আশা আশা


আশা আশা মোৰ আশা
এখনি সৱৰ নৈ 
এই আশা মোৰ আশা
আহিছে ৰাঙলী হৈ 
মোৰ গানৰ বহু যুগৰ
সুখ দুখৰ চিনাকি নৈ

মোৰ গানত আছে
অনামিকা মায়া 
নুবুজা আশা
মোৰ গানে আনে
বহুতো প্ৰকাশ
পোৱা নোপোৱাৰ
ৰঙৰ জোনাকট
জোনাকি মন এটি হৈ 
আহিছিলো মৰমৰে বোজা লৈ 
আশা মোৰ আশা...

মোৰ গানত আছে
সেমেকা শীতৰ ৰ'দালি কোমল
মোৰ গানে দিব নতুন ভাষা
নতুনৰ জোনাক নতুন দিশৰ
ক্লান্ত বুকুজুৰি ব'ব
সৃষ্টিৰে অমল প্ৰকাশ
আশা মো আশা....।◼



Post ID : DABP004162