পাখি লগা মনে




পাখি লগা মনে 

কিয় বাৰে বাৰে

তোৰে কাষলৈ' গুছি যায়

অ'.......


তোৰে কথা ভাবি

উকা উৰুঙা লাগে 

একোঠিৰে ক'ৰবালে চাই

অ'.........


নপৰে নে মনতে

তাহানিৰে কথাবোৰ

ধূলি মাকতিৰে খেলা

লুকা-চুৰি ৰজাদৌল

এইটোনো কাৰ 

ৰজাৰ দৌল

ভাঙিম নে নাভাঙিম নাভাঙিবা

অ' হাৰিলে যে পেঁচ ধৰা

জিকিলে কিৰিল পৰা পৰা

ধাপলি মেলি ফুৰা

উজুতিত চকুলো সৰা

পলক জপাওতে সকলো সলনি

সময় পাৰে হ'ল সকলো পুৰণি

বিচাৰিও নোপোৱা

অ'.......


দূৰে দূৰে থাকিব

কাহানিবা লাগিব

তোকে এৰি জানানে

নোৱাৰো যে ভাগিব

ৰজাই হুকুম দিছে

এদিং ছেদিং বাই

কি হুকুম দিছে

এদিং ছেদিং বাই

অ'.............

ৰজা-ৰাণী খোলোতে

হাতে হাত ধৰোতে

হাতে হাতে ধৰোতে

ভবা যে নাছিলো জান

এৰিবই নোৱাৰিমে

ধেমালিতে খেলা ৰজা-ৰাণী হোৱা 

মচিব সঁচাকে কাহানিও নোৱাৰা 

তয়ো ভাবনে এতিয়া

অ'......।