নক'লা কথাটি


নক'লা কথাটি শুধিছিলো যে মই

ভাবি নো চালা নে কিয় ক'লো মই

বোকাত পদুম ফুলে বুলি কোৱা

মনত আছে মোৰ তুমি কোৱা 

বুজিলো এতিয়া কথাটি যে সঁচা

নক'লা........


ফুলে সোণাৰু ডালতে ভৰি

মৰমবোৰ মোৰ বাঢ়িছে তোমালে' আজি 

বোৱতী নদী ভেটিব কোনে

মৰমে কাৰো বাধা নামানে

লৈ যাম তোমাকে মৰমৰ সোঁততে 

নক'লা.....


দূৰে দূৰে সোণ নৰ'বা হিয়া জ্বলে

সময়ৰে বান সময়ত মাৰিব লাগে

দূৰে দূৰে সোণ নৰ'বা হিয়া জ্বলে 

সময়ৰে বান সময়ত মাৰিব লাগে

বোকাতে পদুম মৰহি গ'লে

নাচায় কোনেও তেতিয়া তালে'

জানিবা বুজিবা মনতে ৰাখিবা

নক'লা.....।◼