শিকলি


শিকলি

চিঙি তুমি

যাবা কেনেকৈ

আজি মোক পাহৰি

মৰমৰ এনাজৰী

এনেকৈ আজুৰি 

কেনি যোৱা আঁতৰি 

মই তৰা আকাশৰ

মই পৰী সপোনৰ

নাহিবা কাষলে'

নুচুবা মোক

জোন বেলি  একাকাৰ

মোৰ এই ৰূপতে

সময়ো যে থমকি

চাই মাথোঁ মোক 

অভিমানি


চুব খুজিলেই নিজে হেৰুৱাবা

চাব খুজিলেই এন্ধাৰ দেখিলে 

সপোন মাথো নহও দিঠক মই

বুজি পোৱা পোৱা 

আলসুৱা মন নোৱাৰো বান্ধিব

সজা ভাঙি থৈ উৰিব খুজিব

সময় থাকোতে দুচকু মোহাৰি

সাৰ পোৱা যদি পোৱা 


অভিমানি প্ৰিয়া মোৰ

নুশুনো নুবুজো মই

তোমাৰ তৰা চকুৰ

আশা মোৰ চকুৰ 

আশা মোৰ তিৰেবিৰাই

শিকলি চিঙি তুমি

যাব নোৱাৰা

আজি মোক পাহৰি 

অভিমানি....


এদিন দুদিন কৈ বছৰ বহু গ'ল 

এপল দুপলাকৈ সসময় গলি গ'ল

তোমাৰ আশাতে হৃদয় জ্বলি  ৰ'ল

নুবুজিলা মোৰ বেথা

এতিয়া আহিছা আকৌ কাষলৈ

পাহৰা সপোনৰ দিৱস দিবলৈ

চকুত পোহৰ সিঁচি এন্ধাৰ হ'বলৈ

ক'ত পালা অধিকাৰ কোৱা 


অভিমানি প্ৰিয়া মোৰ 

একেদৰে আছো মই

আহিব আকৌ মূৰি

জোনাক নিবিৰ প্ৰণয়

শিকলি....



তুমি মোৰ আবেলি

হাইতাল হেঙুলি

কৰিলাহি ৰাঙলি

হিয়া মোৰ এধানি

সকলো পাহৰি

নতুনক আদৰি 

খোজ দিও আমি

অতীতক গছকি।◼