প্ৰীতিৰ সুবাসে
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিহবালৈ
প্ৰীতিৰ....
দুচকু তুলি চৌপাশে চালো
ফুলিছে ৰজনী গন্ধা।।
আকাশত দেখো শাৰদী জোনাক
নামিছে অলকানন্দা
পাহৰা.....
শত ৰজনীৰ এন্ধাৰ আঁতৰি গ'ল
সুন্দৰৰে ৰঙৰ ফাকুৰে
জীৱন ৰাঙলি হ'ল
আকাশত দেখো
শাৰদী জোনাক
নামিছে অলকানন্দা
পাহৰা.....।