আনে যোৱা বাটে নোযোৱা
আনে যোৱা বাটে নোযোৱা
ছোৱালীজনী পোৱানে চিনি
পোৱানে চিনি
পোৱানে চিনি...
নৈৰ পাৰৰ এছটা শিলত বহি
পানীৰ কোবাল চাই
সোণ বৰণীয়া চুলিতাৰি মেলি
তাই
জানো কি পায়
নৈৰ পাৰৰ...........
বুকুত বিচাৰে কাণ পাতি তাই
সুৰৰ গুণগুণনি
আনে যোৱা বাটে নোযোৱা.....
দিঙা বাই বাই
নাৱৰীয়া আহে যায়
তাইলৈ কেৰাহীকৈ চায়
তাইৰ কাষলৈ
যাও কি নাযাও কৈ
নাওখন নিয়ে চপাই
দিঙা বাই ..........
পাৰলৈ কেনেকৈ উঠিব সিঁহত
নৈৰ দেও লগা পানী
আনে যোৱা বাটে নোযোৱা......।