কিয় জানো
কিয় জানো আজি ইমান
মৰমৰ মৌ পাহে পাহে
তুমি গোৱা গীতৰ সুৰতো
বাৰে বাৰে মোন মন জাগে
নোপোৱা মৰমৰ তোমাকে পাবলৈ
আজি নিশা বাকী বুকুৰে মৰম
তোমাৰ বুকুৰ উমেৰে
জ্বলাবা মোৰ এই ৰাতি
নিয়ৰ সৰা জোনাকৰ
আৱেগ ৰ'ব উমলি
দুচকুত আঁকি দিম
কজলা ৰাতিৰ আন্ধাৰ
দুগালে সানি দিম
সপোন মিঠা চুমা
নাথাকিব একো সোমাজত
আকাশ ভাৰ সপোনৰ
মাধুৰীমাৰ এই ৰাতি
জীৱন দেখোন হেৰালে
তোমাৰ মাজতে আজি
তুমি যেন এমুঠি
কামনাৰে ফাকু
সকলো পাহৰি
তোমাৰ কাষত আছো
জোনাকী হিয়াৰ স্মৃতি লৈ।◼
0 Comments