অধ্যায় : ২

 

ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ


প্রশ্নাৱলী 

 ৰচনাধমী প্রশ্ন :  

১। ভাৰতীয় সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহ আলোচনা কৰা। 

উত্তৰঃ

(১) সমতাৰ অধিকাৰ: ভাৰতীয় সংবিধানৰ ১২ৰ পৰা ১৮ নং অনুচ্ছেদত সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। এই অনুচেদবোৰৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলে বিভিন্ন ক্ষেত্ৰত সমঅধিকাৰ ভোগ কৰিব পৰিব।

(২) স্বাধীনতাৰ অদিকাৰঃ ভাৰতীয় সংবিধানৰ ১৯ৰ পৰা ২২ নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ বিষয়ে কোৱা হৈছে। এই অদিকাৰসমূহ হ'ল:

    (ক) অস্ত্ৰ-বিহীন অৱস্থাত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ।

    (খ) সংস্থা গঠনৰ অধিকাৰ

    (গ) মত প্ৰকাশৰ অধিকাৰ।

    (ঘ) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ

    (ঙ) ভাৰতৰ চাৰিসীমাৰ ভিতৰত ঘূৰি-ফুৰাৰ অধিকাৰ।

    (চ) যিকোনো চাকৰি বা ব্যৱসায় কৰাৰ অধিকাৰ।


(৩) শোষণৰ বিৰুদ্ধে অধিকাৰঃ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল যাতে অইন কোনো শ্ৰেণীৰ লোকসকলৰ দ্বাৰা শোষিত নহয় আৰু বিভিন্ন স্বাদীনতা যাতে সকলো নাগৰিকো সমানে ভোগ কৰিব পাৰে সংবিধানত তাৰ ব্যৱস্থা কৰা হৈছে। সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত এই বিদ অধিকাৰ বিষয়ে বৰ্ণনা কৰা।


(৪) ধৰ্মীয় অদিকাৰ: সংবিধানৰ ১৫ ৰ পৰা ২৮ নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰৰ বিষয়ে অদিকাৰৰ বিষয়ে কোৱা হৈছে। এই অদিকাৰ মতে দেশৰ নাগৰিকে নিজ নিজ ধৰ্ম পালন আৰু প্ৰচাৰ কৰিব পাৰিব। চৰকাৰে কোনো ধৰ্মৰ প্ৰতি পক্ষপাতিত্বমূলক কাৰ্য নকৰিব।


(৫) শিক্ষা আৰু সাংস্কৃতিক অদিকাৰঃ সংবিধানৰ ২৯ আৰু ৩০ অনুচেছদৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক জাতি-ধৰ্ম ভাষা নিৰ্বিশেষে শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ প্ৰদান কৰা হৈছে।


(৬) সাংবিধানিক প্ৰতিকাৰৰঅধিকাৰঃ সংবিধানৰ ৩২ পৰা ৩৫নং অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলৰ মৈলিক অধিকাৰসমূহ আদালতত বিচাৰযোগ্য। কোনো চৰকাৰী কাৰ্য বা ব্যক্তিৰ কাৰ্যৰ দ্বাৰা কোনো মৌলিক অধিকাৰ ব্যহত হলে নাগৰিকে আদালতৰ ওচৰ চাপিব পৰে।


২। মৌলিক অধিকাৰৰ অৰ্থ ব্যাখ্যা কৰা। 

উত্তৰঃ ৰাষ্ট্ৰৰ বুনিয়াদ হৈছে মানুহৰ অধিকাৰসমূহ।  এই অধিকাৰসমূহে মানুহক যোগ্যতাৰে নিজৰ কাম কৰিবলৈ নৈতিক শক্তি দিয়ে। নাগৰিকসকলৰ জীৱন ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে উৎপাদনক্ষম আৰু গুৰুত্বপূৰ্ণ কৰি তুলিবলৈ যিবোৰ অধিকাৰ মানুহৰ আচল প্ৰয়োজনত লাগে, যিবোৰ লিখিত সংবিধানত বিধিবদ্ধ থাকে সংবিধানৰ দ্বাৰা সংৰক্ষিত হয় সেইবোৰকে মৌলিক অধিকাৰ বোলে। মৌলিক অধিকাৰসমূহ সংবিধানপ্ৰদত্ত আৰু সংবিধানত সুস্পষ্টভাৱে লিখা থাকে। এই অধিকাৰসমূহ কোনেও ভংগ কৰিব নোৱাৰে। মৌলিক অধিকাৰসমূহক ন্যায়ালয়ে ৰক্ষণাবেক্ষণ দিয়ে। পৃথিৱীৰ বেছিভাগ আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ এই অত্যাৱশ্যকীয় অধিকাৰসমূহ লিপিবদ্ধ কৰা হৈছে। ১৭৮৯ চনৰ ২৬ আগষ্টত ফ্ৰান্সৰ জাতীয় পৰিষদে 'মানৱ অধিকাৰৰ ঘোষণা-পত্ৰ'খন গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্টৰ সংবিধানতো 'অধিকাৰৰ বিধেয়ক' সন্নিৱিষ্ট কৰা হৈছে। ১৯১৯ চনৰ পৰা প্ৰচলিত হোৱা জাৰ্মানীৰ সংবিধানৰ দ্বিতীয় খণ্ডত মৌলিক অধিকাৰৰ উল্লেখ থকা গম পোৱা যায়। সমাজবাদী ছোভিয়েট ৰাছিয়াৰ সংবিধানতো নাগৰিকৰ মৌলিক অধিকাৰৰ স্থান আছিল।

    অধিকাৰেই ৰাষ্ট্ৰৰ প্ৰকৃত ভিত্তি। অধ্যাপক লাস্কিৰ মতে, এখন দেশক সেই দেশে সংৰক্ষণ কৰা অধিকাৰসমূহৰ পৰাই জানিব পাৰি। নাগৰিকৰ মৌলিক অধিকাৰে সীমিত চৰকাৰক বুজায়। কিয়নো নাগৰিকৰ এনে অধিকাৰ থাকিলে চৰকাৰে স্বেচ্ছাচাৰী শাসন চলোৱাত ব্যৰ্থ হয় আৰু নাগৰিকসকলে মৌলিক অধিকাৰসমূহ সাব্যস্ত কৰিবলৈ যাওঁতে নিজৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ সুবিধা লাভ কৰে। ৰাষ্ট্ৰ ৰাইজৰ বাবে সৃষ্ট। গতিকে ৰাইজৰ অত্যাৱশ্যকীয় অধিকাৰসমূহ ভোগ ৰাষ্ট্ৰই কৰিবলৈ দিব লাগিব। অৱশ্যে এইটো ঠিক যে এই মৌলিক অধিকাৰসমূহ অখণ্ডনীয় নহয়। পৰিকল্পিত সমাজৰ উদ্দেশ্য সাধন কৰিবলৈ, জাতিৰ মহৎ স্বাৰ্থ ৰক্ষা কৰিবলৈ আৰু সকলো নাগৰিকৰে মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰই নাগৰিকৰ মৌলিক অধিকাৰ উপভোগৰ পৰিসীমা বান্ধি দিব পাৰে।

। মৌলিক অধিকাৰ কি? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা। 

উত্তৰঃ ৰাষ্ট্ৰৰ বুনিয়াদ হৈছে মানুহৰ অধিকাৰসমূহ।  এই অধিকাৰসমূহে মানুহক যোগ্যতাৰে নিজৰ কাম কৰিবলৈ নৈতিক শক্তি দিয়ে। নাগৰিকসকলৰ জীৱন ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে উৎপাদনক্ষম আৰু গুৰুত্বপূৰ্ণ কৰি তুলিবলৈ যিবোৰ অধিকাৰ মানুহৰ আচল প্ৰয়োজনত লাগে, যিবোৰ লিখিত সংবিধানত বিধিবদ্ধ থাকে সংবিধানৰ দ্বাৰা সংৰক্ষিত হয় সেইবোৰকে মৌলিক অধিকাৰ বোলে। 

ইয়াৰ প্ৰয়োজনীয়তাবোৰ হৈছে-

(১) গণতান্ত্ৰিক শাসনব্যৱস্থাৰ সাফল্যৰ বাবে সংবিধানত নাগৰিক সকলৰ মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা প্ৰয়োজন। অধ্যাপক ডি.এন. বেনাৰ্জীৰ মতে ই হ'ল গণতন্ত্ৰৰ ৰক্ষাকবচ। মৌলিক অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ থাকিলে শাসক দল স্বেচ্ছাচাৰী হ'ব নোৱাৰে।

(২) গণতান্ত্ৰিত শাসন ব্যৱস্থাত সংখ্যাগৰিষ্ঠ শাসন প্ৰৱৰ্তিত হয়। সংবিধানত মৌলিক অধিকাৰ সমূহ লিখিত থাকিলে সংখ্যালঘু সম্প্ৰদায়ৰ স্বাৰ্থ ভালদৰে ৰক্ষা কৰিব পাৰি।

(৩) বহুতে এই মত প্ৰকাশ কৰে যে মৌলিক অধিকাসমূহ সংবিধানত লিপিবদ্ধ থাকিলে এইবোৰৰ বিষয়ে জনসাধাৰণৰ এটা সুস্পুষ্ট ধাৰণা হয়। ই জনগণৰ চেতনা বিকাশত সহায় কৰে। তেওঁলোকে নিজৰ অধিকাৰ সম্পৰ্কে সজাগ থাকে আৰু কোনেও সেইবোৰ খৰ্ব কৰিব নোৱাৰে।  এইবোৰ কাৰণত ভাৰতীয় সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰ সমূহক লিপিবদ্ধ কৰা হৈছে যাতে তেওঁলোকৰ এই অধিকাৰ সমূহ সাৰ্থক হয়।  

৪। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ গুৰুত্ব ব্যাখ্যা কৰা।   

উত্তৰঃ ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ গুৰুত্ববোৰ হৈছে-

(ক) সংবিধানত এই অধিকাৰসমূহ বিধিবদ্ধ কৰা থাকিলে চৰকাৰে ইচ্ছা মতে সেইবোৰ অস্বীকাৰ কৰিব নোৱাৰে। সংবিধানে চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক নিৰ্ধাৰণ কৰি দিয়ে। সেয়ে জনসাধাৰণৰ অধিকাৰৰ ওপৰত চৰকাৰে স্বেচ্ছাচাৰীভাৱে হস্তক্ষেপ কৰিব নোৱাৰে।

(খ) গণতন্ত্ৰ হ'ল সংখ্যাগৰিষ্ঠৰ শাসন। এনে শাসনব্যৱস্থাত সংখ্যালঘুসকলে তেওঁলোকৰ অধিকাৰসমূহ হেৰুৱাৰ ভয় থাকে। অধিকাৰসমূহ যদি মৌলিক আকাৰত সংবিধানত লিপিবদ্ধ কৰা থাকে তেন্তে শাসনত অধিষ্ঠিত সংখ্যাগৰিষ্ঠসকলে সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰ অস্বীকাৰ কৰিব নোৱাৰে।

(গ) মৌলিক অধিকাৰ সংবিধানত সন্নিৱিষ্ট কৰা থাকিলে সেইবোৰ সম্পৰ্কে নাগৰিকসকলৰ এটি সুস্পষ্ট ধাৰণা হয় আৰু তেওঁলোক এই বিষয়ে সচেতন হৈ থাকিব পাৰে। কেতিয়াবা কোনো কাৰণত এই অধিকাৰসমূহ ক্ষুণ্ণ বা খৰ্ব হোৱাৰ উপক্ৰম হ'ল তেওঁলোকে জনমত গঠন কৰি ইয়াৰ বিৰুদ্ধে থিয় দিব পাৰে।

(ঘ) যদি কোনোবাই এই অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ কৰিব বিচাৰে নাইবা লংঘন কৰে তেন্তে সাংবিধানিক উপায়ৰ যোগেদি ইয়াৰ প্ৰতিকাৰ কৰা সহজ হয়।

(ঙ) মৌলিক অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ কৰা থাকিলে কাৰ্যপালিকা আৰু বিধানমণ্ডল নাগৰিকৰ অধিকাৰৰ প্ৰতি সদায় সচেতন থাকিব। তেওঁলোকে সংবিধানৰ পৰিসীমাৰ মাজত থাকি কাৰ্য সম্পাদন কৰিব। জনমতৰ ভয়ত তেওঁলোকে এইবোৰৰ ওপৰত হস্তক্ষেপ কৰিবলৈ সাহস নকৰিব।

(চ) স্বাধীনতা আৰু গণতন্ত্ৰৰ ফল ভোগ কৰি নাগৰিকসকলৰ জীৱন ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে উৎপাদনক্ষম আৰু দায়িত্বপূৰ্ণ কৰি গঢ়ি তুলিবলৈ মৌলিক অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ কৰা হৈছে। 

৫। আমাৰ সংবিধানত উল্লেখ থকা অধিকাৰসমূহৰ বৈশিষ্ট্য ব্যাখ্যা কৰা।  

উত্তৰঃ আমাৰ সংবিধানত উল্লেক থকা অধিকাৰসমূহৰ বৈশিষ্ট্যবোৰ হৈছে-

(ক) সংবিধানৰ অভিন্ন অংগঃ মৌলিক অধিকাৰসমূহ সংবিধানৰ অভিন্ন বা অবিচ্ছেদ্য অংগ। সংবিধানৰ ২৪টা অনুচ্ছেদত মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা হৈছে। সাধাৰণ বিধি প্ৰক্ৰিয়াৰ দ্বাৰা সেইবোৰৰ পৰিৱৰ্তন, পৰিবৰ্ধন বা নাইকিয়া কৰিব নোৱাৰি। কেৱল কেন্দ্ৰীয় সংসদে বিশেষ সংশোধন পদ্ধতিৰে মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে। ৰাজ্যসমূহৰ এই বিষয়ত কোনো ক্ষমতা নাই।

(খ) সম্বন্ধবাচকঃ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট থকা মৌলিক অধিকাৰসমূহ সম্বন্ধবাচক। ভাৰতৰ কোনো নাগৰিকে কোনো অধিকাৰ গাইগুটীয়াকৈ নিজৰ কামত খটুৱাই আনৰ অসুবিধাৰ সৃষ্ট কৰিব নোৱাৰে। মৌলিক অধিকাৰসমূহৰ সম্বন্ধ যে কেৱল ব্যক্তিৰ লগতহে আছে এনে নহয়; ই সমাজ আৰু দেশৰ লগতো জড়িত। উদাহৰণস্বৰূপে ক'ব পাৰি যে আমাৰ সম্পদ আহৰণ কৰাৰ অধিকাৰ আছে বুলিয়েই সমাজ আৰু দেশৰ ক্ষতি সাধন কৰি হ'লেও সম্পত্তি বঢ়োৱাৰ অধিকাৰ নাই। কিয়নো, ব্যক্তিক নিজ ইচ্ছামতে অপৰ্যাপ্ত পৰিমাণে সম্পত্তি বঢ়াবলৈ আৰু উপভোগ কৰিবলৈ সুবিধা দিলে সমাজ তথা দেশৰ ঘোৰ অনিষ্ট হ'ব। গতিকে সকলো নাগৰিকে ব্যক্তি, সমাজ আৰু দেশৰ সমূহীয়া স্বাৰ্থৰ লগত সম্পৰ্ক ৰাখিহে মৌলিক অধিকাৰ ভোগ কৰিব পাৰিব। কোনোবাই এই অধিকাৰ ভংগ কৰিলে তেওঁৰ বিপক্ষে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰি। ভাৰতীয় সংবিধানে ন্যায়ালয়সমূহক অধিকাৰ ভংগকাৰীক শাস্তি বিহাৰ ক্ষমতা দিছে।

(গ) চৰ্তবিহীন নহয়ঃ ভাৰতীয় সংবিধানত উল্লিখিত মৌলিক অধিকাৰসমূহ চৰ্তবিহীন নহয়। ই নিৰ্দিষ্ট সীমাৰ মাজত আবদ্ধ। বহু ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ আৰু উপভোগ ৰাষ্ট্ৰই সীমাবদ্ধ কৰি দিব পাৰে। সংবিধানৰ ১৯-নং অনুচ্ছেদে ৰাষ্ট্ৰক মৌলিক অধিকাৰৰ ওপৰত ন্যায়সংগত বাধা  আৰোপ কৰাৰ ক্ষমতা অৰ্পণ কৰিছে। অৱশ্যে ন্যায়সংগত বাধা কি সেইটো বিচাৰৰ ভাৰ আদালতৰ  ওপৰতহে থাকিব। বিধানমণ্ডল বা কাৰ্যপালিকাই ইয়াক স্থিৰ কৰিব নোৱাৰে। সেয়ে বিধানমণ্ডল বা কাৰ্যপালিকাই বিবেচনা কৰা ন্যায়সংগত বাধা-নিষেধবোৰ ক্ষমতাৰ বহিৰ্ভূত হ'লে আদালতে সেইবোৰ অবৈধ বুলি ঘোষণা কৰিব পাৰে।

(ঘ) অলংঘনীয়ঃ সাধাৰণ অৱস্থাত মৌলিক অধিকাৰসমূহ অলংঘনীয়। অৰ্থাৎ কোনো বিশেষ অৱস্থাৰ সৃষ্টি নহ'লে নাগৰিকৰ কথাই নাই, চৰকাৰেও সেইবোৰ ভংগ বা অতিক্ৰম কৰিব নোৱাৰে। যদি কোনোবাই এই অধিকাৰ লংঘন বা ভংগ কৰে তেতিয়া তেওঁৰ বিপক্ষে ন্যায়ালয়ৰ ওচৰত আবেদন কৰিব পাৰি। ভাৰতীয় সংবিধানে উচ্চতম আৰু উচ্চ ন্যায়ালয়সমূহক মৌলিক অধিকাৰ ভংগকাৰীক শাস্তি দিয়াৰ ক্ষমতা প্ৰদান কৰিছে।


(ঙ) ন্যায় বিচাৰযোগ্যঃ সংবিধানে নাগৰিকসকলক অধিকাৰ দিয়ে ক্ষান্ত থকা নাই। ইয়াৰ প্ৰকৃত প্ৰয়োগ আৰু সংৰক্ষণৰ কাৰণে যথাবিহিত ব্যৱস্থাও সংবিধানত ৰাখিছে। ভাৰতৰ উচ্চতম ন্যায়ালয় হৈছে নাগৰিকৰ মৌলিক অধিকাৰৰ সংৰক্ষণ আৰু অভিভাৱক। অধিকাৰ বিৰোধী যিকোনো কাৰ্যত ন্যায়ালয়ে বাধা আৰোপ কৰিব পাৰে বা নাকচ কৰিব পাৰে। তদুপৰি ন্যায়ালয়ে কিছুমান বিশেষ ধৰণৰ নিৰ্দেশ জাৰি কৰি নাগৰিকৰ মৌলিক অধিকাৰক সুৰক্ষা দিব পাৰে।

(চ) অধিকাৰসমূহ কেৱল নাগৰিকৰ বাবেঃ সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰসমূহ ভোগ কৰাৰ অধিকাৰী কেৱল ভাৰতীয় নাগৰিকসকলহে । কোনো বিদেশী লোকৰ এই অধিকাৰ ভোগ কৰাৰ অধিকাৰ নাই। তেওঁলোকে সকলো মৌলিক অধিকাৰ দাবী কৰিব নোৱাৰে; বিশেষকৈ যিবিলাক ৰাজনৈতিক অধিকাৰ। অৱশ্যে এনে কিছুমান অধিকাৰ আছে যিবিলাক ভাৰতীয় নাগৰিকৰ লগতে বিদেশী এজনেও ভোগ কৰিব পাৰে। বিদেশী লোকে ভাৰতত বসবাস কৰাৰ সময়ত মৌলিক অধিকাৰসমূহ ভোগ কৰিবলৈ নাপালেও বিশেষ কোনো অসুবিধা নহয়;কিয়নো তেওঁলোকৰ জীৱন আৰু সা-সম্পত্তিৰ উপযুক্ত ৰক্ষণা-বেক্ষণ দিয়া হয়।  

(ছ) সংশোধনযোগ্য ঃ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহ সংবিধানত প্ৰৱৰ্তন হোৱা সময়ত সংশোধন কৰাৰ পৰা আঁতৰত ৰখা হৈছিল। এইবোৰ সংৰক্ষণৰ অৰ্থে সংবিধানত প্ৰয়োজনীয় ব্যৱস্থাও দিয়া হৈছিল। পিছে বৰ্তমান সেইবোৰ সংশোধন কৰিব পাৰি। সংসদে সংবিধানৰ ৩৬৮-নং অনুচ্ছেদ অনুসৰি যিকোনো মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে। ভাৰতীয় সংবিধানৰ ২৪তম সংশোধনী আইনে সংসদক এই ক্ষমতা প্ৰদান কৰিছে।

(জ) মৌলিক অধিকাৰ স্থায়ী নহয়ঃ মৌলিক অধিকাৰসমূহ সংবিধানৰ দ্বাৰা নিশ্চিত হ'লেও এইবোৰৰ স্থায়িত্ব সম্পৰ্কে সন্দেহৰ অৱকাশ আছে। মূল সংবিধানে সম্পত্তিৰ অধিকাৰ নিশ্চিত কৰাৰ পাছতো সংবিধান সংশোধনী আইনৰ দ্বাৰা নাগৰিকক সম্পত্তিৰ অধিকাৰৰ  পৰা বঞ্চিত কৰা হৈছে। সম্পত্তিৰ অধিকাৰ এতিয়া মৌলিক অধিকাৰ নহয়। ভাৰতীয় সংবিধানত উল্লিখিত মৌলিক অধিকাৰসমূহক নমনীয় অধিকাৰ আখ্যা দিব পাৰি।

(ঝ) সংখ্যালঘুৰ ৰক্ষা কৱচঃ ভাৰতীয় সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰসমূহক সংখ্যালঘুসকলৰ ৰক্ষাকৱচ হিচাপে অভিহিত কৰিব পাৰি। এই অধিকাৰসমূহ দেশত বাস কৰা বিভিন্ন শ্ৰেণীৰ সংখ্যালঘুসকলৰ স্বাৰ্থ ৰক্ষা কৰাত সহায়ক হৈছে। মৌলিক অধিকাৰ সংবিধানত সন্নিৱিষ্ট কৰাৰ কাৰণে কোনো চৰকাৰে সংখ্যালঘুসকলৰ স্বাৰ্থক উপেক্ষা কৰিব নোৱাৰে।

(ঞ) ৰাজনৈতিক আৰু সামাজিক চৰিত্ৰৰঃ প্ৰকৃতিগত দিশৰ পৰা ভাৰতীয় সংবিধানে নিশ্চিত কৰা মৌলিক অধিকাৰসমূহ মূলতঃ ৰাজনৈতিক আৰু কিছু পৰিমাণে সামাজিক। ইয়াত জনসাধাৰণৰ অৰ্থনৈতিক অধিকাৰৰ ওপৰত কোনো গুৰুত্ব আৰোপ  কৰা হোৱা নাই। সংবিধানৰ প্ৰস্তাৱনাত 'সমাজবাগৰ' সংযোজন হ'লেও সমাজবাদী আদৰ্শ বাস্তৱায়িত কৰাৰ বাবে তেনে ধৰণৰ  কোনো মৌলিক অধিকাৰ সংবিধানত সংযোজিত হোৱা নাই। আমাৰ সংবিধানখনে কেৱল ৰাজনৈতিক অধিকাৰৰ ওপৰতহে গুৰুত্ব দিয়া দেখা যায়।

৬। মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি নে? যুক্তি দিয়া।

উত্তৰঃ মৌলিক অধিকাৰ  গোলকনাথ গোচৰৰ সময়লৈকে  সংশোধন কৰিব পাৰি বুলিয়ে ধৰি লোৱা হৈছিল। 

    কিন্তু ১৯৬৭ চনত গোলকনাথ গোচৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ে এই ধাৰণাৰ পৰিৱৰ্তন কৰে। সংবিধানৰ সপ্তদশ সংশোধনী প্ৰস্তাৱ অনুযায়ী পঞ্জাৱ ভূমি অধিকাৰ ৰক্ষণাবেক্ষণ আইনক আৰু মহীসূৰ ভূমি সংস্কাৰ আইনক নৱম অনুসূচীত অন্তৰ্ভূক্ত কৰা হয়। গোলকনাথ আৰু তেওঁৰ সমৰ্থক কিছুমানে এই আইনৰ বৈধতা সম্পৰ্কে ন্যায়ালয়ত গোচৰ তুলিব বিচাৰিছিল। কিন্তু সপ্তদশ সংশোধনী প্ৰস্তাৱ বৈধ হিচাপে থকালৈকে উক্ত আইন দুখনৰ বৈধতা সম্পৰ্কে প্ৰশ্ন তুলিব পৰা নাযায়। গতিকে তেওঁলোকে সপ্তদশ সংশোধনী প্ৰস্তাৱৰ বৈধতা সম্পৰ্কে গোচৰ আৰম্ভ কৰে। ইয়ে হৈছে বিখ্যাত গোলকনাথ গোচৰ। গোচৰীয়াৰ মতে সংবিধান সংশোধন আইন ৰচনাৰ বাহিৰে আন একো নহয়; যিহেতু মৌলিক অধিকাৰ ব্যাহত কৰা যিকোনো আইন অবৈধ, সেয়েহে মৌলিক অধিকাৰক সংশোধন কৰিব পৰা নাযায়। মুখ্য ন্যায়াধীশ চুব্বাৰাওৰ  নেতৃত্বত গঠিত হোৱা ১১ জন ন্যায়াধীশৰ আদালত এখনে এই গোচৰৰ বিচাৰ কৰিছিল। ১১ জন ন্যাধীশৰ ভিতৰত ছজন ন্যায়াধীশে মত প্ৰকাশ কৰিছিল যে মৌলিক অধিকাৰ সংশোধন কৰিব পৰা নাযায়। কিন্তু সংবিধান সংশোধন কৰি ৩৬৮ (২) অনুচ্ছেদ মতে মৌলিক অধিকাৰ কৰিব পৰাৰ ব্যৱস্থা কৰি লোৱা হৈছে। কেশৱনন্দ ভাৰতী গোচৰত উচ্চতম ন্যায়ালয়ে ৰায় দি কৈছে যে মৌলিক অধিকাৰকে ধৰি সংবিধানৰ আন অনুচ্ছেদৰ সংশোধন কৰিব পৰা যায়। এই ৰায়ৰ মৰ্মে মৌলিক অধিকাৰ সংশোধন কৰিবলৈ সংবিধান সভা আহ্বান কৰাৰ দৰকাৰ নাই।

    বাস্তৱ দৃষ্টিভঙ্গীৰে বিচাৰ কৰিলেও দেখা যায় যে মৌলিক অধিকাৰ সংশোধন কৰিব নোৱাৰাৰ কোনো গ্ৰহণযোগ্য যুক্তি থাকিব নোৱাৰে। কোনো এটা নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশত সংবিধান ৰচনা কৰা হয়। সময়ৰ সোঁতত পৰিৱেশৰ পৰিৱৰ্তন হয়। পৰিৱৰ্তিত পৰিৱেশত যাতে সংবিধান খাপ খাব পাৰে, তাৰ কাৰণে সংবিধানত সংশোধন পদ্ধতি সন্নিৱিষ্ট কৰা হয় আৰু এই পদ্ধতি অনুসৰি পৰিৱৰ্তিত পৰিস্থিতিত খাপ খাব পৰাকৈ সংবিধান সংশোধন কৰা হয়। গতিকে পৰিৱৰ্তিত পৰিস্থিতিত খাপ খাব পৰাকৈ মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি।

৭। স্বাধীনতাৰ অধিকাৰৰ ১৯ নং অনুচ্ছেদত উল্লেখ থকা ছয়টা স্বাধীনতা কি কি? যিকোনো এটা বহলাই লিখা। 

উত্তৰঃ মৌলিক অধিকাৰসমূহৰ ভিতৰত স্বাধীনতাৰ অধিকাৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ। সংবিধানৰ ১৯, ২০, ২১ আৰু ২২-নং অনুচ্ছদত এই অধিকাৰসমূহ সন্নিৱিষ্ট কৰা আছে। ১৯-নং অনুচ্ছেদত ৬টা বিশেষ অধিকাৰ অন্তৰ্ভুক্ত। স্বাধীনতাৰ অধিকাৰে সকলো ভাৰতীয় নাগৰিকৰ বাবে নিম্নোলিখিত অধিকাৰসমূহ প্ৰদান কৰিছেঃ

    (ক) বাক্-স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ,

    (খ) অস্ত্ৰবিহীন অৱস্থাত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ,

    (গ) সংস্থা বা সংগঠন গঠনৰ অধিকাৰ,

    (ঘ) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত মুক্ত বিচৰণৰ অধিকাৰ,

    (ঙ) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ আৰু

    (চ) যিকোনো চাকৰি নাইবা ব্যৱসায় কৰাৰ অধিকাৰ

ইয়াৰ যিকোনো এটা অধিকাৰৰ বিষয়ে হৈছে-

(খ) অস্ত্ৰবিহীন অৱস্থাত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰঃ অস্ত্ৰবিহীন অৱস্থাত সমবেত হোৱাৰ অধিকাৰো চৰম নহয়। দেশৰ সাৰ্বভৌমত্ব আৰু সংহতি ৰক্ষাৰ কাৰণে আৰু সমাজত শান্তি-শৃঙ্খলা বজাই ৰখাৰ বাবে চৰকাৰে এই অধিকাৰ ভোগ কৰা কাৰ্যৰ ওপৰতো যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু সংহতি ৰক্ষাৰ কাৰণে আৰু সামাজিক শৃঙ্খলা বজাই ৰখাৰ কাৰণে সংস্থা গঠনৰ অধিকাৰৰ ক্ষেত্ৰতো চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। সেইদৰে সমাজত শান্তি-শৃঙ্খলা প্ৰতিষ্ঠা কৰিবলৈ আৰু অনুসূচিত জাতি আৰু জনজাতি লোকৰ স্বাৰ্থৰক্ষা কৰিবলৈ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত ভ্ৰমণ কৰা আৰু বসবাস কৰাৰ অধিকাৰৰ ক্ষেত্ৰতো চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। সেইদৰে জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থৰক্ষাৰ কাৰণে চাকৰি বা ব্যৱসায় কৰা স্বাধীনতাৰ ক্ষেত্ৰতো চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। এই সীমাবদ্ধতাৰ উপৰিও ৰাষ্ট্ৰপতিয়ে ৩৫২-নং অনুচ্ছেদৰ জৰিয়তে জৰুৰী অৱস্থা ঘোষণা কৰিলে, জৰুৰী অৱস্থা বাহাল থকা সময়ছোৱাত এই অধিকাৰ বাতিল হয়।

৮। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহৰ বিৱৰণ দিয়া। সেইবোৰক কিয় মৌলিক বুলি কোৱা হয়? 

উত্তৰঃ ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ ১২-নং অনুচ্ছেদৰ পৰা ৩৫-নং অনুচ্ছেদলৈ বিস্তিত হৈ আছে। আৰম্ভণিতে সংবিধানত নাগৰিকৰ কাৰণে সাত প্ৰকাৰৰ মৌলিক অধিকাৰৰ ব্যৱস্থা কৰা হৈছিল। তৰ্তমান নাগৰিকৰ মৌলিক অধিকাৰ ছবিধ। ১৯৭৮ চনত সংবিধানৰ ৪৪তম সংশোধনী আইনে অধিকাৰৰ ব্যৱস্থা কৰা হৈছিল। তৰ্তমান নাগৰিকৰ মৌলিক অধিকাৰ ছবিধ। ১৯৭৮ চনত সংবিধানৰ ৪৪তম সংশোধনী আইনে সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিছে। ইয়াৰ কাৰণ হ'ল প্ৰস্তাৱনাত 'সমাজবাদী' শব্দ যোগ কৰি ভাৰতত এখন সমাজবাদী আৰ্হিৰ সমাজ গঠন কৰাৰ ব্যৱস্থা লোৱা হৈছে। এতিয়া কোনো নাগৰিকে সাধাৰণ আইনৰ সহায়তহে তেওঁৰ সম্পত্তি ৰক্ষা কৰিব পাৰি। 

    সংবিধানত সন্নিৱিষ্ট ছয় প্ৰকাৰৰ মৌলিক অধিকাৰ হৈছে-

(ক) সমতাৰ অধিকাৰ,

(খ) স্বাধীনতাৰ অধিকাৰ,

(গ) শোষণৰ বিৰুদ্ধে অধিকাৰ,

(ঘ) ধৰ্মৰ অধিকাৰ ,

(ঙ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ,

(চ) সাংবিধানিক  প্ৰতিকাৰৰ অধিকাৰ।

এই অধিকাৰসমূহৰ ভিতৰত কিছুমান অধিকাৰ আছে যিবোৰ কেৱল নাগৰিকসকলেহে ভোগ কৰে। ৰাষ্ট্ৰই কোনো নাগৰিককে ধৰ্ম, জাতি, সম্প্ৰদায়, লিংগ তথা জন্মস্থানৰ আধাৰত বৈষম্যমূলক আচৰণ কৰিব নোৱৰাৰ অধিকাৰ, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সুযোগৰ সমান অধিকাৰ, বাক্-স্বাধীনতা, সভা-সমিতি অনুষ্ঠিত কৰাৰ অধিকাৰ, সংঘবদ্ধ হোৱাৰ অধিকাৰ, চলা-ফুৰাৰ স্বাধীনতা, সম্পত্তিৰ অধিকাৰ, সংখ্যালঘুসকলৰ সাংস্কৃতিক আৰু শিক্ষামূলক অধিকাৰ কেৱল নাগৰিকসকলেহে ভোগ কৰিব পাৰে।

    এইবোৰ অধিকাৰ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট আৰু সীমাবদ্ধতা বাবে এই অধিকাৰ বোৰক মৌলিক  বুলি কোৱা হয়।

৯। ভাৰতীয় সংবিধানত দিয়া মৌলিক অধিকাৰসমূহৰ প্ৰকৃতি আৰু তাৎপর্য ব্যাখ্যা কৰা।  

উত্তৰঃ 

১০। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক কৰ্তব্যসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ  ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক কৰ্তব্যসমূহ হৈছে-

(১) সংবিধান মানি চলা আৰু ইয়াৰ আৰ্দশ তথা অনুষ্ঠানসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা;

(২) স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা;

(৩) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা;

(৪) দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা;

(৫) ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভাতৃত্বভাবৰ সৃষ্টি কৰা আৰু মহিলাসকলৰ প্ৰতি মৰ্য্যদা হানিকৰ আচৰণ ত্যাগ কৰা;

(৬) ভাৰতৰ মূল্যবান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা;

(৭) বননি, হ্ৰদ, নদ-নদী, বন্য জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াপৰৱশ হোৱা;

(৮) বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ বিকাশ সাধন কৰা, মানৱতাবোধ ভাবৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰ মনোভাবৰ বিকাশ সাধন কৰা;

(৯) ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংহাৰ মনোভাব পৰিত্যাগ কৰা আৰু

(১০) ব্যক্তিগত আৰু সামূহিক সকলো কাম-কাজৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ চেষ্টা কৰা আৰু ৰাষ্ট্ৰই যাতে প্ৰগতিৰ পথত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰা;

(১১) ২০০২চনৰ ৮৬তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ'ল ''ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰত্যক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব।'' এইটো হ'ল পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য।

১১। মৌলিক অধিকাৰৰ পাঁচটি সীমাৱদ্ধতা ব্যাখ্যা কৰা।  

উত্তৰঃ মৌলিক অধিকাৰৰ পাঁচটি সীমাৱদ্ধতা হৈছে-

(১) সংবিধানত সমতাৰ অধিকাৰৰ ব্যৱস্থা আছে যদিও, চৰকাৰে বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে বিশেষ ব্যৱস্থা কৰিব পাৰে।

(২) স্বাধীনতাৰ অধিকাৰৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। সাধাৰণ অৱস্থাতো নিবাৰক নিৰোধৰ নিচিনা আইন প্ৰচলন কৰাৰ ব্যৱস্থা আছে।

(৩) দেশত জৰুৰী অৱস্থা বাহাল থাকিলে কিছুমান মৌলিক অধিকাৰ বাতিল হৈ যায়।

(৪) মৌলিক অধিকাৰৰ ভিতৰত কোনো অৰ্থনৈতিক অধিকাৰ সন্নিৱিষ্ট কৰা নাই।

(৫) মৌলিক অধিকাৰ ৰক্ষা কৰাটো ব্যয়বহুল।

১২। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি বুলিলে কি বুজা? নির্দেশক নীতি অৱজ্ঞা কৰিলে নিৰাময়ৰ বাবে ন্যায়ালয়ৰ সহায় ল'ব পাৰি নে? 

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিৰ অন্তৰ্ভুক্ত আমাৰ সংবিধানৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। ভাৰতবৰ্ষত কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাই এই নীতিসমূহৰ প্ৰধান উদ্দেশ্য। সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা আদৰ্শৰ লগত সামঞ্জস্য ৰাখি এই নীতিসমূহ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। প্ৰস্তাৱনাত ভাৰতীয় জনসাধাৰণক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ আশ্বাস দিয়া আছে। তৃতীয় অধ্যায়ত সন্নিৱিষ্ট কৰা মৌলিক অধিকাৰৰ জৰিয়তে ৰাজনৈতিক আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ চেষ্টা কৰা হৈছে যদিও, মৌলিক অধিকাৰত অৰ্থনৈতিক নীতি সন্নিৱিষ্ট কৰা হোৱা নাই। ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰা সময়ত ভাৰতীয় নাগৰিকৰ অৰ্থনৈতিক স্বাধীনতা দিব পৰা অৱস্থা নাছিল। দ্ৰুতগতিত বাঢ়ি জনসংখ্যা, অৰ্থনৈতিক দুৰৱস্থা আৰু সাম্প্ৰদায়িক সংঘৰ্ষ আদিয়ে সেই সময়ত ভালেমান অসুবিধাৰ সৃষ্টি কৰিছিল। সেয়েহে কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে দৰকাৰী কিছুমান নীতি নিৰ্দেশক নীতি অধ্যায়ত অন্তৰ্ভুক্ত কৰা হয়।

১৩। আদৰ্শৰ ভিত্তিত নির্দেশক নীতিসমূহ ভাগ কৰি যিকোনো এটা বৰ্ণনা কৰা।

উত্তৰঃ  

৪। গান্ধীবাদী নীতি বুলিলে কি বুজা? সেইবোৰ কি কি? 

উত্তৰঃ সংবিধানৰ ৪০, ৪৩, ৪৭ আৰু ৪৮ অনুচ্ছেদত সন্নিৱিষ্ট নীতিসমূহ মহাত্মা গান্ধীয়ে তেওঁৰ জীৱন কালত আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল। ভাৰতীয় সংবিধান প্ৰণেতাসকলে মহাত্মা গান্ধীৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে তেওঁৰ আদৰ্শসমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব দিছিল। 

গান্ধীবাদী নীতিসমূহ হৈছে-

(১) পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৃষ্টি কৰা ( অনুচ্ছেদ - ৪০)।

(২) ব্যক্তিগতভাৱে নাইবা সমবায় ভিত্তিত কুটীৰ শিল্পৰ প্ৰসাৰণৰ ব্যৱস্থা কৰা ( অনুচ্ছেদ - ৪৩)।

(৩) সমাজৰ দুৰ্বল, পিছপৰা শ্ৰেণীৰ লোক আৰু অনুসূচিত জাতি আৰু জনজাতিৰ লোকক শিক্ষালাভৰ সুবিধা দিয়া আৰু তেওঁলোকৰ অৰ্থনৈতিক স্বাৰ্থ ৰক্ষা কৰা ( অনুচ্ছেদ - ৪৬)।

(৪) জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে মাদক দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰা ( অনুচ্ছেদ -৪৭)।

(৫) আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিত কৃষি আৰু পশু-পালনৰ ব্যৱস্থা কৰা, গো-বধ বন্ধ কৰা (অনুচ্ছেদ -৪৮)। 

১৫। নিৰ্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজত থকা পাৰ্থক্যসমূহ চমুকৈ আলোচনা  কৰা। 

উত্তৰঃ নিৰ্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজত থকা পাৰ্থক্যসমূহ হৈছে-

(১) মৌলিক অধিকাৰসমূহ বাদযোগ্য। কিন্তু নিৰ্দেশক নীতিসমূহ বাদযোগ্য নহয়।

(২) মৌলিক অধিকাৰৰ ভেঁটি হৈছে ব্যক্তিবাদ। কিন্তু নিৰ্দেশক নীতিৰ ভেঁটি হৈছে সমাজবাদ।

(৩) মৌলিক অধিকাৰসমূহ জনসাধাৰণৰ উদ্দেশ্য দিয়া হৈছে, আনহাতে নিৰ্দেশক নীতিসমূহ ৰাষ্ট্ৰৰ উদ্দেশ্য দিয়া হৈছে।

(৪) মৌলিক অধিকাৰ কাৰ্যকৰীকৰণৰ কাৰণে কোনো নতুন বিধিৰ দৰকাৰ নহয়। কিন্তু নিৰ্দেশক নীতিসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰে নতুন বিধি প্ৰণয়ন কৰিবলগা হয়।

(৫) দেশত জৰুৰী অৱস্থা বাহাল থাকিলে কিছুমান মৌলিক অধিকাৰ বাতিল হয়, আদালতৰ জৰিয়তে তেতিয়া সেই অধিকাৰ সাব্যস্ত কৰিব নোৱাৰি। কিন্তু জৰুৰী অৱস্থা বাহাল থাকিলে নিৰ্দেশক নীতি বাতিল হৈ নাযায়। চৰকাৰে যিকোনো সময়তে এই নীতিসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(৬) মৌলিক অধিকাৰৰ জৰিয়তে নাগৰিকসকলৰ ব্যক্তিগত স্বাধীনতাক ৰক্ষণা-বেক্ষণ দিয়া হৈছে, কিন্তু নিৰ্দেশক নীতিৰ জৰিয়তে জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থাক উন্নত কৰি সমাজবাদী সমাজব্যৱস্থা প্ৰচলনৰ চেষ্টা কৰা হৈছে।


১৬। তোমাৰ মতে কোনটো মৌলিক অধিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ? ইয়াৰ ব্যৱস্থাবোৰ সংক্ষেপ কৰা আৰু যুক্তি আগবঢ়াই দেখুওৱা কিয় এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ।  

উত্তৰঃ

১৭। দুখীয়া মানুহৰ মাজত কাম কৰা এজন কৰ্মীয়ে কৈছে যে দুখীয়া মানুহক মৌলিক অধিকাৰৰ প্ৰয়োজন নাই। তেওঁলোকৰ বাবে প্ৰয়োজনীয় ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিক আইনগতভাৱে বান্ধ খুওৱা। তুমি এই ক্ষেত্ৰত একমত নে? যুক্তি আগবঢ়োৱা।  

উত্তৰঃ 

চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions):  

১। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰাৰ উদ্দেশ্য কি?  

উত্তৰঃ ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ ১২-নং অনুচ্ছেদৰ পৰা ৩৫-নং অনুচ্ছেদলৈ বিস্তিত হৈ আছে। আৰম্ভণিতে সংবিধানত নাগৰিকৰ কাৰণে সাত প্ৰকাৰৰ মৌলিক অধিকাৰৰ ব্যৱস্থা কৰা হৈছিল। তৰ্তমান নাগৰিকৰ মৌলিক অধিকাৰ ছবিধ। ১৯৭৮ চনত সংবিধানৰ ৪৪তম সংশোধনী আইনে অধিকাৰৰ ব্যৱস্থা কৰা হৈছিল। তৰ্তমান নাগৰিকৰ মৌলিক অধিকাৰ ছবিধ। ১৯৭৮ চনত সংবিধানৰ ৪৪তম সংশোধনী আইনে সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিছে। ইয়াৰ কাৰণ হ'ল প্ৰস্তাৱনাত 'সমাজবাদী' শব্দ যোগ কৰি ভাৰতত এখন সমাজবাদী আৰ্হিৰ সমাজ গঠন কৰাৰ ব্যৱস্থা লোৱা হৈছে। এতিয়া কোনো নাগৰিকে সাধাৰণ আইনৰ সহায়তহে তেওঁৰ সম্পত্তি ৰক্ষা কৰিব পাৰি। 

২। সাংবিধানিক নিৰাময়ৰ অধিকাৰ কেতিয়া আৰু কি পদ্ধতিৰে স্থাপিত কৰিব পাৰি?

উত্তৰঃ 

৩। তলৰ অৱস্থাবোৰ পঢ়া। প্রত্যেক ক্ষেত্ৰত কোনবোৰ মৌলিক অধিকাৰ ব্যৱহাৰ কৰা হৈছে আৰু কোনটো খৰ্ব কৰা হৈছে? 

উত্তৰঃ

(ক) ৰাষ্ট্ৰীয় বিমান সেৱা বিভাগত ওজন বৃদ্ধি (শকত) হোৱা পুৰুষ কেবিন কর্মীসকলক পদোন্নতি দিয়া হয় কিন্তু তেওঁলোকৰ সহকৰ্মী মহিলাসকলক শকত হ'লে তেওঁলোকক শাস্তি প্ৰদান কৰা হয়।

উত্তৰঃ

(খ) এখন অর্থমূলক চলচ্চিত্ৰৰ নিৰ্দেশকে (Director) চৰকাৰৰ নীতিক সমালোচনা কৰে।

উত্তৰঃ

(গ) এটা বৃহৎ নদী বান্ধ নিৰ্মাণৰ ফলত সংস্থানহীন লোকসকলে পুনঃসংস্থাপনৰ দাবী কৰি এক সমদল উলিয়ায়।

উত্তৰঃ

(ঘ) মাৰাঠা সমাজে মহাৰাষ্ট্ৰৰ বাহিৰত মাৰাঠী মাধ্যমৰ স্কুল পৰিচালনা কৰে। 

উত্তৰঃ

৪। তলৰ কোনবোৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ শুদ্ধ ব্যাখ্যা কৰাঃ 

(ক) সংখ্যালঘু লোকে খোলা কেৱল সংখ্যালঘু ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰিব পাৰে।

উত্তৰঃ
 

(খ) চৰকাৰী স্কুলসমূহে নিশ্চিতি দিব লাগিব যে তাত পঢ়া সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা-ছোৱালীয়ে তেওঁলোকৰ নিজা বিশ্বাস আৰু সংস্কৃতি সম্বন্ধে জানিব পাৰিব।

উত্তৰঃ

(গ) ভাষিক আৰু ধর্মীয় সংখ্যালঘু লোকসকলে তেওঁলোকৰ সন্তানসকলৰ বাবে নিজাববীয়াকৈ শিক্ষানুষ্ঠান পাতিব পাৰিব আৰু সেইবোৰ কেৱল তেওঁলোকৰ ল'ৰা-ছোৱালীৰ বাবে সংৰক্ষিত থাকিব।

উত্তৰঃ

(ঘ) ভাষিক আৰু ধর্মীয় সংখ্যালঘু লোকসকলে দাবী কৰিব পাৰে যে তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে তেওঁলোকে খোলা শিক্ষানুষ্ঠানৰ বাহিৰে আনত শিক্ষাগ্ৰহণ নকৰে।

উত্তৰঃ 

৫। তলত উল্লেখ কৰা কোনটোত মৌলিক অধিকাৰ ভংগ হৈছে আৰু কিয়?

(ক) ন্যূনতম মজুৰি প্ৰদান নকৰা, 

(খ) এখন গ্ৰন্থৰ প্ৰচলন বন্ধ কৰা,

(গ) নিশা ৯ বজাৰ পিছত শব্দবিবর্ধক (Loudspeaker) বন্ধ কৰি দিয়া 

(ঘ) এটা  বক্তৃতা দিয়া

উত্তৰঃ 

৬। ভাৰতীয় সংবিধানৰ ১৯ নং অনুচ্ছেদত সন্নিবিষ্ট অধিকাৰকেইটা উল্লেখ কৰা। এই অনুচ্ছেদৰ পৰা কোনটো অধিকাৰ উঠাই দিয়া হৈছে? [HS(XT) 2017]

উত্তৰঃ ভাৰতীয় সংবিধানৰ ১৯ নং অনুচ্ছেদত সন্নিৱিষ্ট অধিকাৰকেইটা হৈছে-

    (ক) বাক্-স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ,

    (খ) অস্ত্ৰবিহীন অৱস্থাত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ,

    (গ) সংস্থা বা সংগঠন গঠনৰ অধিকাৰ,

    (ঘ) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত মুক্ত বিচৰণৰ অধিকাৰ,

    (ঙ) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ আৰু

    (চ) যিকোনো চাকৰি নাইবা ব্যৱসায় কৰাৰ অধিকাৰ

এই অনুচ্ছেদৰ পৰা (খ) অস্ত্ৰবিহীন অৱস্থাত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰটো উঠাই দিয়া হৈছে।


৭। ব্যক্তিগত স্বতন্ত্রভাৰ অধিকাৰ চমুকৈ লিখা।

উত্তৰঃ গণতন্ত্ৰৰ ধাৰক আৰু বাহক হিচাপে ভাৰতীয় নাগৰিকসকলৰ বাবে স্বাধীনতাৰ গুৰুত্ব অপৰিসীম। স্বাধীনতাৰ অধিকাৰসমূহৰ ভিতৰত বৰ্তমান নাগৰিকসকলৰ অন্যতম অধিকাৰ হ'ল জীৱন আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰ। আইনৰ বিধানৰ বাহিৰে কোনো ব্যক্তিক জীৱনৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি। এই অধিকাৰ এফালে পৌৰ অধিকাৰ আৰু আনফালে ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰ হিচাপে  বিবেচিত হ'ব পাৰে। সেয়েহে উপযুক্ত কোনো কাৰণ নোহোৱাকৈ কোনো ব্যক্তিকে গ্ৰেপ্তাৰ বা আটক কৰিব নোৱাৰি। যদি কিবা অজুহাতত গ্ৰেপ্তাৰ বা বন্দী হয় তেন্তে ব্যক্তিজনে নিজকে বচোৱা বা ৰক্ষণা-বেক্ষণৰ বাবে নিজৰ পছন্দৰ আইনজ্ঞ নিয়োগ কৰাৰ অধিকাৰ আছে। আৰক্ষীয়েও গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক ২৪ ঘন্টাৰ ভিতৰত নিকটৱৰ্তী আদালতত হাজিৰ কৰোৱাটো বাধ্যতামূলক। আদালতৰ বিচাৰকজনে সেই গ্ৰেপ্তাৰ ন্যায়সংগত হয় নে নহয় বিচাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰে। 

    এই অধিকাৰটো এজন ব্যক্তিৰ জীৱনলৈ অহা প্ৰত্যাহ্বানৰ বিৰুদ্ধে গ্ৰহণ কৰা স্বীকৃতি নহয়। ইয়াৰ পৰিসৰ আৰু বহুত বেছি। উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত বিভিন্ন ৰায় যোগে এই অধিকাৰৰ পৰিসৰ বৃদ্ধি কৰিছে। এই অধিকাৰটোত শোষণ বিহীন মানৱীয় মূল্যবোধেৰে জীয়াই থকাৰ অধিকাৰো নিহিত আছে বুলি উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশত কোৱা হৈছে। বাসস্থান আৰু জীৱিকা-নিৰ্বাহৰ উপায়ো জীৱনৰ অধিকাৰ অন্তৰ্ভুক্ত।



৮। মৌলিক অধিকাৰৰ ওপৰত বাধা আৰোপ কৰিব পৰা দুটা পৰিস্থিতি ব্যাখ্যা কৰা।

উত্তৰঃ 

৯। অধিকাৰ বিষয়ক বিষেয়ক।

উত্তৰঃ 
১০। মানৱ অধিকাৰৰ বিষয়ে কি জানা লিখা। 

উত্তৰঃ ১৯৯৩ চনত ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশক সভাপতি হিচাপে লৈ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আৰু দুজন মানৱ অধিকাৰৰ লগত জড়িত আৰু সেই বিষয়ৰ ওপৰত অভিজ্ঞতা থকা ব্যক্তিক সদস্য হিচাপে লৈ এই আয়োগ গঠন কৰা হয়। আয়োগৰ এজন সচিব আছে আৰু তেৱেঁই আয়োগৰ প্ৰধান কাৰ্যনিৰ্বাহক বিষয়া হিচাপে দায়িত্ব পালন কৰে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যকাল পাচঁ বছৰ।

১১। নিৰ্দেশক নীতিৰ লক্ষ্যসমূহ উল্লেখ কৰা।

উত্তৰঃ 

১২। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ দুটা লক্ষ্য উল্লেখ কৰা। 

উত্তৰঃ 

১৩। সংবিধানৰ ৩২ নং অনুচ্ছেদ মতে উচ্চতম আৰু উচ্চ ন্যায়ালয়ে কিমান লেখ জাৰি কৰিব পাৰে? [HS(XI) 2018)

উত্তৰঃ  সংবিধানৰ ৩২নং অনুচ্ছেদ আৰু ২২৬নং অনুচ্ছেদৰ জৰিয়তে নাগৰিকসকলে ন্যায়ালয়ে বন্দী উপস্থাপন সমাদেশ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ৎ তলবী, উৎপ্ৰেষণ আদি পৰোৱানা জাৰি কৰি নাগৰিক অধিকাৰ ৰক্ষা কৰাৰ ব্যৱস্থা কৰিব পাৰে। কোনো লোকক বে-আইনীভাৱে আটক কৰিলে, আদালতত বন্দী উপস্থাপন সমাদেশ জাৰি কৰি আটক কৰা লোকক আদালতত হাজিৰ কৰাৰ ব্যৱস্থা কৰিব পাৰে। আটক বন্দী দোষী প্ৰমাণিত নহ'লে, তেনে লোকক ন্যায়ালয়ে মুকলি কৰি দিব পাৰে। কোনো লোক বা কৰ্তৃপক্ষই নিজৰ দায়িত্ব পালন কৰিবলৈ অনিচ্ছুক হ'লে আদালতে পৰমাধিদেশ জাৰি কৰি তেনে লোক বা কৰ্তৃপক্ষক নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য কৰাব পাৰে। বৈধভাৱে নিৰ্বাচন নোহোৱা বা নিযুক্ত নোহোৱা কোনো ক্ষেত্ৰত মীমাংসা নোহোৱালৈকে তেনে লোকক কৈফিয়ৎ তলবী পৰোৱানা জাৰি কৰি তেওঁক সেই পদবীত কাম কৰাৰ পৰা বিৰত ৰাখিব পাৰে। সেইদৰে নিম্ন আদালতত বিচাৰধীন গোচৰ উচ্চ আদালতলৈ প্ৰেৰণ কৰিবলৈ উৎপ্ৰেষণ পৰোৱানা জাৰি কৰিব পাৰে।


১৪। ভাৰতীয় সংবিধানত কিয় মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে? চাৰিটা কাৰণ দিয়া।

উত্তৰঃ ভাৰতীয় সংবিধানত নাগৰিকৰ ব্যক্তিত্বৰ বিকাশ আৰি শান্তিপূৰ্ণ আৰু স্বাচ্ছন্দ জীৱন যাপনৰ বাবে সমাজত এটা সুস্থ বাতাবৰণৰ প্ৰয়োজন। ভাৰতীয় সংবিধানে সেই বাতাবৰণ সৃষ্টিৰ বাবে সংবিধানত কিছুমান অঙ্গীকাৰ কৰিছে। সেই সমূহেই হৈছে মৌলিক অধিকাৰ। সেই কাৰণে ভাৰতীয় সংবিধানত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে।

ইয়াৰ দুটা কাৰণ হৈছে-

(১) কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা।
(২) নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰ স্বাধীনতা।
(৩) সংস্থা বা সংঘ গঠনৰ তালিকা।


১৫। দুটা কাৰণ প্ৰদৰ্শন কৰা যে মৌলিক অধিকাৰ চূড়ান্ত নহয়।

উত্তৰঃ মৌলিক অধিকাৰ চূড়ান্ত নোহোৱাৰ দুটা কাৰণ-

(১) মৌলিক অধিকাৰ সীমাহীন নহয়।

(২) ৰাষ্ট্ৰই মৌলিক অধিকাৰসমূহৰ উপভোগত যুক্তিসংগত বাধা নিষেধ' আৰোপ কৰিব পাৰে।

১৪। নির্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজত তিনিটা পার্থক্য লিখা।  

উত্তৰঃ নিৰ্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজত তিনিটা পাৰ্থক্য হৈছে-

(১) মৌলিক অধিকাৰসমূহ বাদযোগ্য। কিন্তু নিৰ্দেশক নীতিসমূহ বাদযোগ্য নহয়।

(২) মৌলিক অধিকাৰৰ ভেঁটি হৈছে ব্যক্তিবাদ। কিন্তু নিৰ্দেশক নীতিৰ ভেঁটি হৈছে সমাজবাদ।

(৩) মৌলিক অধিকাৰসমূহ জনসাধাৰণৰ উদ্দেশ্য দিয়া হৈছে, আনহাতে নিৰ্দেশক নীতিসমূহ ৰাষ্ট্ৰৰ উদ্দেশ্য দিয়া হৈছে।

১৫। মানৱ অধিকাৰ আয়োগৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ ১৯৯৩ চনত ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশক সভাপতি হিচাপে লৈ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আৰু দুজন মানৱ অধিকাৰৰ লগত জড়িত আৰু সেই বিষয়ৰ ওপৰত অভিজ্ঞতা থকা ব্যক্তিক সদস্য হিচাপে লৈ এই আয়োগ গঠন কৰা হয়। আয়োগৰ এজন সচিব আছে আৰু তেৱেঁই আয়োগৰ প্ৰধান কাৰ্যনিৰ্বাহক বিষয়া হিচাপে দায়িত্ব পালন কৰে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যকাল পাচঁ বছৰ।

১৬। নির্দেশক নীতিত থকা গান্ধীৰ নীতিৰ ওপৰত টোকা লিখা।

উত্তৰঃ   গান্ধীবাদী নীতি কিছুমানক নিৰ্দেশক নীতিৰ অধ্যায়ত স্থান দিয়া হৈছে। সংবিধানৰ ৪০, ৪৩, ৪৬, ৪৭ আৰু ৪৮-নং অনুছেদত এনে নীতি কিছুমান সন্নিৱিষ্ট কৰা হৈছে। এই নীতিসমূহ হ'লঃ

(১) পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৃষ্টি কৰা ।

(২) ব্যক্তিগতভাৱে নাইবা সমবায় ভিত্তিত কুটীৰ শিল্পৰ প্ৰসাৰণৰ ব্যৱস্থা কৰা।

(৩) সমাজৰ দুৰ্বল, পিছপৰা শ্ৰেণীৰ লোক আৰু অনুসূচিত জাতি আৰু জনজাতিৰ লোকক শিক্ষালাভৰ সুবিধা দিয়া আৰু তেওঁলোকৰ অৰ্থনৈতিক স্বাৰ্থ ৰক্ষা কৰা।

(৪) জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে মাদক দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰা।

(৫) আধুনিক আৰু বৈ়জ্ঞানিক পদ্ধতিত কৃষি আৰু পশু-পালনৰ ব্যৱস্থা কৰা, গো-বধ বন্ধ কৰা।

    গাওঁ অঞ্চলত গাওঁ পঞ্চায়তৰ ব্যৱস্থা কৰা, ্অনুসূচিত জাতি, জনজাতি আৰু সমাজৰ আন আন পিছপৰা শ্ৰেণীৰ লোকৰ শিক্ষাৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ অৰ্থনৈতিক স্বাধীনতা ৰক্ষা কৰা, কুটীৰ শিল্পৰ প্ৰসাৰণ ঘটোৱা, কৃষিৰ উন্নতি সাধন কৰা, জীৱ-জন্তুৰ প্ৰতি দয়া পৰৱশ হোৱা আদি গান্ধীজীৰ মতবাদৰ অংশবিশেষ আছিল। নিৰ্দেশক নীতিৰ অধ্যায়ত এই নীতিক সন্নিৱিষ্ট কৰি নীতিসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হৈছে।

১৭। সংখ্যালঘুক প্ৰদান কৰা দুটা মৌলিক নীতি লিখা।

উত্তৰঃ  

১৮। ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য উল্লেখ কৰা।[HS(XI) 2016]

উত্তৰঃ  ভাৰতীয় সংবিধানত দুটা মৌলিক কৰ্তব্য হৈছে-

(১) সংবিধানে মানি চলা আৰু ইয়াৰ আদৰ্শ তথা অনুষ্ঠানসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্সন কৰা।

(২) স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা।

১৯। মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ  মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য হৈছে-

(১)  সংবিধানৰ অভিন্ন অংগঃ মৌলিক অধিকাৰসমূহ সংবিধানৰ অভিন্ন বা অবিচ্ছেদ্য অংগ। সংবিধানৰ ২৪টা অনুচ্ছেদত মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা হৈছে। সাধাৰণ বিধি প্ৰক্ৰিয়াৰ দ্বাৰা সেইবোৰৰ পৰিৱৰ্তন, পৰিবৰ্ধন বা নাইকিয়া কৰিব নোৱাৰি। কেৱল কেন্দ্ৰীয় সংসদে বিশেষ সংশোধন পদ্ধতিৰে মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে। ৰাজ্য়সমূহৰ এই বিষয়ত কোনো ক্ষমতা নাই।

(২) ন্যায় বিচাৰযোগ্যঃ সংবিধানে নাগৰিকসকলক অধিকাৰ দিয়ে ক্ষান্ত থকা নাই। ইয়াৰ প্ৰকৃত প্ৰয়োগ আৰু সংৰক্ষণৰ কাৰণে যথাবিহিত ব্যৱস্থাও সংবিধানত ৰাখিছে। ভাৰতৰ উচ্চতম ন্যায়ালয় হৈছে নাগৰিকৰ মৌলিক অধিকাৰৰ সংৰক্ষক আৰু অভিভাৱক। অধিকাৰ বিৰোধী যিকোনো কাৰ্যত ন্যায়ালয়ে বাধা আৰোপ কৰিব পাৰে বা নাকচ কৰিব পাৰে। তদুপৰি ন্যায়ালয়ে কিছুমান বিশেষ ধৰণৰ নিৰ্দেশ জাৰি কৰি নাগৰিকৰ মৌলিক অধিকাৰক সুৰক্ষা দিব পাৰে।

বস্তুনিষ্ঠ প্রশ্নাবলী (Objective type questions)

১। ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তর্ভুক্ত কৰা  হৈছে?  [HS(XI) 2016]

উত্তৰঃ       

২। ভাৰতীয় সংবিধানত কিমানবিধ মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে? 

উত্তৰঃ  ভাৰতীয় সংবিধানত ৬ বিধ  মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে।   

৩। ভাৰতীয় সংবিধানে নাগৰিকক বাক্‌স্বাধীনতাৰ  অধিকাৰ দিছে নে?

উত্তৰঃ  ভাৰতীয় সংবিধানে নাগৰিকক বাক্‌স্বাধীনতাৰ  অধিকাৰ  দিছে।

৪। কোনটো অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে?

উত্তৰঃ   সম্পত্তি অধিকাৰটো মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে।

৫। ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছিল? (HS(XI) 2018]

উত্তৰঃ ভাৰতীয় সংবিধানৰ ১৯৭৮ চনত সংবিধানৰ ৪৪ তম সংসোধনী আইনে সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছিল।     

৬। ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কোনটো মৌলিক অধিকাৰক সংবিধানৰ 'হৃৎপিণ্ড আৰু আত্মা' বুলি বিবেচনা কৰা হয়? [HS(XI) 2017 ]  

উত্তৰঃ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো সংবিধানৰ 'হৎপিণ্ড আৰু আত্মা' বুলি বিবেচনা কৰা হয়।

৭। ২২৬ নং অনুচ্ছেদৰ অধীনত ভাৰতৰ কোনখন ন্যায়ালয়ে মৌলিক অধিকাৰ বলৱৎ কৰাৰ কাৰণে পৰোৱানা জাৰি কৰিব পাৰে। 

উত্তৰঃ ৩২-নং অনুচ্ছেদ আৰু ২২৬ নং অনুচ্ছেদৰ অধীনত ভাৰতৰ উচ্চ ন্যায়ালয় নাইবা উচ্চতম ন্যায়ালয়ে মৌলিক অধিকাৰ বলৱৎ  কৰাৰ কাৰণে পৰোৱানা জাৰি কৰিব পাৰে।

৮। ভাৰতৰ ৰাজধর্ম বা ৰাষ্ট্ৰধর্ম কিবা আছে নে?

উত্তৰঃ  ভাৰতৰ ৰাজধৰ্ম বা ৰাষ্ট্ৰধৰ্ম আছে।     

৯। মৌলিক অধিকাৰৰ ধাৰণাটো বিশ্বৰ কোনখন দেশৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছিল। 

উত্তৰঃ মৌলিক অধিকাৰ ধাৰণাটো বিশ্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছিল।    

১০। সম্পত্তিৰ অধিকাৰ এটা মৌলিক অধিকাৰ নে? 

উত্তৰঃ  সম্পত্তি অধিকাৰ এটা মৌলিক অধিকাৰ নহয়। এই অধিকাৰটো মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিছে।    

১১। সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে ভাৰতৰ পৰা অস্পৃশ্যতা উঠাই দিয়া হৈছে।  

উত্তৰঃ  সংবিধানৰ ১৭নং   অনুচ্ছেদৰ জৰিয়তে ভাৰতৰ পৰা অস্পৃশ্যতা উঠাই দিয়া হৈছে।

১২। সংবিধানত মৌলিক কৰ্তব্যৰ ধাৰা কোন সংশোধনী মতে সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰঃ  সংবিধানৰ ৪২তম সংশোধনী আইনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে।    

১৩। ভাৰতৰ সংবিধানত সন্নিবিষ্ট নির্দেশক নীতিৰ অধ্যায়টো কোন সংবিধানৰ পৰা আহৰণ কৰা হৈছে?  

উত্তৰঃ  ভাৰতৰ সংবিধানত সন্নিৱিষ্ট নিৰ্দেশক নীতিৰ অধ্যায়টো স্পেইন আৰু আয়াৰলেণ্ডৰ সংবিধান অনুকৰণ কৰিয়ে আমাৰ দেশৰ সংবিধানতো নিৰ্দেশক নীতি আহৰণ কৰা হৈছে।    

১৪। সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক অধিকাৰৰ উল্লেখ আছে।

উত্তৰঃ সংবিধানৰ তৃতীয় অনুচ্ছেদত মৌলিক অধিকাৰৰ উল্লেখ আছে।    

১৫। মৌলিক অধিকাৰ কোনে স্থাপিত ৰাখিব পাৰে?

উত্তৰঃ     

১৬। মৌলিক অধিকাৰবোৰ চূড়ান্ত নে?

উত্তৰঃ মৌলিক অধিকাৰবোৰ চূড়ান্ত নহয়।    

১৭। নির্দেশক নীতিবোৰ গ্রহণযোগ্য নে?

উত্তৰঃ     

১৮। মৌলিক অধিকাৰ কোনে সংশোধন কৰিব পাৰে?

উত্তৰঃ মৌলিক অধিকাৰ ভাৰতীয় সংসদে সংশোধন কৰিব পাৰে।

১৯। মৌলিক অধিকাৰবোৰ ভাৰতীয় সংবিধানৰ অভিন্ন অংশ। (হয় বা নহয়  লিখা)  [HS(XI) 2016] [HS(XI) 2018 ]

উত্তৰঃ  মৌলিক অধিকাৰবোৰ ভাৰতীয় সংবিধানৰ অভিন্ন অংশ হয়।ম

২০। মৌলিক অধিকাৰবোৰ অসীম। (সতা নে অসত্য লিখা)  

উত্তৰঃ অসত্য।    

শুদ্ধ উত্তৰ বাছি উলিওৱা (Choose the correct answers)  

১। প্ৰত্যেকটো উক্তিৰ বিপৰীতে শুদ্ধ নে অশুদ্ধ লিখা:  

(ক) এখন অধিকাৰ বিষয়ক বিধেয়কত এখন দেশৰ জনসাধাৰণে উপভোগ কৰা অধিকাৰসমূহ উল্লেখ আছে। 

উত্তৰঃ     

(খ) এখন অধিকাৰ বিষয়ক বিধেয়কে এজন ব্যক্তিৰ স্বতন্ত্ৰতাক সুৰক্ষা দিয়ে।  

উত্তৰঃ    

(গ) বিশ্বৰ প্ৰত্যেক ৰাষ্ট্ৰৰ একোখন অধিকাৰ বিষয়ক বিধেয়ক আছে।

উত্তৰঃ      

(ঘ) অধিকাৰ উলংঘাৰ বিৰুদ্ধে সংবিধানে নিৰাময় নিশ্চিত কৰে। 

উত্তৰঃ     

২। তলৰ কোনবোৰ মৌলিক অধিকাৰ সম্পৰ্কে উত্তম বর্ণনাঃ 

(ক) এজন ব্যক্তিৰ সকলো অধিকাৰ থকা উচিত। 

(খ) আইনে নাগৰিকক সকলো অধিকাৰ দিয়ে।

(গ) সংবিধানে অধিকাৰ প্ৰদান কৰে আৰু সুৰক্ষাও দিয়ে। 

(ঘ) সংবিধানপ্রদত্ত অধিকাৰসমূহক কেতিয়াও সীমিত কৰিব নোৱাৰি। 

উত্তৰঃ       

৩। মৌলিক অধিকাৰৰ আৰ্হি লোৱা হৈছে:  

(ক) গ্রেট ব্রিটেইনৰ পৰা  

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা

(গ) কানাডাৰ পৰা 

(ঘ) আয়াৰলেণ্ডৰ পৰা

উত্তৰঃ   (খ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা।

 ৪। তলৰ কোনটো মৌলিক অধিকাৰ নহয় ?  

(ক) সমতাৰ অধিকাৰ 

(খ) সম্পত্তিৰ অধিকাৰ    

(গ) স্বাধীনতাৰ অধিকাৰ 

(ঘ) শোষণৰ বিৰুদ্ধে অধিকাৰ 

উত্তৰঃ (খ) সম্পত্তিৰ অধিকাৰ।      

৫। ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্ত্তব্য সংবিধানৰ কোনটো সংশোধনীত সংযোগ কৰা হৈছে? 

(ক) ৪২ নং সংশোধনী  

(খ) ৪৪ নং সংশাধনী  

(গ) ৪৫ নং সংশোধনী  

(ঘ) ৭৩ নং সংশোধনী  

উত্তৰঃ   (ক) ৪২ নং সংশোধনী।

৬৷ সম্পত্তিৰ অধিকাৰ কোনটো সংশোধনীয়ে মৌলিক অধিকাৰৰ তালিকাৰ পৰা উলিয়াই দিছে?  

(ক) ৪২ নং সংশোধনী  

(খ) ৪৫ নং সংশাধনী  

(গ) ৪৪ নং সংশোধনী    

(ঘ) ৪৩ নং সংশোধনী  

উত্তৰঃ   (গ) ৪৪ নং সংশোধনী।

৭। অস্পৃশ্যতা বৰ্জন কৰা এক সমতা অধিকাৰ/ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ/ শোষণৰ বিৰুদ্ধে অধিকাৰ। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)  [HS(XI) 2019]

উত্তৰঃ  সমতা অধিকাৰ।



 Type: Himashree Bora.

Author: Pompi Hazarika




-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------


Post ID : DABP003316