তে ভাৰতীয় সংবিধানে ভাৰতবৰ্ষত এখন কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰিছে। সংবিধানৰ এই নীতি-নিৰ্দেশনাৰ আধাৰতেই চৰকাৰে দুৰ্গত লোকসকলৰ কল্যাণৰ বাবে বহুবোৰ নীতি তথা কাৰ্যসূচী প্ৰণয়ন কৰি আহিছে। এনে নীতিৰ মূল কথা হ'ল সমাজত থকা বৈষম্য দূৰ কৰা। এনে প্ৰচেষ্টাই সমাজৰ শান্তিপূৰ্ণ উত্তৰণত অৰিহণা যোগাব পাৰে। আমি মনত ৰখা উচিত হ'ব যে সংবিধানে আমাক আত্মশাসনৰো সুবিধা প্ৰদান কৰিছে।

    আধুনিক ভাৰত নিৰ্মাতা জৱাহৰালল নেহেৰুৰ বাবে এই দুয়োটা কথাই আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। নেহেৰুৱে স্পষ্টকৈ কৈছিল যে ভাৰতীয় জনসাধাৰণে নিজা সংবিধান সভাৰ জৰিয়তে স্ব-সংবিধান প্ৰণয়নৰ যি দাবী তুলিছিল তাৰ মাজেৰে ভাৰতীয় জনসাধাৰণৰ আত্মশাসনৰ সমূহীয়া আকাংশা প্ৰতিফলিত হৈছিল।

৫। ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দর্শন বহলাই আলোচনা কৰা। 

উত্তৰঃ ভাৰতীয় সংবিধানত বহুবোৰ প্ৰমূল্যৰ সংমিশ্ৰণ ঘটিছে। ই এক দিক্দৰ্শী নহয়। অৰ্থাৎ এটা বিশেষ প্ৰমূল্যই ভাৰতীয় সংবিধানত বিশেষ প্ৰাধান্য পোৱা নাই। ভাৰতীয় সমাজৰ বৈচিত্ৰ্য ৰূপ, স্বাধীনতা আন্দোলনৰ মাজেৰে গঢ়ি উঠা সমূহীয়া চেতনা আৰু ভাৰতীয় সভ্যতাৰ যুগমীয়া পৰম্পৰা তথা পশ্চিমীয়া সভ্যতাৰ পৰা আধুনিক ভাৰতে আহৰণ কৰা শিক্ষা - এই সকলোৰে সংমিশ্ৰণত গঢ়ি উঠিছে ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দৰ্শন। পশ্চিমীয়া সমাজত গুৰুত্ব দিয়া ব্যক্তিস্বাধীনতাই যেনেকৈ সংবিধানত স্বীকৃতি লাভ কৰিছে ঠিক সেইদৰে বৃহত্তম সমাজৰ উত্তৰণৰ চিন্তাৰে অনুপ্ৰাণিত সামাজিক ন্যায়াৰ চিন্তাকো ভাৰতীয় সংবিধানে স্বীকৃতি দিছে। পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মৰ মিলনথলী ভাৰতবৰ্ষত সংবিধানে ধৰ্মীয় স্বাধীনতাক সন্মান জনাইছে। কিন্তু একে সময়তে ধৰ্মীয় চেতনাই ৰাষ্ট্ৰ পৰিচালনাত যাতে প্ৰাধান্য নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মনিৰপেক্ষতাৰ নীতি সন্নিৱিষ্ট কৰিছে। দেশৰ ঐক্য- সংহতিক গুৰুত্ব দিয়াৰ লগতে বিভিন্ন নৃগোষ্ঠীৰ মাজত শাসনৰ নীতিও ভাৰতীয় সংবিধানত স্বীকৃত হৈছে।

    ভাৰতীয় সংবিধানে স্বীকৃত দিয়া প্ৰমূল্যসমূহৰ ভিতৰত অন্যতম হ'লঃ

(১) ব্যক্তিস্বাধীনতা, (২) সামাজিক ন্যায়, (৩) সাৰ্বজনীন নাগৰিকত্ব আৰু সাৰ্বজনীন ভোটাধিকাৰ, (৪) বৈষম্যহীন সমাজ, (৫) আইনৰ শাসন, (৬) বৈচিত্ৰ্য আৰু সংখ্যালঘুৰ অধিকাৰৰ প্ৰতি সন্মান, (৭) ধৰ্মনিৰপেক্ষতাবাদ, (৮) যুক্তৰাষ্ট্ৰীয়বাদ, (৯) জাতীয় পৰিচয় আৰু (১০) জনগোষ্ঠীৰ স্বায়ত্ততাৰ স্বীকৃতি।

(১) ব্যক্তিস্বাধীনতাঃ ব্যক্তিস্বাধীনতাক পশ্চিমীয়া উদাৰতাবাদৰ দান বুলি ভবা হয়। কিন্তু ভাৰতীয় সংবিধানে ব্যক্তিস্বাধীনতাৰ প্ৰমূল্যক সম্পূৰ্ণৰূপে পশ্চিমীয়া উদাৰতাবাদৰ পৰা নকল কৰা নাই। তাৰ পৰিৱৰ্তে ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ব্যক্তিস্বাধীনতাৰ উৎস তিনিটা আশংকাৰ মাজত সোমাই আছেঃ  (ক) ঔপনিৱেশিক শাসন চলোৱা স্বেচ্ছাচাৰিতা, (খ) পৰম্পৰাগত ভাৰতীয় সমাজ - সংস্কৃতিৰ ব্যক্তিস্বাধীনতা বিৰোধী পাশৱিক ৰূপ, (গ) নতুনকৈ গঢ়ি উঠা স্বাধীন ৰাষ্ট্ৰৰ সম্ভাব্য স্বেচ্ছাচাৰী ৰূপ সম্পৰ্কত লোৱা সতৰ্কতা।

(২) সামাজিক ন্যায়ঃ ভাৰতীয় সংবিধানে ব্যক্তিস্বাধীনতা আৰু সামাজিক ন্যায়ৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাইছিল। ভাৰতীয় সমাজত আৰ্থ-সামাজিক অথবা সাংস্কৃতিক ক্ষেত্ৰত বহুবোৰ বৈষম্য আছে। সংবিধানে সকলো লোককে স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিলেও উল্লেখিত বৈষম্যসমূহৰ কাৰণে সকলোৱে সমভাবে স্বাধীনতা ভোগ কৰিব নোৱাৰে। সম স্বাধীনতা ভোগ কৰিবৰ বাবে উল্লেখিত বৈষম্যসমূহ অতিক্ৰম কৰিব পৰাকৈ কিছুমান বিশেষ লোক, গোট বা অঞ্চলৰ বাবে বিশেষ কাৰ্যসূচী চৰকাৰৰ উদ্যোগত প্ৰণয়ন কৰিব লাগিব।

(৩) আইনৰ শাসনঃ  ভাৰতীয় সংবিধানে গণতান্ত্ৰিক আৰু জন-প্ৰতিনিধিত্বমূলক শাসনব্যৱস্থা প্ৰতিষ্ঠা কৰিছে। গণতান্ত্ৰিক শাসনৰ মূল কথাই হ'ল আইনৰ শাসন- অৰ্থাৎ চৰকাৰ অথবা ব্যক্তি কোনোৱেই আইনৰ ঊৰ্ধত হয়। সংবিধান হ'ল দেশৰ মৌলিক আইন। এই মৌলিক আইনৰ আধাৰত ভাৰতীয় বিধানমণ্ডলসমূহে অৰ্থাৎ সংসদ অথবা বিধানসভাই অন্য বহুবোৰ আইন প্ৰণয়ন কৰিছে।

(৪) সাৰ্বজনীন নাগৰিকত্ব আৰু সাৰ্বজনীন ভোটাধিকাৰঃ পশ্চিমীয়া গণতান্ত্ৰিক দেশসমূহে দেশৰ সকলো জনসাধাৰণক সাৰ্বজনীন নাগৰিকত্বৰ আৰু সাৰ্বজনীন ভোটাধিকাৰ প্ৰদানৰ বাবে কেইবা শতিকাও অপেক্ষা কৰিবলগীয়া হৈছিল। উদাহৰণস্বৰূপে গণতন্ত্ৰৰ মাতৃভূমি বুলি আখ্যা দিয়া বৃটেইনতো ১৯২৮ চনতহে মহিলাসকলে ভোটাধিকাৰ লাভ কৰিছিল।

(৫) বৈষম্যহীন সমাজঃ ভাৰতীয় সংবিধানৰ দৰ্শন ৰাজনীতি অথবা চৰকাৰ পৰিচালনাতে সীমাবদ্ধ হৈ ৰোৱা নাই। ভাৰতীয় সংবিধানে এখন বৈষম্যহীন আৰু সু-সংহত সমাজ নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিছে। বৈষম্যহীন সমাজ নিৰ্মাণৰো বাবে ভাৰতীয় সংবিধানে চৰকাৰক সাধাৰণতে ৰাষ্ট্ৰৰ ক্ষমতাৰ বাহিৰত অৱস্থান কৰা ক্ষেত্ৰসমূহতো হস্তক্ষেপ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। 

৬। সামাজিক ন্যায় কি ? সামাজিক ন্যায় আৰু সমতাৰ অধিকাৰৰ মাজত প্ৰভেদ আছে নেকি ? 

উত্তৰঃ সমাজত সকলো লোকে মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ বাবে নুন্যতম সুবিধাখিনি লাভ কৰিব পৰা অৱস্থাকে সামাজিক ন্যায় বুলি কোৱা হয়।

    সামাজিক ন্যায় প্ৰতিষ্ঠাৰ অংশ হিচাপে ভাৰত চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, মহিলা অথবা সংখ্যালঘুসকলৰ বাবে বিশেষ পৃষ্ঠপোষকতা আগবঢ়াই আহিছে। চৰকাৰৰ এনে নীতিয়ে সমতাৰ নীতিক অৱমাননা কৰিছে নেকি?

    এই প্ৰশ্নটোক কেন্দ্ৰ কৰি ভাৰতীয় ৰাজনীতি সময়ে -সময়ে উত্তাল হৈ আহিছে। উদাহৰণস্বৰূপে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে কৰ্মসংস্থাপন তথা পদোন্নতিৰ বেলিকা প্ৰৱৰ্তন কৰা সংৰক্ষণ নীতিৰ কথা উল্লেখ কৰিব পাৰি। এই নীতিৰ সমালোচকসকলে আঙুলিয়াই দিছে যে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ নামত প্ৰৱৰ্তন হোৱা এনে নীতিৰ পৰিপ্ৰেক্ষিতত এনে জাতি-জনজাতিৰ অন্তৰ্ভুক্ত নোহোৱা সাধাৰণ জাতিৰ যোগ্য আৰু মেধাসম্পন্ন লোকো প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে।

    এনে অভিযোগ যুক্তিহীন বুলি একে আষাৰতে নাকচ কৰিব নোৱাৰি। কিন্তু আমি এই কথাও মনত ৰখা উচিত হ'ব যে ভাৰতীয় সমাজ আৰু সাংস্কৃতিক ব্যৱস্থাটোৰ বুকুত অনুসূচিত জাতি-জনজাতিৰ লোকসকল শতিকাজুৰি বঞ্চিত আৰু বহু সময়ত নিপীড়িত হৈ আহিছে। আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বৈষম্যই তেওঁলোকৰ বাবে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰিবৰ বাবে এই গোষ্ঠী বা গোটসমূহৰ বাবে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ লক্ষ্য আগত ৰাখি সংৰক্ষণৰ দৰে নীতি গ্ৰহণ কৰা হৈছে। এনে নীতিৰ লক্ষ্য সমাজত সমতা প্ৰতিষ্ঠাহে, বৈষম্য সৃষ্টি নহয়। 

৭। ধৰ্মনিৰপেক্ষতাবাদ কি ? ধর্ম সম্পর্কে গান্ধীজীৰ ধাৰণা চমুকৈ লিখা । 

উত্তৰঃ ব্যক্তি, সমাজ, ৰাষ্ট্ৰ, আইন, শিক্ষা ব্যৱস্থা, কলা-কৃষ্টি-সংস্কৃতি, আদি ধৰ্মৰ সৈতে মুঠেই সম্পৰ্ক নথকা বা বিশেষ সম্পৰ্ক নথকা বিশ্বাস বা আদৰ্শক ধৰ্মনিৰপেক্ষতাবাদ বোলে।

    মহাত্মা গান্ধী নিজেই অত্যন্ত ধৰ্মপৰায়ণ লোক আছিল। তেওঁ এই কথাও বুজি উঠিছিল যে ভাৰতীয় সমাজত ধৰ্মৰ প্ৰভাৱ অত্যন্ত বেছি। সেয়েহে সামাজিক অথবা ৰাজনৈতিক জীৱনত ধৰ্মক সম্পূৰ্ণৰূপে আঁতৰাই ৰখাৰ নীতিৰ তেওঁ পোষকতা কৰা নাছিল। তাৰ পৰিৱৰ্তে গান্ধীয়ে ''সৰ্ব ধৰ্ম সমভাব'' - এই নীতিহে মানি চলিছিল। এই নীতিৰ অৰ্থ হ'ল সকলো ধৰ্মৰ প্ৰতি সমভাব আৰু সম আচৰণ পোষণ কৰা। ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাবাদৰ দৰ্শন গান্ধীৰ চিন্তাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে। সেয়েহে ভাৰতীয় সংবিধানে ধৰ্ম আৰু ৰাজনীতি পাৰস্পৰিকভাৱে অস্পৃশ্য বুলি কোৱাতকৈ ৰাষ্ট্ৰই নিজা কোনো ধৰ্ম গ্ৰহণৰ পৰা বিৰত থাকি সকলো ধৰ্মৰ প্ৰতি সমআচৰণ আৰু সমব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে।  

৮। ভাৰতীয় সংবিধানৰ সমালোচনাৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ ভাৰতীয় সংবিধান তথা সাংবিধানিক দৰ্শন সম্পৰ্কে যথেষ্ট সমালোচনা হোৱা দেখা যায়। এই সমালোচনাৰ অন্যতম কাৰণ হ'ল সংবিধান বলৱৎ  কৰাৰ দ্বায়িত্বত থকা সাংসদ অথবা মন্ত্ৰী, বিধায়ক আৰু আমোলাসকলৰ গৰিষ্ঠসংখ্যকৰে সংবিধান বিৰোধী কাৰ্য-কলাপ। সমালোচকসকলে আঙুলিয়াই দিব খোজে যে ভাৰতীয় সংবিধান আৰু সাংবিধানিক দৰ্শনৰ মাজত এনে কিছুমান সুৰুঙা আছে যাৰ বাবে চৰকাৰ অথবা আমোলাসকলে হেলাৰঙে সংবিধান উলংঘা কৰিব পাৰে। এনে হোৱাৰ অন্তৰালত কেতবোৰ গুৰুত্বপূৰ্ণ কাৰণো আছে। সংবিধান সুৰক্ষাৰ মূল দায়িত্ব অৰ্পণ কৰা হৈছে ন্যায়ালয়ৰ হাতত। ন্যায়ালয়ে সংবিধানক ভিন্ন ধৰণে ব্যাখ্যা কৰাৰ ক্ষমতা লাভ কৰিছে, অৰ্থাৎ বহু সময়ত সংবিধানত অন্তৰ্ভুক্ত কোনো সূচী, অনুসূচী অথবা অনুচ্ছেদৰ অৰ্থ নিৰ্ভৰ কৰে তাক কেনেদৰে ব্যাখ্যা কৰা হৈছে তাৰ ওপৰত। এনে পৰিস্থিতিত সংবিধানৰ মূল দৰ্শনৰ অপব্যাখ্যা হোৱাৰো অভিযোগ উত্থাপিত হৈছে। সংবিধান আৰু সাংবিধানিক দৰ্শন সম্পৰ্কে থকা মূল সমালোচনাসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি।

    (১) সংবিধান আৰু সাংবিধানিক দৰ্শন জনসাধাৰণৰ বাবে সহজে বোধগম্য নহয়ঃ আমি জানো যে ভাৰতীয় সংবিধানখন এখন অত্যন্ত দীঘলীয়া সংবিধান। সংবিধানত শাসন পৰিচালনাৰ সকলো দিশ বিস্তিতভাৱে উল্লেখ আছে। সংবিধানৰ ধাৰাসমূহ আইনীয় ভাষাত উল্লেখ কৰা আছে। আইনৰ সম্যক জ্ঞান নাথাকিলে সংবিধানখন সহজে বোধগম্য নহয়। সংবিধানত সন্নিৱিষ্ট প্ৰমূল্যসমূহৰ অৰ্থও বিভিন দফা বা অনুচ্ছেদৰ মাজত সোমাই আছে। সেয়েহে ভাৰতীয় সংবিধানক বহুতেই আইনজ্ঞসকলৰ ৰম্যভূমি বুলি ক'ব খোজে।

    (২) সংবিধান সভা জন-প্ৰতিনিত্বৰ দ্বাৰা গঠিত হোৱা নাছিলঃ ভাৰতীয় সংবিধানৰ দৰ্শন সম্পৰ্কে যিসকলে সমালোচনা কৰে তেওঁলোকে এই কথাও আঙুলিয়াই দিছে যে ভাৰতীয় সংবিধান সভা সাৰ্বজনীন ভৌটাৰৰ আধাৰত নিৰ্বাচিত জন-প্ৰতিনিধিৰ দ্বাৰা গঠিত হোৱা নাছিল। সংবিধানিক সভা গঠিত হোৱাৰ সংময়ত সাৰ্বজনীন ভোটাৰৰ ব্যৱস্থা নাছিল। একে সীমিত ভোটাৰৰ দ্বাৰাহে সংবিধান সভা গঠিত হৈছিল।

    (৩) ভাৰতীয় সংবিধান আৰু সংবিধানৰ দৰ্শন আমদানিকৃত ধ্যান-ধাৰণাৰে পৰিপূণঃ বহুতেই এই কথাও ক'ব খোজে যে ভাৰতীয় সংবিধানত প্ৰতিফলিত দৰ্শন অন্য বহু দেশৰ সংবিধানৰ পৰা ধাৰ কৰি অনা হৈছে। উদাহৰস্বৰূপে ব্যক্তিস্বাধীনতাৰ ধাৰণা আহিছে পশ্চিমীয়া উদাৰতাবাদী ৰাজনৈতিক দৰ্শনৰ পৰা। অন্যহাতে সমাজবাদৰ ধাৰণা আমি গ্ৰহণ কৰিলো পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ সমাজবাদী ব্যৱস্থাৰ পৰা। ঠিক সেইদৰে ধৰ্মনিৰপেক্ষতাবাদৰ ধাৰণাও সম্পূৰ্ণৰূপে ভাৰতীয় নহয়। 

 

৯। কিয় ভাৰতীয় সংবিধানখনৰ প্ৰণয়নক অ - প্রতিনিধিত্বমূলক বুলি কোৱা হয় ? ইয়ে সংবিধানখনক অ - প্রতিনিধিত্বমূলক কৰিছে নেকি ? তোমাৰ উত্তৰ যুক্তি সহকাৰে দিয়া । 

উত্তৰঃ

১০ । ভাৰতীয় সংবিধানৰ এক সীমাৱদ্ধতা হ'ল ই লিংগ ন্যায়ৰ ক্ষেত্ৰত প্ৰয়োজনীয় গুৰুত্ব দিয়া নাই । এই অভিযোগৰ প্ৰমাণ হিচাপে কি সাক্ষী দিবা ? তোমালোকে যদি আজি এখন সংবিধান প্রণয়ন কৰা এই সীমাৱদ্ধতা ৰোধৰ কেনে ধৰণৰ পৰামৰ্শ আগবঢ়াবা ? 

উত্তৰঃ

চমু উত্তৰৰ প্ৰশ্ন ( Short Answer Questions ): 

১। “ ভাৰতৰ সংবিধানখন জনসাধাৰণৰ নিজৰ সংবিধান" – আলোচনা কৰা । 

উত্তৰঃ 

২। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা ধৰ্মনিৰপেক্ষতাৰ অৰ্থ ব্যাখ্যা কৰা ৷ 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাবাদৰ চৰিত্ৰ পশ্চিমৰ ধৰ্মনিৰপেক্ষতাবাদী নীতিতকৈ বেলেগ। কেইটামান উদাহৰণ দিলেই কথাটো বুজাত সহজ হ'বঃ

    (১) ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকক ধৰ্মৰ অধিকাৰ প্ৰদান কৰিছে আৰু এই অধিকাৰ মৌলিক অধিকাৰৰ সূচীত অন্তৰ্ভুক্ত হৈছে। এই অধিকাৰৰ জৰিয়তে কোনো ব্যক্তিয়ে নিজা পছন্দৰ ধৰ্ম গ্ৰহণ কৰাৰ উপৰিও সেই ধৰ্মৰ প্ৰচাৰ তথা প্ৰসাৰণৰ কামত নিজকে নিয়োজিত কৰিব পাৰিব। পশ্চিমৰ দেশসমূহতো নাগৰিকসকলে এই অধিকাৰ ভোগ কৰি আহিছে।

    (২) সকলো ধৰ্মীয় গোষ্ঠীয়ে নিজাকৈ শৈক্ষিক প্ৰতিষ্ঠান খোলাৰো অধিকাৰ লাভ কৰিছে। অৰ্থাৎ ধৰ্মৰ অধিকাৰ কেৱল এক ব্যক্তিগত অধিকাৰেই নহয়, ই এক সামূহিক অধিকাৰো। চৰকাৰে এনে প্ৰতিষ্ঠানৰ প্ৰতি আৰ্থিক অনুদানো আগবঢ়াব পাৰে।

    (৩) ভাৰতীয় সংবিধানে অস্পৃশ্যতা বৰ্জন কৰিছে। কোনো লোকে অস্পৃশ্যতাৰ নীতি অনুসৰণ কৰিলে বিধিগতভাৱে শাস্তিৰ সন্মুখীন হ'ব। কোনো লোকে বা সম্প্ৰদায়ে যদি ধৰ্মৰ দোহাই দিও অস্পৃশ্যতাৰ নীতি অনুসৰণ কৰে তেন্তে সেইটো সাংবিধানিকভাৱে নীতিবিৰুদ্ধ কাম হ'ব আৰু চৰকাৰে এই ক্ষেত্ৰত হস্তুক্ষেপ কৰিব পাৰিব। ইয়াৰ অৰ্থ এয়ে যে ভাৰতীয় সংবিধানে কোনো ধৰ্মকে চৰম কৰ্তৃত্ব প্ৰদান কৰা নাই। সংবিধানে তুলি ধৰা গুৰুত্বপূৰ্ণ প্ৰমূল্য, যেনে- সকলো ব্যক্তিৰে মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে- এনে প্ৰমূল্যক অৱমাননা কৰিলে চৰকাৰে ধৰ্মীয় কাৰ্যত হস্তক্ষেপ কৰিব পাৰিব। পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাবাদে ৰাষ্ট্ৰৰ এনে হস্তক্ষেপক স্বীকৃতি দিয়া নাই। 

৩। “ ভাৰত এখন সার্বভৌম ৰাষ্ট্ৰ ” - মন্তব্য দিয়া । 

উত্তৰঃ সাৰ্বভৌম মানে হৈছে সর্বোচ্চ ক্ষমতা। ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। ভাৰতৰ   সংবিধানত ভাৰতবৰ্ষক  এখন সাৰ্বভৌম ৰাষ্ট্ৰ  হিচাপে প্রতিষ্ঠা কৰিছে৷ সেয়ে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু ভাৰতবৰ্ষ কোনো আভ্যন্তৰীণ শক্তিৰ দ্বাৰাও পৰিচালিত নহয়। 

৪। সংবিধানৰ ৰাজনৈতিক দর্শনে কি বুজায় ? 

উত্তৰঃ ভাৰতীয় সংবিধানত বহুবোৰ প্ৰমূল্যৰ সংমিশ্ৰণ ঘটিছে। ই এক দিক্দৰ্শী নহয়। অৰ্থাৎ এটা বিশেষ প্ৰমূল্যই ভাৰতীয় সংবিধানত বিশেষ প্ৰাধান্য পোৱা নাই। ভাৰতীয় সমাজৰ বৈচিত্ৰ্য ৰূপ, স্বাধীনতা আন্দোলনৰ মাজেৰে গঢ়ি উঠা সমূহীয়া চেতনা আৰু ভাৰতীয় সভ্যতাৰ যুগমীয়া পৰম্পৰা তথা পশ্চিমীয়া সভ্যতাৰ পৰা আধুনিক ভাৰতে আহৰণ কৰা শিক্ষা - এই সকলোৰে সংমিশ্ৰণত গঢ়ি উঠিছে ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দৰ্শন। পশ্চিমীয়া সমাজত গুৰুত্ব দিয়া ব্যক্তিস্বাধীনতাই যেনেকৈ সংবিধানত স্বীকৃতি লাভ কৰিছে ঠিক সেইদৰে বৃহত্তম সমাজৰ উত্তৰণৰ চিন্তাৰে অনুপ্ৰাণিত সামাজিক ন্যায়াৰ চিন্তাকো ভাৰতীয় সংবিধানে স্বীকৃতি দিছে। পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মৰ মিলনথলী ভাৰতবৰ্ষত সংবিধানে ধৰ্মীয় স্বাধীনতাক সন্মান জনাইছে। কিন্তু একে সময়তে ধৰ্মীয় চেতনাই ৰাষ্ট্ৰ পৰিচালনাত যাতে প্ৰাধান্য নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মনিৰপেক্ষতাৰ নীতি সন্নিৱিষ্ট কৰিছে। দেশৰ ঐক্য- সংহতিক গুৰুত্ব দিয়াৰ লগতে বিভিন্ন নৃগোষ্ঠীৰ মাজত শাসনৰ নীতিও ভাৰতীয় সংবিধানত স্বীকৃত হৈছে।

৫ । সংবিধান সভাৰ প্ৰাসংগিকতা সম্পর্কে কি জানা লিখা । 

উত্তৰঃ

৬। ভাৰতীয় সংবিধানৰ প্ৰমূল্য হিচাপে ব্যক্তিস্বাধীনতা সম্পর্কে এটা টোকা লিখা । 

উত্তৰঃ ব্যক্তিস্বাধীনতাঃ ব্যক্তিস্বাধীনতাক পশ্চিমীয়া উদাৰতাবাদৰ দান বুলি ভবা হয়। কিন্তু ভাৰতীয় সংবিধানে ব্যক্তিস্বাধীনতাৰ প্ৰমূল্যক সম্পূৰ্ণৰূপে পশ্চিমীয়া উদাৰতাবাদৰ পৰা নকল কৰা নাই। তাৰ পৰিৱৰ্তে ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ব্যক্তিস্বাধীনতাৰ উৎস তিনিটা আশংকাৰ মাজত সোমাই আছেঃ  

(ক) ঔপনিৱেশিক শাসন চলোৱা স্বেচ্ছাচাৰিতা,

(খ) পৰম্পৰাগত ভাৰতীয় সমাজ - সংস্কৃতিৰ ব্যক্তিস্বাধীনতা বিৰোধী পাশৱিক ৰূপ, 

(গ) নতুনকৈ গঢ়ি উঠা স্বাধীন ৰাষ্ট্ৰৰ সম্ভাব্য স্বেচ্ছাচাৰী ৰূপ সম্পৰ্কত লোৱা সতৰ্কতা।

    আমি সকলোৱে জানো যে ব্ৰিটিছ ঔপনিৱেশিক শাসন শোষণ আৰু লুন্ঠনৰ ওপৰত প্ৰতিষ্ঠিত আছিল। ভাৰতীয় জনসাধাৰণৰ তৰফৰ পৰা তাৰ বিৰুদ্ধে বহুবোৰ প্ৰতিবাদ আৰু প্ৰতিৰোধ সংঘটিত হৈছিল। উদাহৰণস্বৰূপে অসমৰ কৃষকসকলে ব্ৰিটিছ শাসনৰ প্ৰথমাৱস্থাতে ঔপনিৱেশিক শাসকে ভূমি ৰাজহ বৃদ্ধি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। নগাঁও, দৰং, কামৰূপ আদি জিলাত ৰাইজমেল পাতি তাৰ বিৰোধিতা কৰিছিল আৰু ৰাইজৰ প্ৰতিবাদ ৰোধ কৰিবৰ বাবে ব্ৰিটিছ শাসকসকলে পাশৱিক পন্থা গ্ৰহণ কৰিছিল। অসমৰ পথৰুঘাটৰ ৰণ তাৰ এক জ্বলন্ত উদাহৰণ।
    সমগ্ৰ ভাৰতবৰ্ষত যেতিয়া জাতীয় আন্দোলন শক্তিশালী হৈ উঠিল তেতিয়া ব্ৰিটিছ শাসকসকলে আইন প্ৰণয়ন কৰি ভাৰতীয় জনসাধাৰণৰ মতামত প্ৰকাশৰ অধিকাৰ খৰ্ব কৰিছিল। ৰাজা ৰামমোহন ৰায় প্ৰমুখ্যে বহু ভাৰতীয়ই ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধৰ পৰাই মতামত প্ৰকাশৰ স্বাধীনতা তথা মুক্ত গণমাধ্যমৰ হকে প্ৰচাৰ চলাইছিল। ভাৰতীয় সংবিধানে এই পৰম্পৰাক স্বীকৃতি দিছে।

৭। ভাৰতীয় সংবিধানত স্বীকৃতি দিয়া পাঁচটা প্ৰমূল্য উল্লেখ কৰা।  

উত্তৰঃ ভাৰতীয় সংবিধানত স্বীকৃতি দিয়া পাঁচটা প্ৰমূল্য হৈছে-

(১) ব্যক্তিস্বাধীনতা, (২) সামাজিক ন্যায়, (৩) সাৰ্বজনীন নাগৰিকত্ব আৰু সাৰ্বজনীন ভোটাধিকাৰ, (৪) বৈষম্যহীন সমাজ, (৫) আইনৰ শাসন, 

(১) ব্যক্তিস্বাধীনতাঃ ব্যক্তিস্বাধীনতাক পশ্চিমীয়া উদাৰতাবাদৰ দান বুলি ভবা হয়। কিন্তু ভাৰতীয় সংবিধানে ব্যক্তিস্বাধীনতাৰ প্ৰমূল্যক সম্পূৰ্ণৰূপে পশ্চিমীয়া উদাৰতাবাদৰ পৰা নকল কৰা নাই। তাৰ পৰিৱৰ্তে ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ব্যক্তিস্বাধীনতাৰ উৎস তিনিটা আশংকাৰ মাজত সোমাই আছেঃ  (ক) ঔপনিৱেশিক শাসন চলোৱা স্বেচ্ছাচাৰিতা, (খ) পৰম্পৰাগত ভাৰতীয় সমাজ - সংস্কৃতিৰ ব্যক্তিস্বাধীনতা বিৰোধী পাশৱিক ৰূপ, (গ) নতুনকৈ গঢ়ি উঠা স্বাধীন ৰাষ্ট্ৰৰ সম্ভাব্য স্বেচ্ছাচাৰী ৰূপ সম্পৰ্কত লোৱা সতৰ্কতা।

(২) সামাজিক ন্যায়ঃ ভাৰতীয় সংবিধানে ব্যক্তিস্বাধীনতা আৰু সামাজিক ন্যায়ৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাইছিল। ভাৰতীয় সমাজত আৰ্থ-সামাজিক অথবা সাংস্কৃতিক ক্ষেত্ৰত বহুবোৰ বৈষম্য আছে। সংবিধানে সকলো লোককে স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিলেও উল্লেখিত বৈষম্যসমূহৰ কাৰণে সকলোৱে সমভাবে স্বাধীনতা ভোগ কৰিব নোৱাৰে। সম স্বাধীনতা ভোগ কৰিবৰ বাবে উল্লেখিত বৈষম্যসমূহ অতিক্ৰম কৰিব পৰাকৈ কিছুমান বিশেষ লোক, গোট বা অঞ্চলৰ বাবে বিশেষ কাৰ্যসূচী চৰকাৰৰ উদ্যোগত প্ৰণয়ন কৰিব লাগিব।

(৩) আইনৰ শাসনঃ  ভাৰতীয় সংবিধানে গণতান্ত্ৰিক আৰু জন-প্ৰতিনিধিত্বমূলক শাসনব্যৱস্থা প্ৰতিষ্ঠা কৰিছে। গণতান্ত্ৰিক শাসনৰ মূল কথাই হ'ল আইনৰ শাসন- অৰ্থাৎ চৰকাৰ অথবা ব্যক্তি কোনোৱেই আইনৰ ঊৰ্ধত হয়। সংবিধান হ'ল দেশৰ মৌলিক আইন। এই মৌলিক আইনৰ আধাৰত ভাৰতীয় বিধানমণ্ডলসমূহে অৰ্থাৎ সংসদ অথবা বিধানসভাই অন্য বহুবোৰ আইন প্ৰণয়ন কৰিছে।

(৪) সাৰ্বজনীন নাগৰিকত্ব আৰু সাৰ্বজনীন ভোটাধিকাৰঃ পশ্চিমীয়া গণতান্ত্ৰিক দেশসমূহে দেশৰ সকলো জনসাধাৰণক সাৰ্বজনীন নাগৰিকত্বৰ আৰু সাৰ্বজনীন ভোটাধিকাৰ প্ৰদানৰ বাবে কেইবা শতিকাও অপেক্ষা কৰিবলগীয়া হৈছিল। উদাহৰণস্বৰূপে গণতন্ত্ৰৰ মাতৃভূমি বুলি আখ্যা দিয়া বৃটেইনতো ১৯২৮ চনতহে মহিলাসকলে ভোটাধিকাৰ লাভ কৰিছিল।

(৫) বৈষম্যহীন সমাজঃ ভাৰতীয় সংবিধানৰ দৰ্শন ৰাজনীতি অথবা চৰকাৰ পৰিচালনাতে সীমাবদ্ধ হৈ ৰোৱা নাই। ভাৰতীয় সংবিধানে এখন বৈষম্যহীন আৰু সু-সংহত সমাজ নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিছে। বৈষম্যহীন সমাজ নিৰ্মাণৰো বাবে ভাৰতীয় সংবিধানে চৰকাৰক সাধাৰণতে ৰাষ্ট্ৰৰ ক্ষমতাৰ বাহিৰত অৱস্থান কৰা ক্ষেত্ৰসমূহতো হস্তক্ষেপ কৰাৰ অধিকাৰ প্ৰদান কৰিছে।

৮। সামাজিক ন্যায় আৰু সমতাৰ অধিকাৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে লিখা । 

উত্তৰঃ সামাজিক ন্যায় আৰু প্ৰতিষ্ঠাৰ অংশ হিচাপে ভাৰত চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, মহিলা অথবা সংখ্যালঘুসকলৰ বাবে বিশেষ পৃষ্ঠপোষকতা আগবঢ়াই আহিছে। চৰকাৰৰ এনে নীতিয়ে সমতাৰ নীতিক অৱমাননা কৰিছে নেকি?

    এই প্ৰশ্নটোক কেন্দ্ৰ কৰি ভাৰতীয় ৰাজনীতি সময়ে -সময়ে উত্তাল হৈ আহিছে। উদাহৰণস্বৰূপে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে কৰ্মসংস্থাপন তথা পদোন্নতিৰ বেলিকা প্ৰৱৰ্তন কৰা সংৰক্ষণ নীতিৰ কথা উল্লেখ কৰিব পাৰি। এই নীতিৰ সমালোচকসকলে আঙুলিয়াই দিছে যে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ নামত প্ৰৱৰ্তন হোৱা এনে নীতিৰ পৰিপ্ৰেক্ষিতত এনে জাতি-জনজাতিৰ অন্তৰ্ভুক্ত নোহোৱা সাধাৰণ জাতিৰ যোগ্য আৰু মেধাসম্পন্ন লোকো প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে।

    এনে অভিযোগ যুক্তিহীন বুলি একে আষাৰতে নাকচ কৰিব নোৱাৰি। কিন্তু আমি এই কথাও মনত ৰখা উচিত হ'ব যে ভাৰতীয় সমাজ আৰু সাংস্কৃতিক ব্যৱস্থাটোৰ বুকুত অনুসূচিত জাতি-জনজাতিৰ লোকসকল শতিকাজুৰি বঞ্চিত আৰু বহু সময়ত নিপীড়িত হৈ আহিছে। আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বৈষম্যই তেওঁলোকৰ বাবে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰিবৰ বাবে এই গোষ্ঠী বা গোটসমূহৰ বাবে সামাজিক ন্য়ায় প্ৰতিষ্ঠাৰ লক্ষ্য আগত ৰাখি সংৰক্ষণৰ দৰে নীতি গ্ৰহণ কৰা হৈছে। এনে নীতিৰ লক্ষ্য ,সমাজত সমতা প্ৰতিষ্ঠাহে, বৈষম্য সৃষ্টি নহয়।

৯। আইনৰ শাসন বুলিলে কি বুজা ? 

উত্তৰঃ আইনৰ চকুত সমতাই হ'ল আইনৰ শাসনৰ সাৰবস্তু। ই চৰকাৰক আইন অনুসৰি ক্ষমতা প্ৰয়োগ কৰাৰ বিষয়ে সকিয়াই দিয়ে। আইনৰ শাসনৰ জৰিয়তে ব্যক্তি স্বাধীনতাক ৰক্ষণাবেক্ষণ দিয়া হয়। চৰকাৰে স্বেচ্ছাচাৰীভাৱে কোনো লোকৰ অধিকাৰৰ এপৰত হস্তক্ষেপ কৰিলে, তেনে হস্ত ক্ষেপৰ বিৰুদ্ধে আদালতত গোচৰ তুলিব পাৰি। আইনৰ শাসনে চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ পৰা নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ ব্যৱস্থা কৰে। আইনৰ শাসন ব্ৰিটিছ সংবিধানৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য।

    গ্ৰেট ব্ৰিটেইনৰ বিখ্যাত আইনবিদ ডাইছিৰ মতে, আইনৰ শ্ৰেষ্ঠতাক বুজায়। আইনৰ শাসন হ'ল নাগৰিকৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ ৰক্ষা কবচ। তেওঁৰ মতে,

  (১) আইন উলংঘা কৰা অপৰাধত অপৰাধী হিচাপে দোষী সাব্যস্ত নকৰালৈকে কোনো ব্যক্তিক জীৱন আৰু সম্পত্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰি

(২) আইনৰ দৃষ্টিত সকলো সমান আৰু সকলো শ্ৰেণী মানুহৰ বাবে একে আইনসকলো লোককে একে ধৰণৰ আইনৰ মাধ্যমত বিচাৰ কৰা হয় আৰু একে অপৰাধৰ বাবে একে ধৰণৰ শাস্তি দিয়া হয়

(৩)ইংলেণ্ডত লিখিত সংবিধান নথকাৰ বাবে ন্যায়পালিকাৰ সিদ্ধান্তৰ পৰাই ইংলেণ্ডৰ সংবিধানৰ সাধাৰণ নীতিবোৰৰ উদ্ভৱ হৈছে আৰু ইয়াৰ জৰিয়তে ব্ৰিটিছ নাগৰিকসকলৰ অধিকাৰবোৰ ৰক্ষণাবেক্ষণ দিয়ে

১০। সার্বজনীন নাগৰিকত্ব সম্পর্কে এটা টোকা লিখা ।  

উত্তৰঃ পশ্চিমীয়া গণতান্ত্ৰিক দেশসমূহে দেশৰ সকলো জনসাধাৰণক সাৰ্বজনীন নাগৰিকত্ব আৰু সাৰ্বজনীন ভোটাধিকাৰ প্ৰদানৰ বাবে কেইবা শতিকাও অপেক্ষা কৰিবলগীয়া হৈছিল। উদাহৰণস্বৰূপে গণতন্ত্ৰৰ মাতৃভূমি বুলি আখ্যা দিয়া বৃটেইনতো ১৯২৮ চনতহে মহিলাসকলে ভোটাধিকাৰ লাভ কৰিছিল। ঠিক সেইদৰে গণতন্ত্ৰৰ পৃষ্ঠভূমি নামে খ্যাত ফ্ৰান্সেও ১৭৮৯ চনৰ বিপ্লৱৰ পাছত গ্ৰহণ কৰা নাগৰিক অধিকাৰৰ চনদত মহিলাসকলৰ অধিকাৰ সন্নিৱিষ্ট কৰা নাছিল।

    ভাৰতবৰ্ষৰ ক্ষেত্ৰত ভাৰতীয় জনসাধাৰণে বিশেষকৈ স্বাধীনতা আন্দোলনৰ নেতৃত্বদায়ীসকলে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পূৰ্বই সাৰ্বজনীন নাগৰিকত্ব আৰু সাৰ্বজনীন ভোটাধিকাৰৰ হকে ওকালতি কৰিছিল। ভাৰতীয় জাতীয়তাবাদী চেতনাত সাৰ্বজনীন নাগৰিকত্ব আৰু সাৰ্বজনীন ভোটাধিকাৰৰ ধাৰণাই গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল। এইটো ভাৰতবৰ্ষৰ বাবে অত্যন্ত তাৎপৰ্যপূৰ্ণ এইবাবেই যে ভাৰতীয় সমাজত বৰ্ণ, ধৰ্ম, লিংগ আদি প্ৰশ্নক কেন্দ্ৰ কৰি যথেষ্ট বৈষম্যই বিৰাজ কৰিছিল আৰু এনে বৈষম্য সৃষ্টি কৰা পৰম্পৰাগত ক্ষমতাৰ গাঁথনি, যেনে- জাতিপ্ৰথা আৰু পুৰুষতন্ত্ৰ অত্যন্ত শক্তিশালী আছিল। তৎসত্ত্বেও ১৮৯৫ চনতে প্ৰস্তুত কৰি উলিওৱা বে-চৰকাৰী ভাৰতীয় সংবিধান বিধেয়কত ভাৰতবৰ্ষৰ সকলো নাগৰিকৰে দেশৰ ঘটনা প্ৰৱাহত অংশগ্ৰহণৰ অধিকাৰ থাকিব লাগে বুলি দাবী তুলিছিল। ১৯২৮ চনত প্ৰস্তুত কৰা মতিলাল নেহেৰু প্ৰতিবেদনতো সাৰ্বজনীন নাগৰিকত্বৰ ধাৰণাটোৱে স্থান লাভ কৰিছিল আৰু পুৰুষ তথা মহিলা উভয়কে নাগৰিকত্বৰ অধিকাৰ দিয়া উচিত বুলি দাবী তুলিছিল। ভাৰতীয় সংবিধানে সাৰ্বজনীন নাগৰিকত্ব আৰু সাৰ্বজনীন ভোটাধিকাৰক ভাৰতীয় গণতন্ত্ৰৰ মূল আধাৰ হিচাপে স্বীকৃতি দিছে।


অতি চমু উত্তৰৰ প্ৰশ্ন ( Very short answer questions ) :  

১। ভাৰতীয় সংবিধানৰ প্রস্তাৱনাত সন্নিৱিষ্ট এটা আদর্শ উল্লেখ কৰা ।                                                                      [ HS ( XI ) 2017 ] 

উত্তৰঃ সমতা হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট থকা আন এটা গুৰুত্বপূৰ্ণ আদৰ্শ। জনসাধাৰণে যাতে সকলো ধৰণৰ সযোগ-সুবিধা জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে ভোগ কৰিব পাৰে তাৰ ব্য়ৱস্থা প্ৰস্তাৱনাত গ্ৰহণ কৰা হৈছে। ভাৰতবৰ্ষত আইনৰ চকুত সকলো সমান আৰু আইনে সকলোকে সমানে ৰক্ষণাৱেক্ষণ দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে।জাতীয় সংহতিত অৰিহণা যোগাবলৈ ভ্ৰাতৃত্ববোধক এই উল্লেখযোগ্য় আদৰ্শ হিচাপে গ্ৰহণ কৰা হৈছে। তাৰ বাবে প্ৰত্য়েক ব্য়ক্তিক সমান সুযোগ আৰু সম মৰ্যাদা প্ৰদান কৰাটো ৰাষ্ট্ৰই নিশ্চিত কৰিব লাগিব। আমি বিভিন্ন ধৰ্ম, ভাষা-সংস্কৃতিৰ মাজত সমন্বয় গঢ়িবৰ বাবে ইজনে-সিজনৰ ধৰ্ম আৰু সংস্কৃতিক সন্মান জনাব লাগে তেনে কৰিলেহে সমাজত ভ্ৰাতৃত্ববোধ জগাই তুলিব পাৰিম। ওপৰত উল্লেখ কৰা সকলোবোৰ আদৰ্শ বাস্তৱত কাৰ্যকৰী কৰিব পাৰিলে নিঃসন্দেহে ভাৰতবৰ্ষ প্ৰকৃত অৰ্থত কল্য়াণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হ'ব।তোমালোকে ইতিমধ্য়ে ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমি আৰু ইয়াৰ প্ৰস্তাৱনাৰ বিষয়ে জানিব পাৰিলাহঁক। সংবিধান এখন ৰাষ্ট্ৰত কিয় প্ৰয়োজন এই কথা তোমালোকে প্ৰথম পাঠত পাই আহিছা। ৰাষ্ট্ৰ এখন পৰিচালনা কৰিবলৈ দেশৰ পৰিস্থিতিৰ লগত খাপ-খুৱাই এখন সংবিধান প্ৰস্তুত কৰা হয়।

২। ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দর্শনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দৰ্শনৰ দুটা বৈশিষ্ট্য হৈছে-

(১) পশ্চিমীয়া সমাজত গুৰুত্ব দিয়া ব্যক্তিস্বাধীনতাই যেনেকৈ সংবিধানত স্বীকৃতি লাভ কৰিছে ঠিক সেইদৰে বৃহত্তৰ সমাজৰ উত্তৰণৰ চিন্তাৰে অনুপ্ৰাণিত সামাজিক ন্যায়ৰ চিন্তাকো ভাৰতীয় সংবিধানে স্বীকৃতি দিছে।

(২) পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মৰ মিলনথলী ভাৰতবৰ্ষত সংবিধানে ধৰ্মীয় স্বাধীনতাক সন্মান জনাইছে। কিন্তু একে সময়তে ধৰ্মীয় চেতনাই ৰাষ্ট্ৰ পৰিচালনাত যাতে প্ৰাধান্য নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মনিৰপেক্ষতাৰ নীতি সন্নিৱিষ্ট কৰিছে।

৩। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত তিনি প্ৰকাৰৰ ন্যায় কি কি ? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত তিনিপ্ৰকাৰৰ ন্যায় হৈছে-

(১) সামাজিক ন্যায়, (২) ৰাজনৈতিক ন্যায় আৰু (৩) অৰ্থনৈতিক ন্যায়।


৪। ভ্রাতৃত্ব শব্দটো ব্যাখ্যা কৰা ৷  

উত্তৰঃ 

৫ । ভাৰতীয় সংবিধানত উল্লেখিত মূল উদ্দেশ্য তিনিটা কি কি ?

উত্তৰঃ 

 ৬। ভাৰতীয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ভাৰতীয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য হৈছে-

(১) ধৰ্মনিৰপেক্ষতাই কোনো ধৰ্মকে চৰকাৰীভাৱে বা ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি নিদিয়ে।

(২) ধৰ্মনিৰপেক্ষতাই সকলো ধৰ্মৰ প্ৰতি সমব্যৱহাৰ কৰা নীতি পোষকতা কৰে। 

৭। ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনীয়ে সন্নিবিষ্ট কৰা দুটা নতুন শব্দ কি কি ? 

উত্তৰঃ 

৮। তলত কেইটামান আইন উল্লেখ আছে । সেইবোৰ কোনো মূল্যবোধৰ লগত সংযুক্তনে ? যদি হয় , তেনেহ'লে তলৰ কোনটো ? কাৰণ দর্শোৱা ।

(ক) পৰিয়ালৰ সম্পত্তি সমানভাৱে জীয়ৰী আৰু পুত্ৰৰ মাজত ভাগ কৰা হয়নে ?

(খ) গ্ৰাহকৰ আহৰণ কৰা বয়-বস্তুসমূহৰ ওপৰত বিভিন্ন বিক্ৰীকৰ আছে নেকি ? 

(গ) ধর্মীয় আদেশ কোনো ধৰণৰ স্কুলত দিব নালাগে। 

(ঘ) কোনো ধৰণৰ ভিক্ষাৰী বা বলপূর্বক ভাবত লিপ্ত হ'ব নালাগে। 

উত্তৰঃ

৯। তলত উল্লেখিত কোনটো এই বাক্য সম্পূর্ণ কৰাত ব্যৱহাৰ কৰিব নোৱাৰি ? গণতান্ত্রিক ৰাষ্ট্রসমূহত এখন সংবিধানৰ বাবে প্ৰয়োজন হয়-   

*  চৰকাৰৰ সমতাসমূহৰ সীমাৱদ্ধকৰণ 

* সংখ্যামূলক সংখ্যাগৰিষ্ঠতাৰ পৰা ৰক্ষা কৰা 

* ঔপনিবেশিকতাৰ পৰা স্বতন্ত্রতা অনা 

* দীর্ঘকালীন দৃষ্টিভংগী এটা পোৱাৰ বাবে আমি আমাৰ আৰ্থিক লোকচান ভৰিব নোৱাৰো 

* সামাজিক পৰিৱৰ্তন অনাৰ বাবে শান্তিৰ সহায় ল'ব লাগে 

উত্তৰঃ

১০। তলত সাংবিধানিক সভাৰ বিতৰ্কসমূহ অধ্যয়ন আৰু বুজাৰ  বিভিন্ন পর্যায়সমূহ উল্লেখিত আছে— 

* তলৰ কোনটো বাক্যই সাংবিধানিক সভাৰ বিতৰ্কসমূহ বর্তমানেও প্রচলিত বুলি উল্লেখ কৰিছে আৰু কোনকেইটা অপ্রচলিত । 

* কোনকেইটাৰ স্থিতি তোমালোকে মানি লোৱা আৰু কিয় ? 

(ক) সৰ্বসাধাৰণ লোকে তেওঁলোকৰ জীৱিকা-নিৰ্বাহ আৰু জীৱনৰ বিভিন্ন সমস্যা সমাধানতে ব্যস্ত থাকে । তেওঁলোকে এই বিতর্ক সমূহৰ বিধিগত ভাষাক বুজি নাপায় । 

উত্তৰঃ

(খ) বৰ্তমানৰ অৱস্থা আৰু প্ৰত্যাহ্বান সংবিধান প্ৰস্তুত কৰা সময়তকৈ বেলেগ । সংবিধান প্রণেতাসকলে কৰা চিন্তা অধ্যয়ন কৰি আত্ম সেইবোৰ বর্তমান যুগত ব্যৱহাৰ কৰি আমি অতীতটো বৰ্তমানলৈ আনিবলৈ চেষ্টা কৰো । 

উত্তৰঃ

(গ) আমাৰ বিশ্বখনক জনা বিভিন্ন পদ্ধতি আৰু বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হোৱা নাই । সংবিধান সভাৰ বিতৰ্কসমূহে আমাৰ বিভিন্ন কাৰ্যসমূহৰ গুৰুত্বৰ বিষয়ে যুক্তি আগবঢ়াব পাৰে । সাংবিধানিক কার্যসমূহ যেতিয়া প্রত্যাহ্বিত হয় আমি আমাৰ ধ্বংসৰ কাৰণ জনা নাছিলো । 

উত্তৰঃ

১১। ভাৰতীয় সংবিধান আৰু পাশ্চাত্য ধাৰণাৰ পাৰ্থক্য বহলাই লিখা তলত উল্লেখিত বিষয়-বস্তুৰ সহায়ত — 

(ক) ধৰ্মনিৰপেক্ষতাৰ ভিত্তিত 

(খ) অনুচ্ছেদ ৩৭০-নং আৰু ৩৭১-নং

(গ) দৃঢ় পদক্ষেপ 

(ঘ) সার্বজনীন ভোটাধিকাৰ 

উত্তৰঃ 


বস্তুনিষ্ঠ প্রশ্নাবলী ( Objective type questions ): 

১। ব্ৰিটেইনত মহিলাসকলক কোন চনৰ ভোটাধিকাৰ প্ৰদান কৰা হৈছিল ? 

উত্তৰঃ 

২। সংবিধানৰ কোনটো সংশোধনীয়ে প্রস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাক সংযোগ কৰিছে ? 

উত্তৰঃ সংবিধানৰ ৪২-নং সংশোধনীয়ে প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাক সংযোগ কৰিছে। 

৩। কোনে প্রস্তাৱনাটোক ৰাজনৈতিক তাম্ৰপত্ৰিকা বুলি কৈছিল ? 

উত্তৰঃ 

৪। ভাৰতীয় সংবিধানৰ উদ্দেশ্য কি ? 

উত্তৰঃ

৫। ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ জৰিয়তে জম্মু - কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছে ?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩৭০-নং অনুচ্ছেদৰ জৰিয়তে জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছে।

৬। কোন দেশৰ পৰা সংবিধানৰ প্ৰস্তাৱনাটো অনা হৈছে ? 

উত্তৰঃ 

৭। প্ৰস্তাৱনা মতে ভাৰতীয় ৰাজনীতিৰ প্ৰকৃতি কেনেকুৱা ? 

উত্তৰঃ 

৮। “ সর্ব ধর্ম সমভাব ” মানে কি ? 

উত্তৰঃ

৯। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা এটা ন্যায়ৰ নাম লিখা । 

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা এটা ন্যায়ৰ নাম- সামাজিক ন্যায়।


শুদ্ধ উত্তৰ বাছি উলিওৱা ( Choose the correct answers ) : 

(ক) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো  আৰম্ভ হৈছে– 

(a) জনসাধাৰণৰ সাৰ্বভৌমত্বৰে     (b) ভাৰত গণৰাজ্যৰে

(c) গণতান্ত্রিক ভাৰতৰে          (d) আমি ভাৰতবাসী ৰাইজেৰে

উত্তৰঃ (a) জনসাধাৰণৰ সাৰ্বভৌমত্বৰে।


(খ) আমি সকলো ভাৰতবাসীৰ অৰ্থ কি ? 

(a) ভাৰতবাসী ৰাইজ হ’ল দেশৰ প্ৰকৃত শাসক। 

(b) চূড়ান্ত সার্বভৌম ক্ষমতা জনসাধাৰণৰ হাতত ন্যস্ত । 

(c)ইয়াৰ কোনোটো নহয় ৷

উত্তৰঃ 


(গ) কোনটো বাক্য শুদ্ধ ? 

(a) ভাৰত এখন সার্বভৌম , সমাজবাদী গণৰাজ্য 

(b) ভাৰত এখন সার্বভৌম , গণতান্ত্রিক ৰাজতন্ত্র 

(c) ভাৰত এখন সাৰ্বভৌম , গণতান্ত্ৰিক ৰাষ্ট্ৰ

(d) ভাৰত এখন সার্বভৌম , সমাজবাদী , ধৰ্মনিৰপেক্ষ , গণতান্ত্রিক গণৰাজ্য ।

উত্তৰঃ (d) ভাৰত এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য।


Type- Himanku Bora

Author : Pompi Hazarika

Morigaon Assam 




Post ID : DABP004968